ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ আৰু গুৰুত্বপূৰ্ণ কেইটামান দিশ

দিগন্ত কুমাৰ বড়া স্নাতকোত্তৰ শিক্ষক [ভূগোল বিভাগ], ৰাজধৰ বড়া উচ্চতৰ মাধ্যমিক বিদ্যালয়,আজাৰা
digantabora

আমি শিক্ষক হিচাপে এটা কথা প্ৰায়েই লক্ষ্য কৰিছো যে, প্ৰথম পৰ্য্যায়ত যিমান পৰিমাণৰ ছাত্ৰ-ছাত্ৰী বিদ্যালয়ত নামভৰ্তি হয় বছৰটোৰ শেষত বা এটা স্তৰৰ শেষৰটো শ্ৰেণীলৈকে একে পৰিমাণৰ ছাত্ৰ-ছাত্ৰী নাথাকে৷ বেছিভাগ ছাত্ৰ-ছাত্ৰীয়েই বিদ্যালয় ত্যাগ কৰে৷ এই সমস্যা প্ৰাথমিক আৰু মাধ্যমিক দুয়োটা পৰ্য্যায়তে দেখা যায়৷ বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে প্ৰাথমিক পৰ্য্যায় শেষ কৰাৰ পিছতেই বিদ্যালয় ত্যাগ কৰে অৰ্থাৎ মাধ্যমিক পৰ্য্যায়ত নামভৰ্তিয়েই নকৰে৷ যি সময়ত শিক্ষাৰ সাৰ্বজনীন বিষয়টোত অধিক গুৰুত্ব দি অহা হৈছে সেই সময়তেই বিদ্যালয় ত্যাগ কৰা ঘটনাই শিক্ষাৰ সাৰ্বজনীনতাত ব্যাঘাত জন্মাইছে৷
        বিদ্যালয় শিক্ষাৰ এটা প্ৰধান লক্ষ্য হিচাপে বিদ্যালয়ত শিশুৰ নামভৰ্তি আৰু উপস্থিতি নিশ্চিতকৰণত সৰ্বশিক্ষা অভিযান আৰু শিক্ষাৰ অধিকাৰ আইনে ভাৰতীয় শিক্ষা ব্যৱস্থাত কিছুপৰিমাণে সফলতাৰ খোজ পেলাইছে৷ তথাপিও বিদ্যালয় ত্যাগ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা নোহোৱা কৰিব পৰা হোৱা নাই৷ ২০১৭-১৮ চনত  NSSO ৰ দ্বাৰা ঘৰে ঘৰে কৰা জৰীপ কাৰ্যত প্ৰকাশ পাইছে যে, ৬ ৰপৰা ১৭ বছৰ বয়সৰ বিদ্যালয় বৰ্হিৰ্ভুত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা  ৩.২২ কোটি৷ এই কথাও স্পষ্ট যে, বুজন সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে এতিয়াও বিদ্যালয় আধাতে ত্যাগ কৰে৷
        আমি যদি বিদ্যালয় ত্যাগ কৰা ছাত্ৰ-ছাত্ৰীসকলক সুক্ষ্মভাৱে পৰ্য্যবেক্ষণ কৰো তেতিয়া দেখিবলৈ পাওঁ যে, অধিক সংখ্যক ছাত্ৰ-ছাত্ৰীয়েই আৰ্থিক দৈন্যতাৰ বাবেই বিদ্যালয় ত্যাগ কৰে৷ এই আৰ্থিক দৈন্যতাই ছাত্ৰ-ছাত্ৰীসকলক কম বয়সতেই জীৱিকা  অৰ্জন কৰিবলৈ বাধ্য কৰায়৷ একেদৰে ছাত্ৰীসকলো কম বয়সতেই বিবাহ হ’বলৈ বাধ্য হয়৷ ইয়াৰ লগতে কিছু ছাত্ৰ-ছাত্ৰীয়ে ঘৰুৱা পৰিৱেশৰ তুলনাত বিদ্যালয়ৰ পৰিৱেশ আচহুৱা পায় ফলস্বৰূপে বিদ্যালয় ত্যাগ কৰাৰ প্ৰৱণতা গঢ় লয়৷ এই আটাইবোৰ সামৰি নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে সামগ্ৰিকভাৱে প্ৰচেষ্টা হাতত লোৱা দেখা গৈছে৷ বিদ্যালয় সমূহত সা-সুবিধা বৃদ্ধি কৰাৰ পণ লোৱা হৈছে, ছাত্ৰ-ছাত্ৰীৰ আবাস, সুৰক্ষিত যাতায়ত, চৰকাৰী বিদ্যালয় সমূহত প্ৰতিটো বিষয়ৰে প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক নিযুক্তি প্ৰদান কৰি শিক্ষাৰ গুণগত মান উন্নতকৰণ, বৃত্তিমুখী শিক্ষাক অগ্ৰাধিকাৰ, সৃজনীমূলক শিক্ষাৰ প্ৰসাৰ আদিত গুৰুত্ব প্ৰদান কৰা হ’ব৷
      বৰ্তমানে চলি থকা শৈক্ষিক স্তৰ পুনৰ্গঠন কৰি স্তৰ ৫+৩+৩+৪ কৰা হ’ব৷ লগতে ভিন্ন বিষয়ৰ সংযোগেৰে শিক্ষাৰ্থীক নিজ পচন্দৰ বিষয় নিৰ্বাচনত অগ্ৰাধিকাৰ দিয়া হ’ব৷ খেল, নৃত্য, গীত, চিত্ৰাংকণ আদি সকলোতে সমানেই অগ্ৰাধিকাৰ প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীক আকৰ্ষিত কৰাৰ পদক্ষেপ লোৱা হৈছে৷
     ভাষাৰ ব্যৱধানৰ বাবে যাতে শিক্ষাৰ্থীয়ে দুভোৰ্গ ভূগিবলগীয়া নহয় বা বিদ্যালয় ত্যাগ কৰাৰ প্ৰৱণতা গঢ় ল’ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ঘৰুৱা বা স্থানীয় ভাষাৰ শিক্ষকক বিদ্যালয়ত নিয়োগ কৰাৰ লগতে ঘৰুৱা ভাষাকেই অগ্ৰাধিকাৰ দিয়াৰ সিদ্ধান্ত লোৱা হৈছে৷ এই ব্যৱস্থাই শিশুৰ বোধশক্তি বিকাশৰ লগতে বিদ্যালয় ত্যাগ ৰোধ নিশ্চয় কৰিব পাৰিব৷
       পাঠ্যক্ৰমত সৃজনশীল প্ৰতিভা বিকাশৰ ব্যৱস্থা অন্তৰ্ভূক্তি, উদ্ভাৱনী শক্তিৰ বিকাশত গুৰুত্ব প্ৰদান কৰা হ’ব৷ লগতে পৰিৱেশ শিক্ষা আৰু স্থানীয় সমলৰ ওপৰত অধ্যয়নক গুৰুত্ব দিয়া হৈছে৷
      আমি দেখি আহিছো যে, বিদ্যালয় ত্যাগ কৰা কিছু ছাত্ৰ-ছাত্ৰী সস্তীয়া শ্ৰমিক হ’বলৈ আগ্ৰহী৷ যেনে - কাঠ মিস্ত্ৰী, মাটিৰ বাচন গঢ়া, বিদ্যুতৰ কাম-কাজ আদিৰ প্ৰতি আগ্ৰহী হৈ পৰে৷ তেওঁলোকৰ মনত এটা ধাৰণা হয, যিহেতু তেওঁলোকে ভৱিষ্যতে সেইসমূহ কামকেই জীৱিকা হিচাপে ল’ব সেয়ে তাৰ লগত সামঞ্জস্য নথকা বিষয়ত পঢ়ি-শুনি কি লাভ হ’ব? এই আটাইবোৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি নতুন শিক্ষা নীতিয়ে বৃত্তিমূলক শিক্ষা আৰু হাতৰ কামৰ পাঠ্যক্ৰমৰ অন্তৰ্ভূক্তি কৰোৱাইছে৷  ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে কাঠৰ মিস্ত্ৰী, বিদ্যুতৰ কাম, ধাতু-কৰ্ম, বাগিছা স্থাপন, মাটিৰ পাত্ৰ তৈয়াৰ কাৰ্য আদিৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ৰ জ্ঞান আয়ত্ব কৰাত সহায়ক হ’ব৷
         কিতাপ-বহীৰ অত্যাধিক হেঁচাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ মনত যাতে অস্থিৰতা নাহে তাৰ প্ৰতি লক্ষ্য ৰাখি কিতাপ বিহীন কালাংশৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ য’ত স্থানীয় পাৰদৰ্শী লোকৰ জৰিয়তে নানান বিষয়ৰ কৌশলী শিক্ষা প্ৰদান কৰা হ’ব৷ বিদ্যালয়ৰ বাহিৰৰ স্থান পৰিদৰ্শন, ঐতিহাসিক সমলৰ অধ্যয়ন, সংস্কৃতি, পৰ্যটন আদি বিষয়ক শিক্ষাৰ বাবে ভ্ৰমণৰ ব্যৱস্থাও ৰখা হৈছে৷
         ছাত্ৰ-ছাত্ৰীসকলক বিষয় নিৰ্বাচনৰ ক্ষেত্ৰত সম্পূৰ্ণ স্বাধীনতা প্ৰদানৰ দিহা কৰা হৈছে৷ বৰ্তমানে উচ্চতৰ মাধ্যমিক পৰ্য্যায়ত চলি থকা কলা, বিজ্ঞান, বাণিজ্য আদিৰ দৰে নিদ্দিৰ্ষ্ট ভাগৰ পৰিৰ্ৱতে সন্মোহিত বিষয় নিৰ্বাচন কৰাত সুবিধা প্ৰদান কৰা হ’ব৷
         পৰম্পৰাগত শিক্ষা ব্যৱস্থাত চলি অহা কাগজৰ কিতাপ-পত্ৰৰ লগে লগে আধুনিক তথ্য প্ৰযুক্তিৰ ব্যৱহাৰেৰে শিক্ষাত নতুনত্ব আনিবলৈ লোৱা হৈছে৷ যাৰ ফলত ই-কিতাপ, ই-সমল, বিভিন্নধৰণৰ ম’বাইল এপ’ৰ জৰিয়তে শিক্ষাক গুৰুত্ব প্ৰদান কৰা হৈছে৷ লগতে মুক্ত আৰু দূৰ শিক্ষাৰ জৰিয়তে বিদ্যালয় পৰ্য্যায়ৰে পৰা দূৰৰ্ৱত্তী শিক্ষাক ফলপ্ৰসূ কৰিবলৈ নতুন নতুন পাঠ্যক্ৰম অন্তৰ্ভূক্তিও কৰোৱা হ’ব৷
        ছাত্ৰ-ছাত্ৰীৰ মনৰ পৰা পৰীক্ষাৰ ভয় আঁতৰোৱাৰ লগতে সঠিক দক্ষতা নিৰ্বাচনৰ বাবে মুখস্থবিদ্যাৰ দ্বাৰা পৰীক্ষণৰ পৰিৰ্ৱতে নিয়মিত সৃজনমূলক বিকাশ পৰীক্ষণ হ’ব৷ ইয়াৰ জৰিয়তেও শিকণ পদ্ধতিৰ বিকাশ সাধন কৰিব পাৰিব৷ এনেধৰণৰ পদক্ষেপেৰে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে ২০৩০ চনৰ ভিতৰত সকলো ছাত্ৰ-ছাত্ৰীকে বিদ্যালয়ৰ পৰিৱেশলৈ ঘূৰাই অনাৰ লগতে বিদ্যালয় ত্যাগ কৰাৰ প্ৰৱণতা ৰোধ কৰি বিদ্যালয়ত ১০০ শতাংশ উপস্থিতিৰ লক্ষ্য ধাৰ্য কৰিছে৷  
       এই আটাইবোৰ দিশৰ জৰিয়তে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে প্ৰাচীন ভাৰতীয় শিক্ষা ব্যৱস্থাৰ মান অক্ষুন্ন ৰাখিবলৈ তৎপৰ হৈছে৷ যি শিক্ষা ব্যৱস্থাত আৰ্যভট্ট, বৰাহমিহিৰ, ভাস্কৰাচাৰ্য, পাণিনি, শংকৰদেৱ আদিৰ দৰে মহান পণ্ডিতৰ সৃষ্টিৰাজীৰে গৌৰৱান্বিত৷ য’ত তক্ষশীলা, নালন্দা আদিৰ দৰে বিশ্বমানৰ শিক্ষাৰ স্থলী বিদ্যমান সেই প্ৰাচীন জ্ঞানৰ ঐতিহ্য নিশ্চয়কৈ আজিৰ যুৱশক্তিয়ে বহন কৰিব লাগিব৷
       এই সমগ্ৰ প্ৰক্ৰিয়াৰ ধ্বজাবাহক হ’ব আজিৰ শিক্ষক সমাজ৷ সেই কথা উপলব্ধি কৰিয়েই নতুন শিক্ষানীতিয়ে সকলো পৰ্য্যায়তে শিক্ষক সমাজৰ গুৰুত্ব আৰু দায়িত্ব উল্লেখ কৰিছে আৰু এই শিক্ষকসকলেই প্ৰকৃতাৰ্থত উত্তৰসুৰী নাগৰিক নিৰ্মাণ কৰিব লাগিব৷ আশাকৰোঁ এই শিক্ষানীতিৰ সকলো দিশ ফলৱৰ্তী হওঁক৷