ক'ভিড,শিকন ঘাটি আৰু শিশু

দুলুমনি কলিতা সহকাৰী শিক্ষয়িত্ৰী,হাজো
dulimonikaloita

 

বিগত দুটা বছৰত আটাইতকৈ জনপ্ৰিয় শব্দটো হৈছে কৰ’ণা বা ক’ভিড ১৯। বিশ্বৰ সকলো দেশতে বহুলভাৱে চৰ্চিত এটা শব্দ যিয়ে সমগ্ৰ বিশ্বতে এক আলোড়নৰ সৃষ্টি কৰিছিল। কৰোণাই আমাৰ সকলোৰে জীৱনলৈ বিভিন্ন পৰিৱৰ্তন ঘটালে। সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, শৈক্ষিক আদি সকলো দিশতে এক গভীৰ সাচ বহুৱাই যোৱাৰ লগতে  অপুৰণীয় ক্ষতি সাধন কৰিলে।
শৈক্ষিক ক্ষেত্ৰখনত   কৰোণাই এক বিস্তৰ ক্ষতি সাধন কৰিলে। ইয়াৰ প্ৰভাৱ ছাত্ৰ ছাত্ৰীৰ জীৱনত বাৰুকৈয়ে দেখিবলৈ পোৱা গল। ছাত্ৰ ছাত্ৰীৰ হাতত মোবাইল ফোন তুলি দিবলৈ অভিভাৱক বাধ্য হৈ পৰিল। ক্ষতিকাৰক বুলি জানিও আমি ইয়াৰ পৰা নিজৰ সন্তানক বিৰত কৰিব নোৱাৰিলো। ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ক্ষেত্ৰখনত কিছু ঘাটি হ'ল যদিও ঘাটি পুৰণত সম্পূৰ্ণ চেষ্টাৰ লগতে সতৰ্ক দৃষ্টি ৰাখিছিল। চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে এই ক্ষেত্ৰত বহুত পৰিমাণে পিছ পৰা দেখা গ'ল। উপযুক্ত মোবাইল ফোন, ইণ্টাৰনেট সংযোগ আদি সমস্যাৰ বাবে বহুতো ছাত্ৰ-ছাত্ৰী অনলাইন শ্ৰেণীৰ পৰা বহুত পৰিমাণে বিৰত হৈ ৰোৱা পৰিলক্ষিত হৈছিল। পিতৃ মাতৃৰ  আৰ্থিক অনাটনৰ মাজত ছাত্ৰ ছাত্ৰীৰ সঠিক পৰিবেশ পোৱাত অসুবিধা হৈছিল। যিটো পৰিয়ালত দুবেলা দুমুঠি খোৱাৰ চিন্তা সেই পৰিয়ালত উপযুক্ত মোবাইল এটা যোগান পোৱাটো সপোনৰ অগোচৰ। এনেকৈ চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীৰ মাজতো দুটা ভাগৰ সৃষ্টি হল,, অনলাইন শিক্ষণৰ সুবিধা লাভ কৰা সকল আৰু বিৰত সকল।
বিদ্যালয়ত পাঠদান আৰম্ভ হোৱাৰ লগে লগে ছাত্ৰ ছাত্ৰীৰ মাজত আগ্ৰহ আৰু উৎসাহবোৰো  ম্লান পৰা দেখা গৈছে। শিক্ষণীয় বিষয়বোৰ চৰ্চাৰ অভাৱত পাহৰণিৰ গৰ্ভত  সোমাই  যোৱাত  সিহঁতে শ্ৰেণীত সহপাঠী সকলৰ লজ্জাবোধৰ সন্মুখীন হব লগা হৈছে। শিক্ষকৰ ককৰ্থনা,আত্মগ্লানি আৰু হতাশাগ্ৰস্ততাই বহু পৰিমাণে সিহঁতক মানসিক কষ্ট দিছে। নিম্ন শ্ৰেণীৰ বহুত শিশুৱে স্বৰবৰ্ণ, ব্যঞ্জনবৰ্ণ, সংখ্যাৰ ধাৰণাবোৰ বহু পৰিমাণে পাহৰি গৈছে। নিজৰ ঘৰত চৰ্চাৰ অভাৱত দুবছৰৰ ভিতৰত বহুতো ছাত্ৰ-ছাত্ৰী কিতাপৰ লগত জড়িত প্ৰায় নোহোৱা হৈ যোৱা পৰিলক্ষিত হৈছে। পিতৃ মাতৃৰ নিৰক্ষৰতা, অনীহা, কন্যা সন্তানৰ বাবে অৱহেলিত ব্যৱহাৰ আজিও এই সমস্যাৰ অন্যতম প্ৰধান কাৰণ।
বিদ্যালয়ত নিয়মীয়াকৈ পাঠদান আৰম্ভ কৰাত বৰ্তমান শিক্ষকসকলে সন্মুখীন হোৱা অন্যতম প্ৰধান সমস্যা হৈছে বিদ্যালয়ত অনিয়মিত উপস্থিতি। পিছপৰা অঞ্চলত ইয়াৰ প্ৰভাৱ সুস্পষ্ট। বিভিন্ন বিদ্যালয়ত মাত্ৰ বিশ শতাংশ ছাত্ৰ ছাত্ৰীহে নিয়মীয়াকৈ উপস্থিত হোৱা দেখা গৈছে।  তাৰোপৰি বিদ্যালয়ত সিহঁতে কেৱল ইউনিফৰ্ম, মধ্যহ্ন ভোজনৰ ওপৰত অধিক আকৰ্ষিত কৰে।  বহুত কন্যা সন্তানক বিবাহৰ উপযুক্ত সময়ৰ আগতেই বিবাহ পাশত আবদ্ধ কৰাইছে। ল'ৰা সন্তানৰ বেলিকা বিদ্যালয় যোৱাৰ সলনি অৰ্থ উপাৰ্জনৰ বাবে আগ্ৰহী হোৱা দেখা গৈছে।
বৰ্তমান সময়ত শিক্ষকৰ ভুমিকা অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। শিক্ষক কেৱল শিক্ষাদান কাৰ্যতে সীমাবদ্ধ নহৈ সিহঁতৰ অভিৰোচন সৃষ্টিকাৰী  হে হৈ পৰিছে। কাৰণ কভিডসৃষ্ট পৰিবেশৰ পিছত বহুত ছাত্ৰ ছাত্ৰীৰ জীৱনত বহুতো পৰিৱৰ্তন ঘটিল। পিতৃ মাতৃৰ বিয়োগৰ পৰা আৰম্ভ কৰি বহুত সমস্যাই আৱৰি আছে শিক্ষাৰ হেঙাৰ হিচাপে।          
গতিকে সমুহীয়াভাৱে শিক্ষক, কতৃপক্ষও অভিভাৱকৰ তত্বাৱধানত বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ সৃষ্টি কৰিব লাগিব আৰু ইয়াৰ প্ৰধান দায়িত্ব শিক্ষক সমাজৰ কাৰ্যদক্ষতা আৰু কৰ্মস্পৃহাৰ ওপৰত।