যুক্তাক্ষৰ শিক্ষণৰ জঁট আৰু সমাধান, খণ্ড - ২

প্ৰাণেশ্বৰ গোস্বামী জ্যেষ্ঠ প্ৰৱক্তা, ডায়েট কামৰূপ, মিৰ্জা
paneswar goswamai

 

যোৱা সংখ্যাৰ পৰা -
চ-বৰ্গৰ বৰ্ণৰ লগত 'ম্' যুক্ত হ'লে 'ম্' টো 'ঞ' লৈ ৰূপান্তৰ হয়। কাৰণ চ- বৰ্গৰ শেষৰ নাসিকা বৰ্ণ 'ঞ'। উদাহৰণবোৰ চালেই বুজিব পাৰিব। আমি গাণিতিক ধাৰণাৰে উপস্থাপন কৰিছোঁ।
চ- বৰ্গক লৈ :-


অ+ম্+চ+ল    
অ+ঞ্+চ+ল    
অ+ঞ্চ+ল  
=অঞ্চল 

বা+ম্+ছা
বা+ঞ্+ছা
বা+ঞ্ছা
= বাঞ্ছা

আ+ম্+জা  
আ+ঞ্+জা
আ+ঞ্জা
= আঞ্জা        

জ+ম্+ঝা+ট
জ+ঞ্+ঝা+ট
জ+ঞ্ঝা+ট
=জঞ্ঝাট  

একাধিক উদাহৰণ চাওক-
চ-বৰ্ণক লৈ --------চঞ্চল, চঞ্চূ, কিঞ্চিৎ, পাঞ্চালী, সঞ্চয়।
ছ-বৰ্ণক লৈ--------- কাঞ্ছা, বাঞ্ছা, বাঞ্ছিত, বাঞ্ছনীয়, লাঞ্ছনা, লাঞ্ছিত।
জ-বৰ্ণক লৈ ---------- মঞ্জৰী, মঞ্জু, ৰঞ্জন, নিৰঞ্জন, সঞ্জীৱনী।
ঝ-বৰ্ণক লৈ ----------- একাধিক শব্দ পোৱা নাই। পূৰ্বৰ উদাহৰণটোৱেই  সম্প্ৰতি অবগত হৈছে। পাঠকসকলে ইয়াৰ অধিক উদাহৰণ পালে উল্লেখ কৰিলে সুখী হ'ম।
ক্ৰমশঃ অহা সংখ্যালৈ------

|