গণিতত মূল্যবোধ

শ্ৰী বীৰেণ ভট্টাচাৰ্য প্ৰবক্তা, ডায়েট, কামৰূপ
biren bhattacharya

মানৱ জীৱনৰ শিশুকালটো এটা সোণালী সময় বুলি ধৰা হয়। পৃথিৱীৰ প্ৰতিটো শিশুয়েই পৱিত্ৰ। শিশুৰ হাঁহি-কান্দোন আৰু বিভিন্ন ক্ৰিয়াকলাপবোৰ পৃথিৱীৰ সকলো ঠাইতে একে। সময় বাগৰাৰ লগে লগে এই শিশুসকলে লাভ কৰা বিভিন্ন অভিজ্ঞতাৰ জৰিয়তে তেওঁলোকৰ মানসিক বিকাশ হয় আৰু তেনেধৰণৰ আচৰণ প্ৰতিফলিত হয়। প্ৰত্যেকজন অভিভাৱকে নিজৰ সন্তানৰ মানসিক উৎকৰ্ষ যাতে সঠিক দিশত বিকশিত হয় তাৰবাবে যত্নপৰ হোৱা দেশা যায়। এইখিনিতেই মানুহ হিচাপে ইতৰ প্ৰাণীতকৈ শ্ৰেষ্ঠ বুলি গৌৰৱ কৰাৰ সুযোগ পাওঁ।

জীৱশ্ৰেষ্ঠ প্ৰাণী হিচাপে আমি যিদৰে সমাজ পাতি বিভিন্ন নীতি নিয়মে শৃঙ্খলিত হিচাপে থাকিব বিচাৰো, ঠিক তেনেদৰে ভৱিষ্যতৰ এই শিশুসকলো সুনাগৰিক হিচাপে প্ৰতিষ্ঠা কৰাত সামাজিক দায়বদ্ধতা আছে। এই দায়বদ্ধতা সমাজে বিভিন্ন ধৰণে পালন কৰি আহিছে, তাৰে ভিতৰত শিক্ষকৰ দায়িত্বও অনন্য আৰু অতুলনীয়।

এইটো অনস্বীকাৰ্য যে শিক্ষকতা পেচাটো সকলো বৃত্তিতকৈ মহান আৰু পৱিত্ৰ। সেয়েহে আমি এজন শিক্ষক হিচাপে ইয়াৰ বাবে গৌৰৱবোধ কৰাটো অতি প্ৰয়োজন। কাৰণ আমি মানৱ সম্পদ গঢ়ো, গঢ়ো ডাক্তৰ, ইঞ্জিনিয়াৰ, বৈজ্ঞানিক, ব্যাৱসায়ী, ভাল শিক্ষক আৰু কত কি। কিন্তু তাৰ বাবে আমাৰ প্ৰয়োজন হয় নিজৰ বৃত্তিটোৰ ওপৰত শ্ৰদ্ধা, অধ্যৱসায় আৰু দায়বদ্ধতা।

বিদ্যালয়ত শিকোৱা অন্যান্য বিষয়ৰ দৰে, গণিত বিষয়টোও অতি দৰকাৰী আৰু আকৰ্ষণীয় বিষয়। যদিও গণিত এটা জটিল আৰু নিৰস বিষয় বুলি প্ৰচলিত ধাৰণা আছে, আমি শিক্ষক সকলেই এই ধাৰণাটো দূৰ কৰিব লাগিব। সেয়েহে শ্ৰেণীত গণিতৰ বিষয়বস্তুবোৰ উপস্থাপন কৰোতে দৈনন্দিন জীৱনৰ লগত খাপখোৱাই আলোচনা কৰা অতি প্ৰয়োজন যাতে শিকাৰুৱে ইয়াৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব ভালদৰে উপলব্ধি কৰিব পাৰে। এজন শিক্ষকে নিজৰ নিৰলস চিন্তা আৰু পৰিকল্পনাৰ জৰিয়তে বিষয়টো ছাত্ৰ-ছাত্ৰীৰ মাজত জনপ্ৰিয় কৰি তুলিব পাৰে, তাৰ বাবে লাগিব আন্তৰিকতা, অধ্যৱসায় আৰু কৰ্তব্যৰ প্ৰতি হেপাহ।

গণতন্ত্ৰত সংসদ, কাৰ্যপালিকা, ন্যায়পালিকা আৰু গণমাধ্যম যেনেদৰে চাৰিটা স্তম্ভ বুলি জনা যায়, ঠিক তেনেদৰে গণিতটো যোগ, বিয়োগ, পূৰণ আৰু হৰণ এই চাৰিটা মূল প্ৰক্ৰিয়াই গণিতৰ ছাত্ৰ-ছাত্ৰীক (আন কথাত ক'বলৈ গ'লে মানৱ সমাজক) গোটেই জীৱন পৰিচালিত কৰি থাকে। প্ৰাথমিক স্তৰতেই শিশুসকলক এই চাৰি মৌলিক প্ৰক্ৰিয়াৰ ধাৰণা সমূহ ভালদৰে প্ৰদান কৰিব পাৰিলে পৰৱৰ্ত্তী সময়ত গণিতৰ পথাৰখনত নিজে বাট বুলিবলৈ সুবিধা পায়। সেয়েহে ছাত্ৰ-ছাত্ৰীয়ে যাতে আনন্দ মনেৰে আৰু স্বাধীনভাৱে শ্ৰেণীত শিকিব পাৰে শিক্ষকে তাৰবাবে আগতীয়া প্ৰস্তুতি কৰাৰ উপৰিও মানসিক ভাৱে নিজকে সুসজ্জিত কৰি ৰাখিব লাগে।

গণিতে যাতে ছাত্ৰ-ছাত্ৰীক যুক্তিবাদী, সততা, ন্যায়, সমতা আদি গুণবোৰ বিকশিত কৰিব পাৰে, তাৰো ব্যৱস্থা বিষয়টোতে অৰ্ন্তনিহিত হৈ থাকে। সৰু উদাহৰণ এটা লোৱা যাওক, "বাৰটা চকলেট ছটা ছাত্ৰ-ছাত্ৰীৰ মাজত ভগাই দিব লাগে" এই সমস্যাটোৰ সমাধানৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক যুক্তিপূৰ্ণ চিন্তা, ন্যায়, সততা আৰু সমতা আদি গোটেই কেইটা কথা আমি দেখুৱাব পাৰো। এনেদৰেই গণিতৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ বয়স অনুসৰি উপৰোক্ত গুণসমূহ আমি বিকশাই তুলিব পাৰোঁ। একেদৰে কল্পনা শক্তি, ধৈৰ্য, নিয়মানুবৰ্তীতা, মিতব্যয়ীতা, ক্ষিপ্ৰতা, সহযোগীতা আদি গুণসমূহো বিকশাই তোলাৰ অপৰিসীম সুবিধা বিষয়টোত অৰ্ন্তনিহিত হৈ আছে – মাথো শিক্ষকৰ অলপ আন্তৰিকতাই তাক সাৰ্থক ৰূপ দিয়াত সাফল্য মণ্ডিত হয়।

গণিত এটা বিশ্বজনীন ভাষা। গণিতে ছাত্ৰ-ছাত্ৰীক বিজ্ঞানৰ জখলাত দোপতদোপে আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা আৰু শক্তি প্ৰদান কৰে। এটা গীত যিদৰে সুৰ তাল মানেৰে জনপ্ৰিয় কৰি তোলে, ঠিক তেনেদৰে এজন শিক্ষকৰ আকৰ্ষণীয় ব্যক্তিত্ব আৰু সফল পাঠদানে বিষয়টো আকৰ্ষণীয় কৰাৰ উপৰিও ছাত্ৰ-ছাত্ৰী সকলে পৰবৰ্তী পাঠদানলৈ অধিক হেপাহেৰে বাট চাই ৰয়।

"Mathematics is the language with which God has written the universe." --- Galileo Galilei