নতুন শিক্ষা নীতি -২০২০ আৰু আগতীয়া বাল্যকালৰ যতন আৰু শিক্ষা

ড॰ সোণমনি ৰয় গুৱাহাটী কলেজ
sunmoniroy

 

নতুন শিক্ষা নীতি ২০২০ ভাৰতবৰ্ষৰ শিক্ষা ইতিহাসৰ এক নৱতম সংযোজন৷ নতুন শিক্ষা নীতিয়ে ভাৰতবৰ্ষৰ শিক্ষা কেন্দ্ৰলৈ এক নতুনত্ব অনাৰ প্ৰত্যাশা সকলোৰে মনত জাগ্ৰত কৰিছে৷ ৩৪ বছৰীয়া পুৰণি নীতিক নতুনত্বৰে সজাই বহল দৃষ্টিভংগীৰে ন-ন বিষয় সংযোজনৰ প্ৰয়াস কৰা হৈছে৷ প্ৰচলিত শিক্ষাৰ পুনৰ নিৰ্মাণৰ যোগেদি সৰ্বভাৰতীয় শিক্ষাক বিশ্বমানৰ সমকক্ষ হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰা হৈছে৷ অসম চৰকাৰৰ ফালৰ পৰাও বৰ্তমান এই ব্যৱস্থা প্ৰয়োগৰ বাবে যো-যা কৰা দেখিবলৈ পোৱা হৈছে৷
এই আইনত আমি ভালেমান এনে বিষয় পাওঁ যিবোৰ বিতৰ্কৰ এতিয়াও উৰ্ধত নহয়৷ কিছুমানে এই আইনখনক এখন বৈপ্লৱিক পৰিৱৰ্তনকামী আইন হিচাপে বাখ্যা কৰিছে, আনহাতে আন বহুতে শিশুৰ অধিকাৰ উলংঘাকাৰী আইন হিচাপে বাখ্যা দিব বিচাৰিছে৷ পিছে যিয়েই নহওঁক আগতীয়া বাল্যকালৰ শিক্ষাৰ লগত জড়িত একাংশই এই আইনখনক স্বাগতম কৰিছে৷ কাৰণ আগতীয়া বাল্যকালৰ শিক্ষা আৰু যতন যাক আমি চমুকৈ ECCড্ৰ বুলি অভিহিত কৰো তাক যথেষ্ট গুৰুত্ব সহকাৰে ইয়াত প্ৰাধান্য দিয়া হৈছে৷
নতুন শিক্ষা নীতি ২০২০ য়ে কৈছে যে ৮৫ শতাংশ শিশুৰ মস্তিস্কৰ বিকাশ সম্পূৰ্ণ হয় ৬ বছৰ বয়সত৷ সেয়েহে সঠিক ভাৱে মস্তিস্কৰ বিকাশৰ বাবে শিশুৰ আগতীয়া বাল্যকালৰ পৰাই সঠিক উৎসৰ খোৰাক যোগোৱাটো প্ৰয়োজন৷ ইয়াৰ বাবে প্ৰতিগৰাকী শিশুৰ ECCড্ৰ বা আগতীয়া বাল্যকালৰ যতন আৰু শিক্ষা পোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা৷ ECCড্ৰ ৰ প্ৰধান উদ্দেশ্যই হৈছে শিশু সকলকজ্ঞ ানমূলক, অনুভুতিমূলক আৰু ক্ৰীড়ামূলক দিশসমূহৰ সঠিক বিকাশৰ জৰিয়তে শাৰিৰীক, মানসিক, সামাজিক, আবেগিক, নৈতিক, সাংস্কৃতিক আদি সৰ্বাগিন বিকাশত অৰিহনা যোগোৱা৷ ECCড্ৰ য়ে শিশুৰ ভাষাৰ বিকাশ, যোগাযোগৰ কৌশল, স্বাক্ষৰতা লাভৰ বাবে লিখিব, পঢ়িব আৰু সাধাৰণ গণনাৰ কৌশল সমূহ আয়ত্বকৰণত গুৰুত্ব দিয়ে৷
NCERT য়ে আগতীয়া বাল্যকালৰ যতন আৰু শিক্ষাৰ বাবে অতি সুন্দৰ পাঠ্যক্ৰম আৰু শিক্ষাদানৰ প্ৰণালী প্ৰস্তুত কৰি উলিয়াইছে৷ এই পাঠ্যক্ৰম শিশুৰ সৰ্বোত প্ৰকাৰৰ বিকাশৰ লগতে লিখিব, পঢ়িব আৰু গণনাৰ লগতে সামাজিক কৌশলসমূহ আয়ত্বকৰণৰ ওপৰত গুৰুত্ব দিছে৷ বিভিন্ন ধৰণৰ কলা, সাহিত্য, সাধু, কবিতা আৰু গীতৰ জৰিয়তে আমাৰ ভাৰতবৰ্ষৰ অতি চহকী সভ্যতা আৰু পৰম্পৰাৰ লগত চিনাকী কৰি দিবলৈ বিচৰা হৈছে৷ বিভিন্ন ধৰণৰ ক্ৰিয়াত্মক অনুশীলনৰ লগতে কৰ্মকেন্দ্ৰিক শিক্ষাৰ জৰিয়তে আনন্দমুখৰ পৰিবেশত শিক্ষা প্ৰদানৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে৷
নতুন শিক্ষা নীতি ২০২০ শিক্ষক প্ৰশিক্ষণৰ দিশটোতো গুৰুত্ব দিয়া হৈছে৷ অংগনবাড়ী কৰ্মীসকলৰ লগতে, প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক প্ৰশিক্ষণে আইনখনৰ সফলতা বহুলাংশে নিৰ্ভৰ কৰে৷ বিভিন্ন ধৰণৰ DTণ্ড্ৰ চেনেল বা স্মাৰ্টফোনৰ দ্বাৰাও প্ৰশিক্ষণৰ পৰামৰ্শ প্ৰদান কৰিছে৷
স্থানীয় শিক্ষকৰ নিযুক্তি বিশেষকৈ মহিলা শিক্ষকৰ নিযুক্তিৰ ওপৰত নতুন শিক্ষা নীতিয়ে বিশেষ গুৰুত্ব প্ৰদান কৰা দেখা যায়৷ বিশেষকৈ পিছপৰা আৰু যিবোৰ ঠাইত ছাত্ৰ-শিক্ষকৰ বৃহৎ অনুপাত আৰু অশিক্ষিতৰ হাৰ বেছি, সেইবোৰ ঠাইত এনে নিযুক্তি হব লাগে বুলি পৰামৰ্শ প্ৰদান কৰিছে৷
আগতীয়া বাল্যকালৰ যতন আৰু শিক্ষাৰ প্ৰশিক্ষক হিচাপে বহল অৰ্থত, ৰাজ্য চৰকাৰ সমূহে গুণসম্পন্ন ব্যক্তি বিশেষক লৈ বৃত্তিগত ভাৱে এটা দল গঠন কৰিব লাগিব৷ যত আইন প্ৰনেতা পৰা পিতৃ-মাতৃ, শিক্ষক, সমাজৰ লোক সকলোলৈ সামৰি লোৱা হব৷
ECCড্ৰ ৰ বাবে প্ৰয়োজনীয় পাঠ্যক্ৰম আৰু পদ্ধতিগত প্ৰণালী নিৰ্মাণৰ দায়িত্ব আইনখনে মানৱ সম্পদ উন্নয়ন মন্ত্ৰনালয়ক (MHRড্ড) অৰ্পন কৰিছে৷ যাতে প্ৰাক-প্ৰাথমিকৰ পৰা প্ৰাথমিক পৰ্যায়লৈ এক ধাৰাবাহিকতা বৰ্তাই ৰাখিব পাৰি৷ ইয়াৰ প্ৰয়োগত মানৱ সম্পদ উন্নয়ন মন্ত্ৰনালয় (WCD), স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগ (HFW) আৰু জনজাতি পৰিক্ৰমাৰ (TA) ৰ যৌথ প্ৰচেষ্টাৰ কথা আইনখনত উল্লেখ কৰা হৈছে৷
আমি যদি ভাৰতবৰ্ষৰ শিক্ষাৰ ইতিহাস চাও তেনেহলে দেখিবলৈ পাম কোঠাৰী কমিছনৰ পৰা শিক্ষাৰ অধিকাৰ আইন, ২০১৯ লৈ কোনো এখন আইনেই তিনিৰ পৰা ছয় বছৰ বয়সৰ শিশুসকলৰ শিক্ষাৰ মৌলিক অধিকাৰৰ কথা উল্লেখ কৰা নাই৷ তাৰ বিপৰীতে নুতন শিক্ষা নীতি ২০২০ ত প্ত বছৰীয়া আনুষ্ঠানিক প্ৰাথমিক শিক্ষাৰ কথা উল্লেখ কৰিছে যত তিনি বছৰ ECCড্ৰ আৰু বাকী দুবছৰ প্ৰাথমিক শিক্ষাৰ কথা উল্লেখ আছে৷ যদিও ইয়াত পাঠ্যক্ৰমকেন্দ্ৰিক পৰিৱৰ্তনেই প্ৰাধান্য পাব তথাপি অংগনবাড়ীকেন্দ্ৰ কেন্দ্ৰ সমূহৰ লগতে নিজাববীয়াকৈ থকা প্ৰাক-প্ৰাথমিক শিক্ষাৰ কেন্দ্ৰ সমূহক অধিক শক্তি প্ৰদান কৰা হব বুলি আমি আশা কৰিব পাৰো৷ ইয়াৰ বাবে নিশ্চিত ৰূপত লাগিব চৰকাৰৰ সঠিক আৰু পৰিকল্পিত মাপকাঠি৷ ইয়াত এইটোও পৰামৰ্শ দিয়া গৈছে যে যদি আগতীয়া বাল্যকালৰ শিক্ষা আৰু প্ৰথম আৰু দ্বিতীয় ে৷ ণীৰ পাঠ্যক্ৰমৰ মাজত ধাৰাবাহিকতা অব্যাহত ৰখা হয় তেতিয়াহে ইয়াৰ সফলতা আশা কৰিব পাৰি৷
এই পৰিৱৰ্তনকামী চিন্তাধাৰাই আগতীয়া বাল্যকালৰ শিক্ষাতে যদিও এক গভীৰ প্ৰভাৱ পেলাব কিন্তু ইয়াৰ সাৰ্থকতা বহুলাংশে সঠিক প্ৰয়োগিকতাত নিৰ্ভৰ কৰিব৷

Reference -
i)          http //www.educationworld.in/nep-২০২০-school-education-ecce-curriculum-and-pedagogy/amp/
ii)         http //idronline.org/nep-২০২০and-early-childhood-education/ amp