চুটি নাটঃ সুস্থ পৰিৱেশেই সু-স্বাস্থ্যৰ মূল

মজাফৰ আলী ৰাজ্যিক প্ৰালোচক, সমগ্র শিক্ষা, অসম
majafar ali

( কবিতাই চোতালত বহি থাকে। এনেতে ৰাখীয়ে বাহিৰৰ পৰা মাত দিয়ে )
ৰাখী : কবিতা অ' কবিতা ঘৰত আছানে ?
কবিতা : কোন অ' ভিতৰলৈ সোমাই আহা।
কবিতা : অ' ৰাখী দেখোন। আহা, আহা। ইমান দিন মাতি মাতি আনিব পৰা নাছিলো। আজি আহিলা যে বৰ ভাল লাগিল। বহা, বহা এই মূঢ়াটোতে বহা।
ৰাখী : হ'ব দিয়া। ধন্যবাদ। খুৰা-খুৰীহঁত নাই নেকি ?
কবিতা : নাই ৰ'বা কিবা এটা জৰুৰী কামত মা-দেউতা মণ্ডল খুৰাহঁতৰ ঘৰলৈ গৈছে। (ৰাখীয়ে নাকত ধৰে)
কবিতা : তুমি নাকত ধৰিছা বাৰু কিয় ?
ৰাখী : কিয় তুমি বেয়া গোন্ধ পোৱা নাই নেকি ? ইমান দূৰ্গন্ধ থাকিব নোৱাৰি দেই।
কবিতা : নাই, মই কোনো দূৰ্গন্ধ পোৱা নাই দেখোন। কিহৰ গোন্ধ পাইছা বাৰু ?
ৰাখী : শৌচৰ গোন্ধ পাইছো। তোমালোকে বাৰু ক'ত শৌচ কৰা ?
কবিতা : কিয় সুধিলা বাৰু ?
ৰাখী : নহয় মানে ইমান দূৰ্গন্ধ পাইছো যে ?
কবিতা : আমি ঘৰৰ পিছফালে শৌচ কৰোঁ।
ৰাখী : পিছফালে মানে মুকলি ঠাইত ?
কবিতা : অ আকৌ।
ৰাখী : কি ক'লা? ইছ ভগবান। তোমালোক সকলোৱে মুকলি ঠাইতে শৌচ কৰা নেকি ?
কবিতা : হয়, ঘৰৰ সকলোৱে আমি মুকলি ঠাইত শৌচ কৰোঁ।
ৰাখী : এইটো বৰ বেয়া কথা নহয়। কিয় তোমালোকৰ শৌচাগাৰ বনোৱা নাই?
কবিতা : নাই।
ৰাখী : কিয় তোমালোকৰ দেউতাৰাহঁতে নাজানে নেকি ?
কবিতা : জানো।
ৰাখী : শুনা কবিতা। মুকলি ঠাইত শৌচ কৰাতো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।
কবিতা : কিয় ?
ৰাখী : কিয় আমাক বৰুৱা ছাৰে শ্ৰেণীত কোৱা নাছিল জানো যে মুকলি ঠাইত য'তে-ত'তে শৌচ-পেচাৱ কৰিলে বহুতো বেমাৰ-আজাৰ হয় বুলি। তাৰোপৰি দূৰ্গন্ধৰ বাবে মানুহে থকা পৰিৱেশ দূষিত হয়। এতিয়া বুজি পালা ?
কবিতা : পালো।
ৰাখী : তেনেহ'লে খুৰাহঁতকে কথাষাৰ বুজাই ক'বা।
কবিতা : ক'ম বাৰু। আজিৰ পৰা আমি মুকলি ঠাইত শৌচ নকৰোঁ আৰু আমাৰ ওচৰ চুবুৰীয়া সকলকো ক'ম। পিছে ৰাখী আমি ক'ত শৌচ কৰিম?
ৰাখী : কিয় আজিকালি পঞ্চায়তৰ জৰিয়তে চৰকাৰে অনাময় শৌচাগাৰ দিয়াৰ ব্যৱস্থা কৰিছে নহয়।
কবিতা : হয় নেকি? আমি দেখোন গমেই নাপাওঁ। এই ব্যৱস্থা ক'ত আছে বাৰু ?
ৰাখী : নাজানা যদি শুনি লোৱা। পঞ্চায়তৰ যোগেদি জনস্বাস্থ্য কাৰিকৰী বিভাগে সম্পূর্ণ অনাময় অভিযানৰ ব্যৱস্থা কৰিছে। ইয়াৰ জৰিয়তে সুলভ মূল্যতে শৌচাগাৰ বনাব পাৰি।
কবিতা : পিছে আমি ইয়াৰ ব্যৱস্থা কেনেকৈ কৰিম ?
ৰাখী : ইয়াৰ বাবে বিতংভাৱে জানিবলৈ তোমালোকে তোমাৰ গাঁৱত থকা পঞ্চায়তৰ সদস্য বা সদস্যাৰ লগত যোগাযোগ কৰিব লাগিব।
কবিতা : হব বাৰু মই আজিয়ে দেউতাহঁতক ক'ম। কথাটো জনোৱাৰ বাবে তোমাক ধন্যবাদ ৰাখী।
ৰাখী : ধন্যবাদ। মই এতিয়া যাওঁ।
কবিতা : ৰ'বা, ৰ'বা । চাহ-পানী খাই যাবা।
ৰাখী : নাই, নাই । আজি নাখাওঁ দিয়া। অন্য এদিন আহিলে খাম। যাওঁ দিয়া।
কবিতা : ঠিক আছে বাৰু।