অনুপ্ৰেৰণা

শ্ৰীদীনেশ চন্দ্ৰ কলিতা খণ্ড সমল ব্যাক্তি, হাজো

শিক্ষক:- ইমান কষ্ট কৰি শিকাইছোঁ ,ছাত্ৰ-ছাত্ৰীয়ে নিশিকে, শিকিবলৈ ইচ্ছা নকৰে ।
প্ৰশিক্ষক :-নিৰাশ নহ'ব, আপুনি পাৰিব। শিক্ষণতকৈ ছাত্ৰ-ছাত্ৰীৰ শিকণতহে বেছি গুৰুত্ব দিয়ক।
শিক্ষক :- বুজা নাই ?
প্ৰশিক্ষক:-বিভিন্ন শিক্ষণ–শিকন সামগ্ৰী ব্যৱহাৰ কৰি ছাত্ৰ-ছাত্ৰীক পঞ্চেন্দ্ৰিয়ৰ জৰিয়তে শিকনত সহায় কৰক ।
শিক্ষক :‌- কাৰ্য্যভিত্তিক পদ্ধতিত !
প্ৰশিক্ষক :- হয় ।
শিক্ষক :- এই পদ্ধতিত শ্ৰেণীকোঠাত বহুত হুলস্থুল হয় আৰু দুই-তিনিটা শ্ৰেণীকোঠাত একে সময়ত পাঠদান কৰাত অসুবিধা হয় ।
প্ৰশিক্ষক :- হুলস্থুল মানে ছাত্ৰ ছাত্ৰীসকলে শিকনৰ কাৰনে সক্ৰিয় হৈছে , তেওঁলোকক নিয়ন্তন কৰাতকৈ সুপৰিকল্পিতভাৱে দিক দৰ্শন দিয়াহে আৱশ্যক, ওজা ছাত্ৰ-ছাত্ৰীৰ সহায়ত দুই বা তিনিটা শ্ৰেণীত একে সময়ত নিৰ্দেশনা দি শ্ৰেণীৰ শিকন সহজে পৰিচালনা কৰিব পাৰি। মূল্যায়নৰ কাৰনেওঁ বহুত সময় পোৱা যাব । ইয়াৰ বাবে লাগিব সঠিক পৰিকল্পনা আৰু প্ৰস্তুতি ।
শিক্ষক :- ব্যৱহাৰিক ক্ষেত্ৰত ই সম্ভৱ নে ?
প্ৰশিক্ষক :- নিশ্চয়, ইয়াৰ কাৰনে লাগিব, শিক্ষক-শিক্ষয়িত্ৰী সকলৰ শিক্ষা বিজ্ঞানৰ জ্ঞান, কৌশল, অভিজ্ঞতা আৰু পৰিকল্পনা । প্ৰথম অৱস্থাত অসুবিধা হোৱাটো স্বাভাৱিক । কৃতকাৰ্য্যতাৰ কোনো চুটি পথ নাথাকে । সেয়েহে, আমি ভুলৰ পৰা শিক্ষালৈ আগবাঢ়ি যাব লাগিব ।
শিক্ষক :- শিক্ষা বিজ্ঞানৰ জ্ঞান আৰু কৌশল কত পাম ?
প্ৰশিক্ষক :- এয়া আপোনাৰ হাততে আছে ।আপুনি লাভ কৰা বিভিন্ন শিক্ষক প্ৰশিক্ষণ, সমগ্ৰ শিক্ষাৰ সমল ব্যাক্তিসকলৰ পৰামৰ্শ, শৈক্ষিক সমল সমূহ মনলৈ আনক আৰু আজিকালি ইণ্টাৰনেট'ত উপলব্ধ মুক্ত শৈক্ষিক(OER) সমলবোৰ অধ্যায়ণ কৰক। আপোনাৰ কৃতকাৰ্য্যৰ অভিজ্ঞতা।
এমাহৰ পিছত ..
শিক্ষক :- আপোনাৰ অনুপ্ৰেৰণাৰ বাবে ধন্যবাদ । মই এতিয়াহে বুজিছোঁ যে, মহান শিক্ষকসকলে কিয় শিক্ষণতকৈ শিকনৰ বাবেহে অনুপ্ৰেৰণাহে যোগায়, আৰু নিশ্চয় সৰ্বপল্লী ৰাধা কৃষ্ণণৰ দৰে পূজ্য মহান শিক্ষক সকলে নিজৰ কৰ্মৰাজিৰে সমগ্ৰ জাতিটোক এনেদৰে অনুপ্ৰাণিত কৰি গৈছে । মহান শিক্ষক তোমাক সহস্ৰ প্ৰণাম ।