'গুৰুবাৰ্তা' আৰু প্ৰত্যাশা

ড° পংকজা বৰুৱা অধ্যক্ষা, ডায়েট কামৰূপ আৰু সভাপতি জিলা শৈক্ষিক অন্তঃকৰণ গোট

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান কামৰূপত অধ্যক্ষা হিচাপে যোগদান কৰাৰ পিছত মোৰ বাবে 'গুৰুবাৰ্তা'ৰ এইটো প্ৰথম সংখ্যা। সমগ্ৰ শিক্ষা কামৰূপ আৰু ডায়েট কামৰূপৰ এই যৌথ মঞ্চখনৰ জন্ম হৈছিল যোৱা ফেব্ৰুৱাৰী মাহত। প্ৰকাশৰ দায়িত্ব পৰিছিল জিলা শৈক্ষিক অন্তঃকৰণ গোট অৰ্থাৎ District Academic Core Group (DACG)ৰ ওপৰত। এই গোটৰ অধ্যক্ষা হিচাপে কামৰূপ জিলাখনৰ মূল শিক্ষা প্ৰশাসন প্ৰণালীটোত আমি প্ৰশিক্ষণ আৰু শৈক্ষিক অংশীদাৰ হিচাপে বহুখিনি কাম কৰিব লগা আছে। এইক্ষেত্ৰত জিলাখনৰ সন্মানীয় প্ৰাথমিক শিক্ষা বিষয়া, স্কুল পৰিদৰ্শক, সমগ্ৰ শিক্ষাৰ বিষয়ববীয়াসকলৰ সৈতে কামৰূপ জিলাত এক গুৰুত্বপূৰ্ণ সমন্বিত প্ৰচেষ্টাৰ প্ৰতিফলন দেখা যায়। সন্মানীয় শিক্ষকসমাজে এই synergy টোৰ সৈতে আন্তৰিক প্ৰচেষ্টাৰে কাম কৰি আহিছে। সেয়ে আমি ভাবো জিলাখনৰ পৰা আৰম্ভ কৰা 'গুৰুবাৰ্তা' নামৰ এই যাত্ৰা নিশ্চয়কৈ সফল হ'ব।

এতিয়া আহো আমাৰ ডায়েট কামৰূপৰ কথালৈ। ১৯৮৯ চনৰ ১ ছেপ্টেম্বৰ তাৰিখে অসম চৰকাৰৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান District Institute of Education & Training চমুকৈ ডায়েট হিচাপে স্বীকৃত হোৱা এই অনুষ্ঠানটোৱে ইয়াৰো আগৰে পৰা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ হিচাপে দীৰ্ঘদিনে শৈক্ষিক ক্ষেত্ৰখনলৈ অৱদান যোগাই আহিছিল। সেই ধাৰাৰে আগবাঢ়ি আহি বিভিন্ন আৰোহণ-অৱৰোহনৰ মাজেৰে ডায়েট কামৰূপে শিক্ষা আৰু প্ৰশিক্ষণ ক্ষেত্ৰলৈ প্ৰভুত বৰঙনি যোগাই আগবাঢ়ি গৈছে। আন এখন জিলাত প্ৰায় ৫ টা বছৰ অধ্যাক্ষাৰ দায়িত্ব গ্ৰহণ কৰি আহি যোৱা ২৬ ফেব্ৰুৱাৰী ২০২১ তাৰিখে এইখন ডায়েটত অধ্যক্ষা হিচাপে মই কাৰ্যভাৰ গ্ৰহণ কৰিছোঁ‌। প্ৰতিষ্ঠানখনৰ ঐতিহ্য আৰু গৌৰৱ ৰক্ষা কৰি অনাগত সময়ত অধিক উন্নয়নমুখী মনোভাবেৰে আমি কাম কৰি যাবলৈ মন বান্ধিছো। অৱশ্যে যিকোনো নতুন প্ৰণালীত অভিযোজন হ'বলৈ কিছু সময়ৰ প্ৰয়োজন হয়,তথাপিও শিক্ষাৰ লগত জড়িত ব্যক্তি হিচাপে মই বাৰুকৈয়ে উপলব্ধি কৰো যে শিক্ষাৰ উত্তৰোত্তৰ বিকাশ প্ৰক্ৰিয়া সাধিত হ'বলৈ হ'লে শিক্ষক শিক্ষয়িত্ৰী, বিদ্বৎসমাজ,অভিভাৱক সকলোৱে একেলগে দায়িত্ব পালন কৰিলেহে নৱ-প্ৰজন্মই ভৱিষ্যৎ জীৱনত সুস্থ পথেৰে আগুৱাই যাব পাৰিব।

বৰ্তমান পৰিৱেশ আৰু পৰিস্থিতিৰ লগত সামঞ্জস্য ৰাখি কামৰূপ জিলাৰ পৰা 'গুৰুবাৰ্তা' নামৰ এই আলোচনীখন প্ৰকাশৰ ব্যৱস্থা কৰা হৈছে য'ত সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লোকসমষ্টিৰ মাজৰ পৰা লেখা আহ্বান কৰা হৈছে। আমাৰ স্থানীয় শিক্ষকসমাজে নিষ্ঠাৰে এই যাত্ৰাত অংশগ্ৰহণ কৰিছে, ছাত্ৰ ছাত্ৰীক এই পঠনৰ সুযোগ দিয়াৰ চেষ্টা কৰা হৈছে। তাৰ মাজত সমল বৈচিত্ৰ্যৰ দিশটোক গুৰুত্ব আৰোপ কৰি 'গুৰুবাৰ্তা'ই আগবাঢ়ি যোৱাৰ প্ৰয়াস কৰিব। আপোনালোক শুভানুধ্যায়ী প্ৰতিজন ব্যক্তিৰ পঠন আৰু সু দিহাপৰামৰ্শ একান্তই প্ৰাৰ্থনীয়। আমাৰ সকলোৰে এক উমৈহতীয়া লক্ষ্য আছে। সেয়া হ'ল নতুন প্ৰজন্মৰ বাবে কিছু পোহৰ বিচাৰি তাৰ সংশ্লেষণ কৰা। ডাৰউইনৰ যোগ্য ভোগ্য বসুন্ধৰা সুত্ৰৰ আঁত ধৰি আমি এই প্ৰতিযোগিতাময় পৃথিৱীত প্ৰজন্মক অধিক গতিশীলতা প্ৰদানৰ চেষ্টা কৰিবই লাগিব। তাৰ বাবে আমাৰ শিক্ষক সমাজৰ মাজত অহৰহ জ্ঞান আৰু কৌশল আহৰণৰ উৎসাহ বৃদ্ধি হ'ব লাগিব। এয়া হ'বলৈ অংশগ্ৰহণমূলক জ্ঞানচৰ্চাৰ মাজলৈ আমি যাব লাগিব। এই 'গুৰুবাৰ্তা'ৰ মঞ্চখনো তেনে এক চৰ্চাক্ষেত্ৰ। শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত সাঁকো গঢ়িবলৈ আমি সদা যত্নৱান হ'ব লাগিব। তাৰ লগে লগে বিজ্ঞান প্ৰযুক্তিৰ সন্ধানী খোজ সদায় দিবই লাগিব। ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি ড° ৰাজেন্দ্ৰপ্ৰসাদে ১৯৬১ চনৰ ২২ ডিচেম্বৰ তাৰিখেই কৈছিল যে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ আৱিষ্কাৰসমূহে পৃথিৱীৰ সভ্যতাৰ ৰূপৰেখা সম্পূৰ্ণ সলনি কৰি পেলাইছে,সেয়ে আধুনিক যুগসাপেক্ষ বৃত্তিমূলক শিক্ষাৰ ওপৰত আমি গুৰুত্ব দিয়া উচিত। কিন্তু ক'ৰবাত বৃত্তিমুখী শিক্ষা আৰু মানসিকতাই সকলোকে চুই যাওতে কিছু সময় ল'লে। কিন্তু এতিয়া তথ্য প্ৰযুক্তিয়ে আমাক শিকাৰ বাবে সহস্ৰ প্লেটফৰ্ম তৰি দিছে। সৎভাৱে গ্ৰহণ কৰাটো আমাৰ নৈতিক দায়িত্ব। কিন্তু আমি সচেষ্ট হ'ব লাগিব যে কোনবোৰ সমল আমাৰ এই নাতিদীৰ্ঘ জীৱন পৰিক্ৰমাত বেছি গুৰুত্বপূৰ্ণ আৰু জীৱন যাপনৰ কলাত্মক কৌশল আহৰণ কৰাত সহায়ক হ'ব। সেই অনুসাৰেহে সমল বাছি লোৱাটো এতিয়া সময়ৰ আহ্বান হৈ পৰিছে। দৃশ্য- শ্ৰাব্য মাধ্যমেৰে ভৰপুৰ এই সময়। ডিজিটেল ইণ্ডিয়া এতিয়া এটা সাৰ্থক সপোন সম্পূৰ্ণ ৰূপত দিঠক হোৱাৰ বাটত। তেনে এক ৰূপান্তৰিত সময়ত আমাৰ মাজত মূল্যবোধৰ কথাবোৰো কিন্তু বৰ গুৰুত্বপূৰ্ণ হৈ পৰিছে। তথ্য প্ৰযুক্তিৰে সকলোপিনে আগবাঢ়ি যোৱাৰ পিছত ন্যুন্যতম মানৱীয় মূল্যবোধখিনি যদি আমি অন্তৰত থাপিত কৰি নলও তেন্তে ক'ৰবাত আমি সভ্যতাক ভুল পথেৰে নেতৃত্ব দিয়াৰ দোষত দোষী হিচাপে পৰিগণিত হ'ম। সেয়ে আমাৰ দৃষ্টি নিবদ্ধ হ'ব লাগিব মূল্যবোধত, সুনেতৃত্ব গুণ আহৰণ কৰাত আৰু সমলৰ সুস্থতাৰ সৈতে অভিযোজন কৰাত। প্ৰান্তীয় সমস্যা আমাৰ বহুত আছে। আমি শিক্ষক সমাজেই হওক বা অন্য ক্ষেত্ৰৰ লোকেই হওক সকলোৱে ডিজিটেল ইণ্ডিয়াৰ যুগত ডিজিটেল ডিভাইদৰ দিশটোৰ কথা চিন্তা কৰি পৰম্পৰাগত জ্ঞান সম্প্ৰসাৰণ কৌশলসমূহৰো লালন পালন কৰিব লাগিব। তেতিয়া বাদ পৰি যোৱাসকলক আমি তুলি ধৰিব পাৰিম। 'গুৰুবাৰ্তা'ৰো এই দিশটোত আমি পৰৱৰ্তী সময়ত গুৰুত্ব আৰোপ কৰিম। সদৌশেষত সকলোলৈ সেৱা জনাই মোৰ ক'বলগাখিনি সামৰিছোঁ‌।