শিশুৰ বিকাশত মাতৃভাষাৰ প্ৰাসংগিতা

ৰূপালী হাজৰিকা বৰুৱা অৱসৰপ্ৰাপ্ত প্ৰৱক্তা, ডায়েট, ৯৪৫৪৮১১৮০৮

 

শিশুৰ বিকাশত মাতৃভাষাৰ প্ৰাসংগিতাৰ সন্দৰ্ভত বহু ধৰণে চিন্তা-ৰ্চচা হবলৈ লৈছে। কিয়নো বৰ্তমান সময়ত মাতৃভাষাৰ প্ৰতি সৰহ সংখক লোকৰে অনীহা ভাব দেখা গৈছে। অসমতে যেন মাতৃভাষা অসমীয়াই নিজৰ স্থান হেৰুৱাৰ উপক্ৰম হৈছে বুলি ভিন্ন সময়ত ভিন্নজনে মত প্ৰকাশ কৰিছে । সংকীৰ্ণ হৈ পৰা মাতৃভাষাৰ পৰিসৰে আমাৰ দৰে আটাইকে চিন্তা কৰিবলৈ বাধ্য কৰাইছে । সঁচাকৈয়ে শিশুৰ সকলো দিশৰ বিকাশত মাতৃভাষাৰ প্ৰাসংগিতা অথৱা প্ৰয়োজনীয়তা আছেনে ? এই বিষয়ে কিছু চিন্তা কৰিবলৈকে এই লেখনিৰ অৱতাৰণা ।

শিশুৰ জীৱনত মাতৃভাষাৰ প্ৰয়োজনীয়তা অথৱা প্ৰাসংগিতাক পৃথিৱীৰ কোনো দেশ বা দেশৰ মানুহে নুই নকৰে । শিশুৰ শাৰীৰিক বিকাশৰ বাবে যেনেদৰে পুষ্টিকৰ আহাৰ, চিকুণ, টোপনিৰ প্ৰয়োজন তেনেদৰে শিশুৰ মানসিক উত্তৰণৰ কাৰণে অথৱা বৌদ্ধিক, সাংস্কৃতিক, ভাষিক বিকাশৰ বাবে মাতৃভাষাৰ প্ৰয়োজন । অকল ইমানেই নহয় শিশুৰ জীৱনৰ প্ৰতি পদক্ষেপতে মাতৃভাষাৰ প্ৰয়োজনীয়তা অপৰিসীমা । “কেঁচুৱাৰ শাৰীৰিক বিকাশৰ বাবে মাতৃদুগ্ধৰ যিমান প্ৰয়োজন, মানুহৰ মানসিক বিকাশৰ বাবে মাতৃভাষাৰো সিমানে আৱশ্যক ।“ এয়া মই কোৱা কথা নহয় । এয়া জাতিৰ পিতা মহাত্মা গান্ধীয়ে মাতৃভাষা সৰ্ম্পকত কোৱা কথা । শিশু এটাই জন্মৰ পৰাই নিজেই ওচৰত মাকক পায় । সেয়েহে জীৱনৰ পাঠ সি মাকৰ পৰা আহৰণ কৰে । তেনে প্ৰসংগতে গান্ধজীয়ে আকৌ কৈছিল যে “শিশুৰ মানসিক বিকাশৰ বাবে মাতৃভাষাৰ লগত অইন কোনো এটা ভাষা জাপি দিয়াটো মাতৃভূমি বিৰোধী পাপ বুলি ভাবো ।“ আমি যদি ভাবো যে আমাৰ দেশত এতিয়াও গান্ধীজীৰ প্ৰাসংগিতা আছে তেনেহলে তেওঁ দিয়া মতামতৰো প্ৰাসংগিতা আছে ।

আমাৰ শিশুসকল আমাৰ দেশৰ সম্পদ । তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি দৃষ্টি ৰখাটো আমাৰে নহয় চৰকাৰৰো দায়িত্ব আছে । তেনে দায়িত্বৰ প্ৰতি দায়বদ্ধ হৈ চৰকাৰে শিশুৰ জন্মৰ ছমাহলৈকে মাতৃদুগ্ধ পাণ কৰাটোত গুৰুত্ব প্ৰদান কৰি “মাতৃদুগ্ধ পান দিৱস“ উদযাপন কৰি আহিছে । মাতৃদুগ্ধ পানে শিশু এটাক যেনেকৈ নিঃ ৰোগী কৰি ৰাখে তেনেদৰে মাতৃভাষাৰ অধ্যয়নে শিশু এটাক মানসিক, বৌদ্ধিক, সাংস্কৃতিক, ভাষিক ভাবে সৱল কৰি তোলে ।

প্ৰাথমিক স্তৰত শিশুক যদি মাতৃভাষাত শিক্ষা প্ৰদান কৰা হয় তেনেহলে শিশুৱে বিষয়ৰ পৰা বিষয়ান্তৰলৈ আগবাঢ়ি যাব পৰে অথৱা অন্যান্য বিষয়সমূহ সহজে আয়ত্ত কৰিব পাৰে । মাতৃদুগ্ধৰ দৰে মাতৃভাষাও পুষ্টিকৰ, স্বাস্থ্য ৰক্ষাকাৰী আৰু ভবিষ্যত নিৰ্ণয়কাৰী । সেয়েহে হয়তো গান্ধীজীয়ে মাতৃভাষাক মাতৃদুগ্ধৰ লগত তুনলা কৰি মাতৃভাষাৰ প্ৰয়োজনীয়তাক উপযুক্তভাৱে প্ৰতিষ্ঠা কৰি থৈ গৈছে । মাতৃভাষাৰ ইমান গুৰুত্বপুৰ্ণ অৱদান থকা স্বতেও আমি আমাৰ মৰমৰ হেঁপাহৰ ভাষাটোক এলাগী কৰি ৰং চাইছোঁ । ইংৰাজী মাধ্যমৰ আগ্ৰাসী দৃষ্টিভঙ্গীয়ে আমাৰ ভাষাটোলৈ শংকা নমাই আনিছোঁ আমি আমাৰ মাজত এনে একশ্ৰেণী মানুহ দেখা পাইছো যিয়ে সন্তানক অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়োৱাটো দূৰৈৰ কথা অসমীয়া মাধ্যমত পঢ়া সকলক বা পঢ়ি অহাসকলক বৰ হেয় দৃষ্টিৰে চায় । তেনেকুৱা উদাহৰণ আমাৰ হাতত বহুতো আছ । পৃথিৱীত একমাত্ৰ অসমীয়া জাতিয়েই নেকি যিয়ে অসমীয়া ভাষাত পঢ়াতো বা ইংৰাজী শব্দ নলগোৱাকৈ কথা কোৱাটোক গুৰুত্ব নিদিয়ে । আজি পৃথিৱীত যি কেইখন দেশ উন্নতিৰ শিখৰলৈ অগ্ৰসৰ হৈছে তেওঁলোকে কিন্তু ইংৰাজী শিক্ষা গ্ৰহণ কৰি গতি কৰা নাই, বৰং নিজা নিজা মাতৃভাষাক উচ্চস্থান দি প্ৰগতিৰ শিখৰত আৰোহণ কৰিছে । উদাহৰণ চীন,জাপান আৰু আন আন বহুতো দেশ ।

মাতৃভাষাৰ পুতৌজনক অৱস্থাৰ বাবে আমি আটায়ে সমানে দায়ী কিয়নো ইংৰাজী মাধ্যমত পঢ়া সকলে বহুত জানে বুলি আমি ভাবি লওঁ । তেওঁলোক স্মাৰ্ট, প্ৰগতিশীল, আগৰণুৱা বুলি আমাৰ সমাজত এটা ধাৰণাই ইতিমধ্যই খুপতি পুতি ধৰিছেই । জ্ঞানৰ বাটত আগবাঢ়িবলৈ হ’লে ভাষা বাধাৰ প্ৰাচীৰ হ’ব নালাগে । ভাষাই বাট দেখুৱাই, ভাষা গতিশীল । আমি আটায়ে জানো যে ইংৰাজী এটা বিষয় আনহাতে ই এটা মাধ্যমো, যাৰ সহায়ত ভিন্ন বিষয়ৰ জ্ঞান আহৰণ কৰিব পাৰি । কিন্তু এটা মাধ্যমত পঢ়িলেই বুলি তেওঁ সেই মাধ্যমৰ মানুহ হ’ব নোৱাৰে । তেওঁ বিষয় এটা আহৰোণহে কৰিছে । ইংৰাজী মাধ্যমত পঢ়িলেই বুলি তেওঁ ইংলিচ মেন নহয় । আমাৰ বহুতে সেই কথা পাহৰি নিজকে বৰ ইংলিচ মেন সজাবলৈ চেষ্টা কৰে । ভাষা এটা শিকাটো ভাল কথা । তাতোকৈ ভাল কথা জ্ঞান আহৰণ কৰা । কিন্তু তাকে কৰিবলৈ গৈ নিজৰ পৰিচয় দাঙি ধৰিব পৰা ভাষাটোক অৱহেলা কৰিব ই গ্ৰহণযোগ্য নহয় । আমাৰ চিৰচেনেহী ভাষাটোক আমাৰ মাজেৰে কিছুহে নিচাত্মিক মনোভাৱ লোৱাৰ কাৰণেই আমি বহুতো ক্ষেত্ৰত ভাষাটোৰ প্ৰচাৰ, প্ৰসাৰৰ ক্ষেত্ৰত বাধাৰ সম্মুখীন হৈছোঁ ।    
আমাৰ সমাজৰ এচাম শিক্ষিত, অশিক্ষিত, অৰ্ধশিক্ষিত অভিভাৱক সকলে অসমীয়া ভাষা বা মাধ্যমক লৈ এনেকুৱা মনোবৃত্তি দেখুৱাবলৈ চেষ্টা কৰে যেন তেনে মাধ্যমত পঢ়োৱাটোৱে অপৰাধ । এনে নীচাত্মিক মনোভাৱে অসমীয়া ভাষা তথা অসমীয়া মাধ্যমলৈ বিপদ নমাই আনিছে । অথচ অসমীয়া ভাষা বিকাশ তথা স্বায়ীত্ব প্ৰদানৰ অৰ্থে ৰসৰাজ বেজবৰুৱাৰ দেৱে সম্পূৰ্ণ এটা বঙালী পৰিবেশত থাকিও জীৱন উৎসৰ্গিত কৰিছিল । তেওঁলোকৰ আন্তৰিক প্ৰচেষ্ঠাৰ বাবে নানা সন্ধিক্ষণৰ মাজেদি আজিও ভাষাটো সজীৱ হৈ আছে ।
শিশুৰ সৰ্বাঙ্গীন বিকাশৰ প্ৰতি দৃষ্টি ৰখাটোৱে আমাৰ কৰ্তব্য আৰু দায়িত্ব । অৱশ্যে শিশুৰ এই বিকাশ একেসময়তে নহয় বৰং প্ৰৰ্যায় ক্ৰমে এই বিকাশ হয় । আমি সাধাৰণতে শিশুৰ বিকাশ বুলিলে শাৰীৰিক বিকাশৰ কথাহে ভাবো । কিন্তু শাৰীৰিক বিকাশৰ লগে লগে শিশুৰ জ্ঞান, বুদ্ধি, আবেগ, অনুভুতি, সৃজনশীলতা, চিন্তা-ভাৱনা আদিৰো বিকাশ হয়, সেই কথা আমি এবাৰো চিন্তা নকৰোঁ । বয়স বৃদ্ধিৰ লগে লগে শিশুৰ বিভিন্ন দিশৰ বিকাশৰ গতিটোৰো বিকাশ হয় । এই বিকাশিত গতিটোক অধিক তৰাম্বিত কৰে মাতৃ ভাষাৰ শিক্ষাদানে । মাতৃভাষাৰ জৰিয়তে এই ধাৰাটোক স্পষ্ট আৰু খৰটকীয়াকৈ আগবঢ়াই নিব পাৰি, অইনৰ ক্ষেত্ৰত তেনেদৰে আশা কৰিব নোৱাৰি বুলি ভাষাবিদ সকলে ক'ব খোজে । মাতৃভাষৰ জৰিয়তে শিশুৱে নিজৰ মনত উদ্যম হোৱা ভাৱ প্ৰকাশ কৰিব পৰাৰ উপৰিও সি তাৰ চাৰিওফালৰ পৰিৱেশৰ পৰা শব্দ আহোৰণ কৰি শব্দ ভাণ্ডাৰ পুৰ্ণ কৰিব পাৰে ।

        শিশুক মাতৃ ভাষাৰ জৰিয়তে এই কাৰণতে শিক্ষা দিব লাগে যাতে তেওঁলোকৰ ভাষা-সাহিত্যৰ, জাতিটোৰ সংস্কৃতি  প্ৰতি শ্ৰদ্ধা দায়বদ্ধতা থাকে । কাৰণ তেওঁলোকেই হ’ল আমাৰ ভবিষ্যত ধৰণী । এতিয়াৰ পৰা প্ৰতিজন অভিভাৱক অথবা পিতৃ-মাতৃয়ে শিশুটো যি মাধ্যমতে  নপঢ়ক একো অন্তত তাৰ সম-মগজুত নিজৰ ভাষা-সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা ভক্তি আনিব পৰাকৈ ঘৰতে হলেও অসমীয়া ভাষাৰ চৰ্চা অব্যাহত ৰাখিব লাগে । তেতিয়াহে তেওঁলোকে বুজি উঠিব যে সঁচাকৈয়ে আমাৰ নিজা ভাষা এটা আছে, সংস্কৃতি আছে, সাহিত্য আছে । আমাৰ অগ্ৰতাসকলে ভাষাটোক জীয়াই ৰাখিবলৈ কি কৰা নাছিল ? মহাপুৰুষ শংকৰদেৱৰ পৰা আৰম্ভ কৰি আনন্দৰাম ঢেকীয়াল ফুকনৰ পৰা বেজবৰুৱা আৰু বৰ্তমানলৈকে আটায়ে অশেষ কষ্ট স্বীকাৰ কৰি সুৰক্ষিত কৰা আমাৰ ভাষাটোক নৱ প্ৰজন্মই ৰক্ষণাবেক্ষণ দিব লাগিব । অৱশ্যে আমি স্বীকাৰ কৰিবই লাগিব যে আজিৰ প্ৰজন্মৰ বহুতে মাতৃভাষাত শিক্ষা গ্ৰহণ কৰি দেশে বিদেশে উজ্বলি উঠিছে । উতকৃষ্ট লিখলিৰে মাতৃভাষাৰ অস্তিত্বক জীপাল কৰিছে ।

        প্ৰাথমিক পৰ্য্যায়ৰ পৰা আমি যদি শিশুক নিজা ভাষাৰ যোগেদি শিক্ষা দিবলৈ চেষ্টা কৰোঁ তেনেহলে তেওঁলোকোৰ পৰা আমি ইতিবাচক সঁহাৰি পাবলৈ সক্ষম হ’ম । ভাষা নহলে যে জাতি এটা জীয়াই নাথাকে সেই বিষয়ে আমি নিজে সচেতন হোৱাৰ উপৰি তেওঁলোককো সজাগ কৰিব লাগিব । আজি অসমীয়া পুথিৰ সংখ্যা বাঢ়িলেও পাঠকৰ সংখ্যা আশানুৰূপ নহয় । যি চামৰ পঢ়াৰ প্ৰতি আগ্ৰহ আছে তেওঁলোক আকৌ অৰ্থনৈতিক ভাবে দুৰ্বল । ভাষা জীয়াই নাথাকিলেও লিখত, প্ৰকাশক আদিৰ অভাৱ ঘটিব । এই আটাইবোৰ সমাজৰ ভাষা শিক্ষনৰ লগত জড়িত । এই প্ৰসংগত তাহানিতে পঢ়া এটা পাঠলৈ আজি বৰকৈ মনত পৰিছে । পাঠটো হ’ল “মোৰ শেষ পাঠ ” পাঠটো যেতিয়া পঢ়িছিলোঁ তেতিয়া সিমান উপলদ্ধি কৰিব পৰা নাছিলোঁ যদিও মনৰ নিভৃত কোণত কিন্তু কথাবোৰ সজীৱ হৈ আছিল । সেই সময়ত ফৰাচী সকলৰ ওপৰত জাৰ্মান ভাষা জাপি দিয়াত ফৰাচী সকলৰ কেনে অনুভৱ হৈছিল তাকে পাঠটোত বৰ্ণনা দিয়া হৈছে । নিজৰ মুখৰ ভাষা ফৰাচী হেৰাই যোৱাৰ বেদনাত দগ্ধহৈ শেষবাৰলৈ ফৰাচী ভাষা এবাৰলৈও হ’লেও পঢ়িবলৈ আগ্ৰহী হৈ ডেকা-বুঢ়া মিলি গাঁওৰ লোক আহি স্কুলত উপস্থিত হৈছিলহি । সহজতে তেওঁলোকে মাতৃভাষাক হেয় কৰি তাক আহৰণ কৰাৰ কথা ভবাই নাছিল আৰু অৱশেষত জাৰ্মান ভাষাই ফৰাচী ভাষাৰ ঠাই আৱিস্কাৰ কৰাতহে তেওলোকৰ চেতনা আহিল । নিজৰ মুখৰ মাতষাৰ, নিজৰ দেশৰ পৰা বিতাড়ণ হোৱা কথাই তেওঁলোকক কিমান দুখ দিছিল পাঠটো পঢ়িলেহে অনুভৱ কৰিব পাৰি । গতিকে সময় থাকোঁতে আমি আমাৰ ভাষাটোক আহৰণ কৰি তাক জীয়াই ৰখাৰ স্বাৰ্থতে অহোপুৰুষাৰ্থ কৰোঁ আহক । চিৰসেউজী ভাষা জননীৰ সেৱা কৰি যাৱলৈ শিশু সকলক উতসাহিত কৰিবলৈ তেওঁলোকৰ হাতত তুলি দিয়ক আমাৰ অগ্ৰতা সকলৰ জীৱন গাঁথাও ভাষালৈ আগবঢ়োৱা অৱদানৰ বিস্তত বৰ্ণনা তেতিয়া তেওঁলোকেও ভাষাৰ সেৱা কৰি যাৱলৈ প্ৰেৰণা পাই ভাষাৰ সেৱাত নিমজ্জিত হ’ব  ।

শেষত শিশু সকলৰ ভাষা প্ৰেম জাগ্ৰত হওঁক অসমীয়া ভাষাই তেওঁলোকৰ যোগেদি জগত সভাত জিলিকি থাকক তাৰ কামনা কৰি লেখাটি সামৰিলোঁ ।