হাতৰ আখৰৰ প্ৰয়োজনীয়তা : এটা উপলব্ধি

ৰবীন পাঠক অৱসৰী বেংক বিষয়া। বংশৰ। কামৰূপ। দূৰভাষ- ৮৮১১০৬০২৮৪
Rabin Pathak

এজন অবোধ শিশু, এখিলা কাগজ। নীলা চিয়াঁহীৰ সৰু নিবযুক্ত এটা কলম। এটা বলপেন। এডাল জোঙা কাঠ পেঞ্চিল। এডাল ৰাবাৰ । একোছা ৰঙীন পেঞ্চিল । সৃষ্টি হয় কেতবোৰ আঁক-বাক। ৰূপ লয় ছবিৰ, আখৰৰ। ক,আ,ক,খ ; ১,২,৩,৪ ; a,b,c,d । প্ৰতিফলিত হয় মনৰ কথা আখৰ বা লিখাৰ মাধ্যমেৰে । সেইদৰে ৰঙীন কেনভাচত তুলিকাৰ স্পৰ্শত খোদিত হয় হৃদয়ৰ পৰিভাষা, কল্পনাৰ ডেউকালগা ছবি। মন উৰা মাৰে সাতুৰঙী ৰামধেনুৰ দেশলৈ, দিগন্ত সীপাৰলৈ ।

এটা সুগঢ়ি চেহেৰাৰ গৰাকীহোৱা বা এটা সুকন্ঠ অধিকাৰী হোৱা এজন ব্যক্তিৰ অন্যতম ভৃষণ। ঠিক তেনেদৰে এজন সুনিপুণ খনিকৰ, চাৰু-কলা শিল্পী, সংগীতকাৰ, খেলুৱৈ বা আনকি ভাল আখৰৰ গৰাকী হোৱাও এক বিশেষ অৰ্হতা বুলিবই পাৰি যাৰ আজিও সমাজত সুকীয়া কদৰ বা আসন। এই গুণসমূহ কিছুমান ভগবান প্ৰদত্ত অৰ্থাৎ জন্মতে লগত লৈ অহা, কিছুমান পূৰ্ব পুৰুষৰ পৰা আৰ্জিলোৱা । কিছুমান আকৌ অভিভাৱক-অভিভাৱিকা, শিক্ষক শিক্ষয়িত্রী বা প্ৰশিক্ষকৰ অনুশাসন বা নিৰ্দেশনাৰ ওপৰত সম্পূৰ্ণ আৰোপিত । ইয়াৰোপৰি শিকোতাজনৰ নিত্যান্তই থাকিব লাগিব একাগ্ৰতা, অধ্যৱসায় আৰু কঠোৰ অনুশীলনৰ মানসিকতা ।

এই বিনন্দীয়া পৃথিবীখনৰ শতসহস্ৰজনে লিখিব পাৰে, পঢ়িব পাৰে আৰু বেছি ভাগেই একাধিক ভাষাত। মন কৰিবলগীয়া যে এই লিখনি বিলাক আৰু প্ৰধানকৈ আখৰবিলাক প্ৰত্যেকৰে বেলেগ বেলেগ। কম্পিউটাৰত বিভিন্নধৰণৰ ফন্ট থাকে। মানৱসৃষ্ট এই আখৰবোৰো যেন কেতবোৰ ভিন্ন ফন্টৰ সমাহাৰ মাথো। এজনৰ আখৰ সাধাৰনতে আনজনৰ লগত নিমিলে। আনকি এহাল যমজ সন্তানৰ মাজত বহু সাদৃশ্য থাকিলেও আখৰৰ ক্ষেত্ৰত এই মিল নাথাকিবও পাৰে যেনেদৰে মিল নাথাকে লক্ষাধিক মানুহৰ মাজত এজনৰো একক আঙুলিৰ চাঁপ। কম্পিউটাৰ, ম'বাইল বা ডিজিটেল পৃথিৱীখনৰ দিনটো হাতৰ আখৰৰ প্ৰাসংগিকতা একেবাৰে নুই কৰিব নোৱাৰি। এতিয়াও সৰহভাগ কামত আখৰৰ প্ৰয়োগ হৈ আহিছে আৰু থাকিব।প্ৰাৰম্ভিক পৰ্যায়ত বিদ্যালয়লৈ যোৱা প্ৰতিজন ছাত্র-ছাত্রীৰ ভূমিকা এই ক্ষেত্ৰত প্ৰথম আৰু প্ৰধান। আখৰেই আদিপাঠ। আখৰৰ লগতেই চকুৰ প্ৰথম চিনাকি, মনৰ প্ৰথম পৰিচয়।আঙুলিৰ কোমল পৰশত সেই চিনাকিবোৰে প্ৰাণপায় উঠে। ৰূপ লয় স্থায়িত্বৰ। অবোধ শৈক্ষিক জীৱন যাত্ৰাৰ প্ৰথমটো খোজ।

ৰেষ্টোৰাত খাবলৈ বহা গ্ৰাহকৰ পৰা ৱেটাৰজনে খোৱাৰ অৰ্ডাৰ লৈছে এটা সৰু নোটপেডত। কবি এজনে কল্পনাৰ পৃথিবীখনৰ পৰা থপিয়াই অনা অৰ্থবহ শব্দবোৰ যোৰাদি গৈছে ক্ষুদ্ৰ কলমটোৰেই। ব্যৱসায়ীজনে আয়-ব্যয়ৰ খছৰাখন নিজ হাতেৰেই সামৰিছে। এইয়া মাত্ৰ উদাহৰণহে। স্মৃতিয়ে ঢুকি পোৱা অনেক কথাই লিপিবদ্ধ ৰূপত থকা বাবেই মানৱ সভ্যতা আজি আহি এই পৰ্যায় পাইছেগৈ। জীৱশ্ৰেষ্ঠ মানুহৰ আজিৰ সভ্যতা, কলা, সাহিত্য-সংস্কৃতি, বিজ্ঞান নিশ্চয় এদিনৰ সৃষ্টি নহয়। সাঁচিপাতত কেহৰাজ চিয়াঁহী আৰু চৰাইৰ পাখিৰে লিখা বৰ্ণবিলাক আজিও শিলৰ বুকুত খোদিত ভাস্কৰ্য্যৰ দৰে জিলিকি আছে আৰু থাকিব যিবিলাকে যুগে যুগে বহন কৰি আহিছে ধৰ্ম, অৰ্থ, ৰাজতন্ত্ৰ, সমাজতন্ত্ৰৰ কালজয়ী অনুভূতি, মাৰ্গ ।

সাধাৰণতে এজন শিশু বিদ্যালয়লৈ যাবলৈ আৰম্ভ কৰাৰ লগে লগে পোনটে তাৰ আখৰৰ লগত পৰিচয় ঘটে। প্ৰথমতে ডাঙৰ আখৰ, পিছলৈ সৰু আখৰ। প্ৰথমতে পোনকৈ অঁকা আঁকডাল পিছলৈ বেকা, ধেনুভিৰীয়া, পাকঘুৰণীখোৱা আৰু পিছলৈ সি জটিল আখৰৰ ৰূপ দিব পৰা হয় সহজতে। অনুকৰণশীল মনটোৱে কবনোৱাৰাকৈয়ে সকলো যেন আয়ত্ব কৰিব পৰা হৈ পৰে। সময় আগবঢ়াৰ লগে লগে সি অৱগাহন কৰিবলৈ ধৰে জ্ঞানৰ গভীৰতালৈ। পিচে সাগৰৰ পানী যিমানেই সুগভীৰ নহওঁক কিয় তাৰ আৰম্ভণি কিন্তু নৈ বা নিজৰাৰ পৰা প্ৰৱাহিত হোৱা টোপ টোপ জলাধাৰৰ সমষ্টিহে।

আখৰবিলাক হ'ল কেতবোৰ শৃংখলিত চিহ্ন বা আঁকবাঁকৰ সমষ্টি মাথো। এইবিলাক সৰ্বজন স্বীকৃত আৰু গ্ৰহণযোগ্য। প্ৰাথমিক প্ৰৰ্যায়ত এই আখৰ বিলাকৰ লগত পৰিচয় কৰি দিয়াৰ দায়িত্ব প্ৰধানতঃ শিক্ষক বা শিক্ষয়িত্রী সকলৰ। সেয়ে আখৰ শিকোৱা শিক্ষক-শিক্ষয়িত্রী সকল ভাল আখৰৰ গৰাকী হোৱা নিত্যান্তই প্ৰয়োজনীয়। সেইদৰে তেওঁলোকৰ শুদ্ধ আৰু স্পষ্ট উচ্চাৰণৰ ওপৰত দখল থকাতোও সমানে বাঞ্চনীয়।

বিদাৰ্থীসকলৰ লিখনিসমূহ শুদ্ধ হোৱাৰ লগতে পৰিপাটি আৰু চকুত লগা আখৰৰে সমৃদ্ধ হ'লে লিখনিটোৰ সৌন্দৰ্য্য অনেকগুণে বৃদ্ধি কৰে। মূল্যৱান সোণ বা হীৰাৰে নিৰ্মিত এপদ অলংকাৰ সোণত সুৱগা তেতিয়াহে হ'ব যেতিয়া তাৰ ডিজাইন, পৰিমাপ, পলিছ আদি সমানে পৰিমাৰ্জিত হ'ব। স্বৰূপাৰ্থত ই তেতিয়াহে ৰূপ ল'ব উৎকৃষ্ট অলংকাৰৰ। সেইদৰে আকৰ্ষণীয় পেকেজিং বা ইয়াৰ আকৰ্ষণীয় লেভেলিং আদিয়ে কোনো বস্তু এটাৰ সামগ্ৰিক মূল্যত (value addition) প্ৰভূত ভূমিকা পালন কৰে।

ভাল আখৰৰ গৰাকী হোৱা ছাত্র-ছাত্রী সকলে সততে পৰীক্ষকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থ হয়।লিখনিবিলাক পৰিপাটি, মাৰ্জিত আৰু চিত্ৰসমৃদ্ধ হ'লে নিৰীক্ষকৰ পৰীক্ষাৰ্থীজনৰ ওপৰত মৰম ওপজে আৰু অলপ নম্বৰ হ'লেও আজুৰি আনিবলৈ সমৰ্থ হয়। ইয়াৰোপৰি তেওঁ বিভিন্ন ক্ষেত্ৰত সৃজনশীল লিখনিৰ প্ৰতি প্ৰবোদ্ধ হয়। উদ্বেলিত মনটোক নতুন সৃষ্টিয়ে হাতবাউল দি মাতে। ফলত আত্মবিশ্বাস আৰু প্ৰত্যয় বাঢ়ে । উজ্জীৱিত শিক্ষাৰ মাধ্যমেৰে তেওঁ শিক্ষা জীৱনৰ প্ৰায়বোৰ ডেওনা অনায়াসে অতিক্ৰম কৰি জীৱন যুদ্ধত ইস্পিতফল লাভ কৰিবলৈ সক্ষম হয়।

সাধাৰণতে দেখা শিক্ষানুষ্ঠান এখনৰ প্ৰাচীৰ পত্ৰিকাখন অনুষ্ঠানটোৰ উজ্জীৱনৰ দাপোনস্বৰূপ। সেয়ে পত্ৰিকাখন এনেকুৱা এজন ছাত্ৰ বা ছাত্ৰীক লিখিবলৈ দিয়া হয় যাৰ আখৰ সাধাৰনতে ধুনীয়া। কলাত্মক দিশত তেওঁ বিশেষ পাৰদৰ্শী।সেইটোৱে তেওঁৰ স্বকীয়তা বা ব্যপুত্তি। সেই সাধাৰণ কামটোৰ বাবে তেওঁ হৈ পৰে হেৰোৱা, ফকাছদ।

ব্যক্তিত্ব বিকাশৰ ক্ষেত্ৰখনটো ভাল আখৰৰ গৰাকীসকলৰ সুযোগ আহে। তেওঁলোক অনেক গুণীজ্ঞানী ব্যক্তিৰ লগত পৰিচয় হ'বলৈ সুযোগ পায়। কৰ্মৰ পথাৰখনত সহযোগীৰ সংখ্যা বাঢ়ে। নিজৰ লগতে উপকৃত হয় বৌদ্ধিক সমাজ। নবীন আৰু প্ৰবীনৰ সংযোগ ঘটে।

ভাল আখৰৰ অধিকাৰীসকলে কৰ্ম সংস্থান পোৱাটো সহজ হয় আৰু বিশেষকৈ বিদ্যায়তনিক ক্ষেত্ৰখনত। আনহাতে বহু অনুষ্ঠান প্ৰতিষ্ঠানত বৰ্ণ- বিশ্লেষকৰো প্ৰয়োজন হয়। এই ছাত্র ছাত্রী সকলে অনেকেই পৰৱৰ্ত্তী সময়ত স্থাপত্যবিদ্যাৰ পাঠ্যক্ৰমলৈ আকৰ্ষিত হোৱা দেখা যায় । এইক্ষেত্ৰত সৌন্দৰ্য্যপিয়াসী ছাত্র ছাত্রী সকলে কল্পনাৰ ডেউকাৰে নিত্য নতুন সৃষ্টিৰ উন্মেষ ঘটাই পৃথিবীখনক আৰু নতুন ৰূপত সঁজাবলৈ প্ৰয়াস কৰে। তেওঁলোকে সহজতে কৃতকাৰ্য হয়।

ভাল আখৰ লিখিব পৰাটো নিশ্চয় জটিল প্ৰক্ৰিয়া নহয়। আজিকালি বজাৰত আখৰ শিকিবপৰা অনেক সহজ, সুলভ আৰু আকৰ্ষণীয় অনুশীলনৰ সামগ্ৰী কিনিব পোৱা যায় । কোমলমতী ছাত্র ছাত্রীসকলক আৰম্ভণিতে আখৰ দেখুৱাবলৈ প্ৰয়োজন হয় মাথো এগৰাকী সুনিপুণ শিক্ষক বা অভিভাৱকৰ।তেওঁ কেৱল আখৰ শিকালেই নহ'ব। ইয়াৰ বাবে লাগিব এটা শুদ্ধ দিশ নিৰ্দেশনা আৰু অনুপ্ৰেৰণা। উদাহৰণস্বৰূপে আৰৱী বা ফাৰ্চী আখৰ বাওঁফালৰ পৰা সোঁফাললৈ লিখা হয় যিটো আন মাধ্যমৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। ছাত্রী-ছাত্রী সকলৰ কোমল হাতবিলাক পূৰঠ হৈ উঠাৰ আগতেই প্ৰয়োজনসাপেক্ষে ভুলখিনি শুধৰাই বা পোনাই দিব লাগিব। তাৰবাবে শিকোৱাজনৰো লাগিব কঠোৰ অনুশীলন, ধৈৰ্য্য আৰু সহিষ্ণুতা।

বিশৃংখল আখৰে অনেক সময়ত কেতবোৰ অনাকাংখিত আহুকালৰ সৃষ্টিও কৰে। উদাহৰণস্বৰূপে ঔষধ বিক্ৰেতাসকলৰ ওচৰলৈ গ'লেই তেওঁলোকে সততে সন্মুখীন হোৱা তিক্ততাপূৰ্ণ অভিজ্ঞতাৰ উমান পোৱা যায়। ৰোগীসকলেও অসুবিধাৰ সমুখীন নোহোৱাকৈ নাথাকে বিশেষকৈ চিকিৎসকজনৰ অপাঠেয় সূচীখন নিৰীক্ষণ কৰি। ঠিক তেনেদৰে বাক্যত ব্যৱহৃত হোৱা দাড়ি, কমা, উৰ্ধকমা বা আন আন ব্যৱহাৰিক চিহ্নবোৰ সঠিকভাবে ব্যৱহাৰ নকৰিলে বাক্য এটাৰ ভাবাৰ্থও আনকি সলনি হৈ যাব পাৰে। ঘটিবপাৰে অৰ্থবিভ্ৰাট, অবাঞ্ছিত লটিঘটি। আগৰ দিনৰ চিঠি পত্ৰৰ বহুল প্ৰচাৰৰ সময়ছোৱাত বগুলিঠেঙীয়া আখৰ দেখি নেহাঁহিবা মোক বা অপাঠেয় পত্ৰৰ বাবে ক্ষমা বিচাৰি পত্ৰ লেখক লেখিকাই সততে লিখা বাক্যষাৰ জেষ্ঠ সকলৰ চাগে এতিয়াও ৰিণিকি ৰিণিকি মনত আছে।

সেয়ে আখৰৰ লগত কেৱল চিনাকি হ'লই নহ'ব - ই হ'ব লাগিব সকলোৰে সহায়কাৰী আৰু উপাদেয়। জাতিৰ পিতা মহাত্মা গান্ধীয়ে সেয়ে হাতৰ আখৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি কৈ থৈ গৈছে - ভাল আখৰ অবিহনে শিক্ষা কেতিয়াও সম্পূৰ্ণ হ'ব নোৱাৰে আৰু ভাল আখৰৰ অধিকাৰী হ'লেহে প্ৰকৃত শিক্ষা সম্পূৰ্ণ হ'ব।