সৰ্বাত্মক শিক্ষা আৰু বিশেষ প্ৰয়োজন সম্পন্ন শিক্ষা- ২

কৃষ্ণ কলিতা মণ্ডল কেন্দ্ৰ সমন্বয়ক, হাজো শিক্ষাখণ্ড

যোৱা সংখ্যাত বিশেষ প্ৰয়োজন সম্পন্ন শিশুৰ শিক্ষা বা সৰ্বাত্মক শিক্ষাৰ লক্ষ্য, উদ্দেশ্য, ইয়াৰ আইনী অধিকাৰ, এওঁলোকৰ প্ৰয়োজন আদি বিষয়ত আলোকপাত কৰিছিলোঁ। এই সংখ্যাত বাধাগ্ৰস্ততাৰ প্ৰকাৰ , ইয়াৰ কাৰণ আৰু ইয়াৰ লক্ষণ সমূহ আলোচনা কৰিম।

আমি সাধাৰণতে নানান প্ৰকাৰৰ বাধা বাধাগ্ৰস্ত বা বিশেষ ভাৱে সক্ষম ব্যক্তি দেখিবলৈ পাও। বাধা বাধাগ্ৰস্ততাৰ প্ৰকাৰ আৰু লক্ষণৰ ওপৰত ভিত্তি কৰি বাধাগ্ৰস্ততাক মুঠতে একৈশটা ভাগত ভাগ কৰা হৈছে। তলত বাধাগ্ৰস্ততাৰ ভাগবোৰৰ নামবোৰ দিয়া হ'ল।
১) মানসিক বাধাগ্ৰস্ততা       ২)অ’তিজিম            ৩) প'লিঅ'    ৪) মানসিক ৰোগ ৫) শ্ৰবন বাধা   ৬) কথন বাধাগ্ৰস্থতা    ৭) অল্পদৃষ্টি বাধাগ্ৰস্ততা       ৮) দৃষ্টি৯)চলন বাধাগ্ৰস্থতা     ১০) কুষ্ঠতা    ১১) বাওনা   বাধাগ্ৰস্ততা ১৩) মাংসপেশীৰ দুৰ্বলতা    ১৪) লিখন বাধাগ্ৰস্ততা        ১৫) বৌদ্ধিক বিকাৰ  ১৬)স্নায়ু ৰোগ ১৭) মাংসপেশীৰ জড়তা।   ১৮) ৰক্তস্ৰাব    ১৯)ৰক্তহীনতা    ২০) শক্তি হীনতা  ২১) হীমগ্লবিন হীনতা।   

 

ওপৰৰ চিত্ৰত আমি একৈশ প্ৰকাৰৰ বাধাগ্ৰস্ততা আৰু লক্ষণ সমূহ দেখিলোঁ। ইয়াৰ ভিতৰত বিশেষ প্ৰয়োজন সম্পন্ন শিশুৱে তলত দিয়া বাধাগ্ৰস্থতা কেইটা বেছিকৈ দেখিবলৈ পোৱা যায়। এইকেইটা হ'ল----
১) দৃষ্টি বাধাগ্ৰস্ততা ( চকুৰে নেদেখা বা কমকৈ দেখা)
২) শ্ৰৱণ বাধাগ্ৰস্ততা ( কাণেৰে নুশুনা বা কমকৈ শুনা)
৩) বাক বাধাগ্ৰস্ততা ( কথা কব নোৱাৰা)
৪) চলন ফুৰণ বাধাগ্ৰস্ততা ( খোজ কঢ়া, বহা বা চাইকেল আদি চলাব নোৱাৰা)
৫) মানসিক বাধাগ্ৰস্ততা ( ধীৰ বুদ্ধি বা কথা বুজি নোপোৱা বা কমকৈ বুজা। মানসিক বাধাগ্ৰস্থ কিন্তু মানসিক ৰোগী নহয়। পিছত বহলাই আলোচনা কৰা হ'ব।)
৬)শিকণ বাধাগ্ৰস্ততা ( কোনো বস্তু আয়ত্ত কৰিব নোৱাৰা )
৭) মগজুৰ পক্ষাঘাত ( মগজুৰ আঘাতৰ ফলত হোৱা অংগ অক্ষমতা)
৮)অতিজিম ( শিশুৰ সামাজিক মিলা মিছাত থকা সমস্যা।)

এই বাধাগ্ৰস্ততাবোৰ বিভিন্ন কাৰণত আৰু পৰিবেশত হ'ব পাৰে। আহক , আমি এই বাধাগ্ৰস্ততাৰ কাৰণবোৰ ফহিয়াই চাও।
১) বহু ক্ষেত্ৰত শিশুৰ বাধাগ্ৰস্ততাৰ কাৰণ বংশগত হোৱা দেখা যায়। অৰ্থাৎ পিতৃ মাতৃৰ পৰা বংশানুক্ৰমে, পিতৃ মাতৃৰ গাত থকা বাধাগ্ৰস্থতা তেওঁলোকৰ সন্তানলৈ বংশগত ভাবে আহে।এই ক্ষেত্ৰত কেতিয়াবা পিতৃ মাতৃৰ লগত বাধাগ্ৰস্তাৰ প্ৰকাৰ নিমিলাও দেখা যায়। পিতৃ মাতৃৰ দৈহিক স্বাস্থ্য আৰু আচৰণৰ প্ৰভাৱ তেওঁলোকৰ সন্তানৰ গাত বা আচৰণত দেখা যায়।
২) মাতৃ গৰ্ভত হোৱা নানান সমস্যাৰ বাবেও শিশু বাধাগ্ৰস্ত হোৱা দেখা যায়। বিশেষকৈ সন্তান সম্ভবা মাতৃ যদি নিচাসক্ত হয়। মদ , চিগাৰেট বা তেনে কোনো মাদক দ্ৰব্যৰ সেৱনে গৰ্ভাবস্হাতে সন্তানৰ ওপৰত প্ৰভাৱ পৰা দেখা যায়।
৩) সন্তান জন্মৰ সময়ত দেখা দিয়া বিসংগতি যেনে সময়ৰ বহু আগত বা সময়ৰ বহু পিছত হোৱা প্ৰসৱ, প্ৰসৱৰ সময়ত হোৱা বীজাণু সংক্ৰমণ ( Infection) , মগজুৰ আঘাত, জন্মৰ সময়ত শিশুক হোৱা অস্কিজেনৰ অভাৱ আদি কাৰণতো শিশু বাধাগ্ৰস্থ হোৱা দেখা যায়।
৪) সন্তান গৰ্ভত থাকোঁতে হোৱা পুষ্টিকাৰক আহাৰ, আইৰণৰ অভাৱ আদি কাৰকেও শিশুৰ সঠিক বিকাশত বাধা দিয়ে যাৰ ফলত শিশু বাধাগ্ৰস্ত হয়।
৫) জন্মৰ সময়ত মাতৃৰ উচ্চ ৰক্তচাপ, জন্মতে পোৱা আঘাত, অত্যাধিক ৰক্তক্ষৰণ, বীজাণু সংক্ৰমণ বা জন্মৰ পিছৰ পৰ্যায়ত পোৱা দৈহিক আঘাতৰ ফলতো শিশুৰ দৈহিক বা মানসিক বাধাগ্ৰস্ততা হোৱা দেখা যায়।
আমি , শিশু বাধাগ্ৰস্ত হোৱা কাৰণ কিছু জানিব পাৰিলো। এতিয়া সঠিক সময়ত এই বাধাগ্ৰস্ততা সমূহ চিনাক্ত কৰিব পাৰিলে আমি ইয়াৰ কিছুমান নিশ্চয় নিৰাময় কৰিব পাৰিম । সেয়েহে তলত শিশুৰ জন্মৰ সময়ত দেখা দিয়া বাধাগ্ৰস্থতাৰ মূল কিছু লক্ষণ আলোকপাত কৰিলোঁ। এই লক্ষণ সমূহ দেখা দিলে আমি সচেতন হৈ শিশুৰ চিকিৎসাৰ ব্যবস্থা ল'ব পাৰিম। এইবোৰ হ'ল---
১) মূৰ , চকু, কাণ, মুখ , ওঠ আদিৰ অসাধাৰণ অৱস্থা ।
২) হাত , ভৰিত ভাজ থকা বা বেকা হোৱা ।
৩) দুগ্ধ পাণত দেখা দিয়া সমস্যা ।
৪) মন্থৰ বিকাশ ।
৫) গাঁঠিত দেখা দিয়া জড়তা বা সমস্যা ।
৬) সঘণে বীজাণুৰ দ্বাৰা সংক্ৰামিত হোৱা ।
৭) মেৰুদণ্ড পোন নহ'লে ।
৮) কিডনী বা কলিজাত থকা বিসংগতি আদি।

ওপৰোক্ত লক্ষণসমূহ স্বাভাৱিক নহয়। সেয়ে এই লক্ষণবোৰ শিশু অবস্থাত দেখা দিলে আমি সতৰ্ক হৈ চিকিৎসাৰ ব্যবস্থা কৰিব লাগে। ওপৰৰ কিছুমান বাধাগ্ৰস্থতা ভাল নহয় কিন্তু উপযুক্ত যত্নৰ সহায়ত আমি ভুক্ত ভোগীক কিছু সকাহ দিব পাৰো।
( পৰবৰ্তী সংখ্যাত মানসিক বাধাগ্ৰস্থতা আৰু মানসিক ৰোগৰ পাৰ্থক্য, , এইক্ষেত্ৰত ল'বলগীয়া সাবধানতাৰ ওপৰত আলোকপাত কৰিম।

img11