যোৱা খণ্ডৰ পাচৰ পৰা – (পূৰ্বৰ সংখ্যাৰ অংশটোৰ বাবে Past Edition ত ক্লিক কৰিব পাৰে)
৪) ত্ বৰ্গৰ বৰ্ণৰ লগত ‘ম’ যুক্ত হ’লে ম্ টো ‘ন’ লৈ ৰূপান্তৰিত হয় । কাৰণ ত বৰ্গৰ শেষত নাসিকা বৰ্ন ‘ন’ । উদাহৰণবোৰ চালেই বুজিব পাৰিব । গাণিতিক পদ্ধতিৰে বিশ্লেষণ কৰিলে এনে ধৰণৰ হ’ব।
ত- বৰ্গক লৈ à
অ + ম্ + ত গ্ৰ+ ম্ + থ ন + ম্ + দ অ + ম্ + ধ অ +ম্ + ন
অ + ন্ + ত গ্ৰ + ন্ + থ ন + ন্ + দ অ + ন্ + ধ অ +ন্ + ন
অ + ন্ত গ্ৰ + ন্থ ন+ ন্দ অ+ ন্ধ অ + ন্ন
অন্ত গ্ৰন্থ নন্দ অন্ধ অন্ন
একাধিক উদাহৰণ চাওক –
ত বৰ্গক লৈ à বৃন্ত, সন্ত , মন্ত ,( বা মৎ +ত )
থ বৰ্গক লৈ àসন্থা
দ বৰ্গক লৈ à কন্দ , বান্দৰ , সিন্দুৰ
ধ বৰ্গক লৈ à বিন্ধ্য, সন্দ্য্যা , সন্ধা ,সিন্ধু , কিস্কিন্ধা
ন বৰ্গক লৈ àকিন্নৰ ,আছন্ন , তন্ন তন্নকৈ (বা তৎ +ন), আসন্ন ।
ওপৰত কৰা আলোচনাৰে আমি অধিক শব্দ বিছাৰিব পাৰোঁ । আমাৰ শিক্ষক সকলে এনে ধৰণৰ শব্দ বিছাৰি ছাত্ৰ-ছাত্ৰীসকলক যোগান ধৰিলে বানান ভুল হোৱাৰ সমস্যা লাঘৱ হ’ব ।
( ক্ৰমশঃ অহা সংখ্যালৈ )