শীত

ৰিচা লাহা, শ্ৰেণী - পঞ্চম, ৬২নং আমিনগাওঁ প্ৰা. বি.

শীত শীত শীত
প্ৰচণ্ড শীত,
শীতৰ কোবত ককা-আইতাৰ
মুখৰ নোলায় মাত।
জুইৰ কাষত জুমি বহি
অন্তৰ পৰিল শাঁত।।
লাৰু, পিঠা, সান্দহ গুৰি
শীতত লাগে ভাল,
পায়স, লুচি খাবলৈ পাই
ককা-আইতাৰ নাচ ।
কাষত বহি নাতি-নাতিনীহঁতে
চাই ভাল পায়।।
কি মজা লাগে ভাই
কি মজা লাগে,
শীত শীত শীত
প্ৰচণ্ড শীত।।

কুলি

নুৰেজা বেগম, শ্ৰেণী- পঞ্চম,৫৮৪নং টেঙাবাৰী নি. বু. বিদ্যালয়

অ' কুলি অ' কুলি
তোমাৰ মাত বৰ শুৱনি,
ৰাতিপুৱাই উঠি মোৰ
চাবলৈ মন যায় তোমাৰ মুখনি।
তোমাৰ মাত শুনিলে,
মোৰ হিয়া ভৰি যায়।
কুলি তোমাৰ ক'লা চোলা
দেখিবলৈ বৰ ধুনিয়া,
বগা চোলা নালাগে মোক
মাতটো যে শুৱলা।
তোৰ সতে আকাশত
উৰি ঘূৰি ফুৰিম,
ডেউকা দুটি কিনি আনিম
চাৰি অনা দিমা।

रंग -बिरंगी धरती

श्री कुकी कलिता, प्राक्तन छात्रा, 2019 बर्ष

रंग -बिरंगी धरती
सुन्दर-सुन्दर , प्यारी-प्यारी
रंग -बिरंगी धरती
पहन चुनरिया रंगों वाली
दुल्हन जैसी लगती ||
नीली -नीली आसमान है
बादल काले-काले
लाल-गुलाबी, नीले-पीले
फुल बड़े मतवाले ll
हरियाली की फैली चादर
सब के मन को हरती ,
सुन्दर-सुन्दर ,प्यारी-प्यारी
रंग बिरंगी धरती ll
सुबह -सुबह को भूरि चिड़िया
चीं - चीं, चीं- चीं करती,
सुन्दर-सुन्दर, प्यारी-प्यारी
रंग बिरंगी धरती ll

ভগৱান

ৰাজ কলিতা, শ্ৰেণী- চতুৰ্থ মান

ভগৱান থাকেনো ক'ত ?
নীল আকাশত নে প্ৰতিমাবোৰত।
ভগৱান আছে নেকি মোৰ অৰন্যত!
ভগৱান আছে নেকি মঠ মন্দিৰত!
তেওঁ ক'লৈ আহে, ক'লৈ যায়;
জানিবৰ বৰ মন যায়।
আমি কৰা প্ৰাৰ্থনাবোৰ
তেওঁ শুনে নে সদায়?

দেৱালী

প্ৰিন্স মণ্ডল, শ্ৰেণী-চতুৰ্থ মান

ঠিক সময়ত ঘড়ী কৰে টিক্ টিক্
সৰু সৰু তৰাবোৰে জ্বলে চিকমিক।
টং টং মন্দিৰৰ ঘন্টা বাজিল,
খপ জপ কৰি তাই লৱৰি উঠিল।
গুৰুম গুৰুম মাত আহিল দেৱালী,
ফুলজাৰি, চকৰি বোমা ফুটিল জ্বলি।
ভূক ভূক কৰে টমে ঢলং পলং;
জকমক পোহৰত পলাই পত্ৰং।
ভাইটিয়ে চানা খায় মুৰুক মাৰাক,
ফুলজাৰি নজ্বলায় চুচুক চামাক।
খটখট জোতাৰে মামাওঁ আহিল;
বোমাৰ মাতত হেনো অৱস্হা কাহিল।

মৰমৰ আইতা

দিব্যজ্যোতি বৈৰাগী, শ্ৰেণী- চতুৰ্থ মান

অ' আইতা আইতা অ'
সাধু এটা কোৱা,
মা- দেউতাই বুজি নাপায়
কিমান পঢ়িম চোৱা।
মানে কেৱল পঢ়া-পঢ়া
খেলা ধূলা বন্ধ,
টি.ভি.চালে দেউতাই
কৰি দিয়ে বন্ধ।
অ'আইতা আইতা অ'
সাধু এটা কোৱা
যিমান পাৰি সোনকালে
মোক বচোৱা।

শীত

ৰিচা সাহা, শ্ৰেণী- পঞ্চম মান

শীত শীত শীত
প্ৰচণ্ড শীত
শীতৰ কোবত ককা আইতাৰ
মুখত নোলায় মাত।
জুইৰ কাষত জুমি বহি
অন্তৰ পৰিল শাঁত ;
লাৰু ,পিঠা,সান্দহ গুৰি
শীতত লাগে ভাল।
পায়স, লুচি খাব পাই
ককা আইতাৰ নাচ,
কাষত বহি নাতি-নাতিনীয়েকে
চাই ভাল পায়।
কি মজা লাগে ভাই,
কি মজা লাগে
শীত শীত শীত
প্ৰচণ্ড শীত।

ফুল

পাৰ্থ প্ৰতিম ডেকা, শ্ৰেণী - তৃতীয়, ১৫নং বেজেৰা প্ৰা. বি.

ভাল পাওঁ ফুল মই
ফুলনিতে থাকে
মই দিয়া পানী খাই
হালি জালি নাচে।
আমাৰ এখন বাগিচা আছে
ঘৰৰ আগফালে
তাকে দেখি পখিলাবোৰ
জাকে জাকে আহে।

মৰমৰ আইতা

দিব্যজ্যোতি বৈৰাগী, শ্ৰেণী- চতুৰ্থ মান

অ' আইতা আইতা অ'
সাধু এটা কোৱা,
মা- দেউতাই বুজি নাপায়
কিমান পঢ়িম চোৱা।
মানে কেৱল পঢ়া-পঢ়া
খেলা ধূলা বন্ধ,
টি.ভি.চালে দেউতাই
কৰি দিয়ে বন্ধ।
অ'আইতা আইতা অ'
সাধু এটা কোৱা
যিমান পাৰি সোনকালে
মোক বচোৱা।

পন্ডিত জৱাহৰলাল নেহৰু

শ্ৰী ৰাগতৃষ্ণা দাস, শ্ৰেণী-পঞ্চম, ৰোল নং-6

1889 খ্ৰীষ্টাব্দৰ 14 নৱেম্বৰত উত্তৰ প্ৰদেশৰ এলাহাবাদত জৱাহৰলাল নেহৰুৰ জন্ম হৈছিল। তেওঁৰ দেউতাকৰ নাম আছিল মতিলাল নেহৰু । মাকৰ নাম স্বৰূপ ৰাণী নেহৰু আৰু পত্নীৰ নাম আছিল কমলা নেহৰু। তেওঁ অতি ধনী পৰিয়ালত জন্ম গ্ৰহণ কৰা বাবে তেওঁক সোণৰ চামুচ মুখত লৈ জন্ম গ্ৰহণ কৰা বুলি কয়। তেওঁ জন্ম গ্ৰহণ কৰা বাংলাটো আছিল এটা বিখ্যাত বাংলা ।তেওঁৰ পূৰ্বৰ বংশ আছিল কাশ্মীৰৰ। প্ৰকৃততে নেহৰু বংশ হ'ল কাশ্মীৰী। 1947খ্ৰীষ্টাব্দৰ 15 আগষ্টত ভাৰতে স্বাধীনতা লাভ কৰিছিল। আনন্দ-উলাহৰ ঢৌ বিয়পি পৰিছিল। ভাৰতৰ চুকে কোণে। স্বাধীনতাৰ পিছতে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল জৱাহৰলাল নেহৰুৱে। 1939 খ্ৰীষ্টাব্দৰ 6 ফেব্ৰুৱাৰীত স্বাধীনতা যুঁজৰ মহান যোদ্ধা মতিলাল নেহৰুৰ জীৱনৰ অৱসান ঘটিল। ইয়াৰ পিছত 1936 খ্ৰীষ্টাব্দৰ 29 ফেব্ৰুৱাৰীত জৱাহৰলালৰ পত্নী কমলা নেহৰুৰ বিয়োগ হয়। সেই সময়ত জৱাহৰলাল আছিল ডেৰাডুন জেলত। মৃত্যুৰ পূৰ্বে কমলাই স্বামী জৱাহৰলালক দঢ়াই দঢ়াই কৈছিল-- " মোৰ অসুখৰ বাবে আপুনি চৰকাৰৰ লগত মীমাংসা নকৰিব। সেয়া হ'ব কাপুৰুষৰ কাম। সদায় সৈনিকৰ দৰে থাকক--এয়া মোৰ অনুৰোধ। বীৰ পত্নীৰ অন্তিম বাণীয়ে বীৰ সৈনিক নেহৰুক দুগুণ উৎসা যোগাইছিল।