শিল্প কলাৰ নান্দনিক বিশ্লেষণ

কমল কুমাৰ মহন্ত প্ৰবক্তা, ডায়েট, কামৰূপ,মিৰ্জা
kamalmahanta

 

কিমপ্যস্তি সুন্দৰং                                                                                                          
ব্যাপ্যেন ব্যাপ্য সুন্দৰম৷
যদেব ৰোচতে যস্মৈ৷
ভবেত্ত তত্ত তস্য সুন্দৰম৷৷
অৰ্থাৎ সুন্দৰৰ বিস্তৃতি কিমান/ বা ব্যাপকতা কিমানঞ্জ যাক যিহে আনন্দ দিয়ে ,তেওঁৰ বাবে সেয়া সুন্দৰ [অৰ্থাৎ সুন্দৰৰ বিস্তৃতি অসীম]

                এবাৰ কবিগুৰু ৰবীন্দ্ৰ নাথে মাজৰাতিলৈকে পঢি. আছিল৷ পঢি. পঢি. তেওঁৰ মূৰ ঘোলা হৈ গ’ল ৷ সৌন্দৰ্য্য বিষয়ৰ ওপৰত এটি সঠিক সংজ্ঞা বিচাৰি নাপাই বিৰক্ত হৈ তেওঁ মমবাটি ডাল নুমাই দিলে আৰু লগে লগে জোনৰ পোহৰে তেওৰ কোঠালি উপচি পৰিল৷ হেজাৰ তৰ্কৰ জালে যি সত্য লুকুৱাই ৰাখিছিল এক মুহুৰ্ততে সেই সত্য প্ৰতিভাত হৈ উঠিল৷ আৰু তেওঁ জোনৰ সৌন্দৰ্য্য উপলব্ধি কৰিবলৈ ধৰিলে৷ সৌন্দৰ্য্য হ’ল এক বোধৰ বস্তু, বুদ্বিূৰ বস্তু নহয়৷ জোনৰ পোহৰৰ বৰ্ণ বিশে¡ষণ কৰি জোনাকৰ সৌন্দৰ্য্য উপলব্ধি নহয়৷ সৌন্দৰ্য্যই কাকো একে সংবাদ নিদিয়ে, সৌন্দৰ্য্যই কেৱল মুগ্ধ কৰে মন আৰু আত্মাক তুষ্ট কৰে৷ আমি জানো সুন্দৰৰ সৃষ্টিয়েই কলাৰ মুল মন্ত্ৰ৷ সত্যম্‌ শিৱম্‌ সুন্দৰম্‌, যি সত্য সেয়েই সুন্দৰ আৰু মঙ্গলময়/ সৎ চিৎ আনন্দ স্বৰূপ পৰম ব্ৰহ্মত সকলো বিৰোধৰ অৱসান হয় কাৰণে তেও নিগুৰ্ণ হয়ো সগুণ৷ জাগৃতিক জীৱনৰ বিচিত্ৰ অভিজ্ঞতাত সত্য শিৱ আৰু সুন্দৰৰ একীভূত ৰূপ ধৰা নপৰে৷ দেহৰ অসুন্দৰ অঙ্গ সংস্থাপনৰ মাজেদিও জেউতি ফুটি ওলায়, বাঘ আৰু সিংহ নৃশংস হলেও সিহতৰ দেহ সৌন্দৰ্য্যৰ প্ৰতি মানুহ আকৃষ্ট হয়৷ ইংৰাজ কবি কীটছে এটা কবিতাত উল্লেখ কৰিছে,‘‘Beauty is the truth, truth is beauty, বুলি৷ সৌন্দৰ্যৰ যথাৰ্থ প্ৰকাশৰ মাজতে নিহিত হৈ থাকে এটা সত্য, যি সত্য দাৰ্শনিক সত্য নহয়, এই সত্যক আমি কাব্যিক সত্য বুলিহে ক’ব পাৰোঁ৷

                জীৱনৰ আদিম অৱস্থাৰ পৰাই প্ৰকৃতিৰ সৌন্দৰ্য্যনাভুতিয়ে মানৱক অনুপ্ৰাণিত কৰি আহিছে৷ তাৰ নিদৰ্শন হিচাপে আদিম যুগৰ পৰা সংৰক্ষিত হৈ থকা মানুহৰ নানান ধৰণৰ কীৰ্তিচিহ্ন সমূহৰ বিষয়ে উল্লেখ কৰিব পাৰো৷ মানুহ জন্মতেই এটি কলাসুলভ মনৰ গৰাকী হৈ এই ধৰালৈ আহে৷ কিছুমান মানুহ স্বভাৱতে কলা সৌন্দৰ্য্যৰ প্ৰতি বেছি অগ্ৰশীল হয়৷ মানুহৰ এটা সহজাত সৌন্দৰ্য্য স্পৃহা আছে৷ শিল্প কলা সেই সহজাত সৌন্দৰ্য্য স্পৃহাৰে চৰিতাৰ্থতা হয়৷ সৌন্দৰ্য্যই মানুহক আনন্দ দিয়ে কাৰণে মানুহে সৌন্দৰ্য্যৰ সৃষ্টি কৰে শিল্প কলা যোগেৰে৷ শিল্প কলাৰ এটি দৈহিক ৰূপ আছে সি ইন্দ্ৰিয় গ্ৰাহ্য ৷ ঘাইকৈ দুটা ইন্দ্ৰিয়ক কেন্দ্ৰ কৰিয়েই তাৰ জন্ম আৰু পৰিচয়৷ চকু আৰু কাণ এই দুটা ইন্দ্ৰিয়ই হ’ল শিল্প কলাৰ ঘাই বাহক৷ কিছুমান শিল্পৰ আশ্ৰয় হল কেৱল চকু, দৃষ্টি, চিত্ৰ ভাস্কৰ্য্য আৰু স্থাপত্য ৷ কিছুমান হ’ল কেৱল কাণ, শ্ৰৱণ যেনে - সংগীত আৰু কাব্য৷

                শিল্প কলাৰ মাজত অন্তৰ্নিহিত সৌন্দৰ্য্য উপলব্ধি কৰিব যাওতে শিল্প ভাষাৰ সম্বন্ধে জ্ঞান থকাটো নিতান্তই দৰকাৰী৷ যদি আমি প্ৰকৃতিৰ সৌন্দৰ্য্যৰ উমান লব নোৱাৰো- তেনেহ’লে শিল্পৰ ৰসস্বাদন কৰাটো অসম্ভৱ৷ শিল্প কলা যি হেতুকে এটি ভাষা কলাৰ বিভিন্ন ধৰণৰ প্ৰয়োগ কৌশলৰ বিষয়ে যেনে ৰং ৰেখা,ছাঁ পোহৰ অৱয়ব আদিৰ বিষয়ে জ্ঞান নাথাকিলে ইয়াৰ ৰস অনুধাৱন কৰা সম্ভৱ নহব৷

                ভাৰতীয় শিল্প কলাৰ সৌন্দৰ্য্য বিচাৰ কৰোঁতে ব্যৎস্যায়নৰ কামসুত্ৰত উল্লেখ কৰা ছয় অঙ্গৰ বিষয়ে জ্ঞান নাথাকিলে কলাৰ প্ৰকৃত সৌন্দৰ্য্য উপলব্ধি কৰিব পৰা নাযায়৷ এই ছয় অঙ্গ বা সাৰাংগ হল ৰূপভেদ,ভাৱ, প্ৰমাণ, লাৱন্য, যোজনা,সাদৃশ্য আৰু বৰ্ণিকা ভঙ্গ৷ বিশ্ব জগতৰ প্ৰত্যেকৰেই নিজস্ব গঠন আকৃতি আৰু সৌন্দৰ্য্য আছে এটাৰ লগত আনটোৰ শাৰীৰিক গঠন, আকৃতি, নিজস্ব স্বভাৱ আৰু ৰূপৰ তুলনা কৰিব নোৱাৰি৷ প্ৰত্যেকৰেই নিজৰ গঠন আকৃতি আৰু ৰূপ সুকীয়া ইয়াকে ৰূপভেদ বুলি কোৱা হয়৷ বস্তুৰ মান, পৰিমান, দৈৰ্ঘ্য, প্ৰস্থ,ওচৰ আৰু দুৰত্বৰ পৰিপ্ৰেক্ষিত জীৱ জন্তুৰ শাৰীৰিক গঠনৰ জোখ আদিকে প্ৰমাণ বোলা হয়৷

                শৰীৰৰ বিভিন্ন ভঙ্গীমাৰ পৰা ভাৱৰ প্ৰকাশ ঘটে৷ ভাৱৰ আত্মা প্ৰকাশ নাথাকিলে ছৱিত পূৰ্ণতা ফুটি নুঠে৷ ভাববিহীন ছৱি নিমখ নোহোৱা ব্যঞ্জনৰ দৰে৷ মুঠতে চিত্ৰ বা শিল্পৰ সৌন্দৰ্য্য প্ৰকাশ পাবলৈ হ’লে ৰূপভেদ ভাৱ আদিৰ লগতে সাদৃশ্য লাৱন্য যোজনা বৰ্ণিকাভঙ্গ, প্ৰমাণ এই ছয় অংগৰ বিশেষ গুৰুত্ব আছে৷ এজন দক্ষ সুনিপুন শিল্পীৰ হাতৰ পৰশত এই আটাইকেইটি সাৰাঙ্গ শিল্পত পূৰ্ণ প্ৰকাশ ঘটি শিল্পৰ নান্দনিক গুণৰ সমাবেশ ঘটে৷ যাৰফলত শিল্প হৈ পৰে ৰসাল আৰু মাধুৰ্য্যপূৰ্ণ ৷ ঠিক তেনেদৰে কাব্য শিল্পটো নৱ ৰসৰ আত্মাপ্ৰকাশ ঘটিলে বাক্য হৈ পৰে সুমধুৰ আৰু নান্দনিক৷

                মুঠৰ ওপৰত এটি শিল্পৰ নান্দনিক গুণ বিশে¡ষণ কৰিবলৈ যাওতে শ্ৰোতা জনে অৰ্থাৎ দৰ্শকে নিজকে শিল্প কলা চোৱাৰ অভ্যাস গঢি. তুলিব লাগিব৷ শিল্প কলা যিহেতুকে এটি সাংকেতিক ভাষা, শিল্পীসকলে নিজৰ অন্তৰৰ ভাৱ আবেগ অনুভুতি নিজস্ব কৌশল অৱলম্বন কৰি নান্দনিক ৰূপত বহিঃ প্ৰকাশ কৰে জীৱনৰ এক অবিৰত যাত্ৰাৰ গতিৰে শিল্পীয়ে এটা নান্দনিক শিল্প কলাৰ ভাষাটিক সমসাময়িক দিশত অগুৱাই লৈ যায়৷ সেই হেতুকে বৰ্তমানৰ সমসাময়িক কলাৰ লগত যোগসূত্ৰ স্থাপন কৰিব নোৱাৰিলে কলাৰ ৰস স্বাদন কৰাটো কঠিন৷ অন্তৰত সদিচ্ছা, আগ্ৰহ, সুক্ষ্ম পৰ্য্যৱেক্ষণ নাথাকিলে শিল্প কলাৰ ভাষা অনুধাবন কৰাটো একেবাৰে দুৰুহ৷
মানুহ যিহেতু সৌন্দৰ্য্যপ্ৰিয়, সৌন্দৰ্য্য চৰ্চা কৰি ভাল পায়৷ গতিকে শিল্প এটি যেতিয়া চোৱা যায়, প্ৰথম দৃষ্টিতেই ছৱি বা শিল্প কৰ্মটি চাই আমাৰ মনত ভাল লাগিছে নে নাই -তাৰ ওপৰতহে গুৰুত্ব দিয়া হয়৷ কিছুমান বস্তু নুবুজাকৈ আমাৰ মনত ভাল লাগি যায়, ভাল লগাৰ পাচতহে আমি শিল্পৰ বিষয় বস্তু সম্বন্ধে বিচাৰ কৰো৷ গতিকে নুবুজাকৈয়ে ভাল লগাটো প্ৰথম কথা যদি প্ৰথম দৃষ্টিতে আমাৰ শিল্প কৰ্মটি ভাল নালাগে, আমি তাৰ ওচৰলৈকে যাবলৈ ইচ্ছা প্ৰকাশ নকৰোঁ৷ কেতিয়াবা ভাল লগা শিল্প কৰ্মটি ক’ব নোৱাৰাকৈয়ে আমি তাৰ ওচৰলৈকে গৈ হাতেৰে চুই চাব বিচাৰো৷ বস্তুটোৰ সৌন্দৰ্য্যই আমাক কব নোৱাৰাকৈয়ে ওচৰলৈকে টানি লৈ যায় আৰু আমাৰ মন আনন্দতে উৎফুল্লিত হৈ পৰে৷ ঠিক তেনেদৰে, যেতিয়া আমি এটি সংগীত শুনো সংগীতৰ ভাৱ বুজি নাপালেও তাৰ Music ৰ লহৰত আমাৰ গা মন নাচি উঠে ৷ আমি প্ৰথম অৱস্থাত সংগীতৰ বিষয় বস্তুৰ ওপৰত গুৰুত্ব নিদিও৷ যদি সংগীতে আমাৰ অন্তৰত গভীৰ তলিত এক আনন্দৰ লহৰ সৃষ্টি কৰিব পাৰিছে৷ তেতিয়া আমি তাৰ আচল আনন্দ অনুভৱ কৰিব পাৰোঁ৷ যি শিল্পত নান্দনিকতা নাথাকে, তেনে শিল্প নীৰস হয় ৷ আমাৰ মন প্ৰাণত আনন্দৰ লহৰ জাগ্ৰত নহয়৷ শিল্পকৰ্মৰ সৌন্দৰ্য্য উপভোগ কৰাৰ আগতে আমি প্ৰথমতে প্ৰকৃতিৰ প্ৰতিটো বস্তুকে সুক্ষ্মভাৱ পৰ্য্যৱেক্ষণ কৰিব লাগিব৷ আমাৰ চাৰিওফালৰ পৰিদৃশ্যমান জগত খনত অলেখ বস্তু আমি নিতৌ দেখোঁ৷ দেখোহে, কিন্তু কোনোটোকে ভালদৰে নেদেখো৷ ৰবীন্দ্ৰ নাথে এৱাৰ কৈছিল ‘‘পৃথিবীতে অধিকাংশ লোক ভালদৰে দেখে না, দেখতে পাৰে না৷

                এটাবস্তু এজন মানুহে চোৱা বা দেখা বুলি ক’লে –চকুৰে সেই বস্তুটোক বা মানুহজনক চিনি পোৱাটোৱেই নহয়, সেই বস্তুটোক আবেগিক অনুভূতিকভাৱে অনুভৱ কৰা জনা বৌদ্বিূক ভাৱেও তাৰ মৰ্ম গূঢ. ৰূপটো উপলব্ধি কৰাক বুজায়৷ বাস্তৱ পৰ্য্যবেক্ষণ বাস্তৱৰ জ্ঞানে অভিজ্ঞতাই বোধ আৰু বুদ্বিূৰ কৰ্ষণে দৃষ্টি আৰু মনক সজীৱ সক্ৰিয় কৰি আমাৰ অনুভৱ উপলব্ধি শক্তিক অধিক তীব্ৰ গতিশীল কৰি ৰাখিব পাৰে৷ বিশেষকৈ প্ৰকৃতিৰ পৰ্য্যৱেক্ষণ, প্ৰকৃতিৰ ৰূপ বৰ্ণ ছাঁ- পোহৰৰ লীলা খেলাই আৰু তাৰ শব্দ-গন্ধ-স্পৰ্শয়ো ৰূপ চেতনা বৰ্ণবোধক আমাৰ অজ্ঞাতেই সমৃদ্বূ আৰু প্ৰাণময় কৰি ৰাখে৷

                মানুহৰ অন্তৰৰ গভীৰতাত এটি সুষমা সামঞ্জস্যৰ ভাৱ সুপ্ত হৈ থাকে৷ মানুহৰ দেহৰ ধমনীৰ স্পন্দন প্ৰকৃতিৰ বিভিন্ন ঋতুৰ চক্ৰাণুক্ৰম গতি,দিন নিশাৰ এন্ধাৰ পোহৰৰ নিয়মানুগত যাত্ৰা ,-এই বিলাকেই মানুহৰ মনলৈ এক সুষমাৰ ধাৰণা আনি দিয়ে ৷ তাকেই হয়তো মানুহে শিল্প কলা ৰূপে জগাই তোলে, সেই অন্তৰস্থ সুষমাৰ আধাৰতেই হয়টো শিল্পক সুন্দৰ বুলি গ্ৰহণ কৰা হয়৷