ডাকৰ বচন

সংগ্ৰহক- শ্ৰীকল্পনা মেধি, মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক, ৰামপুৰ।

গণিতৰ প্ৰয়োগ স্পষ্ট হৈ ওলোৱা দুটামান ডাকৰ বচন
১)আউসীৰ এক,পূৰ্ণিমাৰ দুই।
মাকৰ ঘৰক নাযায় জী।।
২)ষোল্ল চাষে মূলা তাৰ অৰ্ধেক তুলা ।তাৰ অৰ্ধেক ধান,বিনা চাষে পাণ ।।
৩) এগুণ চাউল,দুগুণ পানী ।তিনিগুণ জুই দিবা টানি ।।
৪)তিনিশ ষাঠি জোপা ৰুবা কল ।মাহেকে পষেকে চিকুনাবা তল।
ডালফুল পচলা মাফত খাবা ।লংকাৰ বণিজ ঘৰতে পাবা।।
৫)লেহী ডঙৰা ডাকৰ গাওঁ ।সাতশ সাতোটা পুখুৰীৰ নাউ।।
লেহীৰ তিৰি পঞ্চৰাগ বুজে। ভাইদাৰ দামৰাই বিনা শিঙে যুঁজে ।।