গোহালকোণা- অন্য এক পদক্ষেপ

অপূৰ্ব ঠাকুৰীয়া কামৰূপ জিলা প্ৰাথমিক শিক্ষা বিষয়া
ApurbaThakuria

বিদ্যালয় এখনৰ অন্যতম চালিকা শক্তি হ'ল উপযুক্ত আৰু পৰ্যাপ্ত শিক্ষক। প্ৰয়োজনীয় শিক্ষক অবিহনে পাঠদান প্ৰক্ৰিয়া ব্যাহত হোৱাই নহয় বিদ্যালয় খনৰ সামগ্ৰিক উন্নয়নৰ গতিও স্থবিৰ হৈ পৰে। এনে সংকট যদি কোনো এক নিৰ্দিষ্ট ভাষা বা অঞ্চল কেন্দ্ৰীক হয়, তেন্তে বিষয়টো অধিক জটিল হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰে। অৱশ্যে এনে সমস্যাবোৰ স্থানীয়ভাৱে সমাধান কৰাত গুৰুত্ব আৰোপ কৰিব পাৰিলে অধিক সুফল পোৱা যায়।

কামৰূপ জিলাৰ সীমান্তৱৰ্তী এলেকাত এনে কিছু জটিল শৈক্ষিক সমস্যা আছে। এইবোৰৰ ভিতৰত বিদ্যালয় সমূহত পৰ্য্যাপ্ত শিক্ষকৰ অভাৱ অন্যতম। বকো, ৰাণী, ছয়গাঁও শিক্ষা খণ্ডৰ অন্তৰ্গত অসম-মেঘালয়ৰ সীমামূৰীয়া ভালেমান বিদ্যালয়ৰ ই এক দীৰ্ঘ দিনীয়া সমস্যা। বিশেষকৈ গাৰো মাধ্যমৰ বিদ্যালয়ত এই সমস্যা অধিক গুৰুতৰ। সমগ্ৰ শিক্ষা, কামৰূপৰ এক তথ্য মতে জিলাখনৰ সীমান্তৱৰ্তী এই অঞ্চলৰ গাৰো মাধ্যমৰ ৭২ খন বিদ্যালয়ত মাত্ৰ ১১৫ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী আছে। ইয়াৰে কেবাগৰাকীৰ অৱসৰৰ সময় সমাগত। গাৰো মাধ্যমৰ টেট উত্তীৰ্ণ প্ৰাৰ্থী নথকাত শিক্ষকৰ খালি পদ পূৰণ কৰাৰ থল নাথাকে। ফলত গাৰো মাধ্যমৰ বিদ্যালয়ত পৰ্যাপ্ত শিক্ষক নথকা সমস্যাটো অধিক ঘনীভূত হ'ব ধৰিছে।

অসম-মেঘালয়ৰ সীমান্তৱৰ্তী বকো শিক্ষা খণ্ডৰ অন্তৰ্গত মূলত গাৰো সম্প্ৰদায়ৰ লোকৰ বসতি প্ৰধান গোহালকোণাও তেনে এক শৈক্ষিক সমস্যাৰে জৰ্জৰিত এটি অঞ্চল। ইয়াৰ ওচৰ-পাজৰৰ এঘাৰ খন গাওঁৰ সমস্যাও তথৈবচ। তাৰোপৰি, যাতায়তৰ দুৰৱস্থা আৰু থকাৰ সু-ব্যৱস্থা নথকাত এই আওহতীয়া ঠাইলৈ দূৰৈৰ শিক্ষকে সেৱা আগবঢ়াবলৈ অনিহা প্ৰকাশ কৰে। কোৱা নিস্প্ৰয়োজন যে গাৰো সম্প্ৰদায়ৰ শিক্ষিত যুৱক-যুৱতীয়ে টেটত উত্তীৰ্ণ হৈ নিজ নিজ অঞ্চলত শিক্ষকতা কৰাৰ বাবে আগবাঢ়ি আহিলেহে এই সমস্যা সমাধানৰ পথ বহুলাংশে মুকলি হ'ব। অৱশ্যে ইয়াৰ বাবে লাগিব তেনে সম্ভাৱনাময়ী শিক্ষিত যুৱক-যুৱতীক টৈটত উত্তীৰ্ণ হ'বৰ বাবে উপযুক্ত প্ৰশিক্ষণ দি এক পৰিবেশ ৰচনা কৰা। কিয়নো, দুই-এক গাৰো মাধ্যমৰ যুৱক-যুৱতীয়ে ইতিমধ্যে টৈটত অৱতীৰ্ণ হৈছে যদিও সন্তোষজনক ফলাফল লাভ কৰা নাই।

এনে সন্ধিক্ষণত সমস্যাৰ জটিলতা অনুধাৱন কৰি তথা স্থানীয়ভাৱে সমাধানৰ আশাৰে ২০২১ চনৰ চেপ্তেম্বৰ- অক্টোবৰ মাহত লোৱা হ'ল এক বিশেষ উদ্যোগ। গোহালকোণাৰ শৈক্ষিক উত্তৰণ মনে প্ৰাণে বিচৰা কেইগৰাকীমান সমাজকৰ্মী বিশেষকৈ জনছন চাংমা, হাৰ্দিক ডি চাংমা, গাঁওখনৰ গাওঁবুঢ়া এল চাংমা আদিৰ সহযোগত আৰু কেবাগৰাকীও শিক্ষাসদীক সাৰথি কৰি বৃহত্তৰ অঞ্চলটোৰ ৩৩ গৰাকী টেট প্ৰত্যাশী যুৱক-যুৱতী সকলৰ বাবে আয়োজন কৰা হ'ল এক ফলপ্ৰসূ প্ৰশিক্ষণ কাৰ্যসূচী। মূলত অনলাইন ব্যৱস্থাৰে প্ৰতি সন্ধ্যা গুগল মিট প্লেটফৰ্মত প্ৰশিক্ষণ কাৰ্য সম্পাদন কৰা হয়। হোৱাইটচ্ এপ গ্ৰুপ খুলি সেই শিকন গ্ৰুপটোত আবশ্যকীয় শিকন-সমল, প্ৰশ্নোত্তৰ আৰু অনুপ্ৰেৰণা মূলক অডিঅ'-ভিডিঅ' আদি নিয়মীয়াকৈ পোষ্ট কৰা হয়। লগতে শিক্ষাৰ্থী সকলৰ নিয়মীয়া অংশগ্ৰহণো তদাৰক কৰাৰ ব্যৱস্থা কৰা হয়। শিক্ষাৰ্থী সকলেও অন্তঃকৰণেৰে পাঠদানত অংশগ্ৰহণ কৰে। এই প্ৰচেষ্টা পৰীক্ষাৰ দুদিন আগলৈকে চলিল। বিদ্যায়তনিক দক্ষতাৰে পুষ্ট কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড. প্ৰণৱ শইকীয়াকে প্ৰমুক্ষ কৰি বিশ্ববিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকা ক্ৰমে ড. দীপাংকৰ মালাকৰ, ড. অৰ্চনা অধিকাৰী, ড. দেৱযানী দুৱৰা, ড. অৰুণিমা বৰা, ড. ইন্দ্ৰানী কলিতা, দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ পৰেশ বৈশ্য, ডায়েট নলবাৰীৰ প্ৰবক্তা গীতিকা দত্ত শৰ্মা, সমগ্ৰ শিক্ষা অসমৰ বিষয়া মজাফৰ আলী, গলীয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গীৰিন্দ্ৰ কাশ্যপ আদি কেবাগৰাকীও সমল ব্যক্তিৰ আশাশুধীয়া প্ৰচেষ্টাত প্ৰশিক্ষণত ভাগ লোৱা টেট অৱতীৰ্ণ প্ৰাৰ্থীৰ ১৩ গৰাকীয়ে একেবাৰতে প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক সদ্য ঘোষিত টেটত উত্তীৰ্ণ হ'বলৈ সক্ষম হয়। ফলত বৃহত্তৰ গোহালকোণাৰ গাৰো মাধ্যমৰ বিদ্যালয় কেইখনৰ শিক্ষকৰ অভাৱ কিছু পৰিমাণে নিৰ্মূল হোৱাৰ পথ প্ৰশস্ত হ'ল। এই খবৰে গাৰো সম্প্ৰদায়ৰ লোক সকলৰ মাজত আনন্দৰ বন্যা বয়। অসম বিধানসভাৰ মজিয়াতো বিষয়টোৱে চৰ্চা লাভ কৰে আৰু এই শ্ৰেষ্ঠ অনুশীলনৰ বাবে অসম বিধানসভাত শাসক-বিৰোধী উভয় পক্ষৰ পৰা ধন্যবাদ জ্ঞাপন কৰা হয়। আনকি, অসমৰ শিক্ষামন্ত্ৰীয়ে গোহালকোণালৈ আহি টেট উত্তীৰ্ণ প্ৰাৰ্থী সকলক সম্বৰ্দ্ধনা জ্ঞাপন কৰি থৈ যায়।

গোহালকোণাৰ তাৎপৰ্যপূৰ্ণ প্ৰচেষ্টাটিৰ কথা আজি ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় বাতৰি কাকতত প্ৰতিফলিত হৈছে । এই ক্ষুদ্ৰ প্ৰয়াসক সকলোৱে মিলি এক জন‌ আন্দোলন কৰাৰ থল আছে। গোহালকোণাৰ অভিজ্ঞতাই অন্তত তেনে এক বাৰ্তাকে কঢ়িয়ায়।।