এক সমৃদ্ধিৰ প্ৰস্থানত

ডঃ বিনীতা বৰা দেৱচৌধুৰী সহযোগী অধ্যাপিকা, ভট্টদেৱ বিশ্ববিদ্যালয়
binita bora dev choudhury

২০২১চনৰ ১২মে'৷অসমৰ সাহিত্য,সমাজ, ৰাজনীতি,বৌদ্ধিক পৰিমণ্ডলত এটা যুগৰ অন্ত৷পৃথিৱী জুৰি সৃষ্টি হোৱামহামাৰীয়ে অসমতো এটা যুগৰ অন্ত পেলালে৷ক'ভিডক পৰাস্ত কৰাৰ পিছতো ৰক্ষা নাপালে জীৱন পিয়াসী মানুহজনে৷নিজে বিচৰা ধৰণেৰেই কোনো কৃত্ৰিম শ্বাস প্ৰশ্বাসত জীয়াই নথকাকৈ আঁতৰি গ'ল প্ৰজ্ঞাৰ সাধক হোমেন বৰগোহাঞি৷লগে লগে অন্ত পৰিল অসমৰ বৌদ্ধিক চৰ্চাৰ এটা বৰ্ণিল যুগৰ৷সাংবাদিকতাৰ এটা বৰ্ণাঢ্য যুগৰ আৰু অসমীয়া সৃষ্টিশীল সাহিত্যৰ এটা ভৰপূৰ যুগৰ৷

homen borgohain

হোমেন বৰগোহাঞি এটা নাম নহয়৷এটা অনুস্থান৷১৯৩২ চনৰ ৭ডিচেম্বৰত লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম হৈছিল হোমেন বৰগোহাঞিৰ৷পিতৃৰ নাম আছিল ইন্দ্ৰধৰ বৰগোহাঞি আৰু মাতৃৰ নাম আছিল আইতা বৰগোহাঞি৷১৯৫০ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰাৰ পিছত১৯৫২ চনত কটন কলেজৰ পৰা আই৷এছ৷চি আৰু ১৯৫৪ চনত কটন কলেজৰ পৰাই ইংৰাজীত সন্মান সহকাৰে স্নাতক ডিগ্ৰীলাভ কৰে৷১৯৫৫চনত অসম প্ৰশাসনীয় সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈ মাজুলীত উপ প্ৰতি সমাহৰ্ত্তা হিচাবে যোগদান কৰে৷১৯৫৭ চনত প্ৰকাশ পায় প্ৰথম খন গল্প পুথি "বিভিন্ন কোৰাচ"৷১৯৫৮ চনত বিশিষ্ট লেখিকা নিৰুপমা তামুলীৰ লগত বিবাহপাশত আৱদ্ধ হয়৷১৯৬৮ চনত চৰকাৰী চাকৰিৰ পৰা ইস্তফা দি"সাপ্তাহিক নীলাচল"ৰ সম্পাদকৰ দায়িত্ব লোৱাৰ পৰা আৰম্ভ হয় অসমৰ সংবাদ জগতত এক বৰ্ণাঢ্য যুগৰ৷ "নীলাচল"ৰ পৰা "সাপ্তাহিক নাগৰিক", "লোকায়ত" আলোচনী, "আজকাল", "সমকাল" আলোচনী, "সূত্ৰধাৰ" আলোচনী৷, "কিশোৰ" আলোচনী, "অসমবাণী","আমাৰ অসম","দৈনিক বাতৰি","সাতসৰী" আলোচন","নিয়মীয়া বাৰ্তা","স্বাস্থ্য "আলোচনী,নিউজ লাইভৰ "কথা-বাৰ্তা" লৈকে সাংবাদিকতা জগতৰ এক সুদীৰ্ঘ যাত্ৰাত সাংবাদিকতাক এক বৌদ্ধিক পৰিমণ্ডলপ্ৰদান কৰি থৈ গ'ল হোমেন বৰগোহাঞিয়ে৷

কবিতা,গল্প,উপন্যাস,বিভিন্ন সৃষ্টিশীল ৰচনা,আত্মজীৱনীমূলক গ্ৰন্থ,সম্পাদিত সাহিত্য সম্ভাৰেৰে অসমীয়া সাহিত্যৰ ভঁৰাল যথাৰ্থ অৰ্থত চহকী কৰা হোমেন বৰগোহাঞিয়ে শিশু আৰু কিশোৰৰ বাবেও কেইবাখনো গ্ৰন্থ ৰচনা কৰিছে৷ অনুবাদ কৰিছে"মোৰ প্ৰিয় পাঁচটা জাৰ্মান গল্প"৷অসমীয়া ভাষা সাহিত্যলৈ "বিশ্বকোষ"ৰ পাঁচটা খণ্ড প্ৰকাশেৰে বৰগোহাঞিয়ে অনবদ্য অৰিহনা যোগাই থৈ গ'ল৷ ২০০১ চনৰ অসম সাহিত্য সভাৰ ডিব্ৰুগড় অধিবেশনত তেখেতে সভাপতিৰ আসন অলংকৃত কৰিছিল৷

নিজৰ কৰ্ম আৰু সৃষ্টিৰাজিৰে অসমৰ বৌদ্ধিক পৰিমণ্ডল চহকী কৰা হোমেন বৰগোহাঞিয়ে প্ৰজন্মৰ পিছত প্ৰজন্ম অসমীয়া মানুহক কিতাপ পঢ়িবলৈ শিকালে৷গদ্যৰ সাধনা কৰিবলৈ শিকালে৷তেখেতৰ গদ্যৰ যি চুম্বকীয় আকৰ্ষণ-সেই আকৰ্ষণে বয়স নিৰ্বিশেষে সকলো পাঠকক বান্ধি ৰখাৰ লগতে দিয়ে চিন্তাৰ খোৰাক৷তেখেতৰ ৰচনাই চিনাকি হ'বলৈ বাধ্য কৰায় পাঠকক দেশীবিদেশী বিভিন্ন সাহিত্যৰাজি আৰু সাহিত্যিকৰ লগত৷ সাহিত্য,সংগীত,ছবি,চলচ্চিত্ৰ সকলোতে আছিল তেখেতৰ অনায়াস বিচৰণ৷জীৱনৰ প্ৰতিটো পল উদযাপন কৰিব খোজা মানুহজনে বিশেষ ভাৱে সক্ষম অথচ প্ৰতিভাৱান সকলৰ বাবে আৰম্ভ কৰিছিল"কৰুণাধাৰা"ৰ দৰে অনুষ্ঠানৰ৷যিয়ে এতিয়াদুৰাৰোগ্য ৰোগত আক্ৰান্ত সকলকো সহায় কৰি আহিছে৷হোমেন বৰগোহাঞিয়ে একশ্ৰেণীৰ লেখক সৃষ্টি কৰিলে৷বিশেষকৈ তৰুণ প্ৰজন্মৰ ওপৰত তেখেতৰ আছিল গভীৰ আস্থা৷য'তেই সম্ভাৱনা দেখিছিল তাতেই প্ৰেৰণাৰ সাৰ পানী যোগাই বৃক্ষ কৰি তুলিবলৈ চেষ্টা কৰিছিল৷চাৰিকড়ীয়া নৈৰ পাৰত জন্ম গ্ৰহণ কৰা মানুহজনেনদী আৰু প্ৰকৃতিৰ কোলাত জীৱন অনুভৱ কৰিছিল৷স্বাস্থ্য ৰক্ষাৰ বাবে সদা সচেতন মানুহজন খাদ্যৰসিকো আছিল৷বিশেষকৈ কথা বতৰাত সূক্ষ্ম হাস্যৰস সৃষ্টিত অতুলনীয় আছিল৷

২০২১ চনৰ ১২ মে' তাৰিখে যেন সুৰ্যোদয়ৰ মুহূৰ্ততে সূৰ্য্যাস্ত হ'ল৷স্তব্ধ হৈ পৰিল এটা যুগ-হৈ পৰিল বুৰঞ্জী৷অসমীয়া জাতি জীয়াই থাকে মানে জীয়াই থাকিব হোমেন বৰগোহাঞি৷ব্ৰহ্মপুত্ৰ বৈ থাকে মানে বৈ থাকিব তেখেতৰ সৃষ্টিৰাজি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ৷