প্ৰাচীন অসমীয়া লিপিৰ শৈলী

চিম্পু কলিতা প্ৰশিক্ষাৰ্থী,ডায়েট কামৰূপ
cimpukalita

 

লিপি হৈছে এটা জাতিৰ  বিকাশৰ মূল আহিলা।ভাষা এটাক মৌখিক ৰূপৰ পৰা লিখিত ৰূপ প্ৰদান কৰে লিপিয়ে। লিপিয়েহে এটা জাতিৰ বিভিন্ন ঘটনা ভৱিষ্যত সমাজলৈ সাঁ‌চি ৰখাত সহায় কৰে।লিপি অবিহনে এয়া মুঠেও সম্ভৱ হৈ নুঠিলেহেতেন।
          সকলো ভাষাৰ লিপিৰ উদ্ভৱ আৰু বিকাশ সম্পৰ্কে পণ্ডিতসকলৰ মাজত মতভেদ দেখা পোৱা যায়।অসমীয়া লিপিও ইয়াৰ ব্যতিক্ৰম নহয়।তথাপি বিভিন্নজন অসমীয়া পণ্ডিতে দিয়া ধাৰণা অনুসৰি অসমীয়া লিপি খ্ৰীষ্টীয় চতুৰ্থ শতিকাৰ আগৰ বুলি ক'ব নোৱাৰি।চতুৰ্থ  শতিকাৰ পৰা ঊনবিংশ শতিকালৈ অসমত উদ্ধাৰ হোৱা বিভিন্ন শিলা-লেখ আৰু তামত ফলিত অসমীয়া লিপিৰ  বিকাশৰ গতিৰ উমান পাব পাৰি।অসমীয়া লিপিৰ সম্পৰ্কত হোৱা আলোচনাত অসমীয়া লিপিক প্ৰাচীন ভাৰতীয় লিপি ব্ৰাহ্মীৰ পৰৱৰ্তিত ৰূপ কুটিল লিপিৰ পৰা উদ্ভৱ হোৱা বুলি ক'ব বিচাৰে।অসমীয়া লিপিৰ প্ৰাচীনতম নিদৰ্শন হৈছে নগাজৰী খনিকৰ গাঁ‌ৱৰ প্ৰস্তৰ খণ্ডলিপি।এই লিপিৰ সময় চতুৰ্থ শতিকা বুলি অনুমান কৰা হয়।অৱশ্যে এই ফলিখন উদ্ধাৰ কৰা হৈছিল ১৯৭২চনত।তেতিয়াৰ পৰাই অসমীয়া লিপিৰ সম্পৰ্কে এক ধাৰণা পাবলৈ সক্ষম হয়।আনহাতে প্ৰাচীন অসমীয়া লিপিৰ স্পষ্ট নিদৰ্শন দাঙি ধৰে ত্ৰয়োদশ শতিকাৰ  কানাই বৰশীবোৱা শিলালিপি। সি যি কি নহওঁ‌ক , এই আলোচনা মূল বিষয় হৈছে পুৰণি অসমীয়া লিপিৰ বিভিন্ন শৈলী।পাঠক সমাজক পুৰণি অসমীয়া লিপিৰ শৈলীগত এক ধাৰণা দিবলৈ এই গুৰুত্বপূৰ্ণ বিষয়টো বাচি লোৱা হৈছে।
       পুৰণি অসমীয়া লিপিৰ শৈলীগত দিশৰ ফালৰ পৰা তিনিটা ভাগত ভাগ কৰিব পাৰি।সেইকেইটা হৈছে গড়গঞা লিপি,কাইথেলী লিপি আৰু বামুনীয়া লিপি।

 ক)গড়গঞা লিপি- গড়গাঁ‌ৱক কেন্দ্ৰ কৰিয়েই এই লিপিৰ নাম গড়গঞা লিপি ৰখা হৈছিল।এই গড়গাঁ‌ৱ অঞ্চলত আহোম স্বৰ্গদেউসকলৰ দিনত পুথি লিখিবলৈ যি লিপিৰ শৈলীৰ ব্যৱহাৰ কৰিছিল সেয়া লিপিয়েই গড়গঞা লিপি।এই লিপিৰ বৈশিষ্ট্য সম্পৰ্কে বিভিন্নজনে বিভিন্ন ধৰণে মন্তব্য প্ৰদান কৰিছে।ড° মহেশ্বৰ নেওগৰ মতে- "গড়গঞা লিপি বৰ সৰল আৰু নিৰলংকাৰ।" ড° সতেন্দ্ৰনাথ শৰ্মাৰ মতে- "আহোমৰ ৰাজধানীক কেন্দ্ৰ কৰি উজনিত এই লিপিভংগীৰ প্ৰচলন হয় কাৰণেই ইয়াৰ নামাকৰণ হয় গড়গঞা লিপি।বুৰঞ্জীত সাধাৰণতে এই ভংগীৰ ব্যৱহাৰ হোৱা দেখা যায় ।অৱশ্যে পদ পুথিসমূহত ইয়াৰ ব্যৱহাৰ সীমিত।এই লিপিৰ অ ,আ,ই ,ঈ ৰূপ প্ৰায় আধুনিক ৰূপৰ।" আহোম স্বৰ্গদেউসকলে 'লেখক বৰুৱা' নামৰ একশ্ৰেণীৰ বিষয়াৰ হতুৱাই পুথি- পাজি লিখাইছিল অথবা নকল কৰাইছিল।এনেদৰে লিখাওতে এই গড়গঞা লিপি ব্যৱহাৰ কৰিছিল।
খ) কাইথেলী লিপি - কাইথেলী লিপি কায়স্থসকলৰ দ্বাৰা সংৰক্ষিত হয় ।হয়তো কায়স্থসকলৰ দ্বাৰা সংৰক্ষিত হয় বাবেই এই লিপিৰ নাম কাইথেলী।আহোম দিনত চিত্ৰিত কৰা 'হস্তীবিদ্যাৰ্ণৱ'ৰ লিপিক হেমচন্দ্ৰ গোস্বামীয়ে কাইথেলী লিপি ৰূপে সাব্যস্ত কৰে।কাইথেলী লিপিৰ বৈশিষ্ট্যসমূহৰ ভিতৰত এই লিপিত পাকৰ সংখ্যা অধিক ।এই লিপিত শাৰীবোৰ দীঘল অথবা চুটি হ'ব নোৱাৰে।শাৰী ঘন-পাতলও হ'ব নোৱাৰে। এই কাইথলী লিপিক কায়স্থসকলে  হিচাপ পত্ৰ কৰোঁ‌তে ,আৰ্যাপুথি লিখোঁতে ব্যৱহাৰ কৰিছিল।এনে লিপিৰ নিদৰ্শন পোৱা যায় 'হস্তীবিদ্যাৰ্ণৱ' ,'কিতাবৎমঞ্জিৰী' ,'শুভংকৰী' ইত্যাদি অন্যতম।
 গ) বামুণীয়া লিপি - এই লিপিৰ নামাকৰণৰ অৰ্থ  বামুণীয়া নামটোৰ পৰাই আনুমান কৰিব পাৰি ।মধ্যযুগত অসমৰ টোলবোৰত সংস্কৃত সাহিত্যৰ চৰ্চাৰ বাবে পুথি-পাঁ‌জি নকল কৰাৰ বাবে এই বামুণীয় লিপিৰ শৈলী গা কৰি উঠিছিল।এই লিপিয়েই পৰৱৰ্তী সময়ত বৈষ্ণৱ সত্ৰবোৰকও প্ৰভাৱিত কৰিছিল।বামুণীয়া লিপিৰ অ ,আ,দ,ম,ট ,ই আদি দেৱানগৰী লিপিৰ লগত সাদৃশ্য দেখা যায়।হয়তো মূল পুথিৰ দেৱানগৰী লিপিৰ নকল কৰোঁ‌তে নকলকাৰকে হুবহু নকল কৰাই এনে সাদৃশ্য দেখা যায়।আনহাতে এই লিপিৰ কোণবোৰ কায়থেলীৰ দৰে স্পষ্ট নহয়। 'ল' সাধাৰণতে শুংডাল তললৈ নামি অহা ণ ৰ দৰে হয়।
     তথাপি  গড়গঞা লিপি ,কাইথেলী লিপি আৰু বামুণীয়া লিপিৰ শ্ৰেণী বিভাজন বিজ্ঞানসন্মত বুলি ক'ব নোৱাৰি।ই মাথোন তিনিটা বিভিন্ন লিখনভংগীহে।কিয়নো সকলো মানুহৰেই হাতৰ আখৰ সামান্য হ'লেও বেলেগ বেলেগ হোৱা দেখা যায়।গতিকে লিপিসমূহৰ ৰূপ লেখক ভেদে বিভিন্ন হোৱাটো স্বাভাৱিক।তথাপি প্ৰাচীন অসমীয়া লিপিৰ শৈলীক এই তিনিটা ভাগ কৰিব পাৰি।
     হেমচন্দ্ৰ গোস্বামীদেৱেও তেওঁ‌ৰ পুথি  descriptive catalogue of Assamese Manusricpts নামৰ পুথিখনটো পুৰণি অসমীয়া লিপিক এই তিনিটা ভাগতেই ভাগ কৰিছে।গতিকে গোস্বামীদেৱৰ পদপথকেই অনুকৰণ কৰি   প্ৰাচীন অসমীয়া লিপিৰ শৈলী বুলি ক'লে ওপৰোক্ত আলোচনাত দিয়া গড়গঞা ,কাইথেলী আৰু বামুণীয়া -এই তিনিটা শৈলীৰ কথাই ক'ব লাগিব।
   গতিকেই অসমীয়া প্ৰাচীন লিপিৰ শৈলীগত দিশ সম্পৰ্কে এয়াই এক থূলমূল বিশ্লেষণ।