অসমৰ প্ৰকৃতি সংৰক্ষণৰ গতিবিধি আৰু গঠন মূলক দিশসমূহ

খ্ৰীষ্টিনা দলে বি.এড প্ৰশিক্ষাৰ্থী, ডায়েট,কামৰূপ
Krishtina Doley

            আৰম্ভনি:
            প্ৰকৃতি হৈছে এক অকৃত্ৰিম বা মৌলিক অৱস্থা। প্ৰকৃতি বুলিলে প্ৰধানকৈ বায়ু পানী মাটিৰে সৃষ্ট ভৌতিক প্ৰকৃতি আৰু জীৱকুল তথা গছ গছনিৰে পূৰ্ণ জৈৱিক প্ৰকৃতিকে বুজা যায়। প্ৰকৃতিক মাতৃ বুলিও কোৱা হয়, কাৰণ প্ৰকৃতিৰ বুকুতেই মানুহ, জীৱ-জন্ত, তৰু-তৃণ, গছ গছনি সকলোবোৰ উদ্ভৱ হয় আৰু প্ৰকৃতিতে বিলীন হৈ যায় তদুপৰি প্ৰকৃতিয়ে আমাক দি গৈছে জীয়াই থকাৰ উপাদানসমূহ, খাদ্যশস্যৰ পৰা আমি থাকিবলৈ সজা ঘৰটোৰ বাবে প্ৰয়োজনীয় কাঠ-বাঁহ আদিলৈ।
            অসম প্ৰাকৃতিক সৌন্দৰ্য্য, সম্পদ, উৰ্বৰ উপত্যকা, মহান নদ-নদী আৰু সাংকৃতিক ঐতিহ্যৰে চহকী এক ভূ-খণ্ড, যি ভাৰতবৰ্ষৰ উত্তৰ-পূব কোণত অৱস্থিত। অসমৰ মানুহৰ জীৱন-জীৱিকা আৰু আৰ্থ সামাজিক অৱস্থা নিৰ্ভৰ কৰে সমগ্রিক ভাবে প্ৰকৃতিৰ ওপৰত, সেয়ে প্ৰকৃতি সংৰক্ষণ ৰ ওপৰতেই অসমৰ মানুহৰ ভৱিষ্যত নিৰাপত্তা নিৰ্ভৰ কৰিছে। অসমৰ লক্ষ লক্ষ মানুহৰ খেতি প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল। প্ৰাকৃতিক ব্যৱস্থা,বৰষুণ আৰু প্ৰাকৃতিক জৈৱসাৰ অসমৰ খেতিয়কে প্ৰকৃতিৰ পৰাই বিনামূল্যে লাভ কৰি আহিছে। অসমৰ নব্বৈ শতাংশ গাঁৱৰ লোক খৰিৰ ওপৰত নিৰ্ভৰশীল। প্ৰাকৃতিকভাবেই অসমৰ মানুহৰ খৰিৰ চাহিদা পূৰণ হৈ থাকে। অসমৰ পশুধন সম্পূৰ্ণৰূপে প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰশীল।
            অসমৰ মানুহৰ গৃহ নিৰ্মাণৰ সামগ্ৰী কাঠ,বাঁহ,বেত সকলো আহে প্ৰকৃতিৰ পৰা। অসমৰ সকলো মানুহে প্ৰাকৃতিক জৈৱবৈচিত্ৰ্যতাৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই আছে। অসমৰ মৎস্যজীৱীলোক আৰু মৎস্য ভক্ষণকাৰী জনসাধাৰণে প্ৰাকৃতিক বন্য মাছৰ ওপৰত এতিয়াও নিৰ্ভৰ কৰি আছে। বহুক্ষেত্ৰত অসমৰ কূটিৰ শিল্প, এৰী শিল্প নিৰ্ভৰ কৰিছে প্ৰকৃতিৰ ওপৰত। অসমৰ পৰ্যটন শিল্প সম্পূৰ্ণ নিৰ্ভৰ কৰে প্ৰকৃতিৰ ওপৰত। বন আৰু বন্যপ্ৰাণী পৰ্যটনে অসমৰ হাজাৰ হাজাৰ মানুহক জীৱিকা প্ৰদান কৰিছে। প্ৰকৃতি আৰু অৰণ্য অসমৰ কৃষ্টি-সংস্কৃতি আৰু পৰম্পৰাৰ অংগ । বিশ্বই অসমক চিনি পাই অৰণ্য আৰু বন্যপ্ৰাণীৰ বাবে । অসমৰ বৰ্ষাৰণ্য আৰু তাৰ আপুৰুগীয়া বন্যপ্ৰাণীবোৰ অসম আৰু অসমীয়াৰ গৌৰৱ । এই অৰণ্য অসমৰ পৰম্পৰাগত অৰণ্য । কিন্তু অসমৰ প্ৰকৃতি সংৰক্ষণৰ বিষয়টো ইমান গুৰুত্বপূৰ্ণ আৰু অসমৰ জনসাধাৰণৰ ওপৰত ইয়াৰ গভীৰ প্ৰভাব থকা সত্বেও প্রকৃতিসংৰক্ষণৰ বিষয়টোৱে আজি পৰ্যন্ত অগ্ৰাধিকাৰ পোৱা নাই।
            মানুহ জীৱশ্ৰেষ্ঠ। ভাল-বেয়া, উচিত-অনুচিত ইত্যাদি বিচাৰ কৰিব পৰা ক্ষমতা ভগৱানে মানুহক দিছে। কিন্তু বৰ্তমান জীৱশ্ৰেষ্ঠ মানুহেই প্ৰকৃতিৰ ওপৰত ধ্বংসলীলা আৰম্ভ কৰিছে। নিজৰ প্ৰয়োজনীয় সম্পদখিনি প্ৰকৃতিৰ পৰা আহৰণ কৰাৰ উপৰিও ধ্বংস কৰি গৈছে এটাৰ পাছত আনটো সম্পদ। প্রকৃতি সংৰক্ষণ বৰ্তমান কেৱল এটা শ্লোগানহে মাথো। কেৱল বিশ্ব পৰিৱেশ দিৱসৰ দিনা গছপুলি ৰোপন কৰি ছ'চিয়েল মিডিয়াত ফটো আপলোড কৰি, নিউজ চেনেলত বহি প্রকৃতি সংৰক্ষণৰ ডাঙৰ ডাঙৰ ভাষণতেই বৰ্তমান পৰিৱেশ সংৰক্ষণ সীমাবদ্ধ। কিন্তু বাস্তৱত দেখিবলৈ পাওঁ যে চাৰিওফালে কেৱল বন ধ্বংস, অবৈধ বালি খনন, অবৈধ কয়লা ব্যৱসায়, পাহাৰ খনন ইত্যাদি। ইয়াত চৰকাৰ প্ৰশাসন বা বন বিভাগ সকলো মৌন। এনেদৰে হ'লে প্ৰকৃতি আৰু কিমান দিনলৈ বাচি থাকিব? প্ৰকৃতিৰ ওপৰত মানুহৰ এই অত্যাচাৰ কেতিয়া অন্ত পৰিব? মানুহে প্ৰকৃতিৰ ওপৰত কৰা অত্যাচাৰৰ ফলাফলটো হাতে হাতে পায়ে আছে তথাপিও প্ৰকৃতিৰ ওপৰত ধ্বংস যজ্ঞ চলিয়ে আছে। মানুহে বাসস্থান সাজিবলৈ বনাঞ্চল ধ্বংস কৰিছে, গছ-গছনি কাটিছে। যাৰ ফলত বন্য জীৱ-জন্তু আৰু মানুহৰ মাজত সংঘাত বৃদ্ধি পাইছে। এজাক বৰষুণ অহাৰ লগে লগে কৃত্ৰিম বানপানীয়ে দেখা দিয়ে, সঘনায় ভূমিস্খলন হয়। কৃষিভূমিসমূহ নষ্ট কৰি উদ্যোগ স্থাপন কৰাৰ ফলত এই উদ্যোগসমূহৰ পৰা ওলোৱা লেতেৰা ধোৱা আৱৰ্জনা ইত্যাদিয়ে আমাৰ চাৰিওফালৰ পৰিৱেশটো প্ৰদূষিত কৰে। এনেদৰে চলি থাকিলে এদিন পৃথিৱীত অক্সিজেনৰ পৰিমাণো কমি যাব। যাৰ ফলত মানৱ জাতি, জীৱ-জন্তু জীয়াই থকাতো অসম্ভৱ হৈ পৰিব। মানুহে বিকাশৰ নামত, উন্নতিৰ নামত কেৱল প্ৰকৃতিক লুণ্ঠন কৰি গৈ আঅবাধ লুণ্ঠন আৰু অত্যাচাৰৰ ফল মাজে সময়ে ভোগ কৰিব লগা হ'লেও মানুহে তাৰ পৰা শিক্ষা ল'ব নিবিচাৰে। জীৱ শ্ৰেষ্ঠ বুলি কোৱা মানুহৰ বাবে ই এক আশ্চৰ্য্যৰ বিষয়।
            মহামানৱ মহাত্মা গান্ধীয়ে সঠিকভাৱেই কৈছিল- "Nature has enough to fulfill the needs, not the greed." মানৱ সমাজৰ প্ৰয়োজন সমূহ পূৰণ কৰিব পৰাকৈ প্ৰকৃতিত যথেষ্ঠ সম্পদ আছে কিন্তু লোভ বা লালসা পূৰণৰ বাবে নহয়। বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিৰ উৎকৰ্ষ সাধনে মানুহক দুৰ্বাৰ আক্ৰোশী, প্ৰতিশোধ পৰায়ণ আৰু দুৰাকাংক্ষী কৰি তুলিছে। যাৰ ফলত কৌটিপতি সকলোৰো লালসাৰ সীমা নোহোৱা হৈছে। ভূগৰ্ভৰ সম্পদ সমূহ আহৰণত কোনো নিয়ম নমনাকৈ অবাধে লুণ্ঠন চলাইছে এচামে। যিটো ৰাষ্ট্ৰৰ বাবেই এক প্ৰত্যাহ্বান স্বৰূপ হৈ উঠিব পাৰে।
            মানৱ সমাজ, জীৱকুল আৰু প্ৰকৃতি আটাইবোৰ আন্ত:সম্পৰ্কিত আৰু আন্ত:নিৰ্ভৰশীল। পৃথিৱী নামৰ গ্ৰহটোৰ প্ৰাকৃতিক সত্বাটো আন গ্ৰহতকৈ নিশ্চয় পৃথক। যাৰ ফলত ই মানৱ, ভিন্ন প্ৰজাতিৰ জীৱকুল আৰু বৈচিত্ৰপূৰ্ণ উদ্ভিদ জগতৰ বাসপযোগী হৈ উঠিছে। এই সকলোবোৰ সম্ভৱ হৈছে প্ৰাকৃতিক উপাদান সমূহৰ বাবেহে। এই উপাদান সমূহৰ ক্ৰুটি-বিচ্যুতি ঘটিলে সমস্ত জীৱকুল আৰু উদ্ভিদ কুললৈয়ো ভয়ংকৰ বিপদ আহিব যে ই নিশ্চিত। গতিকে জৈৱ বৈচিত্ৰৰ সন্তুলনৰ ওপৰত মানৱ সমাজৰো ভৱিষ্যত নিৰ্ভৰ কৰিব।
বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰত থকা অৰণ্যসমূহে মানৱ সমাজৰ লগতে জীৱকুলৰ বাবে প্ৰয়োজনীয় অক্সিজেনৰ যোগান ধৰি আহিছে আৰু মানৱ সমাজৰ বৰ্জিত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ হ্ৰাস কৰাত সহায় কৰিছে। ২০১৯-২০ বৰ্ষটোত আমাজান অৰণ্যত সৃষ্টি হোৱা বনজুইয়ে জীৱজন্তু গছ-গছনি ধ্বংস কৰাৰ লগতে বিশ্বপাৰিপাৰ্শ্বিকতাৰ কিদৰে ক্ষতি সাধন কৰিছে তাক দোহৰাৰ প্ৰয়োজন নাই। ভৱিষ্যতে হয়তো আৰু অধিক পৰিৱেশীয় কুফল লক্ষ্যণীয় হ'ব।
            সাগৰ মহাসাগৰৰ অন্তৰ্ভাগত থকা খনিজ সম্পদ আৰু ভূমণ্ডলৰ অন্তৰ্ভাগত থকা খনিজ সম্পদ সমূহৰ মাত্ৰাধিক আহৰণে কেৱল ভূগৰ্ভৰ আন্ত:গাঠনিৰ সন্তুলনতে যে প্ৰভাৱ পেলাব তেনে নহয়, ই সামগ্ৰিক ভাৱে গোলকীয় গঠন প্ৰণালীতো ঋনাত্মক প্ৰভাৱ পেলাব বুলি অনুমান কৰিব পাৰি। পৰিৱেশ বিজ্ঞানী সকলে বহনক্ষম বিকাশৰ কথা যিমানেই চিন্তা নকৰক কিয়, ঐশ্বৰ্য্য সম্পদৰ প্ৰতিযোগিতাত অহৰহ নিমজ্জিত হৈ থকা একাংশই তালৈ ভ্ৰূক্ষেপ নকৰাটো কিন্তু লক্ষ্যণীয় বিষয়। চৰকাৰী তথ্য অনুসৰি ২০২০ চনৰ মাৰ্চত ভাৰতত ১৮ খন জৈৱমণ্ডলীয় সংৰক্ষিত বনাঞ্চল (Biosphere Reserve) আছে। তাৰোপৰি ৰাষ্ট্ৰীয় উদ্যান (১০৪),অভয়াৰণ্য (৫৫৩) এই সকলো বোৰকে ধৰি ভাৰতত প্ৰায় ৪০,০০০ উদ্ভিদৰ প্ৰজাতি আৰু ৭৫ হেজাৰৰো অধিক জীৱ প্ৰজাতি আছে। ইয়াৰে ৭.৬% স্তন্যপায়ী জীৱ, ১৪.৭%উভচৰ প্ৰাণী, ৬% চৰাই চিৰিকতি, ৬.২% সৰীসৃপ। উদ্ভিদৰ ভিতৰত প্ৰায় ১৮০০০(৬%) ফুল ফুলা গছ আছে।উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত দেখা গৈছে, ভাৰত চৰকাৰে অসমৰ মানাহ (১৪/৩/১৯৮৯) আৰু ডিব্ৰু চৈখোৱা (২৮/৭/১৯৯৭) ,মেঘালয়ৰ নক্ৰেক(১/৯/১৯৮৮), অৰুণাচল প্ৰদেশৰ দিহাং-দিবং (২/৯/১৯৯৮) -এই অৰণ্য কেইখনক "জৈৱমণ্ডলীয় সংৰক্ষিত বনাঞ্চল" হিচাপে ঘোষণা কৰিছে। ইয়াৰোপৰি ব্যাঘ্ৰ প্ৰকল্পৰ অধীনত অসমৰ মানাহ (২৮৪০ বৰ্গ কিলোমিটাৰ ), অৰুণাচল প্ৰদেশৰ নামদফা (১৯৮৫ বৰ্গ কিলোমিটাৰ) আৰু মিজোৰামৰ ডামফা (৫০০ বৰ্গ কিলোমিটাৰ ) অৰণ্যক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰে। ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ জয়পুৰ অঞ্চলত অৱস্থিত দিহিং পাটকাই অভয়াৰণ্য এখন অতি মোহনীয় বৰ্ষাৰণ্য। ২০০৪ চনৰ ১৩ জুন তাৰিখে ভাৰত চৰকাৰে দিহিং-পাটকাই অৰণ্যক অভয়াৰণ্য হিচাপে ঘোষণা কৰে আৰু ২০২০ চনৰ ১৩ ডিচেম্বৰ তাৰিখে অসম চৰকাৰে এক অধিসূচনা যোগে ইয়াক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰে। ইয়াত ৪৩ টা প্ৰজাতিৰ স্তন্যপায়ী জীৱ, ৩০০ প্ৰজাতিৰ চৰাই, ৪৭ প্ৰজাতিৰ সৰীসৃপ, ৩১০ প্ৰজাতিৰ পখিলা, ৩৫ বিধৰ মাছ, ৬০ তকৈও অধিক প্ৰজাতিৰ ডাঙৰ গছ, ১০১ বিধৰ অৰ্কিড থকা বুলি জানিবলৈ পোৱা গৈছে। এই অভয়াৰণ্যখনিক সেয়ে 'পূবৰ আমাজন' বুলি গণ্য কৰা হয়। ইয়াৰ মাটিকালি বৰ্তমান ২৩১.৫৬ বৰ্গ কিঃমিঃ, কিন্তু ইয়াৰ আশে পাশে থকা অৰণ্য অঞ্চলত যিটো হাৰত কয়লাখনন হৈ আছে দিহিং পাটকায়ে নিজস্ব গৰিমা হেৰুৱাবলৈ বেচিদিন নালাগিব। সেয়ে সময় থাকোতেই চৰকাৰে দিহিং-পাটকাই অভয়াৰণ্যৰ সীমা ৫০০ বৰ্গ কিলোমিটাৰ লৈ বৃদ্ধি কৰি ওচৰ পাজৰৰ অৰণ্য অঞ্চলক ৰক্ষা কৰাত গুৰুত্ব দিব লাগে।
            অসমত যিমান বিলাক সংৰক্ষিত বনাঞ্চল আছে তাৰ মাটিকালি চৰকাৰী হিচাপত যেনেদৰে আছে প্ৰকৃতাৰ্থত কিন্তু সেয়া শুদ্ধ নহয়। অৰণ্যৰ গছ-গছনি কাটি এচাম লোকে বনাঞ্চলত বেদখল কৰি সীমা বঢ়াই গৈ আছে। আমি আচলতে নিজৰ ভৱিষ্যত নিজেই ধ্বংস কৰি গৈ আছো। প্ৰকৃতিক অত্যাচাৰ কৰি মানৱ সমাজৰ বিকাশ সাধন কৰিবলৈ গ'লে সি হ'ব নিচেই খন্তেকীয়া আৰু অস্থায়ী। ভূগৰ্ভৰ সম্পদৰ ওপৰত অবাধ লুণ্ঠনৰ ফল আমি হাতে হাতে পাই আছো। বাঘজানৰ জুইকুৰা যেন প্ৰকৃতিৰ প্ৰচণ্ড খঙৰহে অভিব্যক্তি। মানুহৰ প্ৰযুক্তি উৎকৰ্ষৰ অহংকাৰৰ প্ৰতি প্ৰকৃতিৰ এইয়া যেন প্ৰচণ্ড বিক্ষোভ। উজনি অসমত হ'ব পৰা ধ্বংস আৰু আহিবলগীয়া ভয়ংকৰ ভৱিষ্যতৰ এইয়া আগজাননী নেকি বাৰু? বাঘজানৰ জ্বলি থকা জুইকুৰাৰ বাবে বায়ুমণ্ডল আৰু নিৰ্গত হৈ থকা গেছীয় পদাৰ্থৰ বাবে নিকট অঞ্চলৰ ভূ ভাগত কেনেধৰণৰ প্ৰদূষণৰ সৃষ্টি হৈছে, সেইয়া সকলোৱে জানে। কাষৰ জলাশয় সমূহত থকা জীৱকূলৰ হয়তো প্ৰায় বোৰেই ধ্বংস হৈছে। পথাৰত ধানৰ উৎপাদন হয়তো আগৰ দৰে নহ'ব। মুঠতে এক ব্যাপক অঞ্চলৰ জনসাধাৰণৰ জীৱন প্ৰণালী ব্যাহত হোৱাই নহয়, ই অসমৰ অৰ্থনীতিত প্ৰত্যক্ষ আৰু ৰাষ্ট্ৰীয় অৰ্থনীতিত পৰোক্ষ প্ৰভাৱ নিশ্চয় পেলাব।
            চৰকাৰ আৰু চৰকাৰৰ আংশীদাৰিত্ব কোম্পানী সমূহে নিজৰ তথা দেশৰ ভৱিষ্যত সুৰক্ষাৰ বাবেই সীমাহীন লোভ সংযত কৰা উচিত। শক্তি আৰু ইন্ধনৰ প্ৰয়োজনত একোটা অঞ্চলক ভয়ানক দুৰ্যোগৰ দিশলৈ ঠেলি নিদিব। ভাৰতৰ ভিতৰতে প্ৰাকৃতিক সৌন্দৰ্য্যত অতুলনীয় এই ৰাজ্যখনক সমগ্ৰ ৰাষ্ট্ৰৰ ভৱিষ্যত প্ৰজন্মৰ বাবে সুৰক্ষিত কৰাতো দৰকাৰী।
            প্ৰকৃত সংৰক্ষিত বনাঞ্চল সমূহৰ পৰিসীমা সঠিক ভাৱে নিৰ্ণয় কৰিব পাৰিলেহে জলবায়ুৰ সমস্যা, অৰ্থনৈতিক আৰু সামাজিক সমস্যাৰ আচল কাৰণ কিছুমান চিনাক্ত কৰাটো সম্ভৱ হ'ব। বিকাশ সকলোৰে কাম্য । কিন্তু বিকাশ হ'ব লাগিব সুৰক্ষা তথা সমৰ্থনযোগ্য। একাংশৰ বিকাশৰ স্বাৰ্থত আন একাংশক বলীৰ পঠা সজাব নালাগিব। জনকল্যাণকামী চৰকাৰখনে কথাবোৰ সঠিকভাৱে চিন্তা কৰি পৰিকল্পিতভাৱে আগবাঢ়িলেহে সমস্যাৰ সমাধান ওলাব, অন্যথা এটাৰ লগত আন এটা আনুষংগিক সমস্যা সৃষ্টি হৈ গৈ থাকিব।
            আমি সকলোৱে দেখি আহিছোঁ প্ৰকৃতি ধ্বংসৰ কুফল মানুহে কেনেদৰে ভোগ কৰি আহিছে। মানুহে বিবেচনাহীনভাবে কৰা পাহাৰ খনন আৰু বনাঞ্চল ধ্বংসৰ পৰিণাম স্বৰূপে কৃত্ৰিম বানপানী এক সমস্যাৰূপে দেখা দিছে। পাহাৰ ধ্বংসৰ ফলস্বৰূপে বৰষুণ দিলে সম্পূৰ্ণ পানীভাগ হুৰমুৰকৈ ভৈয়ামলৈ বৈ অহা হেতুকে ভৈয়ামৰ জনসাধাৰণে জীয়াতু ভুগিবলগীয়া হৈছে আৰু তাৰ লগে লগে এই পানীভাগে ইয়াৰ সৈতে মাটি আৰু জাবৰ-জোথৰসমূহ কঢ়িয়াই অনা হেতুকে নৈ বা আন পৰিবাহী নলা-নৰ্দমাৰ বুকুত জমা হৈ এক ভয়ংকৰ বিপদ কঢ়িয়াই আনিছে। আনহাতে বনাঞ্চল ধ্বংসই আমাৰ জৈৱ পাৰিপাৰ্শ্বিকতাৰ ওপৰতো প্ৰভাব পেলাইছে। ইয়াৰে আন এক উদাহৰণ হৈছে শগুন। শগুন এক উপকাৰী প্ৰাণী। শ ভক্ষণেৰে শগুনে প্ৰকৃতিৰ পাৰিপাৰ্শ্বিকতা ৰক্ষাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। প্ৰকৃতিৰ পৰিচ্ছন্নকামী চৰাই হিচাবে বিভিন্ন ঠাইত পৰি থকা মৃত জীৱ-জন্তু ভক্ষণ কৰি শগুনে প্ৰাকৃতিক সুস্থিৰতা প্ৰদান কৰাৰ লগতে মানৱ সমাজৰো উপকাৰ সাধন কৰি আহিছে। পৰিবেশ ৰক্ষাৰ ক্ষেত্ৰত শগুনে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। কিন্তু মানুহৰ কিছুমান অবিবেচকী কৰ্মকাণ্ড তথা প্ৰকৃতি ধ্বংসৰ পৰিণামে শগুনৰ সংখ্যাৰ ওপৰত এক বিৰূপ প্ৰভাব পেলাইছে। বিভিন্ন ৰাসায়নিক দ্ৰব্যৰ প্ৰয়োগ তথা ইহঁতৰ বাসস্থান ওখ ওখ গছসমূহ ধ্বংসৰ কৰাৰ বাবে ইহঁতৰ বাসস্থান আৰু বংশ বৃদ্ধিৰ প্ৰতি ভাবুকি আহি পৰিছে। যিহেতু শগুনে শবোৰ ভক্ষণ কৰি প্ৰাকৃতিক সুৰক্ষা প্ৰদান কৰে, শগুনৰ সংখ্যা হ্ৰাস হৈ অহাৰ ফলত অদূৰ ভবিষ্যতে এই শবোৰ গেলি-পঁচি ৰোগ বিয়পোৱাৰ লগতে সমীপৱৰ্ত্তী পানীৰ উৎসত মিহলি হৈ পানী প্ৰদুষিত কৰি তোলাৰ প্ৰায় এশ শতাংশই সম্ভাৱনা আছে। তদুপৰি শগুনৰ অনুপস্থিতিৰ সুযোগ লৈ মৃতদেহ ভক্ষণৰ ফলস্বৰূপে শিয়াল, কুকুৰ, হায়েনা তথা এন্দুৰ, নিগনি আদিৰ দ্ৰুত বংশবৃদ্ধি হৈ ভয়ংকৰ বিপদ কঢ়িয়াই আনিব। এনেবোৰ প্ৰাণীৰ বংশবৃদ্ধিৰ লগে লগে জলাতংক ৰোগ, প্লেগ আদিকে ধৰি আন আন ভয়াবহ ৰোগসমূহৰ প্ৰাদূৰ্ভাব হ'বলৈ ধৰিব কাৰণ এনেবোৰ প্ৰাণীয়ে বহুতো ভয়াবহ ৰোগৰ বাহক হিচাবে কাম কৰে। আজি নেপালৰ আকাশৰ পৰা শগুন বিলুপ্ত হোৱা বাবে নেপালে ইয়াৰ প্ৰতিফল ভোগ কৰিবলগীয়া হৈছে আৰু ইয়াৰ বাবে নেপালৰ জনসাধাৰণৰ স্বাস্থ্য সমস্যাই দেখা দিছে বুলি অভিযোগ আহিছে। শগুনে মৃতদেহ খাই পৰিবেশ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিছিল যদিও শগুন নোহোৱা হোৱা হেতুকে এন্দুৰ, নিগনি, কুকুৰ, শিয়াল আদিয়ে মৃতদেহ খাই নানা ৰোগ বিয়পাইছে আৰু লগতে বহুক্ষেত্ৰত মৃতদেহবোৰ গেলি-পঁচি নৈৰ পানী প্ৰদূষিত কৰাৰ লগতে জনস্বাস্থ্যৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে। যিবোৰ চৰায়ে হাজাৰ হাজাৰ বছৰ ধৰি আমাক সুৰক্ষা দি আহি জৈৱ-পাৰিপাৰ্শ্বিকতা ৰক্ষা কৰি আহিছিল, সিহঁতে আজি মানুহৰ কাণ্ডজ্ঞানহীনতাৰ বাবে নিজেই অস্তিত্ত্বৰ সংকটত ভুগিছে। এইবোৰ কেইটামান উদাহৰণহে মাত্ৰ। জৈৱ-পাৰিপাৰ্শ্বিকতা ৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা অন্য এক উদাহৰণ হ'ল ভেকুলী, যাৰ টোৰটোৰণিৰ শব্দ বাৰিষাকালত আমাৰ গাঁওবোৰত সুলভ আছিল; যাৰ অবিহনে আমাৰ গ্ৰামাঞ্চলৰ চিনাকী আধৰুৱা আছিল, সেই ভেকুলীবোৰেও আজি প্ৰকৃতি ধ্বংসৰ কুফলত অস্তিত্বৰ সংকটত ভুগিছে। এন্ধাৰ ৰাতি জাক জাক জোনাকী পৰুৱাৰ নয়নাভিৰাম দৃশ্য আমাৰ গ্ৰাম্য সমাজত এসময়ত চিনাকী আছিল, কিন্তু জলবায়ু পৰিবৰ্তনৰ প্ৰভাবৰ বাবে আজি জাক জাক জোনাকীৰ দৃশ্যও যেন হেৰাই যোৱাৰ উপক্ৰম হৈছে। এনে বহুতো উদাহৰণ আছে যিয়ে কঢ়িয়াই আনে প্ৰকৃতিৰ ওপৰত মানুহৰ নিৰ্মম অত্যাচাৰৰ ছবিখন।
            দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰে পৰা পৃথিৱীৰ প্ৰায় ১.৩ কোটি বৰ্গকিল'মিটাৰৰ পৰিমাণৰ (প্ৰায় ভাৰত আৰু চীনৰ মুঠ মাটিকালিৰ সমান) মাটিৰ স্বাভাবিক গুণ মজলীয়াৰ পৰা সাংঘাটিক ধৰণে বিনষ্ট হৈছে। ভূ-পৃষ্ঠৰ মাত্ৰ ১১ শতাংশ মাটিতহে খেতি কৰিব পৰা যায় আৰু তাৰে বৰ্তমান ২৩ শতাংশ মাটিৰ গুণাগুণ ইমান বেছি পৰিমাণে অৱনমিত হৈছে যে সেয়া খেতিৰ অনুপযোগী হৈছে বুলি ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰিছে। মাটিৰ অৱনমনৰ মূল কাৰণবোৰ হ'ল বনাঞ্চল ধ্বংসকাৰ্য্য, কৃষিকাৰ্য্যত মাটিৰ অপ-ব্যৱস্থাপনা ( অনুপযোগী শস্যৰ ৰোপন, অনুপযুক্ত শস্যাবৰ্তন, অত্যাধিক পৰিমাণত ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য আদিৰ প্ৰয়োগ ইত্যাদি), ঘাঁহনি পথাৰত পশুধনৰ অতিবাৰণ (Overgrazing) , প্ৰদূষণ, ভূমিস্খলন, ইটাৰ ভাটা আৰু নানাপ্ৰকাৰৰ উদ্যোগ নিৰ্মাণ, দ্ৰুত নগৰীকৰণ ইত্যাদি। এনেবোৰ কাৰকৰ বাবেই পৃথিৱীৰ ভূমিৰ গুণাগুণ ভয়ানকভাৱে হ্ৰাস পাই মানৱ সমাজৰ বাবে ভয়াবহ বাৰ্তা কঢ়িয়াই আনিছে।
            প্ৰকৃতি আৰু মানৱ সমাজৰ সম্পৰ্কৰ এক উদাহৰণ হ'ল মূলতঃ বনাঞ্চল তথা বৰ্ষাৰণ্যসমূহ। এই সম্পৰ্কৰ এক উদাহৰণ হ'ল পৃথিৱীৰ বৃহৎ বৰ্ষাৰণ্য আমাজান বৰ্ষাৰণ্য, যাক ধৰিত্ৰীৰ হাওঁফাও বুলি কোৱা হয়। পৃথিৱীৰ বৃহৎ নদী আমাজানৰ অববাহিকাত অৱস্থিত এই বৰ্ষাৰণ্য দক্ষিণ আমেৰিকা মহাদেশৰ ব্ৰাজিলৰ ৬০ শতাংশ অঞ্চল, পেৰুৰ ১৩ শতাংশ, ক'ল'ম্বিয়াৰ ১০ শতাংশ আৰু ইকুৱেডৰ, ভেনিজুৱেলা, ব'লিভিয়া, গুৱেনা, চুৰিনাম আদিৰ কিছু অংশ সামৰি সৃষ্টি হৈছে। আমাজান বৰ্ষাৰণ্যক ধৰিত্ৰীৰ হাওঁফাওঁ বুলি কোৱাৰ কাৰণ হ'ল, বিশ্বৰ প্ৰাণীকূলৰ বাবে প্ৰয়োজনীয় সৰ্বমুঠ অক্সিজেনৰ প্ৰায় ১০ শতাংশই এই আমাজান বৰ্ষাৰণ্যই অকলে যোগান ধৰি আহিছে। আমাজান বৰ্ষাৰণ্যৰ বিষয়ে কৈ যেন অন্ত কৰিব নোৱাৰি। এই বৰ্ষাৰণ্যৰ প্ৰকৃতিৰ নৈসৰ্গিক শোভা তথা ঘন বনাঞ্চলৰ সৈতে বিভিন্ন ৰহস্যময় জীৱ-জন্তুক লৈ যেন আজিও আধুনিক বিশ্বত ৰহস্যৰ অবসান নাই। আমাজান বৰ্ষাৰণ্যৰ বুকুত আবদ্ধ ৰহস্যৰ কুঁহেলিকা ভাঙিবলৈ অদ্যপী বহুদূৰ বাকী। ৰহস্যময় জীৱ-জন্তু তথা ইয়াৰ আদিবাসীসকলক লৈ হলিউডে ইতিপূৰ্বে কেইবাখনো জনপ্ৰিয় কথাছবি নিৰ্মাণ কৰি উলিয়াইছে। আনাকোণ্ডা, কিং-কং আদি কেইখনমান উদাহৰণহে মাত্ৰ। ভবা হৈছে যে ইয়াৰ অনাবিস্কৃত বহুতো উদ্ভিদৰ মাজতেই যেন লুকাই আছে আজিৰ মানবসমাজৰ বাবে প্ৰয়োজনীয় বহুতো মূল্যবান দৰবৰ প্ৰয়োজনীয় উপাদান। বিজ্ঞানীসকলেও আশা কৰিছে যে এইডছ, কৰ্কটৰোগ, মধুমেহ আদি ভয়ংকৰ তথা দূৰাৰোগ্য ৰোগসমূহৰো প্ৰয়োজনীয় ঔষধ হয়তো ইয়াৰ বুকুতেই এদিন উদ্ঘাটন হ'ব। আগতেই উল্লেখ কৰা হৈছে যে এই চিৰসেউজ বনাঞ্চল "আমাজান বৰ্ষাৰণ্য"ই হৈছে পৃথিৱীৰ হাওঁফাও। কিন্তু বহল দৃষ্টিত চালে ই যেন অকল মাথোঁ পৃথিৱীৰ হাওঁফাও নহয়, ই যেন পৃথিৱীৰ হৃদপিণ্ড হে। তথাপিও যেন জীৱশ্ৰেষ্ঠ মানুহৰ কোপদৃষ্টিৰ পৰা আজি আমাজানো মুক্ত নহয়। যাৰ বাবে ছল্লিছলাখ বৰ্গ কিল'মিটাৰ জুৰি বিয়পি থকা "আমাজান বৰ্ষাৰণ্য"ও যেন আজি ক্ৰমান্বয়ে ধ্বংসৰ মুখলৈ আগবাঢ়ি অচিৰে মৰুভূমি হোৱাৰ পথত অগ্ৰসৰ হৈছে। বৰ্তমান সময়লৈ হেনো আমাজানৰ ৪৭ শতাংশ বনাঞ্চল ধ্ধংসপ্ৰাপ্ত হৈছে যিটো অতিশয় দূৰ্ভাগ্যজনক আৰু আমি আজি আমাজানৰ যিটো ৰূপ দেখি আহিছোঁ, সেয়া হৈছে বাকী ৰোৱা মাথোঁ ৫৩ শতাংশ অঞ্চলহে। অবৈধভাৱে ইয়াৰ বুকুত আৰম্ভ হোৱা সোণৰ খনিৰ সন্ধান, অবৈধ চিকাৰ কাৰ্য, অনিয়মিক তথা অবৈধ কৃষিকাৰ্য, পশুপালন, অগ্নিসংযোগ, প্ৰাকৃতিক গেছ আৰু তেল উদ্ঘাটনৰ বাবে চলোৱা জৰীপ আদিয়ে ইয়াৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে। আনহাতে এই অঞ্চলত উপলব্ধ ১২০ ৰ পৰা ২০০ ফুট পৰ্যন্ত ওখ বিভিন্ন প্ৰজাতিৰ প্ৰকাণ্ড প্ৰকাণ্ড গছবোৰৰ আন্তৰ্জাতিক বজাৰত বাণিজ্যিক মূল্য অধিক হোৱা হেতুকে ধ্ধংসৰ গৰাহৰ পৰিছে। অকল আমাজানেই নহয়, পৃথিৱীৰ প্ৰান্তে প্ৰান্তে সিঁচৰতি হৈ থকা এই বৰ্ষাৰণ্যসমূহ যেন ভগৱানৰ দান যিয়ে আমাৰ পৃথিৱীৰ এক সুস্থ বাতাবৰণ বৰ্তাই ৰাখি পৃথিৱীৰ জীৱকুলক ৰক্ষা কৰি আহিছে। কিন্তু মানুহৰ অত্যাচাৰৰ বাবেই আজি পৃথিৱীত প্ৰতি চেকেণ্ডত দুখনকৈ ফুটবল পথাৰৰ সমান বৰ্ষাৰণ্য ধ্ধংস হৈ গৈ আছে। ইয়াৰ কুফল ভোগ কৰিবলৈ যেন বাকী নাই।
            এনেদৰেই আজি আমি আমাৰ নিজৰ বিপদ নিজেই কঢ়িয়াই আনিছোঁ। যদিহে সময় থাকোঁতেই আমি সচেতন নহওঁ আৰু প্ৰকৃতিৰ অৱশিষ্টখিনিও যদি সংৰক্ষণ কৰিবলৈ অপাৰগ হওঁ, তেনেহ'লে আমাৰ পৃথিৱীৰ সেউজী শোভা লোপ পাবলৈ বেছি পৰ নালাগিব আৰু পৃথিৱী নামৰ গ্ৰহটো মৰুভূমিত পৰিণত হ'বলৈ বেছি পৰ নালাগিব। এই ক্ষেত্ৰত সচেতন হোৱাটো প্ৰতিজন বিশ্ববাসীৰে কৰ্তব্য।
            প্ৰকৃতিক তথা জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰিলে আমাৰ সকলোৰে যে কল্যাণ সাধন হয় এই কথা সকলোৰে জ্ঞাত। এইবোৰ জানিও সংৰক্ষণ অথবা সুৰক্ষাৰ দিশে অগ্ৰসৰ হয় জানো! বহুতে আলোচনাচক্ৰ অথবা ৰাজপথত শ্লোগানেৰে কঁপায় কিন্তু কিমানজনে প্ৰকৃতিক সংৰক্ষণ তথা সুৰক্ষা দিয়ে?কোৰোনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱে মানুহক বহু শিক্ষা দিছে। প্ৰকৃতিৰ ওপৰত মানুহৰ অবাধ লুণ্ঠন- ধ্বংসযজ্ঞৰ পৰিণাম আজি মানুহে ভুগিব লাগিছে। এই পৃথিৱীখন কেৱল মানুহৰ বাবে নহয়। বৰঞ্চ পৃথিৱীখন বৰ্তি থাকিবলৈ মানুহ অপৰিহাৰ্য নহয়। মানুহ বৰ্তি থাকিবলৈহে পৃথিৱীখন অপৰিহাৰ্য। এই পৃথিৱীত মানুহৰ সমানে সকলো জীৱ-জন্তু, গছ-লতাৰ জীয়াই থকাৰ অধিকাৰ আছে। মানুহ জীৱশ্ৰেষ্ঠ হ'ব পাৰে, বিজ্ঞানৰ জয়যাত্ৰা চলিব পাৰে, কিন্তু এই বিশ্ব-ব্ৰহ্মান্ধত প্ৰকৃতিৰ শক্তিৰ উৰ্ধত কোনো নহয়। প্ৰকৃতিৰ শক্তি-গতিক কোনেও ৰুদ্ধ কৰিব নোৱাৰে। সৰ্বোপৰি মানুহ প্ৰকৃতিৰ প্ৰতি শ্ৰদ্ধাশীল হ'ব লাগিব।
            গতিবিধি:
            অসমৰ বিভিন্ন প্ৰকৃতি সংগঠনে নিৰবচ্ছিন্নভাৱে অসমৰ বন, বন্যপ্ৰাণী আৰু পৰিৱেশ সুৰক্ষাৰ বাবে কাম কৰি আহিছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও অসমৰ প্ৰাকৃতিক সম্পদ সুৰক্ষা, প্ৰদূষণমুক্ত অসমৰ কথা কৈ আহিছে। কিন্তু চৰকাৰৰ গতি-মতি দেখিলে কথা আৰু কামৰ প্ৰাৰ্থক্য স্পষ্ট। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ ভিতৰতে অন্যতম সমৃদ্ধিশালী ধেমাজি জিলাৰ জোনাই মহকুমাৰ বৰ্ষাৰণ্য তথা জীৱ-বৈচিত্ৰ্যৰ ভঁৰাল পবা সংৰক্ষিত বনাঞ্চলখন ৰাষ্ট্ৰীয় বন্যপ্ৰাণী উদ্যান হিচাপে স্বীকৃতি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। আনকি সোণোৱালে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ হৈ থকাৰ সময়ত এখোজ আগুৱাই গৈ বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলৰ সুৰক্ষা তথা পৰ্যটন উদ্যোগ বিকাশক অধিক প্ৰচাৰ-প্ৰসাৰৰ বাবে পবাৰ দাঁতিকাষৰীয়া জেলম গাঁৱক আদৰ্শ গাঁও হিচাপে গঢ়ি তোলাৰ কথা ঘোষণা কৰে। কিন্তু আজিও বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলখন ৰাষ্ট্ৰীয় বন্যপ্ৰাণী উদ্যান হিচাপে ঘোষণা নহ'ল। অগ্ৰণী পৰিৱেশ সংগঠন 'নেচাৰ্চ বেকন' 'ছেভ পবা ৰেইন ফৰেষ্ট'ৰ লগতে বিভিন্ন সংগঠন আৰু ৰাইজে বৰ্ষাৰণ্য পবা বনাঞ্চলক ৰাষ্ট্ৰীয় বন্যপ্ৰাণী উদ্যান হিচাপে ঘোষণা কৰিবলৈ চৰকাৰৰ ওচৰত বাৰম্বাৰ আবেদন-দাবী জনাই আহিছে। কিন্তু অসমৰ প্ৰাকৃতিক সম্পদ সুৰক্ষা, প্ৰদূষণমুক্ত অসম গঢ়ৰ শ্ল'গান সততে আওৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলক ৰাষ্ট্ৰীয় বন্যপ্ৰাণী উদ্যান হিচাপে ঘোষণা কৰাৰ নিজৰ প্ৰতিশ্ৰুতিৰ পৰা আৰম্ভ কৰি প্ৰকৃতি-অৰণ্য সুৰক্ষা বিষয়ক কোনো এটা প্ৰতিশ্ৰুতিয়েই পূৰণ কৰা বা বাস্তৱ ৰূপ লোৱা ৰাইজে আজিকোপতি দেখা নাপালে।
            সম্প্ৰতি বিশ্বৰ জলবায়ু অতি ক্ষিপ্ৰ গতিত পৰিৱৰ্তন হৈছে ৷ গতিকে পৃথিৱীক সুৰক্ষিত কৰাৰ দায়িত্ব ভৱিষ্যত প্ৰজন্মৰ হাতত৷ ইফালে সম্প্ৰতি যুৱ প্ৰজন্মক প্ৰকৃতি আৰু মানুহৰ সম্পৰ্ক বিষয়ে চিনাকী কৰি দিয়াৰ প্ৰয়োজনীয়তা আহি পৰিছে। প্ৰকৃতি বিদ সকলে প্ৰায়ে প্ৰকৃতিৰ সংৰক্ষণৰ ওপৰত বিভিন্ন পদক্ষেপ হাতত লৈ আহিছে আৰু প্ৰকৃতিবিদ সকলৰ সেই দৃষ্টিভংগীক বাস্তৱ ৰূপ দিবলৈয়ে ভৱিষ্যত প্ৰজন্মৰ কাৰণে সেই উদ্দেশ্যেৰে ২০১৯ চনৰ ৯ জুনত নেচার্চ বেকনৰ তত্বাৱধানত গুৱাহাটীৰ জ্যোতিচিত্রবনত আয়োজন কৰা হৈছিল প্রকৃতি কর্মশালা।। এই কৰ্মশালাত ষষ্ঠ শ্ৰেণীৰ পৰা উৰ্ধৰ ছাত্ৰ ছাত্ৰীসকল ভাগ লৈছিল ৷ আৰু এই কৰ্মশালাত তেওঁলোকক প্ৰকৃতিৰ বিষয়ে সমক্য জ্ঞান প্ৰদান কৰা হয় লগতে এই কৰ্মশালাত পক্ষীৰ পৰ্যবেক্ষণ, প্ৰকৃতিৰ সংৰক্ষণ,বন্যজীৱৰ সংৰক্ষণ,জৈৱ বৈচিত্ৰতাৰ ওপৰতো আলোচনা কৰা হয় ৷
            সাহিত্যৰ সৈতে প্রকৃতিৰ ওত:প্রোত সম্পর্ক আছে, অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনত পোনপ্রথমবাৰৰ বাবে আয়োজন কৰা হয় জৈব-বৈচিত্র্য আৰু প্রকৃতি সাহিত্যৰ লেখক সন্মিলন । উক্ত সন্মিলনতে জৈৱবৈচিত্র্য আৰু প্রকৃতি সাহিত্য সম্পর্কে এক গুৰত্বপূর্ণ আলোচনাচক্র সম্পন্ন হয়। আলোচনাচক্রখনত উপস্থিত থাকে ড০ কন্দর্প কুমাৰ ডেকা, সৌম্যদ্বীপ দত্ত আদি বিভিন্নজন।
            আমাৰ প্ৰকৃতিক অৰণ্যবোৰ জৈৱ-বিচিত্ৰতাৰ ভাণ্ডাৰ স্বৰূপ। সেয়েহে অৰণ্য সংৰক্ষণৰ লগত জৈৱ-বিচিত্ৰতা সংৰক্ষণৰ কথাটো ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। অসমত জৈৱ-বিচিত্ৰতা সংৰক্ষণৰ লক্ষ্য আগত ৰাখি অসমৰ কিছুমান সমৃদ্ধিশালী অৰণ্যক অভয়াৰণ্যৰূপে সংৰক্ষিত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। অসমত এই অভয়াৰণ্য গঠনৰ আন্দোলনৰ জৰিয়তে বহু গুৰুত্বপূৰ্ণ জৈৱ-বিচিত্ৰতা পূৰ্ণ অঞ্চলক অভয়াৰণ্যৰূপে সংৰক্ষিত কৰা সম্ভৱ হৈছে।
            আমি আদৰ্শ হিচাপে ল'ব পাৰো যোৰহাট জিলাৰ ককিলামুখৰ যাদৱ পায়েঙৰ কৰ্মৰাজিক, বিশেষ আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত নহ'লেও তেওঁ গঢ়ি তুলিছে অটব্য অৰণ্য। সংৰক্ষণ তথা সুৰক্ষা কৰিছে অসংখ্য গছগছনি আৰু জীৱ জন্তুৰ । সেয়েহে যাদৱ পায়েঙক আজি জনা যায় অৰণ্য মানৱ ৰূপে। তেওঁৰ নাম নুশুনা মানুহ বোধকৰোঁ আজি অসম তথা বিশ্বত কতো নোলাব।নিমাতিৰ সমীপৰ ককিলামুখৰ ১ নং মিচিংগাৱঁৰ বাসিন্দা যাদৱ পায়েঙ। দেউতাকৰ নাম আছিল লক্ষীৰাম পায়েঙ আৰু মাক আছিল আফুলী পায়েঙ। সৰুৰে পৰা প্ৰকৃতিক লগত যাদৱ পায়েঙৰ নিবিড় সম্পৰ্ক আছিল । কিয়নো প্ৰকৃতিৰ লগত উমলি জামলি, প্ৰকৃতিৰ লগত এক প্ৰকাৰে বন্ধুত্ব স্থাপন কৰি ডাঙৰ হৈছিল । আটাইতকৈ ডাঙৰ কথা যে তেখেতৰ ঘৰৰ চুবৰীয়া কৃষিবিজ্ঞান বিভাগৰ বৈজ্ঞানিক যদুনাথ বেজবৰুৱা নামৰ ব্যক্তিজনে, পৰিবেশ আৰু জীৱকুলৰ সমন্ধে কৰা মন্তব্যই সৰুৰে পৰা পায়েঙক আৰ্কষণ কৰিছিল, যাৰ ফলশ্ৰুতিত, পৰিবেশ, প্ৰকৃতিক, জীৱজন্তু সংৰক্ষণ তথা সংৰক্ষাত ব্ৰতী হৈছিল ।
            "হাড়গিলা বাইদেউ" – কামৰূপ গ্ৰাম্যৰ দদৰা, শিঙিমাৰী আৰু পছৰীয়া গাঁৱৰ ৰাইজৰ মুখে মুখে চৰ্চিত এটা নাম। বিশ্বৰ এবিধ বিপন্নপ্ৰায় প্ৰজাতি হাড়গিলাৰ সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়াই অহা অভূতপূৰ্ব বৰঙণিৰ বাবে তেখেত অঞ্চলটোত 'হাড়গিলা বাইদেউ' নামেৰে জনাজাত। প্ৰকৃত নাম –পূৰ্ণিমা দেৱী বৰ্মন। তেখেতেৰ প্ৰচেষ্টাতেই তিনিওখন গাঁৱৰ ৰাইজৰ মাজত হাড়গিলাৰ সংৰক্ষণৰ ক্ষেত্ৰত এক ব্যাপক সজাগতাৰ সৃষ্টি হৈছে। গাঁৱৰ মহিলাসকলক একগোট কৰি হাড়গিলা আৰ্মি নামেৰে এক গোট গঠন কৰি বিশ্বৰ এই বিপন্নপ্ৰায় প্ৰাণীবিধৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত একপ্ৰকাৰৰ এক অভিলেখ সৃষ্টি কৰিছে পূৰ্ণিমা দেৱী বৰ্মনে। প্ৰকৃতি সংৰক্ষণৰ সমান্তৰালভাৱে গাঁৱৰ মহিলাসকলক আৰ্থিকভাৱে সৱল কৰি তোলাৰ ক্ষেত্ৰটো বিভিন্ন ধৰণেৰে অহোপুৰুষাৰ্থ কৰি আহিছে এইগৰাকী উদ্যমী মহিলাই। হাড়গিলা সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা এই অৱদানৰ বাবে ২০১৭ চনত ডব্লিউ এফ এন নামৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৱে আগবঢ়োৱা গ্ৰীণ অস্কাৰ বঁটা লাভ কৰা পূৰ্ণিমা দেৱী বৰ্মন একমাত্ৰ অসমীয়া। ইয়াৰ উপৰিও বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানেও বিভিন্ন সময়ত এইগৰাকী পৰিৱেশ বিজ্ঞানীৰ কৰ্মৰাজীক স্বীকৃতি প্ৰদান কৰি আহিছে।
            গছ গছনি থাকিলেহে জীৱকুল থাকিব। প্ৰকৃতিয়ে ভাৰসাম্য বজাই ৰাখিব পাৰিব। বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গছ ৰোপনৰ কাৰ্যসূচী গ্ৰহণ কৰে যদিও সদায় সেই প্ৰচেষ্টাৰ অংশীদাৰ হোৱা দেখা নাযায়।উল্লেখযোগ্য যে চকৰ্দো দেশভক্ত তৰুণৰাম ফুকন মধ্য ইংৰাজী বিদ্যালয় নামৰ বিদ্যালয়খনে প্ৰতিজন ছাত্র-ছাত্রী শিক্ষক শিক্ষয়ত্ৰী তথা বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যৰ নামত একোটাকৈ গছ পুলি ৰোপন কৰা কাৰ্য্যত ব্ৰতী আছে। গুৱাহাটী মহানগৰীৰ একেবাৰে সমীপত থকা দীপৰ বিলৰ সংৰক্ষণৰ আৰু জনসজাগতাৰ বাবে এই বিদ্যালয়খনে, বিভিন্ন কাৰ্যসূচী গ্রহণ কৰি আহিছে।কেৱল গছপুলি ৰোপনেই নহয়, কিদৰে প্ৰতিপালন কৰিব লাগে সেই সম্পৰ্কে বিদ্যালয়খনত শিকোৱা হয়। গছৰ গুৰিত দিব পৰাকৈ পচন সাৰ প্রস্তুত কৰা হয় বিদ্যালয়খনতে। পাঠদান শেষ হোৱাৰ পাছত প্ৰতিজন শিক্ষাৰ্থিয়ে গছপুলি প্ৰতিপালনৰ কামত নিয়োজিত হোৱা দেখা যায়। বিশেষকৈ গছপুলি ডাঙৰ কৰিব পাৰিলে বিদ্যালয়ৰ ফালৰ পৰা পৰীক্ষাত বিশেষ নম্বৰ দিয়া ব্যৱস্থা আছে।
            গঠনমূলক দিশসমূহ:
            পৃথিৱীৰ জীৱশ্ৰেষ্ঠ বাসিন্দা হিচাপে পৰিৱেশ সংৰক্ষণৰ দ্বাৰা পৃথিৱীখনক ধ্বংসৰ গৰাহৰপৰা ৰক্ষা কৰাত আমাৰ যথেষ্ট কৰণীয় আছে ৷ তাৰ বাবে আমি পোনপ্ৰথমে ঘৰখনৰপৰাই আৰম্ভ কৰিব লাগিব ৷
            পৰিৱেশ সংৰক্ষণৰ বাবে সৰুৰেপৰাই আমি আমাৰ সন্তানক আদৰ্শ দেখুৱাই গছপুলি ৰোপণৰ প্ৰতি আগ্ৰহান্বিত কৰি তুলিব লাগিব ৷ কেৱল "বিশ্ব পৰিৱেশ দিৱস"ৰ দিনা গছ পুলি ৰোপণেই যথেষ্ট নহয়, জন্মদিন বা যিকোনো উৎসৱ-পাৰ্বন আদিতে আমি গছ পুলি ৰুবলৈ নৱপ্ৰজন্মক উৎসাহিত কৰি গছপুলি ৰোপণৰ এক মানসিকতা গঢ় দিবলৈ চেষ্টা কৰিব লাগে ৷তাৰ বাবে সৰুৰেপৰা আমি আমাৰ সন্তানক প্ৰকৃতিৰ সৈতে একাত্মতা গঢ়ি তুলিবলৈ সুযোগ দিব লাগে ৷ প্ৰকৃতিৰ প্ৰতি আকৃষ্ট হ'লে পৰিৱেশৰ প্ৰতি নিজেই সচেতন হৈ পৰিব ৷ পৰিৱেশৰ প্ৰতি সচেতনতাই নৱপ্ৰজন্মক প্ৰকৃতিৰ প্ৰতি দায়বদ্ধ কৰি তুলিব। যাৰ ফলস্বৰূপে ভৱিষ্যতলৈ পৃথিৱীৰ সন্তুলন কিঞ্চিৎ হ'লেও ৰক্ষা কৰিব পৰা যাব ৷
            আমাৰ দৈনন্দিন জীৱনত প্লাষ্টিক ব্যৱহাৰে অনাগত দিনত ভয়ঙ্কৰ বিপদৰ সৃষ্টি কৰিব পাৰে ৷ সেয়েহে প্লাষ্টিক প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ পলিথিন বা প্লাষ্টিক সামগ্ৰীসমূহ বৰ্জন কৰা নিতান্তই আৱশ্যক ৷ যিহেতু প্লাষ্টিক সামগ্ৰীসমূহ সহজে পচি নাযায়, সেয়ে পৰাপক্ষত যিমান পাৰি এই সামগ্ৰীবোৰ ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগে ৷ বজাৰ-সমাৰ কৰোঁতে প্লাষ্টিক বেগৰ সলনি আমি মৰাপাটৰ বা কাপোৰৰ মোনা আদিহে ব্যৱহাৰ কৰা উচিত ৷ দোকানতো পলিথিনৰ সলনি কাগজৰ ঠোঙা আদি ব্যৱহাৰ কৰিব লাগে ৷
            লগতে প্ৰদুষণকাৰী যান-বাহনবোৰ নিয়ন্ত্ৰণ কৰাটো অতি জৰুৰী ৷ পৰিৱেশ সুস্থ কৰি ৰাখিবলৈ ঘৰৰ চৌপাশ পৰিষ্কাৰ পৰিছন্নকৈ ৰখাটো আমাৰ এক প্ৰধান কৰ্তব্য ৷
            বিভিন্ন সময়ত বিভিন্ন পণ্ডিত, বিজ্ঞানী, চিন্তাশীল ব্যক্তিসকলে ভৱিষ্যতৰ পৃথিৱীখনক লৈ শংকিত হৈ ভৱিষ্যতবাণী শুনাই আহিছে। সেই ভৱিষ্যতবাণীলৈ কৰ্ণপাত কৰিবলৈ আজি আমাৰ সময় নাই ৷
            বৰ্তমান ইণ্টাৰনেটৰ যুগত আমি সকলো যেন এক যন্ত্ৰলৈ পৰিৱৰ্তিত হৈছো ৷ সাম্প্ৰতিক প্ৰতিযোগিতাৰ দৌৰত সন্তানৰ উজ্জ্বল ভৱিষ্যতৰ কথা চিন্তা কৰি সন্তানক প্ৰতিদ্বন্দিতাৰ দৌৰত দৌৰাই ফুৰিছো ৷ কেনেকৈ প্ৰতিযোগিতাৰ দৌৰত আনক চেৰাই শীৰ্ষত অৱস্থান কৰিব পাৰি তাকেই শিক্ষা দিছোঁঁ ৷ কিন্তু পৰিৱেশ আৰু জলবায়ু সন্তুলিত কৰি ৰাখিবলৈ গছ পুলি এটা ৰুবলৈ আমি আমাৰ সন্তানক কিমানে উৎসাহিত কৰিছোঁ বাস্তৱিকতে সেইটোহে লক্ষণীয় ৷
            বৰ্তমান আধুনিকতাৰ ধামখুমীয়াত আত্মকেন্দ্ৰিক চিন্তাত নিমজ্জিত হৈ আজিৰ মানুহে স্বাৰ্থপৰৰ দৰে দূৰ ভৱিষ্যতে নিজৰ সন্তানক কেনেকৈ সুখত ৰাখিব পাৰি, ভৱিষ্যতৰ দিনলৈ অৰ্থসংকটত নপৰাকৈ কেনেকৈ এটা লাহ-বিলাসৰ জীৱন দিব পাৰি তাৰ বাবে নৈতিকতা, মানৱতাক জলাঞ্জলি দি ধন ঘটাৰ চিন্তা কৰিব পাৰিছে ৷ আজিৰ অভিভাৱকে লাখ লাখ টকাৰে সন্তানক পঢ়ুৱায় সন্তানৰ কেৰিয়াৰ গঢ়াত মনোনিৱেশ দিছে ঠিকেই, কিন্ত সন্তানসকলক এখন সুৰক্ষিত, প্ৰদূষণমুক্ত বাসপযোগী পৃথিৱী কেনেকৈ দি যাব পাৰি, সেইটোহে চিন্তা কৰিবলৈ কাৰো আহৰি নাই ৷
            সামৰণি:
            উপৰোক্ত দিশসমূহ যদি আমি গভীৰভাৱে পৰ্যবেক্ষণ কৰোঁ তেতিয়া দেখা পোৱা যাব যে যদি পৃথিৱীখনে ভাৰসাম্যই হেৰুৱাই নিশ্চিহ্ন হৈ যায়, তেন্তে সন্তানলৈ এসোপামান ধন ঘটি সম্পত্তিৰ পাহাৰ গঢ়ি থৈ যোৱাৰ অৰ্থয়েই বা কি?
            এচাম দুৰ্নীতিপৰায়ণ স্বাৰ্থলোভীয়ে আজিও চোৰাং ভাৱে গছ কাটি প্ৰকৃতিক ধ্বংসৰ গৰাহলৈ ঠেলি অসৎ উপায়েৰে ধন ঘটি আছে। আমি ভালকৈ উপলদ্ধি কৰা উচিত ভৱিষ্যৎ প্ৰজন্মই নিৰোগী হৈ সুস্থিৰে জীৱন-যাপন কৰিবলৈ প্ৰকৃততে কিহৰ প্ৰয়োজন?
            কিন্তু তাৰ মাজতে প্ৰকৃতিক নিঃস্বাৰ্থভাৱে ভাল পোৱা লোকো আমাৰ মাজত এতিয়াও আছে ৷ তাৰ এক জ্বলন্ত নিদৰ্শন আমাৰ অসমৰ "অৰণ্য মানৱ" যাদৱ পায়েঙ ডাঙৰীয়া ৷ যিয়ে নিজৰ একক প্ৰচেষ্টাৰে পৰিৱেশ সুৰক্ষাৰ অৰ্থে প্ৰদুষণ ৰোধ কৰা উদ্দেশ্যে অৰণ্য সৃষ্টি কৰি এখন সুন্দৰ ,সেউজীয়া প্ৰদুষণমুক্ত পৃথিৱী উপহাৰ দিবলৈ প্ৰয়াস কৰা প্ৰচেষ্টাই এক বিৰল আদৰ্শৰ উৎকৃষ্ট নিদৰ্শন ৷ তেওঁৰ আদৰ্শক অনুকৰণ কৰি আমি আগবাঢ়িলে ভৱিষ্যত প্ৰজন্মই নিশ্চয় এখন সুৰক্ষিত বাসপযোগী পৃথিৱী লাভ কৰিবলৈ সক্ষম হ'ব ৷
            প্ৰকৃতি সুৰক্ষিত কৰি ৰাখিবলৈ সমাজৰ সকলো শ্ৰেণীকে সজাগ কৰি তুলিব লাগিব ৷ জনসাধাৰণৰ সচেতনতা অবিহনে প্ৰকৃতি সংৰক্ষণ কৰা নিষ্ফল ৷
            পূৰ্বৰ দৰে কিছুমান পৰিৱেশ সুৰক্ষাৰ বাবে কৰা আন্দোলন যেনে "চিপকো আন্দোলন" আদিৰ দৰে কিছুমান আন্দোলনৰ খুবেই প্ৰয়োজন আহি পৰিছে বৰ্তমান প্ৰকৃতি সংৰক্ষণ আৰু সুৰক্ষিত কৰি ৰাখিবলৈ।             বৰ্তমান সুস্থ পৰিৱেশত এই ধৰাত বৰ্তি থাকিবলৈ সকলো বনজ সম্পদ সংৰক্ষণ কৰা অতিকে প্ৰয়োজন হৈ পৰিছে ৷
            আহক ভৱিষ্যত প্ৰজন্মৰ স্বাৰ্থত এখন সেউজীয়া পৃথিৱীৰ গঢ়াৰ সপোন বাস্তৱিত কৰিবলৈ চৌপাশৰ পৰিৱেশ সুৰক্ষিত কৰি এক স্বচ্ছ পৰিৱেশ গঢ়ি তুলিবলৈ সচেতন নাগৰিক হিচাপে আমি বদ্ধপৰিকৰ হওঁ।