২০২১ চনৰ সাহিত্যৰ ন'বেল পুৰষ্কাৰেৰে পুৰস্কৃত আব্দুল ৰাজাক গুৰ্ণাহ

ৰবীন পাঠক অৱসৰী বেংক বিষয়া। বংশৰ। ফোন 8811060284
robin pathak

 

কিছুমান নিৰ্মোহ আৰু নিৰ্মম অভিজ্ঞতাই মানুহৰ সত্তাক মোহাৰি পেলায়। এই নিৰ্মোহ অভিজ্ঞতাক প্ৰত্যাহ্বান বুলি আখ্যা দিব পাৰি।পূব আফ্ৰিকাৰ উপকূলবৰ্তী দ্বীপ জাঞ্জিবাৰত ১৯৪৮ চনৰ ২০ ডিচেম্বৰত আব্দুল ৰাজাক গুৰ্ণাহৰ জন্ম হৈছিল। 'চালতানাত অৱ জাঞ্জিবৰ' বুলি পৰিচিত ঠাইখন পৰৱৰ্তী সময়ত টাঞ্জানীয়া নামেৰে জনাজাত হৈ পৰিল। জাঞ্জিবৰৰ ৰাজনীতি বৰ সুস্থীৰ নাছিল। তাত থকা মুছলমানসকলৰ ওপৰত চলিছিল নানান ৰক্তক্ষয়ী অত্যাচাৰ। গুৰ্ণাহ ডাঙৰ ককায়েকৰ লগত ইংলেণ্ডলৈ গুছি আহে। আৰম্ভ হয় শৰনাৰ্থীৰ তথাকথিত জীৱন। ইংলেণ্ডত থকা কালছোৱাত তেখেতে কেণ্টাৰবেৰী ক্ৰাইষ্ট বিশ্ববিদ্যালয় আৰু কেণ্টা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে। ১৯৮০ চনৰ পৰা ১৯৮৩ চনলৈ তেখেতে নাইজেৰিয়াৰ এখন বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল। ১৯৮৫ ৰ পৰা ২০২১ চনলৈ তেখেতে কেণ্ট বিশ্ববিদ্যালয়ত ইংৰাজী সাহিত্যৰ অধ্যাপক অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰে আৰু তাৰ পৰাই পৰৱৰ্ত্তী সময়ত অৱসৰ গ্ৰহণ কৰে। ইংৰাজী সাহিত্যৰ ওপৰত তেখেতৰ আছিল অগাধ দখল। গুৰ্ণাহ উত্তৰ-ঔপনিবেশীক সাহিত্যৰ এগৰাকী বিশেষজ্ঞৰূপেও জনাজাত হৈ পৰিছিল।
গুৰ্ণাহে প্ৰথমতে নিজৰ মাতৃভাষা স্বোৱাহিলি ভাষাত সাহিত্য ৰছনা কৰিছিল যদিও পিছলৈ তেখেতে ইংৰাজী সাহিত্যত মনোনিৱেশ কৰে। ১৯৮৭ চনত তেখেতৰ প্ৰথমখন উপন্যাস "মেমৰী অৱ ডিপাৰ্ছাৰ" প্ৰকাশ পায়। এৰি অহা দেশৰ স্মৃতি আৰু ভূমিচ্যুত মানুহৰ মৰ্মবেদনাক মূল বিষয়বস্তু হিচাপে লৈ তেখেতৰ লিখনি উপজীব্য কৰি তোলে য'ত তেখেতৰ জীৱনৰ লগত সংপৃক্ত কাহিনীৰ প্ৰত্যক্ষ সম্পৰ্ক জড়িত হৈ আছে। "পিলগ্ৰিমছ্ ওৱে" গুৰ্ণাহৰ পৰৱৰ্ত্তী উপন্যাস। আত্মপৰিচয়, স্মৃতি আৰু আত্মীয়তাৰ ধাৰণাসমূহক  নতুন দৃষ্টিৰে পৰিবেশিত হয় এই উপন্যাসখনত। "ডটি" এজনী কিশোৰীৰ জীৱনাধাৰিত আন এখন মৰ্মস্পৰ্শী উপন্যাস। প্ৰকাশ পায় ১৯৯০ চনত।
সন্মানীয় বুকাৰ আৰু হুইটব্ৰেড প্ৰাইজৰ বাবে নিৰ্বাচিত গুৰ্ণাহৰ চতুৰ্থ উপন্যাস "পেৰাডাইজ"। প্ৰকাশ ১৯৯৪ চনত। এই উপন্যাসখন প্ৰথম বিশ্বযুদ্ধৰ আগৰ পূব আফ্ৰিকাৰ পটভূমিত ৰছিত। প্ৰকৃতাৰ্থত এই উপন্যাসখনেই তেখেতৰ জীৱনৰ টাৰ্নিং পইণ্ট। "এডমায়াৰিং ছাইলেন্স"    উপন্যাসখনত তেখেতে এজন আফ্ৰিকান যুৱক ইংলেণ্ডলৈ পলায়ন কৰি অহাৰ পিছতো হতাশজৰ্জৰ হৈ স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰাৰ সৰস কাহিনীৰে সঁজাই তুলিছে। "বাই দি চি"  বুকাৰ প্ৰাইজৰ বাবে অন্তৰ্ভুক্ত হোৱা আন এখন বলিষ্ঠ উপন্যাস। "আফটাৰ  লাইফ্" আৰু "গ্ৰেভ হাৰ্টচ" তেখেতৰ উপন্যাসৰ কুকিত সংযোজিত হোৱা আন দুখন শেহতীয়া উপন্যাস।

গুৰ্ণাহৰ উপন্যাস বিলাকত বিশেষকৈ পূব আফ্ৰিকাৰ বহু নজনা আৰু অপ্ৰকাশিত দিশৰ মুক্ত প্ৰকাশ বুলি  ন'বেল সমিতিয়ে মত পোষণ কৰে। গুৰ্ণাহৰ লিখনিসমূহৰ আন এটা উপজীব্য ধাৰা আছিল যে তেখেতে কেতিয়াও উপন্যাস সমূহৰ মোখনি নামাৰিছিল। উপসংহাৰৰ বাবে তেওঁ পাঠকৰ হাততেই নিৰপেক্ষভাবে এৰি দিছিল শেষ সিদ্ধান্তত উপনিত হ'বৰ বাবে। গুৰ্ণাহেই হ'ল সম্পূৰ্ণ এটা দশকৰ অন্তত আফ্ৰিকাৰ প্ৰথম ন'বেলেৰে পুৰস্কৃত হোৱা ব্যক্তি। সেইদৰে গুৰ্ণাহেই হ'ল সুদীৰ্ঘ তিনি দশকৰ ব্যৱধানত প্ৰথম কৃষ্ণাংগ কৃতবিদ্য আফ্ৰিকান যাৰ শীৰত সুশোভিত হ'ল সাহিত্য সাগৰৰ অতি সন্মানীয় ন'বেল পুৰস্কাৰ ।