জীৱন জিনাৰ মূলমন্ত্ৰ হব পাৰে হেপ্পীনেছ ক্লাছ

শিখামণি দত্ত জাপৰিগোগ , গুৱাহাটী-5, ভ্ৰাম্যভাষ : ৯৮৬৪০১২২২৫
sikhamoni dutta

যোৱাবছৰৰ কথা।তেতিয়া ভাৰতবৰ্ষলৈ Covid ৰ প্ৰৱেশ ঘটাই নাছিল।Corona সম্পৰ্কীয় বাতৰিয়ে ভয়াৱহতা বা শিৰোনাম দখল কৰা নাছিল।ঠিক তাৰ আগে আগে ভাৰতবৰ্ষৰ বাতৰিৰ শিৰোনাম আছিল ডোনাল্ড ট্ৰাম্পৰ সপত্নীক ভাৰত ভ্ৰমণ।এই সম্পৰ্কীয় সমূহ বাতৰিৰ পৰা এটা বাতৰি চানকাঢ়ি আনিলো।ঘটনাবহুল বাতৰি সমূহৰ ভিতৰত সেই সময়ত মোৰ বাবে সবাতোকৈ দৃষ্টি আকৰ্ষণকাৰী বাতৰিটো আছিল আমেৰিকাৰ ফাৰ্ষ্ট লেডী মিলেনিয়া ট্ৰাম্পৰ দিল্লীৰ চৰকাৰী স্কুলত "Happiness Class" ত অংশগ্ৰহণ বা পৰিদৰ্শন কৰাটো।কেজৰিয়াল চৰকাৰে শিক্ষামন্ত্ৰী মনিষ চিচোৰিয়াৰ তত্বাৱধানত দিল্লীৰ চৰকাৰী স্কুলবোৰত তাৰ 18 মাহ পূৰ্বেই হেপ্পীনেছ ক্লাছ আৰম্ভ কৰিছিল।কিন্তু ট্ৰাম্পৰ ভাৰত ভ্ৰমণৰ আগলৈকে এই বিষয়টোত চকু দিয়া নাছিলো।মিলেনিয়া ট্ৰাম্পৰ ভাৰত ভ্ৰমণৰ অংশবিশেষ দিল্লীৰ চৰকাৰী স্কুলৰ হেপ্পীনেছ ক্লাছত অংশগ্ৰহণৰ বাতৰিৰ পিছত এই বিষয়ে অলপ জানি-বুজি ল'বলৈ মন গ'ল।সেই বিষয়েই সাধাৰণ ভাৱে এই লেখাটিৰ জৰিয়তে আলোকপাত কৰা হ'ল|

কিনো এই হেপ্পীনেছ ক্লাছ :

দিল্লীৰ চৰকাৰী স্কুল সমূহত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণী পৰ্য্যন্ত 10 লাখৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে প্ৰায় 50 হাজাৰ শিক্ষক শিক্ষয়িত্ৰীৰ অধীনত গ্ৰহণ কৰিছে সুখী হোৱাৰ মূলমন্ত্ৰ।এই ক্লাছত প্ৰকৃতিকে সুখৰ পৰম উৎস হিচাপে লোৱা হৈছে।প্ৰকৃতি যে সুখৰ অমল উৎস এই সম্পৰ্কে নিশ্চয় বহল বাখ্যা অপ্ৰয়োজনীয়।ছাত্ৰ-ছাত্ৰী সকলক 45 মিনিটৰ এই বিশেষ ক্লাছটোত কেতিয়াবা প্ৰকৃতিৰ পৰা সৃষ্ট শব্দবোৰ নীৰৱে থাকি অনুভৱ কৰিবলৈ দিয়া হয়,কেতিয়াবা মনোযোগ দৃঢ় কৰিবলৈ নিস্তব্ধ হৈ থাকি নিজৰ হৃদস্পন্দন শুনিবলৈ দিয়া হয়,কেতিয়াবা কেইমিনিটমান প্রানায়াম কৰিবলৈ দি তাৰপিছত তেওঁলোকে ভালপোৱা বিষয় এটাৰ ওপৰত আলোচনা কৰিবলৈ দিয়া হয় অথবা বন্ধু-বৰ্গৰ লগত মনৰ কথা পাতিবলৈ দিয়া হয়।সাধু কোৱা,গীত-নৃত্য,খেল-ধেমালি ইত্যাদিবোৰটো থাকেই।এই ক্ষেত্ৰত এটা কথা মন কৰিবলগীয়া যে হেপ্পীনেছ ক্লাছ ল'বলৈ কোনো বিশেষ শিক্ষক-শিক্ষয়িত্ৰী নিযুক্তি দিয়াৰ কোনো প্ৰয়োজনীয়তা নাথাকে।যিয়েই এই ক্ষেত্ৰত আগ্ৰহী বা কৰিব পাৰিম বুলি বিশ্বাসী তেওঁকেই এই ক্লাছটো ল'বলৈ দিব পাৰি।কিন্তু কথা হ'ল Curriculum ত এই বিষয়টো অন্তৰ্ভুক্ত কৰিলেহে কথাটো প্ৰণালীবদ্ধ হ'ব।

হেপ্পীনেছ ক্লাছৰ প্ৰয়োজনীয়তা :

বৰ্তমান পৃথিৱী ভোগবাদৰ পৃথিৱী।প্ৰতিযোগিতাৰ নিগনি দৌৰত বেছিভাগেই দৌৰি আছে।কিন্তু সুখী হৈছেনে?বাকীবোৰ বাদেই দিছো কণ কণ ল'ৰা-ছোৱালীবোৰৰ মুখতেই আজিকালি প্ৰকৃতিৰ কথাতকৈ ,গান নাটক ইত্যাদিৰ কথাতকৈ ডাঙৰ গাড়ী, ঘৰ-দুৱাৰ, দামী দামী খেলা বস্তু ইত্যাদিৰ কথাহে শুনিবলৈ পাওঁ।কিন্তু কথা হ'ল কেৰিয়াৰ গঢ়াৰ দৌৰ বা প্ৰতিযোগিতাৰ দৌৰ আমাৰ কাৰণে ডাঙৰনে শিশুসকলৰ স্বাস্থ্য ডাঙৰ?নিশ্চিত ভাৱে স্বাস্থ্য।আৰু ভোগসৰ্বস্ব পৃথিৱী বা সমাজ এখনত সিহঁতৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য সুস্থ থাকিব জানো?আজিৰ এই corona কালতে আমি দেখিছো আমাক স্বাস্থ্য ৰক্ষাত প্ৰধানতঃ কিহে সহায় কৰিছে।আমি মৰ্মে মৰ্মে অনুভৱ কৰিছো স্বাস্থ্য ৰক্ষাৰ মূলমন্ত্ৰ নিজক সুখী কৰি ৰখাটো।কিন্তু আমি পাৰিছো জানো?আমি নাইপৰা।কাৰণ আমি যদি তথ্য জুকিয়াই চাওঁ তেনেহ'লে দেখা পাওঁ যে আমাৰ দেশ ভাৰতবৰ্ষ World Happiness Index ৰ সমীক্ষা অনুসৰি 2019 চনত 156 খন দেশৰ ভিতৰত 140 নম্বৰত আছে।2016/17/18 লৈ যদি আমি উভতি চাওঁ ,তেনেহ'লে দেখা পাম এই স্থান ক্ৰমাগত ভাৱে 118/122 আৰু 132 আছিল।উল্লেখযোগ্য যে অলপতে হোৱা সমীক্ষা মতে 140 খন দেশৰ ভিতৰত এইবাৰ ভাৰতৰ স্থান অৱনমিত হৈ হ'লগৈ 139.চুবুৰীয়া পাকিস্তান আৰু বাংলাদেশতকৈও যি স্থান তলত।অৰ্থাৎ বছৰ বাগৰিছে মানে সুখী দেশৰ তালিকাত ক্ৰমান্বয়ে পিছলৈ গতি কৰিছে আমাৰ দেশ।অন্যহাতে অন্য এক সমীক্ষা মতে ভাৰতবৰ্ষত প্ৰতি 24 ঘণ্টাত আত্মহত্যা কৰা লোকৰ সংখ্যা হৈছেগৈ 26 জন।নিচাগ্ৰস্ততা,পৰিয়ালকেন্দ্ৰিক সংঘাত ,অৰ্থৰ নাটনি,প্ৰেমৰ অসফল পৰিণতি ইত্যাদিবোৰ হৈছে আত্মহত্যাৰ মূল কাৰণ।গতিকে আমি ভবা উচিত নহবনে যে আমাৰ কৰবাত ভুল হৈছে আৰু ভুলটো গুৰিতে হৈছে।এই ভুলটো আমি আমাৰ ভৱিষ্যত প্ৰজন্মলৈ যদি ঠেলি দিব নোখোজো,তেনেহ'লে আমি তেওঁলোকক সুখী হ'বলৈ শিকাব লাগিব।এইখিনিতে এটা কথা কব লাগিব যে, সুখী হ'বলৈ স্কুলৰ প্ৰণালীবদ্ধ অধ্যয়নৰ ভিতৰুৱাকৈ কিবা এটা বিচৰাৰ মূল কাৰণ হ'ল এয়ে যে স্কুলীয়া ল'ৰা-ছোৱালীবোৰ বিশেষকৈ শিশুসকলৰ ক্ষেত্ৰত দেখা যায় যে মাক দেউতাকৰ ক্ষেত্ৰত তেওঁলোকে নিজৰ সন্তান সকলক কোৱা যিটো কথা 'গালো বালো খোলাকটি তাল' হয়গৈ,সেইটো কথা স্কুলত শিক্ষক-শিক্ষয়িত্ৰীয়ে কলে হৈ পৰে বিশ্বাস আৰু আস্থাৰ বিষয়।সেইটো স্বাভাৱিক।

শিক্ষাতকৈও আগত স্বাস্থ্য।স্বাস্থ্য ভালে থাকিবলৈ সৰু সৰু কথাত সুখী হোৱাটো বৰ জৰুৰী।সৰু সৰু প্ৰাপ্তিক আনন্দেৰে স্বীকাৰ কৰি লব জনাটো জৰুৰী।প্ৰতিযোগিতাতকৈ আনন্দেৰে জ্ঞান অৰ্জন কৰাটো বেছি জৰুৰী।এই কথাখিনিৰ বাবে আমাক স্কুলৰ সহায়ৰ প্ৰয়োজন।কোনো কোনো স্কুলত 'ব্যক্তিত্ব বিকাশ' ক্লাছৰ জৰিয়তে নৈতিকতাৰ কিছু পাঠদান কৰা হয়,যিটো খুব যোগাত্মক বিষয়।তেনেধৰণে সপ্তাহত দুটাকৈ হ'লেও যদি বিদ্যালয় সমূহে "হেপ্পীনেছ ক্লাছ" আৰম্ভ কৰে, তেনেহ'লে ইয়াৰ প্ৰভাৱ হ'ব সুদূৰপ্ৰসাৰী।টি. ভি. ৰ অনুষ্ঠানৰ জৰিয়তে দিল্লীৰ চৰকাৰী স্কুলৰ ছাত্ৰ-ছাত্ৰী সকলৰ এই ক্ষেত্ৰত যি অভিমত শুনিবলৈ/দেখিবলৈ পালো, সচাকৈ জ্ঞান অৰ্জন কৰাৰ বাটত তেওঁলোকে যেন বিচাৰি পাইছে এধানি ব্যতিক্ৰম সময়, য'ত তেওঁলোকে অনুভৱ কৰিছে নিজক -যি সময়ে পুনৰ ধাৰাবাহিক ৰুটিনৰ মাজলৈ ঘূৰি আহিবলৈ তেওঁলোকক ন-কৈ সজাই তুলিছে।

এনে এক পৰিৱেশ আমাৰ অসমৰ স্কুলবিলাকতো গঢ় লওক।শিশুমনবোৰ সুখী হওক।সুখী হ'ব আমাৰ সমাজ, আমাৰ দেশ।সৃষ্টিৰ উৎস বিনন্দীয়া প্ৰকৃতিৰ সংস্পৰ্শ পালে ,প্ৰকৃতিক অনুভৱ কৰিব পাৰিলে কোনো শিশু অসুখী হ'ব নোৱাৰে।কোনো শিশু ভৱিষ্যতে অপৰাধপ্ৰৱন হ'ব নোৱাৰে।গতিকে তেনেকুৱা এটা পৰিবেশ উপহাৰ দিয়াটো যিমানদূৰ সম্ভৱ আমাৰ দায়িত্ব।আনুষ্ঠানিক ভাৱে সহপাঠীৰ লগত এনে পৰিৱেশ উপভোগ কৰি ছাত্ৰ-ছাত্ৰী সকলে বিমল সুখ অনুভৱ কৰিব বুলি আমাৰ বিশ্বাস।আজিৰ এই গধুৰ আবদ্ধ মহামাৰীৰ পৰিবেশৰ অনলাইন ক্লাছৰ ক্ষেত্ৰতো যেনেকৈ সম্ভৱ এই ক্ষেত্ৰত কিবা এটা পদক্ষেপ ললে নিশ্চয় ইয়াৰ ফলাফলত সকলো লাভৱান হ'ব।গতিকে আমাৰ এই সামান্য লেখাটিৰ জৰিয়তে স্কুল কৰ্তৃপক্ষ আৰু অভিভাৱক সকলৰ দৃষ্টিগোচৰ হোৱাকৈ বিষয়টো উত্থাপন কৰিলো।আশা কৰিম অদূৰ ভৱিষ্যতে "হেপ্পীনেছ ক্লাছ" হ'ব অন্ততঃ অষ্টম শ্ৰেণীলৈকে শিশু সকলৰ বাবে সুখী হোৱাৰ আৰু জীৱন জিনাৰ মূলমন্ত্ৰ।