২০১৬ চনৰ দীপাৱলী উৎসৱৰ সময়ৰ কথা। ভল্ভো কোম্পানীত কৰ্মৰত হৈ থাকোতে কৰ্মসূত্রে মই মধ্য প্ৰদেশৰ কাইমোৰত থকা এ. চি. চি. চিমেন্ট কোম্পানীৰ চূণশিলৰ খনিত প্ৰায় এসপ্তাহৰ বাবে আছিলোঁ । সচৰাচৰ কয়লা, জিপছাম, গ্ৰেফাইট, বক্সাইত, চূণশিল অথৱা আকৰিক লোৰ খনিবোৰত খনন কাৰ্য্যৰ বাবে ব্যৱহৃত বিশালাকাৰ এক্সাভেটৰ মেছিনবোৰৰ চালক আৰু মেকানিকবোৰক সময়ে সময়ে প্ৰশিক্ষণ দিয়া হয়। তেনে এক প্ৰশিক্ষণ কাৰ্য্যসূচী হাতত লৈয়েই মই আৰু ভল্ভো কোম্পানীটোৰ ইন্দৌৰৰ ডীলাৰ নবীন ইনফ্ৰা নামৰ প্ৰতিষ্ঠানটোৰ অভিযন্তা শচীন শৰ্মা গৈ উপস্থিত হৈছিলো গৈ কাইমোৰ চূণশিলৰ খনিত । জবলপুৰ চহৰৰ পৰা কিছু নিলগৰ কাইমোৰত উপযোগী হোটেল নথকাৰ বাবে কোম্পানীটোৰ অতিথি গৃহতে আমাৰ থকা-খোৱাৰ ব্যৱস্থা কৰা হৈছিল । অতিথি গৃহত থকা সেই কেইদিন নিতৌ দোকমোকালিতে দূৰৈৰ গাওঁখনৰ পৰা ভাঁহি অহা দেহ বিচাৰৰ গীতৰ এটা কৰুণ সুৰত টোপনি ভাঙি গৈছিল । দূৰৈৰ পৰা ৰিণিকি ৰিণিকি শুনা সেই গীত কোনোবা বীৰপুৰুষৰ বীৰ গাঁথাৰ ওপৰত আধাৰিত বুলি উমান পাইছিলোঁ । মনৰ অনুসন্ধিৎসুকতা দমাই ৰাখিব নোৱাৰি সহকৰ্মী শচীন শৰ্মাক কথাটো সোধাত সেইয়া বুন্দেলখণ্ডৰ বীৰভূমি মহোবাৰ বীৰযোদ্ধা আহ্লা -উদলৰ জীৱন-গাঁথা (আহ্লা খন্ড)ৰ ওপৰত ৰচিত কনৌজী ভাষাৰ লোকগীত বুলি ক'লে । নৱৰাত্ৰিৰ সময়ত উত্তৰ ভাৰতৰ বিভিন্ন অঞ্চলত সাধু-সন্যাসীবোৰে সেই দুয়োজন প্ৰসিদ্ধ বীৰ যোদ্ধাৰ গুনানুকীৰ্তন কৰি সমাজৰ লোকৰ মাজত দেশপ্ৰেম জগাই তুলিব চেষ্টা কৰে ।
ভবিষ্য পূৰাণত উল্লেখিত আছে যে মহাভাৰতৰ যুদ্ধৰ পৰিসমাপ্তিত অৰ্জ্জুনে ভগৱান শ্ৰীকৃষ্ণক কৈছিল, মাধৱ এই মহাসমৰ একমাত্ৰ তোমাৰ কাৰণে জিনিব পাৰিলোঁ । ভীমে অকলেই সকলো কৌৰৱক বধ কৰিলে। জেষ্ঠ ভ্ৰাতা যুধিষ্ঠিৰে কোনো বিশেষ বীৰযোদ্ধাক হতাহত কৰিব লগীয়া নহ'ল । পাছে এজনো কৌৰৱক হত্যা কৰিব নোপোৱাৰ লিপ্সাই মোৰ মন দিনক দিনে অস্থিৰ কৰি তুলিছে। যুদ্ধ বিজয়ী অহংকাৰী অৰ্জ্জুনৰ কথা শুনি ভগৱান শ্ৰীকৃষ্ণই সখীয়েকক পৰাজয়ৰ গ্লানি কিমান অসহ্যকৰ হয় তাৰ অনুভৱ কৰোৱা উচিত হ'ব বুলি ভাবিলে । এইখিনিতেই এটা কথা চিৰন্তন সত্য বুলি মানিবই লাগিব যে ভগৱান শ্ৰীবিষ্ণুৰ চিন্তাধাৰা আৰু দৰ্শন আন দেৱ-দেৱীসকলতকৈ অনন্য । দুষ্টক দমন আৰু সন্তক পালন কৰাৰ লগতে বিপথে যোৱা সন্তক সৎ পথলৈ আনিবলৈ যৎপৰোনাস্তি চেষ্টা কৰে। ভগৱান শ্ৰীকৃষ্ণৰ চকুত শক্র, মিত্র, ভক্ত, অভক্ত, ধনী, দুখীয়া সকলো সমান । তেওঁত ভক্তি আৰু বিশ্বাসৰ সুবিধা লৈ কোনো সাৰি যাব নোৱাৰে । যুদ্ধ বিজয়ৰ পাছতো অৰ্জ্জুনৰ মনৰ ভিতৰত কিলবিলাই থকা অতৃপ্ত আশাবোৰ কলি যুগত পুৰণ হ'ব বুলি ভগৱান শ্ৰীকৃষ্ণই বৰদান দিলে ।
পৰৱৰ্তীকালত বাৰ শতিকাত কালিঞ্জৰৰ চান্ডেল ৰজা পৰিমলৰ ৰাজসভাৰ প্ৰখ্যাত কবি জগনিকে ৰচনা কৰা আহ্লাখন্ড গ্ৰন্থখনৰ পৰিমল ৰস মহাকাব্যত শ্ৰীকৃষ্ণই সৃষ্টি কৰা কলিযুগৰ এই মহাভাৰতখনৰ বিশদ বৰ্ণনা কৰিছে ।
সম্ৰাট হৰ্ষবৰ্ধনৰ মৃত্যুৰ পাছতে অখন্ড ভাৰতৰ সোণালীযুগৰ সূৰুয অস্তমিত হৈছিল । বিশেষকৈ উত্তৰ ভাৰতখন খন্ড-বিখণ্ড হৈ সৰু সৰু ৰাজ্যলৈ পৰিণত হৈছিল। এঘাৰ শতিকাৰ সময়ত দক্ষিণ ভাৰতৰ শাসন ব্যৱস্থা চোলা ৰাজবংশৰ অধীনত আছিল যদিও উত্তৰ আৰু পূব ভাৰতখন আজমেৰ, হস্তিনাপুৰ, মগধ, কনৌজ, বিঠুৰ, সীৰসাগৰ ( সিৰসা) , মহোবা, মান্ডোগড়, ঊৰৈ, কালিঞ্জৰ, ৰেৱা, ঝান্সী , গোৰক্ষপুৰ, নেনাগড়, কুমাও, ,বিধৰ্ভ, কটক, বংগ, কমতাপুৰ আৰু কামৰূপ নামেৰে বহুতো সৰু-বৰ ৰাজ্যত বিভক্ত হৈ পৰিছিল। সেই সময়ৰ আজমেৰ ( অজয়মেৰু)ৰ সম্ৰাট পৃথিৱীৰাজ চৌহানক আহ্লাখন্ড গ্ৰন্থত কলিযুগৰ দুৰ্যোধন বুলি উল্লেখ কৰা হৈছিল । অগয়াৰ পানিগ্ৰহন কৰিছিল হস্তিনাপুৰৰ সম্ৰাট পৃথিৱীৰাজ চৌহানে । ৰানী অগয়া আৰু সম্ৰাট পৃথিৱীৰাজৰ ঔৰষত জন্ম লাভ কৰা কন্যা বেলাক আহ্লাখন্ডত দ্ৰৌপদীৰ পুনৰ্জন্ম বুলি উদ্ধৃত কৰা হৈছে । সম্ৰাট পৃথিৱীৰাজ চৌহানে উত্তৰ ভাৰতৰ প্ৰায় সকলোবোৰ ৰাজ্য নিজৰ অধীন কৰিছিল যদিও কালিঞ্জৰ আৰু কনৌজ দখল কৰিব পৰা নাছিল। হস্তিনাপুৰৰ সম্ৰাট অনঙ্গপালৰ দুই জীয়ৰীৰ নাতি সেই সময়ৰ কনৌজৰ সম্ৰাট জয়চন্দ আৰু আজমেৰ সম্ৰাট পৃথিৱীৰাজ চৌহানৰ মাজত অহি-নকুল সম্পৰ্ক আছিল । ইফালে সম্ৰাট অনঙ্গপালে সৰু নাতি পৃথিৱীৰাজ চৌহানক হস্তিনাপুৰৰ শাসন ভাৰৰ অৰ্পণ কৰাৰ পাছত ৰজা জয়চন্দৰ অন্তৰত হিংসাৰ জুই দপদপাই জ্বলি উঠিছিল । তাতে আকৌ জ্বলা জুইত ঘিউ ঢালি ৰজা পৃথিৱীৰাজে জয়চন্দৰ একমাত্ৰ কন্যা সংযোজিতাক হৰণ কৰি নিয়াৰ পাছত দুয়োজন প্ৰভাবশালী ৰজা ইজনে-সিজনৰ চিৰ বৈৰী হৈ পৰিছিল । এই ব্যক্তিগত বৈৰীত্ব, প্ৰতিশোধ আৰু প্ৰতি হিংসাৰ দাবানলত ভাৰতৰ সোণালীযুগৰ পৰিসমাপ্তি ঘটিছিল। ৰজা জয়চন্দে অখণ্ড ভাৰতৰ সাৰ্বভৌমত্বক চিতাত তুলি তুৰ্কীৰ সম্ৰাট মহম্মদ ঘোৰীৰ লগত ষড়যন্ত্ৰ ৰচি সম্ৰাট পৃথিৱীৰাজ চৌহানক বধ কৰাৰ লগতে ভাৰতৰ ৰাজনীতিত বিদেশী শক্তিৰ অনুপ্ৰৱেশ সূচল কৰি দিছিল । পৰৱৰ্তীকালত খন্ড-বিখণ্ড হৈ একতাবিহীন ৰাজ্যসমূহৰ মাজত থকা খিয়লা-খিয়লিৰ অজুহাতত ভাৰতৰ শাসন ব্যৱস্থা সম্পূৰ্ণভাৱে মোগলৰ অধীনলৈ হস্তান্তৰিত হৈছিল । ৰজা পৃথিৱীৰাজ চৌহানৰ আনজন চিৰশত্রু কালিঞ্জৰৰ চান্ডেল ৰজা পৰিমলে আকৌ বিবাহ কৰিছিল ঊৰৈৰ সম্ৰাট বাসুদেৱৰ ৰাজকুঁৱৰী মহ্লাল্মনাক। অত্যন্ত সুন্দৰী ৰানী মহ্লাল্মনা আছিল জ্ঞানী আৰু বিদ্যান।
মহ্লাল্মনাৰ আন দুজনী সৰু ভগ্নী দেৱ কুৱৰী আৰু তিলকাকো ৰজা পৰিমলে নিজৰ সহোদৰ তথা সেনাপতিদ্বয় জচ্চৰাজ আৰু বচ্চৰাজলৈ বিবাহ কৰাইছিল। ৰানী মহ্লাল্মনাই দুই ভনীৰ বিবাহৰ আনন্দত দচ্চৰাজক পূৰ্বা আৰু বচ্চৰাজক সিৰসাৰ ৰাজমহল উপহাৰ দিছিল। ৰজা বাসুদেৱৰ চাৰিজনী ছোৱালীৰ উপৰিও মাহিল আৰু ভূপতি নামৰ দুজন ৰাজকোঁৱৰো আছিল । মহ্লাল্মনাৰ সতে বিবাহ পাশত আৱদ্ধ হোৱাৰ পাছতে ৰজা পৰিমলে চান্ডেলৰ ৰাজধানী সীৰসাগৰৰ পৰা মহোবালৈ স্থানান্তৰণ কৰি মাহিলক ঊৰে আৰু ভূপতিক জগনেৰী মহললৈ পঠিয়াই দিছিল । মহ্লানাক ৰজা পৰিমললৈ বিয়া দিয়াৰ পাছত বাসুদেৱ নামতহে ৰজা হৈ থাকিল। ঊৰৈৰ ৰাজনৈতিক ক্ষেত্ৰত পৰিমলৰ হস্তক্ষেপ বৃদ্ধি পোৱাটো ৰাজকোঁৱৰ মাহিলে সহজ ভাবে ল'ব পৰা নাছিল আৰু পাকে-প্ৰকাৰে মাহিলে নিজৰ ভিনিহিয়েক ৰজা পৰিমলক শলঠেকত পেলাবলৈ চেগ বিছাৰি ফুৰিছিল ।
কালক্ৰমত সেনাপতি জচ্চৰাজৰ আহ্লা নামৰ এক সুন্দৰ , জ্ঞানী, ধাৰ্মিক আৰু বিদ্যান সন্তানৰ জন্ম হ'ল। জাক আহ্লাখন্ডত ধৰ্মৰাজ যুধিষ্ঠিৰৰ পুনৰ্জন্ম বুলি বিশ্বাস কৰা হয়। তেওঁ মেইহৰৰ কুলদেৱী মা ভৱানীৰ ঘোৰ ভক্ত আছিল । আহ্লাৰ ভক্তিৰ বলত মা ভৱানীয়ে আহ্লাক সাক্ষাৎ দৰ্শন দিছিল। আহ্লাই সদায়েই ধৰ্মৰ সপক্ষে ঠিয় দিছিল । তেওঁ নেনাগড় ৰাজ্যৰ ৰজা নেপাল সিংৰ সুন্দৰী আৰু বিদ্যান দুহিতা সুলক্ষনাৰ পানিগ্ৰহন কৰিছিল।
এটা কথা উল্লেখ কৰিব লাগিব যে ধৰ্মৰাজ যুধিষ্ঠিৰ ৰূপী আহ্লাৰ লগতে এই সমসাময়িক কালত কালিঞ্জৰ আৰু কনৌজত আন চাৰিজন মহান যোদ্ধাৰ জন্ম হৈছিল। আহ্লাৰ জন্মৰ পাছতেই দেৱ কুঁৱৰী পুনৰ গৰ্ভৱতী হৈছিল। কিন্ত গৰ্ভধাৰণৰ তিনিমাহৰ পাছতে মান্ডোগড়ৰ ৰজা জম্বেৰ নিৰ্দেশত সেনাপতি কৰিয়া ৰায়ে ৰাতি অতৰ্কিতে কালিঞ্জৰ আক্রমণ কৰি সেনাপতি দচ্চৰাজ আৰু বচ্চৰাজক অপহৰণ কৰি নি পাছত দুয়োজনক শিৰচ্ছেদ কৰিছিল। দুয়োজনৰে কটা মূৰ দুটা সেনাপতি কৰিয়া ৰায়ে মান্ডোগড়ৰ এডাল বিশাল বটগছত ওলোমাই ৰাখিছিল। কথিত আছে যে ৰজা পৰিমলৰ খুলশালী যাক মহাভাৰতৰ শকুনিৰ পুনৰ্জন্ম বুলি বিশ্বাস কৰা হয় সেইজন ঊৰৈৰ ৰজা মাহিলেই ষড়যন্ত্ৰ কৰি জচ্চৰাজ আৰু বচ্চৰাজক মান্ডোগড়ৰ ৰজাৰ দ্বাৰা পৰিকল্পিত ভাৱে হত্যা কৰিছিল। মাহিলে যিকোনো প্ৰকাৰে ৰজা পৰিমলৰ অহিত সাধন কৰিব বিচাৰিছিল।
এই ঘটনাৰ পাছতেই দেৱ কুঁৱৰীয়ে এক আচৰিত বালকক জন্ম দিছিল । বালকজন ভূমিস্থ হোৱাৰ লগে লগে মাটি আঢ়ৈ হাত বহি গৈছিল । অধিক ওজনৰ সুষ্ঠ-সবল উদল নামৰে পাছলৈ খ্যাতি লাভ কৰা এই মহাবীৰ জনক পুনৰ্জন্ম লাভ কৰা মহাবলী ভীম বুলি কোৱা হৈছিল । জন্মৰ আগতেই পিতৃহাৰা হোৱা এই সন্তান অশুভ বুলি বিশ্বাস কৰি দেৱ কুঁৱৰীয়ে এজনী দাসীৰ হাতত গটাব ওলোৱাত মহাৰাণী মহ্লানাই উদলক নিজে তুলি-তালি ডাঙৰ-দীঘল কৰিছিল। উদলক মহোবাৰ ৰাজমহললৈ অনাৰ পাছতেই ৰানী মহ্লানাৰ গৰ্ভত ব্ৰহ্মানন্দ নামৰ অস্ত্ৰ শস্ত্ৰত বিশাৰদ এক তেজস্বী সন্তানৰ জন্ম হৈছিল। আহ্লাখন্ডত তেওঁক পুনৰ্জন্ম ৰূপী অৰ্জ্জুন বুলি উল্লেখ কৰা হৈছে । তেওঁ ৰাজাধিৰাজ পৃথিৱীৰাজ চৌহানৰ কন্যা তথা দ্ৰৌপদী ৰূপী বেলাক বিবাহ কৰাৰ মানস কৰিছিল । পাছে ভগৱান শ্ৰীকৃষ্ণৰ বৰদান অনুযায়ী অৰ্জ্জুনৰ তৃপ্তি পূৰণ আৰু দৰ্প চূৰ্ণৰ হেতু দুৰ্যোধন ৰূপী পৃথিৱীৰাজৰ হাতত ব্ৰহ্মানন্দৰ মৃত্যু হৈছিল।
ঠিক এই সময়তেই ৰজা পৰিমলৰ বন্ধু তথা কনৌজৰাজ জয়চন্দৰ কনিষ্ঠ ভাতৃ বীৰযোদ্ধ ৰতিভানুৰ এক সুন্দৰ সুশীল ৰাজকুমাৰৰ জন্ম হৈছিল যাক নকুলৰ পুনৰ্জন্মৰ ৰূপ বুলি গন্য কৰা হৈছিল।
এই পাচঁজন বিশেষ বীৰযোদ্ধা আৰু কালিঞ্জৰৰ ৰাজপুৰোহিত চিন্তামণিৰ বিদ্বান পুত্র দেৱকৰ্ণক লৈ মহাৰাজ পৰিমলৰ আনন্দৰসীমা নাইকিয়া হৈছিল। বয়সত ডাঙৰ হোৱাৰ বাবে সকলো কেইজন বীৰ যোদ্ধাই অহ্লাক বহুত শ্ৰদ্ধা আৰু ভক্তি কৰিছিল আৰু মহাবীৰ আহ্লাইয়ো আটাই কেইজনক অত্যন্ত স্নেহ কৰিছিল । বিচক্ষণ দেৱকৰ্ণ আছিল আহ্লাৰ আৰু মহাৰাণী মহ্লানাৰ আতাইতকৈ বিশ্বাসী আৰু প্ৰিয়ভাজন ।
উদলৰ জন্মৰ আগে আগে জচ্চৰাজৰ পত্নী দেশ কুঁৱৰীৰ আৰু এক সন্তান জন্ম হৈছিল । গনকে গননা কৰি কৈছিল যে এই পুত্রৰ মুখ দৰ্শন কৰিলেই পিতৃৰ মৃত্যু হ'ব আৰু ভবিষ্যতে নিজৰ আত্মীয় স্বজন হত্যাকাৰী আততায়ী হ'ব । এই কথা জানিব পাৰি দেৱ কুঁৱৰীয়ে নিজৰ সন্তানটো এজনী দাসীক দান কৰি যঠেষ্ট ধন-ৰূপ দি বহু নিলগত পঠিয়াই দিছিল। পাছত দৈব্যক্রমে ৰাজাধিৰাজ পৃথিৱীৰাজ চৌহানে এই শিশুটোক তুলি তালি ডাঙৰ দীঘল কৰি দেৱপাল নাম ৰাখিছিল। দেৱপালেই আছিল দ্বাপৰ যুগৰ দূশাসন। এইজন প্ৰতাপীবীৰো চান্ডেল ৰজা পৰিমল আৰু কনৌজ ৰজা জয়চন্দৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছিল।
মহাৰাণী মহ্লানাৰ চন্দ্ৰাৱলী নামৰ অত্যন্ত ৰূপৱতী আৰু গুনৱতী কন্যা আছিল । বৌৰীগড়ৰ ৰজা বীৰ সিং আৰু ৰাজকুঁৱৰী চন্দ্ৰাৱলীৰ ঔৰসত এজন তেজস্বী পুত্রৰ জন্ম । পাছলৈ জগনিক নামেৰে বিখ্যাত হৈ পৰা এইজন কৰিয়েই কলিযুগৰ মহাভাৰত তথা আহ্লাখন্ড গ্ৰন্থ ৰচনা কৰিছিল।
মহোবাৰ সৈন্য-বাহিনীৰ বাবে মান্ডোগড়ৰ কিলা আক্রমণ কৰাটো ইমান সহজ কথা নাছিল ।
পাছে আহ্লা আৰু উদলে বাকী কেইজন বীৰ যোদ্ধাক লগত লৈ মান্ডোগড় আক্রমণৰ বাবে নক্সা তৈয়াৰ কৰি লৈছিল ।
পৰিকল্পনা অনুযায়ী পাচোঁজন বীৰযোদ্ধা আৰু আহ্লাই সন্যাসীৰ বেশ ধাৰন কৰি সকলো পহৰাদাৰী সৈন্যৰ চকুত ধুলি মাৰি মান্ডোগড়ৰ কিলাত প্ৰবেশ কৰিছিল । আহ্লাই পাচোঁজন সতীৰ্থ বীৰযোদ্ধাক ক্ষত্রিয় ধৰ্ম পালন কৰি যুদ্ধ কৰিবলৈ আহ্বান জনাইছিল । ক্ষত্ৰিয় ধৰ্ম মতে নাৰী, শিশু আৰু বৃদ্ধৰ ওপৰত অস্ত্ৰ চালনা কৰা নিষেধ, শক্রৰ ওপৰত প্ৰথম আক্রমণ কৰাটোও নীতিবহিৰ্ভূত, আঘাতপ্ৰাপ্ত আৰু পলায়ন কৰা সৈন্যৰ ওপৰত আক্ৰমণ কৰাটো কাপুৰুষতা মাথোন, আত্মসমৰ্পণ কৰা সৈন্যৰ প্ৰতি দয়া কৰা উচিত । আহ্লাৰ নেতৃত্বত পাচোঁজন প্ৰসিদ্ধ যোদ্ধাই পৰাক্রমৰে পাছদিন ধৰি একেৰাহে যুদ্ধ কৰি মান্ডোগড়ৰ সেনাপতি কৰিয়া ৰায় আৰু ৰজা জম্বেৰ চিন্নমূণ্ড আনি কালিঞ্জৰৰ ৰজা পৰিমলৰ ভৰিত অৰ্পণ কৰিছিল । আহ্লাৰ নেতৃত্বত মান্ডোগড় ৰাজ্য বিজয় কৰা পাছত মহোবাৰ সৈন্যৰ উদ্যম দুগুণ বৃদ্ধি পাইছিল ।
মান্ডোগড় যুদ্ধৰ পাছত মহোবাৰ পাচোঁজন বীৰযোদ্ধাৰ ৰথৰ ঘোঁৰাই জিৰণী ল'ব নৌপাওঁতেই ধূৰ্ত মাহিল ৰজাই আহ্লা আৰু উদলক হস্তিনাপুৰ ৰাজ্য আক্ৰমণ কৰিবলৈ উচতনি দিলে । মাহিলৰ মুখে বচ্চৰাজক বিয়াৰ উপহাৰ স্বৰূপে প্ৰদান কৰা সীৰসাগৰ ৰাজ্যখন সম্ৰাট পৃথিৱীৰাজ চৌহানে চলনা কৰিহে কাঢ়ি নিয়া বুলি জানিব পাৰি ৰাজকুমাৰ মলখানৰ খঙে চুলিৰ আগ পাইছিল গৈ । এইবাৰো পাচোঁজন বীৰযোদ্ধাই পৃথিৱীৰাজ চৌহানক এসেকা দিবলৈ দৃঢ সংকল্প লৈ যুদ্ধৰ বাবে ৰজা পৰিমলৰ সন্মতি ল'বলৈ গ'ল। প্ৰথম অৱস্থাত ৰজা পৰিমলে সন্মতি প্ৰদান কৰা নাছিল যদিও অৱশেষত আহ্লাক প্ৰধান সেনাপতিৰ দায়িত্ব প্ৰদান কৰি হস্তিনাপুৰ আক্রমণ কৰিবলৈ আদেশ দিছিল।
সেই সময়ত সীৰসাগৰৰ শাসক আছিল সেই মহাৰাজ পৃথিৱীৰাজ চৌহানৰ পুত্র পাৰথ । আহ্লাৰ নেতৃত্বত পাচঁজন প্ৰসিদ্ধ বীৰযোদ্ধাই কৰা অতৰ্কিত আক্রমণত পাৰথ হতচকিত হৈ পৰিছিল। দিল্লীৰ পৰা পিতৃ পৃথিৱীৰাজ চৌহানে সেনাপতি চামুণ্ডা ৰায়ৰ নেতৃত্বত পঠিয়াই দিয়া দহহাজাৰ নিপুণ সৈন্যৰ দলেও আহ্লাৰ সেনাক প্ৰতিহত কৰিব বিফল হৈছিল। অৱশেষত পৰাক্রমী মহোবাৰ সৈন্যৰ সন্মুখত টিকিব নোৱাৰি হস্তিনাপুৰৰ সৈন্য ছেদেলি-ভেদেলি দিছিল। পাৰথ আৰু চামুণ্ডাৰায় দুয়োজনেই প্ৰাণ বচাই দিল্লীলৈ পলায়ন কৰিছিল । তিনিদিন একেৰাহে যুদ্ধ কৰি আহ্লাৰ নেতৃত্বত মহোবাৰ সৈন্যই সীৰসাগৰ দখল কৰিছিল । আহ্লা, উদল, ব্ৰহ্মানন্দ, মলখান আৰু দেবাৰ পৰাক্রম দেখি মহোবাৰ জনসাধাৰণ গৰ্বিত হৈ পৰিছিল। এই পাচোঁজন বীৰযোদ্ধাৰ খ্যাতি সমগ্ৰ ভাৰতবৰ্ষত বিয়পি পৰিছিল ।
সীৰসাগৰ যুদ্ধ জয়ৰ পাছত আহ্লাৰ নেতৃত্বত মহোবাৰ সৈন্যই ইখনৰ পাছত সিখনকৈ যুদ্ধত জিকি কনৌজ আৰু কালিঞ্জৰৰ পৰিসীমা দুগুণে বৃদ্ধি কৰি পেলাইছিল। আহ্লা-উদলৰ যশ আৰু বীৰত্বৰ প্ৰতি আকৰ্ষিত হৈ এজন গন্ধৰ্বই পক্ষীৰাজ,মৃ গৰাজ ৰাজসূজান, পবনবেগ আৰু মনবেগ নামৰ পাঁচটা প্ৰচন্ড বেগী ঘোঁৰা উপহাৰ দিছিল।
ইফালে নিজৰ ষড়যন্ত্ৰ সফল নোহোৱাত পেট-কোপটীয়া মাহিল ইৰ্ষাম্বিত হৈ পৰিছিল। ঊৰৈৰ ৰজা মাহিলে যিকোনো উপায় সাজি পৰিমলৰ আৰু আহ্লা-উদলৰ মাজত বিভেদ আনিবলৈ মনতে দৃঢ সংকল্প ল'লে।
গন্ধৰ্বই উপহাৰ দিয়া ঘোঁৰা কেইটা আছলতে আহ্লা-উদলে ষড়যন্ত্ৰ কৰি ৰজা পৰিমল আৰু ৰাজকোঁৱৰ ব্ৰহ্মানন্দক আক্রমণ কৰিবলৈ ক্রয় কৰিছে বুলি সুবিধা বুজি মাহিলে অপপ্ৰচাৰ চলালে ।
যুদ্ধক্ষেত্ৰত অপ্ৰত্যাশিতভাবে আহ্লা -উদলক দেখি সম্ৰাট পৃথিৱীৰাজৰ সেনাপতি চামুন্ডা ৰায় আৰু পাৰথৰ মনোবল যুদ্ধৰ প্ৰাকক্ষণতেই ভাঙি পৰিছিল। আহ্লা-উদল সমন্বিত পাঁচ মহাযোদ্ধাৰ পৰাক্রমত হস্তিনাপুৰৰ সেনা পিচ হুহকিবলৈ বাধ্য হৈছিল। কীৰ্তিসাগৰৰ এই ৰণত অনাকাংক্ষিত পৰাজয়ৰ সন্মূখীন হৈ সম্ৰাট পৃথিৱীৰাজে দিল্লীলৈ পলায়ন কৰিছিল ।
কিন্ত যুদ্ধ অবিহনে যেন ক্ষত্ৰিয় যোদ্ধাই অস্তিত্বৰ সংকটত ভুগিব ধৰে। কনৌজৰ ৰজা জয়চন্দে নিজৰ কন্যা সংযোজিতাক সম্ৰাট পৃথিৱীৰাজে হৰণ কৰি লৈ যোৱাৰ প্ৰতিশোধ পূৰণৰ বাব মাথোন সুযোগৰ সন্ধানত আছিল । পাছে ৰজা জয়চন্দ আৰু বেচি দিনলৈ সেই সুযোগৰ সন্ধানত অপেক্ষা কৰিব লগীয়া নহ'ল। ৰজা পৰিমলৰ যুৱৰাজ অৰ্জ্জুনৰূপী ব্ৰহ্মানন্দে সম্ৰাট পৃথিৱীৰাজৰ একমাত্ৰ কন্যা বেলাক গন্ধৰ্ব বিধিমতে বিবাহ কৰাইছিল। পাছে নৱবধু বেলা আহি স্বামীৰ ঘৰ পোৱাৰ আগতেই পৃথিৱীৰাজৰ সৈন্যই বেলাক অপহৰণ কৰি নিছিল। সেই ঘটনাৰ পাছতেই হস্তিনাপুৰ আৰু মহোবাৰ মাজত এক মহাসমৰৰ সূচনা হৈছিল। কনৌজৰ ৰজা জয়চন্দে এই সুযোগ অথলে যাব দিব নিবিচাৰিছিল। ৰজা জয়চন্দে ৰাজকুমাৰ লাখনৰ নেতৃত্বত এক বিশাল সৈন্য বাহিনী ৰজা পৰিমল সৈন্য বাহিনীৰ লগত চামিল হ'বলৈ পঠিয়াই দিলে । দীৰ্ঘ দিন ধৰি চলা হস্তিনাপুৰৰ এই মহাসমৰক দ্বিতীয় মহাভাৰতৰ যুদ্ধ বুলি কোৱা হৈছিল। তয়াময়া ৰণত দুয়োপক্ষৰ বিস্তৰ ক্ষতি হৈছিল। উদল, দেবা, লাখন আৰু ব্ৰহ্মানন্দ সমন্বিত মহোবাৰ বহুটো বীৰযোদ্ধা ৰণত পৰিছিল। সম্ৰাট পৃথিৱীৰাজৰো প্ৰধান সেনাপতি চামুন্ডা ৰায় পলায়ন কৰিছিল আৰু পুত্র পাৰথ, তোলনীয়া পুত্র দেৱকৰ্ণ আৰু বহুকেইজন প্ৰখ্যাত যোদ্ধাৰ মৃত্যু হৈছিল। ব্ৰহ্মানন্দৰ মৃত্যুৰ বাতৰি শুনি ৰাজকুঁৱৰী বেলাই নিজেই চিতা সাজি সতী গৈছিল বুলিও কথিত আছে । জন প্ৰবাদ আছে যে কুতুবুদ্দিনে বনোৱা বুলি মিছাই প্ৰচাৰ চলোৱা এই সুউচ্চ নিৰীক্ষণ গম্বুজটো সম্ৰাট পৃথিৱীৰাজে ৰাজকুঁৱৰী বেলাৰ বাবেই সাজিছিল । বেলাই এই গম্বুজত উঠি দোকমোকালিতে যমুনাৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিছিল ।
এই মহাসমৰত মূৰ্ছিত হৈ পৰি থকা সম্ৰাট পৃথিৱীৰাজক শগুণে খুটিয়াই খুটিয়াই খোৱা দেখি গভীৰ আঘাত প্ৰাপ্ত হৈ পৰি থকা দিল্লীৰ সামন্ত চঞ্জম ৰায়ে নিজৰ শৰীৰৰ মাংস কাটি কাটি শগুণবোৰক খাবলৈ দি নিজৰ প্ৰভুক ৰক্ষা কৰি প্ৰাণ আহুতি দিছিল । পৰবৰ্তীকালত প্ৰভুভক্ত চঞ্জম ৰায়ৰ এই নিদৰ্শনৰ কথা সমগ্ৰ ভাৰতবৰ্ষতে বিয়পি পৰিছিল ।
এই মহাসমৰত অতি স্নেহৰ দেৱা, উদল, লাখন আৰু ব্ৰহ্মানন্দক হেৰুৱাই নিজেও আঘাতপ্ৰাপ্ত হৈ যুদ্ধ ভূমিত পৰি ৰৈছিল । মহাকবি জগনিকৰ ৰচিত আহ্লাখন্ডত উল্লেখ আছে যে যুদ্ধ ভূমিত আঘাতপ্ৰাপ্ত হৈ পৰি থকা আহ্লাক প্ৰভু গোৰক্ষনাথে স্বচৰূপে আহি নিজৰ আখাড়ালৈ তুলি লৈ গৈছিল আৰু আহ্লা পাছলৈ আখড়াৰ এজন মহন্ত হৈ পৰিছিল।
জন প্ৰবাদ আছে যে মা ভৱানীৰ বৰদান লাভ কৰা মহাবীৰ আহ্লা আজিও জীৱিত আছে। তেওঁ আজিও পুৱতি নিশা বুন্দেলখণ্ডৰ চটনা জিলাৰ মেয়ৰ পাহাৰৰ ওপৰত থকা মা ভৱানীৰ মন্দিৰলৈ আহে। নিতৌ মা ভৱানীৰ পূজা সেৱা কৰি থৈ যোৱাৰ বহুতো প্ৰমাণ পোৱা গৈছে । আচৰিত কথাটো হ'ল, সন্ধিয়াৰ আগে আগে মন্দিৰৰ দুৱাৰত তলা মাৰি দিয়াৰ লগে লগে পাহাৰৰ ওপৰত থকা জীব-জন্ত, চৰাই-চিৰিকটিও আঁতৰি গুচি যায়। ইতিমধ্যেই বহু অনুসন্ধানকাৰীৰ দলে এই ৰহস্যৰ ভেদ ভাঙিব লৈ নিৰুদ্দেশ হোৱাৰ পাছত প্ৰশাসনেও সন্ধিয়াৰ পাছত কোনো ব্যক্তিকেই মেয়ৰ পাহাৰৰ ওপৰলৈ যোৱাটো নিষেধ কৰি দিছিল ।
HH