মূল্যবোধৰ ষ্টেচনত আমিবোৰ

ড° পংকজা বৰুৱা অধ্যক্ষ ডায়েট কামৰূপ তথা সভাপতি, জিলা শৈক্ষিক অন্তঃকৰণ গোট
PankajaBarua

আমি একেবাৰে কণমানিটোৰ পৰা আৰম্ভ কৰি বয়সে গৰকা প্ৰজন্মটোলৈকে সকলোৱে সংগঠনমুখীতাৰ এক বহু তৰপীয়া পৰ্যায়ৰ দুৱাৰ খুলি যাত্ৰা কৰো। এটা স্বীকাৰ্য আছে যে যদিহে সৰু অৱস্থাতে অৰ্থাৎ ল'ৰা ছোৱালীৰ মন,শৰীৰ আৰু স্বভাৱ পৈণত নহওঁতেই এই সংগঠনমুখী অভ্যাসটো গঢ়ি তুলিব পাৰে তেন্তে পিছলৈ সেই ল'ৰা ছোৱালীৰ ব্যক্তিগত আৰু সামাজিক গুণৰাজীৰ সঠিক প্ৰতিফলন হয়। শিশুৱে অনুকৰণ প্ৰবৃত্তিৰ মাজেৰে আগবাঢ়ে। এনে ক্ষেত্ৰত জ্যেষ্ঠ প্ৰজন্মবোৰৰ মাজত সমাজ তথা সংগঠিত মূল্যবোধবোৰৰ সৈতে অৱস্থান এটা দেখা পালে সেয়া পিছৰ প্ৰজন্মই অনুকৰণ কৰে। এনে অভিযোজনক্ষম পৰিৱেশ এটাৰ মাজতে শিশুৱে আন্তৰিক অনুভৱবোৰৰ সৈতে জিন যায়। শিশুৰ সুপ্ত অৱস্থাত থকা সৎগুণ আৰু প্ৰতিভাসমূহ বিকশিত কৰিবলৈ সমাজৰ প্ৰতিজন ব্যক্তিৰ দায়িত্ব আৰু কৰ্তব্য আছে। এয়া শিক্ষক, শিক্ষাৰ্থী আৰু সমাজৰ সমন্বিত প্ৰচেষ্টাৰ অংশ হোৱা উচিত। তাকে কৰিবলৈ যাওঁ‌তে আমি কেতিয়াবা চেতনাস্ৰোতৰ গতিধাৰাক খুব সাৱধানতাৰে মন কৰা উচিত। আমি আহি আহি এনে এক পৰ্যায়ত উপনীত হৈছো যে একেবাৰে মানৱীয় প্ৰমূল্যখিনিও আমাক চৰকাৰ বা প্ৰশাসনেহে জগাই দিব লগা অৱস্থা হৈছে। পিতৃ মাতৃৰ যত্ন লোৱাৰ দৰে স্পৰ্শকাতৰ কথাবোৰ এতিয়া চৰকাৰী বৃত্ত এটাৰ পৰা মনত পেলাই দিব লগা হৈছে। এফালৰ পৰা চাবলৈ গ'লে এই কথাটো চৰকাৰী বা গণতান্ত্ৰিক পৰিমণ্ডলৰ উদগনি। কিন্তু আনহাতেদি এই সমগ্ৰ ঘটনাৱলী পিতৃ মাতৃৰ প্ৰতি মমতাবোধ বা পিতৃ মাতৃৰ সন্তানৰ প্ৰতি থকা স্নেহবোধৰ কৰবাত হোৱা তাৰতম্যৰো অংশ।

মূল্যবোধৰ ষ্টেচনত ৰৈ থাকি আমি এই কথাবোৰ পাগুলী চোৱাৰ সময় কিন্তু সমাগত। মূল্যবোধক এক অন্তৰীণ উপলব্ধি হিচাপে প্ৰতিনিয়ত জগাই তুলিবলৈ আমি শিক্ষাকেই মাধ্যম হিচাপে ল'ব লাগিব। এই শিক্ষাৰেই অন্য নাম সৰ্বাংগীণ শিক্ষা। য'ত এগৰাকী শিকাৰুৱে সকলো প্ৰকাৰে সুস্থিৰ পৰিৱেশত নিৰ্দ্ধাৰিত অৰ্হতা আৰু মানৱীয় গুণৰাজীৰ সৈতে সৰ্বতোপ্ৰকাৰে পৰিপূৰ্ণ শিক্ষা আহৰণ কৰিব পাৰে।

সৌ সিদিনা চৰকাৰে দিয়া পিতৃ মাতৃৰ যতনকালীন ছুটিৰ প্ৰসংগটোত এটা বিশেষ বাৰ্তা আছে। ই এক প্ৰতীকী কাৰ্য। এফালেদি কৰ্তব্যৰ ব্যস্ততাৰ বাবে নিজৰ পিতৃ মাতৃৰ প্ৰতি উপযুক্ত সময় দিব নোৱাৰাজনৰ বাবে দুদিনীয়া ছুটি। আনফালেদি ইচ্ছা কৰি এই মানৱীয় দায়িত্ব আৰু কৰ্তব্যক অৱহেলা কৰাজনৰ বাবে এক ডাঙৰ শিকনি। সমাজৰ উচ্চ শিক্ষাৰে শিক্ষিতজনৰ যদি মানৱীয় প্ৰমূল্যবোধ ধুসৰিত হৈছে, তেন্তে এয়া অনুধাৱন কৰাৰ সময়। অৱশ্যে জীৱিকাৰ ভয়াৱহ প্ৰত্যাহ্বানৰ বাবে বহু লোকে তীব্ৰ ইচ্ছা থকা স্বত্বেও নিজৰ ঘৰখনক পৰ্যাপ্ত সময় দিব নোৱাৰি বিমৰ্ষ হৈ পৰা দেখা যায়। এটা কথা সঁ‌চা যে এতিয়াও আমাৰ সমাজখনত মানৱীয় আশাৰ চাকিগছি ভালদৰেই জ্বলি আছে। দুই এটা বিক্ষিপ্ত উদাহৰণক বাদ দি সৰহসংখ্যকেই নিজস্ব মানৱীয় কৰ্তব্যৰ প্ৰতি সদা সচেতন বুলি আমি ভাবো। তৎস্বত্বেও আমি মূল্যবোধৰ শিক্ষাৰ দিশটো বেছি গুৰুত্ব দিব লগা হৈছে। বজাৰ অৰ্থনীতিৰ দিনত শিক্ষা পণ্যলৈ পৰিণত হোৱা কথাটো এইক্ষেত্ৰত অত্যন্ত স্পৰ্শকাতৰ। আমি যে নম্বৰ নিৰ্ভৰ মানদণ্ডৰ যুগত বাস কৰিছো। সেয়াও কিন্ত পৰোক্ষভাবে সমগ্ৰ কথাবোৰৰ লগত জড়িত। অৱশ্যে এয়া মোৰ ব্যক্তিগত মতামত। পাঠকৰ দৃষ্টিভংগী ভিন্ন হোৱাটো স্বাভাৱিক। কিন্তু এই সমগ্ৰ কথাবোৰৰ বেয়া প্ৰভাৱৰ পৰা আমাৰ নতুন প্ৰজন্মটোক মুক্ত কৰি ৰাখিবই লাগিব। প্ৰমূল্যবোধ জন্মলব্ধ নহয়, ই দৃষ্টান্তৰ পৰা উদ্ভুত আৰু তেনেকৈয়ে পৰ্যায়ৰ মাজেৰে গাঢ়ৰ পৰা গাঢ়তৰ হয়। এইক্ষেত্ৰত নিজক বিচাৰ কৰি চোৱা, উপলব্ধি কৰাৰ প্ৰয়োজন আছে। মহাত্মা গান্ধীয়ে কৈছিল, 'আমি যিটো পৰিৱৰ্তন বিচাৰোঁ সেই পৰিৱৰ্তনটো সৰ্ব্ব প্ৰথমে হ'ব লাগিব আমি নিজেই।'

ছাত্ৰ সমাজে সমাজ ব্যৱস্থাক ন-ৰূপত গঢ় দি তুলিবৰ বাবে তেঁ‌ওলোকক পূৰ্ব ধাৰণা আমি দিব লাগিব। এইক্ষেত্ৰত ছাত্ৰসমাজৰ লগত প্ৰতিজন নাগৰিক সচেতন আৰু সহযোগী হ'ব লাগিব। অভিভাৱকত্বও ল'ব লাগিব প্ৰয়োজন অনুসাৰে। নতুন প্ৰজন্মক আধ্যাত্মিকতাৰ সাৰমৰ্মও শিকাব লাগিব। আধ্যাত্মিকতাই মানুহক স্থিৰতা প্ৰদান কৰে। জীৱনৰ পৰমতম শান্তিৰ আধাৰ এই আধ্যাত্মিকতা। এই সকলোবোৰ মিলিয়েই মূল্যবোধৰ সৰ্বাংগীণ তত্ত্বৰ বিকাশ হৈছে। গতিকে মূল্যবোধ আমাৰ বাবে এক ষ্টেচন। য'ৰ পৰা আমি লক্ষ্যস্থানলৈ যাবলৈ ভাবনাৰ গাড়ীখন সময়মতে পাও।