প্ৰাক-প্ৰাথমিক স্তৰৰ শিশুৰ শিকন ক্ষমতাৰ বিকাশ

উত্তম চন্দ্ৰ দাস বৰবাকা ট্ৰাইবেল এম. ই. স্কুল

একেটা পৰিবেশৰ পৰা বেলেগ-বেলেগ শিশুৱে শিক্ষা গ্ৰহণ কৰাৰ ক্ষমতা বেলেগ-বেলেগ হোৱা আমি দেখিবলৈ পাওঁ। কাৰণ শিকনৰ ধৰণ শিশুভেদে বেলেগ-বেলেগ হয়। যেনে- কিছুমান শিশুৱে দেখি অনুসৰণ কৰে, কিছুমান শিশুৱে শুনি, কিছুমানে ব্যৱহাৰিক ক্ৰিয়া-কলাপৰ যোগেদি শিকি ভাল পায়। পাঠভেদে খাপ খোৱা শিকন শৈলীৰ তাগিদাত শ্ৰেণীকোঠাত সকলো ছাত্ৰ-ছাত্ৰীৰ শিকন ধৰণ বজাই ৰখাত শিক্ষকৰ কেতিয়াবা অসুবিধা হ’ব পাৰে। ফলত কিছুমান ছাত্ৰ-ছাত্ৰীয়ে নিজৰ লগত খাপ খোৱা শিকন ধৰণৰ পৰা বঞ্চিত হ’ব লগাত পৰে। এনে ক্ষেত্ৰত সকলো ছাত্ৰ-ছাত্ৰীয়ে বিষয়বস্তুৰ ধাৰণা সমভাবে ল’ব নোৱাৰিবও পাৰে। গতিকে শিশুটিৰ শিকন ক্ষমতা কম বুলি কোৱাৰ আগতে ঘটনাটো বিচাৰ কৰি চোৱা প্ৰয়োজন। দ্বিতীয়তে, শ্ৰেণীকোঠাত শিক্ষকৰ বাক্যৰ গাঁঠনিৰ লগত সকলোবোৰ শিশু সমভাৱে পৰিচিত হয় নে নহয় এইটোও এটা কাৰক। কাৰণ পাঠভিত্তিক ধাৰণা এটা দিবলৈ যাওঁতে বাক্যৰ আৰু শব্দৰ প্ৰয়োগ সঠিক নহ’লে শিশুৰ লগত যোগাযোগ সম্পূৰ্ণ নহ’ব। ফলত শিকন ফলাফলসমূহ সমভাবে আহৰণ নহ’বও পাৰে। তৃতীয়তে, শিশুসকলৰ ঘাৰুৱা পৰিবেশো ইয়াৰ এটা কাৰক হ’ব পাৰে। ইংলেন্ডৰ মানচেষ্টাৰ চহৰৰ গৱেষক-লিখক জোৱান তাও নামৰ শিক্ষকজনে লক্ষ্য কৰিছিল যে একে বয়সৰ শিশুসকলৰ ভাষাৰ ব্যৱহাৰৰ ধৰণ বেলেগ-বেলেগ আৰু ভাষা বুজি পোৱাৰ ক্ষমতাও ভিন্ন। ইয়াৰ কাৰণ অধ্যয়ন কৰি দেখা পালে যে যিবোৰ শিশুৰ অভিভাৱক উচ্চ শিক্ষিত আৰু সেই অনুসৰি বৃত্তিমূলক কামত নিযুক্ত, তেওঁলোকৰ ভাষাৰ ব্যৱহাৰ আৰু বুজি পোৱাৰ ক্ষমতা নিম্নশিক্ষিত সকলতকৈ বেছি। আনুষ্ঠানিক শিক্ষা আৰু বৃত্তিমূলক  কামৰ ভিন্নতাই ভাষাৰ ব্যৱহাৰত প্ৰভাৱ পেলায়। ভাষা হৈছে স্কুলীয়া শিক্ষা গ্ৰহণৰ অন্যতম ভেটি। গতিকে অভিভাৱকে শিশুটিৰ লগত বেছিভাগ সময় কি কথা পাতে, কেনেদৰে পাতে সেয়া গুৰুত্বপূৰ্ণ। অভিভাৱকে শিশুসকলৰ লগত কথা পতাৰ উদ্দেশ্যবোৰৰ ভিতৰত আছে –(ক) নিয়ন্ত্ৰণ কৰিবলৈ নিৰ্দেশনা দিয়া যেনে- সেইটো কৰা, তালৈ নাযাবা ইত্যাদি । (খ) শিশুটিৰ চাৰিওফালে কি ঘটি আছে , কিয় ঘটি আছে, সেই বিষয়ে জনোৱা বা বিভিন্ন বস্তুৰ লগত পৰিচয় কৰাই দিয়া ইত্যাদি। ভাষাৰ বিকাশ আৰু চিন্তাৰ বিকাশ পৰিপূৰকভাৱে সৰ্পিল গতিত আগুৱাই আমি সকলোৱে জানো যে ভাষাৰ বিকাশত শব্দভাণ্ডাৰৰ গুৰুত্ব অপৰিসীম। শব্দ হৈছে এটা ধাৰণা। অভিভাৱক হিছাপে ২৪ ঘন্টাৰ ভিতৰত কিমান সময় শিশুটিৰ লগত কথা পতা হয় , শিশুটিৰ বাবে নতুন কি-কি বস্তুৰ নাম চিনাকি কৰি দিয়া হয়, কি-কি নতুন বিষয়ৰ ধাৰণা দিয়া হয় সেইটৱেই শব্দৰ ভঁৰাল টনকিয়াল কৰাৰ লগতে শিশুটিৰ আভ্যন্তৰীন মানসিক পৰিকাঠামো (Inner frame of reference) নিৰ্মাণত এক গুৰুত্বপূৰ্ণ ভুমিকা লয়। এই পৰিকাঠামো শিশুৰ শিকন সক্ষমতাৰ সমানুপাতিক।
শিক্ষকৰ আচৰণত প্ৰতিফলিত হোৱা মূল্যবোধ (Values) শিশুৰ শিকন সক্ষমতাৰ কাৰক। আমি সকলোৱে জানো যে বিদ্যালয়ত শিক্ষকে দেখুওৱা প্ৰতিটো আচৰণেই পাঠ্যক্ৰমৰ অংশবিশেষ। লগতে প্ৰাক-প্ৰাথমিক স্তৰতেই সামগ্ৰিক বিকাশৰ ভেটি তৈয়াৰ হয় এই কথাও আমি জানো।। গতিকে সামগ্ৰিক বিকাশৰ বাবে প্ৰয়োজনীয় উপাদানবোৰ প্ৰাতিফলিত হয় বা হোৱা উচিত শ্ৰেণীকোঠাত বা শ্ৰেণীকোঠাৰ বাহিৰত শিক্ষকৰ আচৰণত। কাৰণ শিক্ষকৰ আচৰণৰ পৰাই ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিত্ব গঠণৰ বাবে প্ৰয়োজনীয় সংলক্ষণবোৰ অণুসৰণ কৰে। গতিকে প্ৰাক-প্ৰাথমিক স্তৰত শিশুৱে প্ৰত্যক্ষভাৱে শিক্ষকৰ পৰা মূল্যবোধৰ শিক্ষা গ্ৰহণ কৰে। ইয়াৰ উপৰি শিশুসকলৰ শিকন সক্ষমতাত শিক্ষকৰ মূল্যবোধৰ প্ৰভাবৰ অন্য এটা দিশ আছে। ইয়াৰ বাবে এটা উদাহৰণ লোৱা যাওঁক -  বিদ্যালয়ত কেইটিমান শিশুৱে আজৰি সময়ত কেঁচু আৰু মাটিৰ সৈতে ওমলি থকা দেখি শিক্ষকজনে শিশুহতক তৎক্ষণাত তাৰ পৰা আঁতৰি আহি হয়তো হাত ধুবলৈ ক’ব। শিক্ষকজনে পৰিষ্কাৰ-পৰিচ্চন্নতাত গুৰুত্ব দিয়া দেখা গৈছে যদিও ইয়াত আন এটা দিশ আওকান কৰা হৈছে। মাটি আৰু কেঁচু খেতিয়কৰ বন্ধু। শিশুসকলে খেলি থকা সময়তে শিক্ষকজন তেওঁলোকৰ ওচৰলৈ গৈ কেঁচুৰ শাৰীৰিক গঠনৰ বিষয়ে দেখুৱাই দি ইয়াৰ উপযোগিতাৰ বিষয়ে বৰ্ণনা কৰিব পাৰিলেহেঁতেন । তেতিয়া সেইকেইজন শিশুৱে কেঁচুৰ শাৰীৰিক গঠণ শিকাৰ লগতে খেতিয়কৰ বাবে কেঁচুৰ  উপযোগিতা বিষয়ে জানিব পাৰিলেহেঁতেন । আমি জানো যে শিশুৰ মনলৈ অহা আলেখ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি অগ্ৰজসকল বা শিক্ষকসকল যত্নপৰ হোৱা উচিত। কিন্তু এয়াই শেষ কথা নহয়। আমাৰ উত্তৰবোৰ হ’ব লাগে তাৰ পৰৱৰ্তী প্ৰশ্নৰ ভেটি। শিশুৰ অনুসন্ধিৎসুকতা জাগ্ৰত কৰিবলৈ শিক্ষক আৰু অভিভাৱক হ’ব লাগিব সুযোগ-সন্ধানী। অন্যথা আমাৰ কাৰ্যবোৰ হ’ব শিকন সক্ষমতাৰ বিকাশৰ পৰিপন্থী। যদিও কেঁচুৰ উদাহৰণৰ শিকনীয় দিশটো দেখাত প্ৰাক-প্ৰাথমিক পৰ্যায়ৰ বাবে নহয়, এইটোৱে শিশুৰ অনুসন্ধান কৰাৰ কৌশলৰ (skill of observation) বিকাশ কৰাৰ পথ নিৰ্মাণ কৰিলেহেঁতেন । এই অনুসন্ধান কৰাৰ কৌশল হৈছে জ্ঞান আহৰণৰ অমোঘ অস্ত্ৰ। শিক্ষকসকলৰ এনে আচৰণৰ ভিত্তি হৈছে প্ৰাক-প্ৰাথমিক স্তৰৰ বাবে উপযোগী শিকনীয় দিশ কি হ’ব তাৰ সুস্পষ্ট ধাৰণা আৰু শিক্ষকসকলৰ মাজৰ সুসংবদ্ধ পাৰিকল্পনা। প্ৰাক-প্ৰাথমিক পৰ্যায়ত শিক্ষাৰ উদ্দেশ্য সম্পৰ্কে এই প্ৰৱন্ধৰ শেষৰ ফালে উল্লেখ কৰা হৈছে।
শিশুৰ শিকন ক্ষমতাৰ বিকাশৰ অন্যম কাৰক হৈছে শিক্ষকৰ দৃষ্টিভংগী  (Attitude )। শিশুসকলৰ প্ৰাতি থকা তেওঁলোকৰ দৃষ্টিভংগীয়ে শিশুসকলৰ লগত তেওঁলোকৰ সম্পৰ্কৰ মধুৰতা নিৰ্ণয় কৰে। শ্ৰেণীকোঠাত শিশুসকলে যদি শিকি উত্ফুল্লিত হৈছে আমি বুজিব পাৰো যে শিশুসকলৰ শিকাৰ সম্ভাৱনা আছে। শিক্ষকৰ বাবেও এই অভিজ্ঞতা ৰোমাঞ্চকৰ প্ৰাপ্তিৰে ভৰপূৰ। কোনোবা এদিন শ্ৰেণীকোঠাৰ পৰা ওলাই যদি আমি শিক্ষকসকলে অনুভৱ কৰোযে, ‘আজি ক্লাচটো লৈ বৰ ভাল লাগিল দেই’। ইয়াৰ অৰ্থ হৈছে শিশুসকলৰো সমানে ভাল লাগিছে। মাহটোত এনে ক্লাচ কিমানটা হৈছে সেইটো হিচাপ কৰিলেই শিক্ষকসকলৰ স্বমূল্যায়ন হৈ যাৱ। মাহত এটা বা দুটা এনে ক্লাচ হ’লেও দিনলিপি লিখা অভ্যাস নথকা শিক্ষকজনৰো দিনলিপিৰ আকাৰত লিপিবদ্ধ কৰিবলৈ মন যাব। কেৱল শিকিব খোজা আৰু শিকাব খোজা শিক্ষকসকলৰ বাবেহে এনে অনুশীলন সম্ভৱ হ’ব। অৰ্থাৎ শিশুসকলৰ প্ৰতি বা নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি শিক্ষকৰ দৃষ্টিভংগী কি সেইটো নিসন্দেহে শিকন ক্ষমতাৰ বিকাশৰ কাৰক। কেতিয়াবা সামন্তবাদী ধ্যান-ধাৰণাৰে পুষ্ট শিক্ষকৰ শ্ৰেণীকোঠাৰ বাহিৰত বা ভিতৰত দেখুৱা আচৰণ বা কথাই শিশুসকলক এখোজ পিছলৈহে টানি ধৰে। যেনে- বিভিন্ন খেল-ধেমালি পৰিচালনা কৰাৰ সময়ত ফুটবল , ক্ৰিকেট বা তেনে অধিক শাৰীৰিক পৰিশ্ৰমৰ প্ৰয়োজন হোৱা খেলৰ বাবে সাধাৰণতে ল’ৰাৰ নাম আৰু কম শাৰীৰিক পৰিশ্ৰম প্ৰয়োজন হোৱা খেলত ছোৱালীৰ নাম নিৰ্বাচন কৰা দেখা যায়। এই কথাবোৰত মহিলাসকলৰ প্ৰটি থকা শিক্ষকৰ দৃষ্টিভংগী স্পষ্ট হয়। এই একেই দৃষ্টিভংগী শিশুসকলেও গ্ৰহণ কৰে। ফলত ছাত্ৰীসকলে নিজকে দুৰ্বল বুলি ভাবিবলৈ আৰম্ভ কৰে আৰু শিকন ক্ষমতাৰ বিকাশত যতি পৰে। ঠিক তেনেকৈ শ্ৰেণীকোঠাত শিক্ষকে দিয়া অনুশাসনমূলক বহু কথাই শিকন ক্ষমতাৰ বিকাশত বিৰূপ প্ৰভাৱ পেলোৱা দেখা যায়। যেনে- ‘শ্ৰেণীকোঠাত মনে-মনে থাকিবা’ , ‘স্কুললৈ ৰাস্তাৰে আহি থাকোঁতে কোনো ফালে নাচাবা , একো নুশুনিবা’ ইত্যাদি কথাবোৰে শিশুসকলক অনুসন্ধানমূলক কামত উত্সাহ প্ৰদান নকৰে। অনিবাৰ্যভাৱে ই শিকন ক্ষমতাৰ বিকাশৰ পৰিপন্থী।
শিক্ষকৰ পূৰ্বানুমান (Assumption) হৈছে শিকন ক্ষমতাৰ বিকাশৰ অন্য এটা কাৰক। শ্ৰেণীকোঠাত শিক্ষকে কিবা প্ৰশ্ন সুধিলে টপৰাই উত্তৰ দিয়া শিশুসকলক অধিক স্মাৰ্ট বা চোকা বুলি ভবাৰ বিপৰীতে শান্ত , কম কথা কোৱা শিশুসকলক স্মাৰ্ট নহয় বুলি পূৰ্বানুমান কৰি বিভিন্ন ধৰণে শিশুসকলক সম্বোধন কৰা হয় যেনে-গাধ, মূৰ্খ ইত্যাদি। কেতিয়াবা কোনোবা এজন শিশুৰ স্বভাৱসূলভ সংলক্ষণবোৰ কেনে হ’ব সেইটোৰ পূৰ্বানুমান কৰা হয় তেওঁৰ আগৰ শ্ৰেণীৰ ভায়েক বা ভনীয়েকজনী কেনে ধৰণৰ আছিল তাৰ ভিত্তিত। ঠিক তেনেদৰে আগৰ বেঞ্চত বহা বা পিছৰ বেঞ্চত বহা এনে বহু কথাৰ ওপৰত নিৰ্ভৰ কৰিয়ে শিশুসকলৰ ওপৰত নিৰ্ধাৰণ কৰা পূৰ্বানুমানৰ ভিত্তিত শিশুসকলক যি নিৰ্দেশনা দিয়া হয়, যেনেদৰে পৰিচালনা কৰা হয় বা যি ব্যৱহাৰ কৰা হয় এই সকলোবোৰে শিশুসকলক অভাৱনীয় ক্ষতি কৰে। যেনে-আগতে একে বিদ্যালয়ত পঢ়ি যোৱা দদায়েকজন পঢ়া-শুনাত অমনোযোগী আৰু দুষ্ট প্ৰকৃতিৰ বাবেই শিশুজনক ধমক দিয়া বা শাস্তিমূলক অনুশাসন আৰোপ কৰাৰ ফলত বিদ্যালয়ৰ প্ৰতি আৰু শিক্ষাগুৰুৰ প্ৰতি ভক্তিভাৱ আৰু সন্মানৰ বিপৰীতে বিদ্যালয়খনৰ প্ৰতি কাৰাগাৰৰ দৃষ্টিভংগীহে গ্ৰহণ কৰিব। ছাত্ৰ-ছাত্ৰীৰ এনে দৃষ্টিভংগী শিকন সক্ষমতাৰ বিকাশৰ পৰিপন্থী। গতিকে শিশুৰ ব্যক্তিপাৰ্থক্য অধ্যয়নৰ জৰিয়তে শিক্ষকৰ আচৰণ নিৰ্ধাৰণ কৰা উচিত।
দেখা গল যে শিশুৰ শিকন ক্ষমতাৰ বিকাশত শিক্ষকৰ মূল্যবোধ, দৃষ্টিভংগী আৰু পূৰ্বানুমানে বিশেষ ভুমিকা পালন কৰে আৰু ইয়াৰ প্ৰয়োগ কিমান সঠিক হব সেইটো নিৰ্ভৰ কৰে প্ৰাক-প্ৰাথমিক স্তৰত শিশুসকলক প্ৰকৃততে কি শিকোৱা উচিত সেই ধাৰণা কিমান বিজ্ঞানভিত্তিক হয় তাৰ ওপৰত। ‘প্ৰাক-প্ৰাথমিক স্তৰত আপনাৰ শিশুটিয়ে কি শিকাটো আপুনি বিচাৰে ?’ এজন অভিভাৱকক যদি এই প্ৰশ্নটো সোধা যায়, সাধাৰণতে ক’ব যে আজিকালিৰ প্ৰতিযোগিতাৰ যুগত বৰ্তি থাকিবলৈ শিশুক সৰুৰেপৰা উন্নত (Advance) কৰা প্ৰয়োজন। গতিকে লিখা পঢ়া আৰু সংখ্যাজ্ঞানত উন্নত হোৱা প্ৰয়োজন । অভিভাৱকৰ এনে আকাংক্ষা খুবেই স্বাভাৱিক, কিন্তু শিশুৰ বিকাশৰ বিজ্ঞানভিত্তিক পৰ্যায়বোৰক আওকাণ কৰি উন্নত হোৱাৰ সপোন দেখাটো অমূলক। আমাৰ চাৰিওফালে থকা ইংৰাজী মাধ্যমৰ বহু প্ৰাক-প্ৰাথমিক বিদ্যালয়ত তীব্ৰ অনুশাসন আৰু তাগিদাৰ সহায়ত শিশুসকলৰ পৰা যান্ত্ৰিকভাৱে পাৰদৰ্শিতা আদায় কৰা দেখা যায় যদিও শিশুৰ সৰ্বাত্মক বিকাশৰ তুলাচনীত সেই পাৰদৰ্শিতাৰ ভৰ কিমান সেইটো চাবলৈ অভিভাৱক কিমান সচেতন সেইটো চিন্তনীয়। যেনে- আবেগিক বিকাশৰ কথা যদি কওঁ শিশুসকলক আত্মকেন্দ্ৰিকতাৰ পৰা আঁতৰাই আনিব লাগিব। বয়স অনুসৰি পিছত জাতীয় চিন্তাৰ বিকাশ, দেশপ্ৰেমৰ বিকাশৰ বাবে এই আনুশীলন প্ৰাক-প্ৰাথমিক স্তৰতেই প্ৰয়োজন। কাৰণ দেশপ্ৰেমবিহীন মানব সম্পদ বিপদ্জনক। এইটো হৈছে আবেগিক বিকাশৰ অন্য এটা গুৰুত্ব্পূৰ্ণ দিশ। প্ৰাক-প্ৰাথমিক স্তৰতেই মাতৃ ভাষাৰ লগত হবলগীয়া কৰ্ষণ বন্ধ কৰি কেৱল বিদেশী ভাষাৰ হাত ধৰি গ্ৰহণ কৰা শিক্ষাই মাতৃভাষাৰ লগত হ’বলগীয়া আবেগিক সম্পৰ্কত কুঠাৰাঘাত নকৰিবনে ? গতিকে ইয়াৰ জৰিয়তে সুস্থ আবেগিক বিকাশ সম্ভৱনে ? গতিকে প্ৰাক-প্ৰাথমিক স্তৰত শিক্ষাৰ উদ্দেশ্য তথা ক্ৰিয়া-কলাপ নিৰ্ধাৰণ কৰোতে এনে দিশবোৰ বিবেচনালৈ অনাটো প্ৰয়োজনীয় । বহু আগশাৰীৰ প্ৰাক-প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন কৰি গম পোৱা গৈছে যে গণিতৰ ক্ষেত্ৰত স্থানীয় মান আৰু ইংৰাজীৰ ক্ষেত্ৰত বাক্যৰ গঠন পৰ্যন্ত পাঠ্যক্ৰমত উল্লেখ আছে। বহুতে আকৌ কঠন-পঠন আৰু লিখনেই এই পৰ্যায়ৰ শিকনীয় দিশ বুলি ভাৱে ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদ, নতুন দিল্লী (N.C.E.R.T.)য়ে কৈছে যে প্ৰাক-প্ৰাথমিক স্তৰত লিখন আৰু সংখ্যা জ্ঞানৰ নিয়ম ভিত্তিক প্ৰশিক্ষণৰ (formal training) প্ৰয়োজন নাই। কাৰণ পৰিপূৰ্ণ পঠনৰ বাবে যি চাক্ষুষ পৃথকীকৰণ কৌশল(Visual discrimination), শ্ৰৱণ পৃথকীকৰণ (Auditory discrimination) আদি কৌশলৰ প্ৰয়োজন সেই বিকাশ প্ৰাক-প্ৰাথমিক পৰ্যায়ত পূৰ্ণাঙ্গ হৈ নুঠে। ঠিক তেনেদৰে লিখনৰ বাবে যি স্থুল মাংসপেষীৰ বিকাশৰ প্ৰয়োজন সেয়াও সম্পূৰ্ণ নহয়। এই স্তৰত বৌদ্ধিক বিকাশ আৰু যৌক্তিক বিকাশৰ স্তৰবোৰো অতিশয় অপৈণত আৰু বিকাশশীল। সেয়েহে গণিতৰ ভিতৰ চ’ৰাত সোমাবলৈ শিশুসকল উপযোগী নহয়। বহুসময়ত পঢ়াৰ প্ৰতি বিৰাগ ভাৱহে আহিব পাৰে। কাৰণ শক্তিশালী আৰু পূৰঠ  নোহোৱাকৈ ৰাজহাড়ত বোজা দিলে ৰাজহাড় ভাগি যাব পাৰে। অৱশ্যে বহুতো ব্যক্তিগত খন্ডৰ বিদ্যালয়ে অভিভাৱকৰ হেঁচাত পৰিও অধিক বোজা দিবলৈ বাধ্য হয়। সেয়েহে এই পৰ্যায় হৈছে সৰ্বাত্মক বিকাশৰ বাবে প্ৰয়োজনীয় সকলোবোৰ দিশৰ প্ৰস্তুতিকৰণৰ পৰ্যায়। কাৰণ শিশুজনক শিকোৱাটো সম্ভৱ নহয়, যদিহে শিশুজনে শিকিবলৈ প্ৰস্তুত নহয়।–Readiness is essentially the state of receptiveness and ability to be receptive. A teacher cannot make the child learn until the child herself/himself is not ready to learn.(Little Steps, NCERT) পঠনৰ প্ৰস্তুতিকৰণৰ বাবে প্ৰয়োজানীয় কৌশলবোৰ হ’ল- চাক্ষুষ পৃথকীকৰণ , শ্ৰৱণ পৃথকীকৰণ, দৃশ্য - শ্ৰাব্য সংযোজন,( visual auditory association) ঠিক তেনেদৰে লিখনৰ প্ৰস্তুতিকৰণৰ বাবে প্ৰয়োজানীয় কৌশলবোৰৰ ভিতৰত আছে-সূক্ষ্ম মাংসপেশীৰ বিকাশ (Motor development), চকু-হাতৰ সংযোগ (hand-eye coordination), লিখন সঁজুলি ধৰিবলৈ শিকা  (primary stroke) , প্ৰাথমিক আখৰ চিনাকি (letter perception), প্ৰিন্ট আখৰৰ সৈতে চিনাকি(orientation to printed language) ইত্যাদি। ঠিক তেনেদৰে গণিতৰ বাবে প্ৰাক-গাণিতিক ধাৰণা (pre-mathematical concept) আৰু বৌদ্ধিক বিকাশ (cognitive development) যৌক্তিক চিন্তাধাৰাৰ বিকাশ (development of logical thinking) ইত্যাদি। এই সকলোবোৰৰ উপৰিও শিশুৰ শিকন ক্ষমতা বিকাশৰ বাবে দৈহিক বা শাৰিৰীক আৰু মানসিক দিশৰ সুস্থ আৰু সমন্বিত বিকাশো সমানেই প্ৰয়োজনীয়। যেনে - জনাৰ প্ৰতি আগ্ৰহ শিশুৰ এক স্বাভাৱিক সংলক্ষণ। কিন্তু এই আগ্ৰহ বৃদ্ধি কৰাৰো প্ৰয়োজন আছে। যেনেদৰে শিশুৰ সামাজিকীকৰণৰ(socialization) প্ৰয়োজন আছে, আত্মবল (self-esteem)ৰো প্ৰয়োজনীয়তা আছে। এই সকলোবোৰৰ বাবে যেনেদৰে প্ৰয়োজনীয় ক্ৰিয়া-কলাপেৰে সমৃদ্ধ হ’ব লাগে প্ৰাক-প্ৰাথমিক বিদ্যালয়ৰ পাঠ্যক্ৰম ঠিক তেনেদৰে সমৃদ্ধ হ’ব লাগে ঘৰৰ শিকন পৰিবেশ। প্ৰাক-প্ৰাথমিক শিক্ষাৰ এনে ভূমিকা সম্পৰ্কত ৰাইজৰ সচেতনতাৰ অভাৱ সততে পৰিলক্ষিত হয়। এই অভাৱৰ বাবেই আজিও সমাজখন হিংসামুক্ত, বিভেদমূক্ত কৰিব পৰা নাই। কিছুৱে ক’ব খোজে যে প্ৰাক-প্ৰাথমিক শিক্ষা নাপালেও কোনোবা গণিতৰ প্ৰফেচাৰ হৈছে, কোনোবা ডাক্তৰ হৈছে, গতিকে ইয়াৰ ইমান প্ৰয়োজন কি ? আমি ক’ব খোজো যে প্ৰাক-প্ৰাথমিক শিক্ষাৰ প্ৰকৃত পৰশ পালে গণিতৰ প্ৰফেচাৰজন হয়টো গণিতজ্ঞ (Mathematician) হ’লহেঁতেন। দৈনন্দিন জীৱনত আমি ভুগি থকা সমস্যাবোৰৰ বিজ্ঞানভিত্তিক স্থায়ী সমাধান হ’লহেঁতেন । ডাক্তৰজন হয়টো বিজ্ঞানী (Scientist) হ’লহেঁতেন লাখ-লাখ টকা খৰছ কৰিও জীৱন বচাব নোৱাৰি সৰ্বহাৰা কৰা বেমাৰবোৰ নুন্যতম খৰছত নিৰ্মূল কৰি আমাৰ সৰ্বোচ্চ ঘূৰাই দিলেহেঁতেন । নতুন শিক্ষানীতি ২০২০ এ প্ৰাক-প্ৰাথমিক শিক্ষাক প্ৰাথমিক শিক্ষাৰ আওঁতালৈ অনাৰ পিছত আমি অৱশ্যেই প্ৰগতিশীল ৰূপান্তৰৰ বাবে আশাবাদী ।
সহায়ক গ্ৰন্থ-
১/ Talking and Learning by Joan Tough
২/ Little Steps (NCERT)