গোহালকোণাৰ গুৰু বাৰ্তা

পৰেশ বৈশ্য

গোহালকোণা। কামৰূপ জিলাৰ বকো উন্নয়ন খণ্ডৰ অন্তৰ্গত এখন গাৰো সম্প্ৰদায়ৰ জনগোষ্ঠীৰে ভৰা গাঁও। গাঁওখনৰ মাটিকালি প্ৰায় ২৫৬ হেক্টৰ। জনসংখ্যা প্ৰায় দুই হাজাৰ। ইয়াৰ ওচৰে -পাজৰে আছে আৰু এঘাৰখন মান গাঁও। বকো শিক্ষাখণ্ডত আছে গাৰো মাধ্যমৰ ৫৪খন প্ৰাথমিক বিদ্যালয়, ৪খন উচ্চ প্ৰাথমিক বিদ্যালয় আৰু এখন হাইস্কুল। এখনো নাই গাৰো মাধ্যমৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়। উচ্চ শিক্ষাৰ বাবে ঢাপলি মেলে নিকটৱৰ্তী মেঘালয়ৰ সীমামূৰীয়া উচ্চ শিক্ষাৰ অনুষ্ঠানলৈ। নহ'লে আহিব লাগিব বকোলৈ। দুৰ্গম যাতায়ত ব্যৱস্থা। বহুতো গাৰো যুৱতীয়ে আধাতে বিদ্যালয় এৰে। কাৰণ দূৰ দুৰণিত পঢ়িবলৈ যাবলৈ তেওলোকৰ নাই সু- যাতায়ত ব্যৱস্থা।এফালে গাৰো মাধ্যমৰ টেট উৰ্ত্তীৰ্ণ প্ৰাৰ্থী নথকাত খালী থাকে স্থানীয় গাৰো মাধ্যমৰ বিদ্যালয়ৰ শিক্ষকৰ পদ। বছৰৰ পিছত বছৰ ধৰি শিক্ষক নোহোৱাকৈ চলি থাকে বিদ্যালয়সমূহ।

আমেৰিকান বেপ্টিষ্ট মিছনেৰীসকলে ১৮৯৩ চনতেই গোহালকোণা গাঁৱত এখন প্ৰাথমিক বিদ্যালয় স্থাপন কৰি গাঁওখনত আধুনিক শিক্ষাৰ পাতনি মেলিছিল। ১৯৪৮ চনত স্থাপন হয় গোহালকোণা হাইস্কুল। গোহালকোণাই আজিৰ পৰা ১৩০ বছৰ পূৰ্বে বৃটিছৰ দিনত এখন প্ৰাথমিক বিদ্যালয় পালে যদিও অঞ্চলটোত শৈক্ষিক দিশৰ সমস্যাৰ আজিও অন্ত নপৰিল। বিশেষকৈ গোহালকোণাত থকা গাৰো মাধ্যমৰ এই বিদ্যালয় কেইখনত শিক্ষক নথকাৰ বাবে বিদ্যালয় সমূহ বন্ধ কৰি দিব লগা অৱস্থা পাইছিল।এনে এক যুগসন্ধিত এগৰাকী ভৱিষ্যৎ দ্ৰষ্টা শিক্ষা বিষয়াৰ সৃজনীশীল চিন্তাই গাঁওখনলৈ কঢ়িয়াই আনে এক আশাৰ বতৰা। ২০২০ চনৰ অক্টোবৰ মাহৰ প্ৰথম সপ্তাহত তেওঁ কেইগৰাকীমান শিক্ষাসদীক লৈ গোহালকোণাত উপস্থিত হয়। সন্ধিয়া সময়।বাট পথেদি যাব নোৱৰা অৱস্থা।গোহালকোণাৰ পৰিবৰ্তন বিচৰা কেইগৰাকীমান সমাজকৰ্মী বিশেষকৈ জনচন চাংমা,হাৰ্দিক ডি চাংমা আৰু গাঁওখনৰ গাঁওবুঢ়া এল চাংমা আদিৰ সহযোগত এক বৈঠকত মিলিত হয় বিষয়া গৰাকী।বৈঠকত আমন্ত্ৰিত হৈছিল অঞ্চলটোৰ শিক্ষিত যুৱক -যুৱতী সকল। সকলৱে বিষয়াগৰাকীৰ মুখলৈ চাই আছিল। তেওঁলোকে গাঁৱৰ বিদ্যালয়কেইখন জীয়াই ৰাখিব বিচাৰে।তাৰ বাবে লাগে শিক্ষক। বহু চেষ্টা কৰিও গোহালকোণাবাসীয়ে গাৰো মাধ্যমৰ টেট উৰ্ত্তীৰ্ণ প্ৰাৰ্থী উলিয়াব নোৱৰা বাবেই নিযুক্তি হোৱা নাছিল শিক্ষক। আনহাতে আওহতীয়া এই ঠাইখনলৈ আহিব নোখোজে দূৰৰ শিক্ষক। ৰাইজৰ দুখ উপলব্ধি কৰি শিক্ষা বিষয়া গৰাকীয়ে স্থানীয় ভাৱে টেট উৰ্ত্তীৰ্ণ প্ৰাৰ্থী উলিওৱাৰ হকে এক ইতিবাচক চিন্তা কৰি স্থানীয় টেট প্ৰাৰ্থীসকলক উপযুক্ত প্ৰশিক্ষণৰ দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই গৰাকী শিক্ষা বিষয়া হ'ল কামৰূপৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক তথা কামৰূপ জিলাৰ প্ৰাথমিক শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়া। বিগত এক দশকৰো ওপৰকাল সমগ্ৰ শিক্ষাৰ ৰাজ্যিক পৰ্যায়ৰ শিক্ষা ব্যৱস্থা পৰিচালনাৰ অভিজ্ঞতাৰে পুষ্ট এই গৰাকী বিষয়াই দায়িত্ব ল'লে তেওঁলোকৰ চকুলোৰ সমভাগী হোৱাৰ। অৰ্জুনৰ ৰথৰ সাৰথি হিচাপে শ্ৰীকৃষ্ণ থকাৰ দৰে বিষয়াগৰাকীয়ে কামৰূপৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ তথা সদায় নতুন চিন্তাধাৰাৰে অসমৰ শিক্ষা ব্যৱস্থাক আগুৱাই নিয়াৰ হকে মাৰ্গ দৰ্শনকাৰী হিচাপে সেৱা আগবঢ়াই অহা দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ পৰেশ বৈশ্য আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক তথা শিক্ষাৰ প্ৰত্যাহ্বান সমূহক মোকাবিলা কৰিবলৈ বিদ্যায়তনিক দক্ষতাৰে পুষ্ট ড. প্ৰণৱ শইকীয়াৰ প্ৰমুখ্যে কেইবাজনো শিক্ষাসদীক সাৰথি কৰি টেট পৰীক্ষাত অৱতীৰ্ণ হ'ব খোজা সকলৰ বাবে আয়োজন কৰিলে এক ফলপ্ৰসূ প্ৰশিক্ষণ কাৰ্যসূচী। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ একাংশ অধ্যাপক-অধ্যাপিকা,ডায়েটৰ প্ৰবক্তা আৰু আন কেইগৰাকীমান সমল ব্যক্তিৰ আশাশুধীয়া প্ৰচেষ্টাত প্ৰশিক্ষণত ভাগ লোৱা গোহালকোণাৰ ৩৩ গৰাকী টেট অৱতীৰ্ণ প্ৰাৰ্থীৰ ১৩ গৰাকীয়ে একেবাৰতে প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক টেট পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হয়।ফলত গাঁওখনৰ গাৰো বিদ্যালয় কেইখনৰ শিক্ষকৰ অভাৱ কিছু পৰিমাণে হ'লেও নিৰ্মূল হ'ল। এই খবৰে গাৰো সম্প্ৰদায়ৰ লোকসকলৰ মাজত আনন্দৰ বন্যা বয়। অসম বিধানসভাৰ মজিয়াতো বিষয়টোৱে চৰ্চা লাভ কৰে। কামৰূপৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াক এই শ্ৰেষ্ঠ শৈক্ষিক অনুশীলনৰ বাবে অসম বিধানসভাত শাসক বিৰোধী উভয় পক্ষৰপৰা ধন্যবাদ জ্ঞাপন কৰা হয়। অসম বিধানসভাৰ ইতিহাসত ই আছিল এক নজিৰবিহীন ঘটনা। আনকি অসমৰ শিক্ষা মন্ত্ৰী গৰাকীয়ে গোহালকোণালৈ আহি টেট উৰ্ত্তীৰ্ণ প্ৰাৰ্থী সকলক সম্বৰ্ধনা জ্ঞাপন কৰি থৈ যায়। কামৰূপ জিলা প্ৰশাসনৰ হৈ কামৰূপৰ উপায়ুক্ত কৈলাস কাৰ্তিক এনেও এনে সফলতাৰ বাবে শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়া আৰু সমল ব্যক্তি সকলক ধন্যবাদ জ্ঞাপন কৰে ।টেট উৰ্ত্তীৰ্ণ প্ৰাৰ্থী সকলকো তেওঁ অভিনন্দন জনায়। উপায়ুক্ত গৰাকীয়ে গোহালকোণাৰ এই সফলতাক ৰাজ্যৰ আন শৈক্ষিক খণ্ডৰ বাবে এক অনুপম আৰ্হি হ'ব বুলি কয়।অভিনন্দন অনুষ্ঠানত শিক্ষামন্ত্ৰী ডা:ৰণোজ পেগুৱে কয় যে যিটো সময়ত অসমত অনলাইন ব্যৱস্থাৰে শিক্ষা প্ৰদান সাৰ্থক নহয় বুলি আলোচিত হৈছে সেই সময়ত অনলাইন ব্যৱস্থাৰে কামৰূপৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই টেট পৰীক্ষাৰ্থী সকলক প্ৰশিক্ষণ দি সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। অপূৰ্ব ঠাকুৰীয়াই তেনে চিন্তাক নেতিবাচক বুলি গোহালকোণাৰ সফলতাৰ জৰিয়তে প্ৰমাণ কৰি দিয়া বুলি মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে। আনহাতে শিক্ষা বিষয়া গৰাকীয়ে বিধানসভাত প্ৰশংসিত হোৱা বিষয়টোৱে সমগ্ৰ কামৰূপ জিলাৰ বাবে এক গৌৰৱৰ বিষয় হিচাপে চিহ্নিত হৈছে। গোহালকোণাৰ এই গুৰু বাৰ্তা সঁচাকৈয়ে এক আশাৰ বতৰা।