সুখৰ পৰিধি আৰু গুৰুবাৰ্তা

ড° শিৰোমণি ভূঞা মুখ্য সম্পাদক, গুৰুবাৰ্তা, প্ৰবক্তা জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান,কামৰূপ

শ্ৰীনাথ দুৱৰা বৰবৰুৱাৰ 'তুংখুঙীয়া বুৰঞ্জী'খন ড° সূৰ্য্য কুমাৰ ভূঞাৰ সম্পাদনাত অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগে প্ৰকাশ কৰিছিল। ইতিহাস অধ্যয়নৰ ক্ষেত্ৰত এই বুৰঞ্জীৰ এক বৌদ্ধিক গুৰুত্ব আছে। কিন্তু ক'বলৈ যোৱা কথাটো হ'ল এই বুৰঞ্জীখনৰ সম্পাদিত ৰূপটোৰ লগত সম্পাদক গৰাকীয়ে লিখা অধ্যয়ন প্ৰসুত আৰু গৱেষণামূলক পাতনিটো আছিল গোটেই কিতাপখনৰে সাৰৱত্তা স্বৰূপ। গ্ৰন্থ এখনৰ পাতনি লিখা কামটো ভুকুতে কল পকোৱাৰ দৰে কথা নহয়। ড° সূৰ্য্যকুমাৰ ভূঞাৰ সম্পাদকীয় পাতনিটো মাথো এক উদাহৰণহে। বহু কষ্ট আৰু অধ্যয়ন কৰি প্ৰকাশ কৰা আপুৰুগীয়া গ্ৰন্থবোৰৰ পাতনিতেই নিহিত থাকে পাঠকক ক'বলৈ যোৱা কথা আৰু সেই কথাসমূহৰ প্ৰাৰম্ভিক পাঠক হিচাপে পাতনি লিখোতাই নিৰপেক্ষভাবে দেখা আৰু উপলব্ধি কৰা চিন্তাৰ ৰেঙনি। তদানুসাৰে 'সম্পাদকীয়' বুলি অভিহিত কৰা লেখা এটা লিখিবলৈ গৈ নিচাত্মিকতাবোধে আমাক বৰকৈ আমনি কৰিছে। অৱশ্যে এই নিচাত্মিকতাবোধ এক ধৰণৰ ৰোধক যি কোনো কাম বা সৃষ্টিৰ প্ৰতি অতি সচেতনতাৰ সৃষ্টি কৰি কামটোকে ৰুদ্ধ কৰি দিয়ে। তাৰ মাজত দৈনন্দিন যাত্ৰাত অহা যোৱা কৰি থকা মানসিক সংকটে আৰু এখন নঙলা লগাই দিয়ে যাৰ বাবে আমি কৰোঁ বুলিও বহুত কাম কৰিব নোৱাৰো। কিন্তু এয়াটো আত্মসন্তুষ্টি হ'ব নোৱাৰে। সেয়ে আমাক সুখী হোৱাৰ এটা আধাৰশিলা লাগে। যি সুখৰ সংজ্ঞাই দৈনন্দিন সংকটক একাষৰীয়া কৰি আত্মতৃপ্তিৰ এক শাশ্বত বাট দেখুৱাব পাৰে। কিন্তু সুখৰো আছে পাটীগণিত অৰ্থাৎ সুখৰো পৰিমাণগত আৰু গুণাত্মক হিচাপ মানুহে কৰি লয়। ইংৰাজ দাৰ্শনিক তথা উদাৰতাবাদৰ এগৰাকী অন্যতম প্ৰবক্তা জন ষ্টুৱাৰ্ট মিলৰ মতে মানুহৰ সুখ বা দুখ কেৱল পৰিমাণ বা মাত্ৰাৰ ফালৰ পৰাই কম বা বেছি নাথাকে। ইয়াৰ গুণাত্মক জোখ মাখো সম্ভৱ। তেখেতে কৈছে যে কেতবোৰ সুখৰ পৰিমাণ কম হ'লেও একে পৰিমাণৰ আন সুখতকৈ কিছুমান সুখ গুণৰ ফালৰ পৰা উচ্চ খাপৰ। জন ষ্টুৱাৰ্ট মিল তেখেতৰ পিতৃৰ বন্ধু তথা প্ৰখ্যাত উপযোগিতাবাদী দাৰ্শনিক জেৰিমি বেন্থামৰ অনুগামী আছিল। বেন্থামে বিজ্ঞানসন্মত অভিজ্ঞতাৰ ভিত্তিত প্ৰতিষ্ঠিত উপযোগিতাৰ দাৰ্শনিক দিশ ফহিয়াই চাইছিল। তেওঁৰ ধাৰণাখিনি সুখৰ পৰিমাণ বৃদ্ধি আৰু ইয়াৰ লগত জড়িত প্ৰত্যক্ষ ফলৰ সৈতে সংপৃক্ত। তেওঁৰ আলোচনাত দেখা যায় সুখ আৰু দুখৰ বাহিৰে ভাল আৰু বেয়া বুলি কোনো বস্তু নাই। আমি কি কৰা উচিত সেই সিদ্ধান্ত সুখ আৰু দুখৰ নিৰ্দেশত কৰো। আপাত দৃষ্টিত এই তত্ব সহজবোধ্য হ'লেও জীৱনৰ দশা পাৰ্থক্যত উপলব্ধি কৰা যায় যে আমাৰ মাজত সুখৰো অগ্ৰাধিকাৰ দিয়াৰ প্ৰৱণতা আছে। দুখকতো দুৰৈতে নমস্কাৰ। যিকোনো দুখৰ প্ৰতি আমাৰ কোনো স্বাভাৱিক প্ৰৱণতাই নাথাকে। দুখৰ কথা বা পৰিণতি আমি সপোনতো দেখিব নোখোজো। কিন্তু প্ৰকৃতিয়ে আমাক সুখ আৰু দুখ নামৰ দশাসমূহৰ সৈতে সজাই ৰাখিছে বুলি ক'লেও ভুল কোৱা নহ'ব। তেনেস্থলত জন ষ্টুৱাৰ্ট মিলৰ গুণাত্মক দৃষ্টিৰে সুখ আৰু দুখক জুমি চোৱাৰ তত্ত্বক আমি উলাই কৰিব নোৱাৰো। জীৱনৰ অনেক দুখৰ মাজত নন্দন তাত্বিক সমাহাৰ তথা সুন্দৰৰ আৰাধনাই আমাক সুখৰ পথ দেখুওৱাব পাৰে। ইয়াত অন্তঃপ্ৰজ্ঞা(intuition)ই কাম কৰে। সেয়ে দৰ্শনৰ মাজত আকণ্ঠ ডুবি থকা মিলৰ দৰে মানুহে মানসিক সংকটৰ সময়ত ৱৰ্ডছৱৰ্থৰ সাহিত্য কৃতিৰ সুন্দৰতাত নতুন প্ৰেৰণা লাভ কৰিছিল।

আমাৰ সমাজখনত এক ধৰণৰ মধ্যবিত্তীয় প্ৰাপ্তি-অপ্ৰাপ্তিৰ কোলাহলে আৱৰি আছে। এই কোলাহলৰ মাজত আমি আমাৰ অস্তিত্বৰ ক্ষণভংগুৰতাক পাহৰি যাও। শেহতীয়া কৰ'ণা কাল আছিল মানৱ জাতিৰ বাবে আপোন অস্তিত্বৰ ওপৰত চিন্তন কৰাৰ এক ঐতিহাসিক সময়। এই দুৰ্বিষহ সময়ে আমাক বহুত শিকালে। সেয়ে হয়তো সুখৰ পৰিধি বিচাৰৰ তত্ত্ব কথাই আমাকো উন্মুখ কৰি তুলিছে। আমাৰ অসমৰ সমাজ জীৱনত সুখী হোৱাৰ কেতবোৰ জীৱন চৰ্যা শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই নিস্কাম ভকতি আৰু আধ্যাত্মিকতা পৰিগ্ৰহণৰ জৰিয়তে দি থৈ গৈছে। কিন্তু বৰ্তমান আমি আৰ্থ-সামাজিক অৱস্থাৰ মধ্যম অংশত প্ৰৱেশ কৰাৰ বাবেই ক'ৰবাত নহয় ক'ৰবাত ব্যক্তি বৈচিত্ৰ্যৰ সুখৰ তুলনা কৰি কৰি অসুখী হৈ গৈ আছো। সুখক যেতিয়া নিজৰ লগত সংপৃক্ত নকৰি আনৰ লগত তুলনা কৰা হ'ব তেতিয়া ই অসুখৰ ৰূপ ল'ব। সুখ সম্পূৰ্ণ আত্মিক বস্তু।

সুখ + বাহ্যিকতা(ব্যক্তি বৈচিত্ৰ্য + তুলনা) = অসুখ

এই সমগ্ৰ কথাখিনি কোৱাৰ এক বিশেষ কাৰণ আছে। জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, কামৰূপ আৰু সমগ্ৰ শিক্ষা, কামৰূপ জিলাৰ সৌজন্যত জিলা শৈক্ষিক অন্তঃকৰণ গোট (District Academic Core Group)ৰ দ্বাৰা প্ৰকাশিত এই 'গুৰুবাৰ্তা' আলোচনীখনৰ উদেশ্যও ওপৰৰ কথাখিনিৰে সংপৃক্ত। শিক্ষকতাও এক আত্মিক সুখৰ আধাৰ। প্ৰজন্মৰ পিছত প্ৰজন্মক হাতে হাত ধৰি আগবঢ়াই নিয়াৰ দায়িত্ব শিক্ষকসমাজে বৃত্তিগত ভাবে গ্ৰহণ কৰে। কিন্তু এয়া কেৱল পেছাই হৈ নাথাকে, এজন উৎসৰ্গিত শিক্ষকৰ বাবে এয়া এক নিচা। ইয়াতেই সুখ। এই সুখসমূহৰে আলম লৈ আমাক লাগে শৈক্ষিক আলোচনা আৰু অধ্যয়নৰ এক প্লেটফৰ্ম। সেয়ে কামৰূপ জিলাৰ সমগ্ৰ শিক্ষাৰ এনে এখন প্লেটফৰ্মেই গঢ় দিয়া হৈছে যাৰ নাম 'গুৰুবাৰ্তা' । শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী, শিক্ষা প্ৰশাসন-প্ৰশিক্ষণ তথা আমাৰ সন্মানীয় ৰাইজৰ সৈতে একেলগে এই 'গুৰুবাৰ্তা'খনক আগুৱাই নিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। নিজৰ পেছাগত কামটোত যদি আমি ভাল অনুভৱৰ কাৰকসমূহ বঢ়াব পাৰো তেন্তে এই কাম বেছি উৎপাদনশীল আৰু তৃপ্তিদায়ক হয়। নিজৰ পেছাগত কামৰ ব্ৰেণ্ডভেল্যু অৰ্থাৎ গ্ৰহণীয় মৰ্যাদা বৃদ্ধি কৰাটো আমাৰ নিজৰেই দায়িত্ব। ফিনলেণ্ডৰ শিক্ষকৰ কাৰ্যাৱলী আৰু মৰ্যাদা সৰ্বত্ৰ চৰ্চিত। সেই কাৰ্যাৱলীৰ পৰা আমি বহু শিকিব লগা আছে। আমি আমাৰ নিজৰ ৰাজ্যখনৰ বা জিলাখনৰ শিক্ষাখণ্ডত চলি থকা ভাল ভাল কামবোৰৰ ওপৰত আলোকপাত কৰি সেইবোৰ গ্ৰহণ কৰিবলৈ যত্নৱান হ'ব পাৰো। তেনে কথাবোৰ এই আলোচনীত আলোচনা কৰিবলৈ চেষ্টা কৰা হ'ব। আমি প্ৰথমেই উনুকিয়াইছিলো যে কেতবোৰ সুখৰ অনুভৱ বৰ উচ্চ খাপৰ। পৰিমাণগত প্ৰাপ্তিৰে সেয়া বিবেচনা কৰাৰে প্ৰয়োজন নহয়। তাৰ ভিতৰত শিকন-শিক্ষণ কাৰ্য অন্যতম। কিন্তু জন ষ্টুৱাৰ্ট মিলৰ কথাৰেই পুনৰ কওঁ যে অধিকতম সুখ প্ৰাপ্তিৰ বাবে মানুহে কেৱল বাহ্যিক পৰিৱেশ উন্নত কৰিলেই নহ'ব, নিজৰ নিদ্ৰিত অনুভৱ ক্ষমতাৰ আৰু বৌদ্ধিক দিশৰ উপযুক্ত বিকাশ সাধনো কৰিব লাগিব। আমি আশা কৰো যে এইক্ষেত্ৰত আমাৰ শিকাৰুসকলৰ বাবে নিজে শিকি আৰু শিকোৱাৰ বাবে 'গুৰুবাৰ্তা'ই অনুপ্ৰেৰণা যোগাব। সদৌশেষত এই শৈক্ষিক বাৰ্তালোচনীখনৰ প্ৰকাশৰ বাবে আগভাগ লোৱা প্ৰতিজন শুভানুধ্যায়ী ব্যক্তিক শ্ৰদ্ধা নিবেদন কৰিছোঁ‌ যাৰ বাবে এই প্ৰকাশ সম্ভৱ হৈ উঠিছে। কামৰূপ জিলাৰ মাননীয় উপায়ুক্ত কৈলাশ কাৰ্থিক এন, আই এ এছ মহোদয়ৰ পৰা লাভ কৰা মনোবল আমাৰ পাথেয়। এই আপাহতে আমালৈ শুভবাৰ্তা প্ৰেৰণ কৰি উৎসাহ যোগোৱা প্ৰতিজন প্ৰশাসনীয় তথা শৈক্ষিক বিষয়াক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছো। শৈক্ষিক আলোচনাৰ বাবে আমাক এক বৌদ্ধিক সেঁ‌তুৰ প্ৰয়োজন। এই সেঁ‌তু গঢ় দিয়াত আমাক সহায় কৰা প্ৰতিজন সন্মানীয় অতিথি লেখকক গভীৰ শ্ৰদ্ধা নিবেদন কৰিছো। জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান কামৰূপ তথা কামৰূপ জিলা শৈক্ষিক অন্তঃকৰণ গোটৰ অধ্যক্ষা ভাৰতী কলিতাকে প্ৰমূখ্য কৰি প্ৰতিষ্ঠানখনৰ প্ৰতিগৰাকী সদস্য তথা সম্পাদনা সমিতিৰ প্ৰতিজন সদস্য এই যাত্ৰাৰ গৃহস্থ স্বৰূপ। এই সকলোখিনি সম্ভৱ হৈছে কামৰূপৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াৰ সুনেতৃত্বত সমগ্ৰ শিক্ষাৰ প্ৰতিগৰাকী বিষয়াৰ উদ্যম আৰু সৃজনীশীল মনোভাবৰ বাবে। সদৌশেষত 'গুৰুবাৰ্তা' প্ৰকাশৰ বাবে আগন্তুক সময়ত সকলোৰে আন্তৰিক সহযোগিতা কামনা কৰিলোঁ। জয়তু জিলা শিক্ষা বিভাগ,কামৰূপ।