ভৱিষ্যতৰ স্কুলীয়া শিক্ষা

ড° শৰৎ বৰকটকী অধ্যক্ষ, নগাঁও কলেজ, নগাঁও
sarat_borkotoki

ক'ভিড- ১৯ ৰ মহামাৰীয়ে সমগ্র বিশ্বত জনস্বাস্থ্য সাংঘাতিকভাৱে বিপন্ন কৰাৰ লগতে অৰ্থনীতি, শিক্ষা সকলো দিশতে ব্যাপক ক্ষতিসাধন কৰিছে। ইউনেস্কোৰ (The United Nations Educational Scientific and Cultural Organisations) ৰ পৰা প্ৰকাশিত এক তথ্যত কোৱা হৈছে যে বিশ্বৰ ৯০ শতাংশ ( মুঠ ছাত্র জনসংখ্যাৰ) ছাত্র-ছাত্ৰী ক'ভিড- ১৯ত মহামাৰীত ক্ষতিগ্রস্ত হৈছে। প্ৰায়বোৰ দেশত এই মহামাৰীৰ সময়ত শিক্ষকসকলে দূৰ সংযোগী মাধ্যমত (অনলাইন যোগে) পাঠদান কৰিছে। কিন্তু আমাৰ দেশত এই অনলাইন শ্ৰেণীসমূহ পৰিকল্পনা কৰি যুগুত কৰা হোৱা নাই। আনহাতে বিভাগ বা কৰ্তৃপক্ষসমূহে শিক্ষকসকলকো প্ৰশিক্ষণ দিয়া নাই। "The Futures of Education after Covid-19" শীর্ষক এক আন্তর্জাতিক আলোচনা চক্ৰত কোৱা হৈছে যে- keeping education continuity in mind most countries rushed to online distance education using online platforms, e-learning, and ICTS, which set off on unplanned and rapid shift in education sector, opened the door to many opportunities highlighted existing and new disparities and gave rise to several challenges. এই আলোচনা চক্রত অনুমোদন জনোৱা হৈছিল যে- বিশ্বজোৰা মহামাৰী পৰিপ্ৰেক্ষিতত শিক্ষা ব্যবস্থাৰ সংশোধন ঘটোৱাতো অতি জৰুৰী। Education systems should review and upgrade the range of skills provided to students in a way that would better equip and prepare them for the future. Educational systems should undertake new measures for benchmarking the quality of education and tackling the current digital divide.

ভাৰতৰ পৰা প্ৰকাশিত 'The Hindu' বাতৰি কাকতৰ ১১ মে', ২০২১ তাৰিখৰ সংখ্যাত ঋতিকা খেৰে - 'Decoding inequality in a digital world' শীর্ষক প্ৰৱন্ধত উল্লেখ কৰিছ্ যে - For a few, the switch to online education has been seamless. ভাৰতৰ মাননীয় শিক্ষামন্ত্ৰীয়ে স্পষ্টভাৱে কৈছে যে অনলাইন শিক্ষাৰ নামত কোনো শিশু বা ছাত্ৰ-ছাত্ৰী বঞ্চিত হ'ব নোৱাৰিব। ভাৰতৰ লগতে ক'ভিডৰ বাবে অষ্ট্ৰিয়া, জাৰ্মানী, চুইজাৰলেণ্ডৰ দৰে দেশতো ১০ৰ পৰা ১৯ বছৰৰ বয়সৰ ছাত্ৰ-ছাত্ৰীৰ সাপ্তাহিক পঢ়াৰ সময় কমি গৈছে। এই দেশবোৰত ৬৬.৯ শতাংশ শিক্ষকেহে অনলাইনত পাঠদান কৰিব পাৰিছে। ৩০ শতাংশ ছাত্ৰ-ছাত্ৰীয়েহে মনোযোগ দিয়ে পাঠ গ্রহণ কৰিছে। অনলাইন শ্ৰেণীত অংশগ্রহণৰ বাবে এটা লেপটপৰ বা ডেস্কটপ কম্পিউটাৰৰ প্ৰয়োজন। ১৮ বছৰ তলৰ ভাৰতত লেপটপ থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা মাত্র ১৫ শতাংশ।

ভাৰতৰ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিতো সকলো পৰ্যায়ৰ শিক্ষাত প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে শিক্ষাদানৰ কথা উল্লেখ কৰা হৈছে। এই প্ৰসংগত ৰাষ্ট্ৰীয় পৰ্যায়ত National Education Alliance for Technology (NEAT) গঠনৰ প্ৰস্তাৱ কৰা হৈছে। ইয়াৰ জৰিয়তে ডিজিটেল ভাৰতৰ কাৰ্যসূচী ৰূপায়নৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে। NEAT য়ে উচ্চ মানৰ শিক্ষাৰ ছফ্টৱেৰ (Software) প্ৰস্তুত কৰি ছাত্ৰ-ছাত্ৰীৰ বাবে সুলভ কৰা হ'ব বুলি কোৱা হৈছে যে- Given the explosive pace of technological development allied with the sheer creativity of tech-tech-savvy teachers and entrepreneurs (including student entrepreneurs ), it is certain that technology will impact education in multiple ways,only some of which can be foreseen at the present time. New technologies involving artificial intelligence, machine learning, block chains, smart boards, handheld computing devices, adaptive computer testing for student development, and other forms of educational software and hardware will not just change what students learn in the classroom but how they learn , and thus these areas and beyond will require extensive research both on technological as well as educational fronts. কৃত্রিম বুদ্ধিমত্তাৰ জৰিয়তে প্ৰযুক্তি ব্যৱহাৰৰ বাবে শিক্ষকসকল সাজু হ'ব লাগিব। ক'ভিড- ১৯ ভাইৰাছে ঘৰখনকেই স্কুল কৰিলে আৰু মোবাইল বা লেপটপ , ডেক্সটপ কম্পিউটাৰটো শ্ৰেণীকোঠা হ'ল। বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিশেষজ্ঞসকলে কৈছে যে - ক'ভিড- ১৯য়ে সৃষ্টি কৰা পৰিৱেশৰ মাজত কেতবোৰ সুযোগো আহি পৰিছে। সেই সুযোগ আমি শিক্ষক সমাজে গ্রহণ কৰিব লাগিব। প্ৰযুক্তি শিক্ষাৰ এক অংঙ্গাগী অংশ হৈ পৰিল। প্ৰাথমিক পৰ্যায়ৰ পৰা উচ্চ শিক্ষালৈকে প্ৰযুক্তি ব্যৱহাৰৰ বিকল্প নাই। পৰম্পৰাগত শিক্ষাদানৰ পৰা কিছু আঁতৰি আহিবই লাগিব। এসময়ত গছৰ তলত শিক্ষাগুৰুৱে ছাত্রক শিক্ষা দিছিলে। সেই সময়ত কোনেও ভবা নাছিলে এদিন শ্ৰেণীকোঠা এটা হ'ব, ব্লেকব'ৰ্ড হ'ব, ডেস্ক-বেঞ্চ থাকিব। সময়ৰ পৰিবৰ্তন হ'ল গছৰ তলৰ ঠাইত স্কুল ঘৰৰ ভিতৰত শিক্ষাদান হ'ল। Students no longer "go to school" to learn since the schooling is based at home now.

এতিয়া মোবাইল বা কম্পিউটাৰটো শ্ৰেণীকোঠালৈ পৰিৱৰ্তন হৈছে। অৱশ্যে মুখামুখিকৈ পাঠদান কৰা শিক্ষা যিমান ফলপ্রসু হয় অনলাইনত সেইটো সম্ভৱ নহয়। নতুন কথা চিন্তা কৰা শিক্ষকসকলক অনলাইন পাঠদানৰ বাবে এক অত্যাধুনিক প্রযুক্তিৰ প্লেটফৰ্ম প্ৰস্তুত কৰি দিব লাগিব আৰু ছাত্ৰ-ছাত্ৰীৰ নিজে শিকা (Self-learning) ত উৎসাহ দিব লাগিব। অৱশ্যে গুণগত শিক্ষা যাতে ক'তো বিঘ্নিত নহয় সেই বিষয়ে সকলো সজাগ হ'ব লাগিব। UNESCO ৰ বিষয়া Sobe Noah Webster য়ে এষাৰ গুৰুত্বপূৰ্ণ কথা কৈছে - Ensure everyone has access to the internet and digital devices to conduct teaching and learning activities. UNESCO য়ো ভৱিষ্যতৰ শিক্ষাৰ প্ৰত্যাহ্বান দূৰ কৰিবলৈ আৰু ছাত্ৰ-ছাত্ৰীৰ মহামাৰীত হোৱা ক্ষতিৰ পূৰণ কৰিবলৈ কেতবোৰ পদ্ধতি উলিয়াবৰ কাৰণে চেষ্টা কৰিছে। এক বিশ্বজুৰি মত গ্রহণ কৰাৰ পোষকতা কৰিছে।

এদিন ক'ভিড- ১৯ ভাইৰাছৰ তাণ্ডৱ শেষ হ'ব। বিশ্বৰ লগতে ভাৰতে এই যুদ্ধত জয়ী হ'ব কিন্তু তাৰ পিছতো যদি এনে ভাইৰাছৰ দৰে আন নতুন এটাই দেখা দিয়ে তাৰ বাবে সকলো সাজু হৈ থাকিব লাগিব। নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিত কেতবোৰ দিশত পৰিৱৰ্তনৰ কথা কৈছে যিবোৰ কথাই ভৱিষ্যতৰ শিক্ষাৰ নতুন দিশ নিৰ্ণয় হ'ব। National Educational alliance for Technology (NEAT), will be created to provide a plateform for use of Technology to enhance learning, assessment, planning, administration and so on, both for school and higher education. The aim of NEAT will be to provided on a singe portal various educational technology solutions that are tested for their robustness for improving the learning experience, with a special focus on the needs of the students of disabilities. সেই প্ৰসংগত ক'ব বিচাৰিছো যে অসমত নতুন চৰকাৰে যিমান পাৰে সোনকালে 'নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০' , কাৰ্যকৰী কৰিলে মহামাৰীয়ে কৰা ক্ষতি পূৰণ হ'ব।

স্কুল বন্ধ হৈ থাকিলেও শিক্ষাদান আৰু মূল্যায়নৰ ধাৰাবাহিকতা (Continuous Evaluation) ৰখাৰ যিসমূহ পদ্ধতি আছে সেই সমূহ এতিয়া আৰম্ভ কৰাৰ দৰকাৰ। ছাত্ৰ-ছাত্ৰীৰ মানসিক বিকাশৰ বাবে পাঠ্যক্রমত থকা বিষয়সমূহৰ বাহিৰেও অন্যান্য পাঠ্যক্রম বহিৰ্ভূত কৰ্মসূচী যুগুত কৰা দৰকাৰ। সৃষ্টিমূলক কামত ছাত্ৰ-ছাত্ৰীক যিমান বেছি জড়িত কৰিব পাৰি সিমানেই ছাত্ৰ-ছাত্ৰী মানসিকভাৱে সুস্থ হৈ থাকিব আৰু ভৱিষ্যতে সু-নাগৰিক হ'ব পাৰিব।