তত্ত্বাবধায়িকাৰ একাষাৰ

সংগীতা গোস্বামী জিলা আঁচনি বিষয়া ( শিক্ষক প্ৰশিক্ষণ), সমগ্ৰ শিক্ষা, কামৰূপ
sangita goswami

'গুৰুবাৰ্তা'ৰ যোগেদি সকলো শিক্ষাগুৰুলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছো। এইবাৰ গুৰুবাৰ্তাৰ চতুর্থ প্ৰকাশ( ২য় বছৰ প্ৰথম প্ৰকাশ) । বৈদ্যুতিন মাধ্যমত প্ৰকাশ পোৱা জিলা অন্ত:কৰণ গোট (DACG) তৰফৰ পৰা আলোচনীখন প্ৰকাশৰ মুখ্য উদ্দেশ্য হৈছে শিক্ষা গুৰুসকলৰ মনৰ বতৰা জানিব পৰা লগতে তেখেতসকলৰ দিহা পৰামৰ্শৰে জিলাখনৰ ছাত্র-ছাত্ৰীৰ শৈক্ষিক উত্তৰণ নিশ্চিত কৰা। বিভিন্ন সময়ত বিদ্যালয় সমূহত হৈ থকা কামবোৰৰ বিষয়ে প্ৰকাশ কৰাৰ মাধ্যম বিচাৰি নাপাওঁ, যি কামে হয়তো আৰু আন বহু বিদ্যালয়ৰ শৈক্ষিক উত্তৰণৰ বাট প্ৰশস্ত কৰিব পাৰে। গুৰুবাৰ্তাৰ মাধ্যমেৰে আপোনাসৱৰ উদ্ভাবনীমূলক কামবোৰ প্ৰকাশৰ বাবে আমি ইচ্ছুক।

সাম্প্রতিক সময়ত ক'ভিড-১৯ অতিমাৰীৰ ভয়াবহ সংক্রমণৰ বাবে চৰকাৰীভাৱে বিদ্যালয় সমূহ বন্ধ হৈ পৰিছে। এনে পৰিস্থিতিতো ছাত্র ছাত্রীয়ে ঘৰত থাকিয়েই শিকনৰ ফলাফল সমূহ আয়ত্ব কৰাবৰ বাবে শিক্ষক- শিক্ষয়িত্ৰী, অভিভাবক অভিভাৱিকাসকলৰ সমন্বিত প্ৰচেষ্টাৰ প্ৰয়োজন। সেয়েহে সকলোৰে প্ৰচেষ্টাত ছাত্র-ছাত্ৰীৰ শিকন ঘাটি নোহোৱাকৈ আগবঢ়াই নিব লাগিব।

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ৰ আধাৰত প্ৰাক্তন প্ৰাথমিক পৰ্যায়ৰ পৰা বুনিয়াদী শিক্ষা আৰু সংখ্যা জ্ঞানৰ (Foundational Literacy And Numeracy) ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে। ইয়াত পঠনত অগ্ৰাধিকাৰ দিয়া হৈছে। ইয়াৰ যোগেদি প্ৰাৰম্ভিক পৰ্যায়ৰ পৰা শিশু সকলে আখৰ চিনি পাব, শব্দ আৰু বাক্য গঠন কৰিব পাৰিব। এই ক্ষেত্রত মৌখিক ভাষা বিকাশতো প্ৰাধান্য দিয়া হৈছে। সাধু কোৱা, আকস্মিক বক্তৃতা, তৰ্ক প্ৰতিযোগিতা আদি কাৰ্য্যৰ যোগেদি ছাত্র-ছাত্ৰীৰ মৌখিক ভাষাৰ বিকাশ সাধন কৰা ।

পঠনৰ গুৰুত্ব অনুধাৱন কৰি এইবাৰ পহিলা জানুৱাৰী ২০২২ৰপৰা "১০০ দিনীয়া পঠন অভিযান" আৰম্ভ কৰা হৈছে। বিদ্যালয় বন্ধ থাকিলেও বিভিন্ন ক্ৰিয়াকলাপৰ যোগেদি ছাত্র-ছাত্ৰীৰ পঠন অভ্যাস ঘৰতে গঠন কৰাৰ বাবে চেষ্টা কৰিব লাগিব। বিদ্যালয় পুথিভঁৰালৰ পুথিসমূহ ছাত্র-ছাত্ৰীক অভিভাৱকৰ যোগেদি দিয়াৰ ব্যৱস্থা কৰাৰ লগতে ছাত্র-ছাত্ৰীক গল্প, কবিতা, প্ৰৱন্ধ আদি লিখিবৰ বাবে উদগনি যোগাব। ইয়াৰ বাবে লাগিব পৰিকল্পনা আৰু কাৰ্য্যকৰীকৰণৰ বাবে বিদ্যালয় পৰিচালনা সমিতি, অভিভাৱকৰ অভিভাৱিকাসকল আৰু স্হানীয় ৰাইজৰ সহযোগিতা নিশ্চিত কৰা।

সদৌ শেষত জিলা অন্ত:কৰণ গোটৰ সভানেত্রীকে মুখ্য কৰি সকলো সদস্য তথা শিক্ষাগুৰুলৈ ধন্যবাদ জনাইছোঁ। আশা ৰাখিছো গুৰুবাৰ্তাই জিলাখনৰ শৈক্ষিক উত্তৰণৰ বাটকটীয়া হ'ব।