মহীৰূহৰ মহাপ্ৰয়াণ(হোমেন বৰগোহাঞিৰ স্মৃতিত)

কমলেশ্বৰ ডেকা বি আৰ পি, হাজো।
kamaleswar deka

(১)
সামান্য অজুহাতত
জালিকতা যাদুকৰী ৰাত্ৰী
হাতত সাৰে ভৰিত সাৰে
মায়ামোহ নেওচি
মহীৰূহ গুচি গ'ল গৈ অহাবাটে ।

(২)
চাৰিকড়ীয়া নৈৰ ভটিয়নি সোঁতত
সাউদৰ পুতেকৰে নাওঁ মেলি
হালধীয়া চৰাইক বাঁওধান খুৱায়
পিতা পুত্ৰক বিচ্ছেদ কৰি
নিৰ্ভীকতা, স্পষ্টবাদিতা আৰু কঠিনতাৰ
অস্ত্ৰ সামৰি-সুতুৰি
অন্ত হ'ল এটা যুগৰ ।

(৩)
সাহিত্যৰ কাণ্ডাৰী, সমাজ হিতৈষী হৈওঁ
তোমাৰ গৰ্বিত মন
ৰুদ্ধ কাৰাগাৰত আৱদ্ধ দেখি
মই আবেগত ইতস্ততঃ ।

(৪)
তোমাক হেজাৰ নমস্কাৰ!
ছায়াছবিৰ মায়া আঁকি
জীৱন নাটৰ দস্তাবেজ সামৰি
মহাপ্ৰয়াণ মহানায়কৰ ।