শ্ৰীমন্ত শংকৰদেৱৰ বিজ্ঞান মনস্কতা

মোহন শইকীয়া অৱসৰী প্ৰধান শিক্ষক

 

প্ৰণিধানযোগ্য যে আৰ্য সভ্যতাই বিকাশ লাভ কৰাৰ পূৰ্বে ভাৰতত অতিকে গৌৰৱশালী অনাৰ্য সভ্যতাই প্ৰসাৰ লাভ কৰিছিল। অনাৰ্য সভ্যতাৰ অন্যতম বৈশিষ্ট্য হৈছে ই অন্তৰ্মুখি অৰ্থাৎ ধ্যানপ্ৰধান । ই সদায় মানৱীয় চেতনাৰ অন্তৰালত থকা অন্তৰ্জগতখন সুক্ষ্মাতিসুক্ষ্মভাৱে অন্তৰ্দৰ্শন কৰিছিল। কিন্তু বহিৰ্মুখী আৰ্য সভ্যতাই বহিৰ্জগত অৰ্থাৎ  প্ৰকৃতি জগতৰ সূক্ষ্ম অনুসন্ধান কৰিছিল। আৰ্য আৰু অনাৰ্য সভ্যতাৰ সমন্বয়তে অন্তৰ্জগত আৰু বহিৰ্জগতৰ মাজত এক মধুৰ সম্পৰ্ক স্থাপন হয়। ইয়াৰ পৰাই উদ্ভৱ হৈছে সনাতন ধৰ্মৰ পৰিপূৰ্ণতা। বৈদিক বৰ্ণাশ্ৰম ধৰ্মৰ যি বিজ্ঞান সন্মত জীৱনযাত্ৰা, সেয়া হৈছে উভয় সভ্যতাৰ পৰিপূৰক পৰিণাম অৱস্থা। কিন্তু উত্তৰ বৈদিক কালত বৰ্ণাশ্ৰম ধৰ্মৰ বৈজ্ঞানিক জীৱন যাত্ৰাৰ প্ৰক্ৰিয়া শিথিল হৈ পৰিল। বৰ্ণাশ্ৰমৰ গুণগত বৈজ্ঞানিক জীৱনযাত্ৰাৰ ঠাইত জাতিবাদ অৰ্থাৎ জন্মগত অধিকাৰ সাব্যস্তৰ সংকীৰ্ণতাই আধিপত্য বিস্তাৰ কৰিলে। ফলত জাতিগত গোড়ামী আৰু অস্পৃশ্যতাৰ মহাপাপে পবিত্ৰ সনাতন ধৰ্মক কলুষিত কৰিলে।
কোৱা বাহুল্য মাথো যে সেই সময়ছোৱাত ধৰ্মৰ নামত সামন্ত সকলে সাধাৰণ শ্ৰেণীৰ লোকৰ ওপৰত উৎপীড়ন চলাইছিল। সমাজত অৰাজকতাৰ সৃষ্টি হৈছিল। এনে এক সন্ধিক্ষণত সমাজখনক ধৰ্মীয় সংকীৰ্ণতা আৰু অস্পৃশ্যতা ৰূপ মহাব্যাধিৰ পৰা উদ্ধাৰৰ বাবে ভক্তি আন্দোলনৰ সৃষ্টি হৈছিল। ৰামানুজাচাৰ্য, বল্লভাচাৰ্য, মাধৱাচাৰ্য, নিম্বাকাচাৰ্য, শ্ৰীকৃষ্ণচৈতন্য ভাৰতী, তুকাৰাম আদি ধৰ্মাচাৰ্য সকলে খ্ৰী. ত্ৰয়োদশ-চতুৰ্দশ শতিকা মানৰ পৰা ভাৰতত নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰে। উল্লেখ্য যে বৈদিক সাহিত্যত বিষ্ণুৰ উল্লেখ থাকিলেও গুপ্তসকলৰ পূৰ্বে বৈষ্ণৱ বুলি এটা আনুষ্ঠানিক ধৰ্ম নাছিল। তেওঁলোকে প্ৰথমে ইয়াক ৰাজধৰ্ম ৰূপে গ্ৰহণ কৰে।
ভক্তি আন্দোলনৰ প্ৰৱক্তা সকলে ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে শ্ৰীমদ্ভাগৱত পুৰাণ আৰু শ্ৰী মদ্ভাগৱত গীতাৰ আশ্ৰয় গ্ৰহণ কৰে। গীতাৰ সৰ্বজনীন উপদেশ, সম্প্ৰদায় নিৰপেক্ষ বিচাৰ আৰু বিভিন্ন দাৰ্শনিক মতবাদৰ সমন্বয় ভাৱনাৰ উদাত্ত বাণীসমূহৰ দ্বাৰা ধৰ্মাচাৰ্য সকলে সনাতন ধৰ্মৰ বিশুদ্ধ ৰূপটো উজলাই তুলিবলৈ সামৰ্থ হ'ল। প্ৰাচীন অসমৰ ৰাজন্য বৰ্গৰ সৈতে গাঢ় সম্পৰ্কৰ ফলশ্ৰুতিত খ্ৰী. পোন্ধৰ-ষোল্ল শতিকাত ভক্তি আন্দোলনৰ ঢৌ সুদূৰ অসমলৈকো প্ৰবাহিত হৈছিল। নানা প্ৰকাৰৰ কুসংস্কাৰ, অন্ধবিশ্বাস আৰু জাত-পাতৰ বিভেদ ৰূপী মহাব্যাধিৰ দ্বাৰা আক্ৰান্ত বৃহত্তৰ অসমীয়া সমাজখনক উদ্ধাৰৰ বাবে অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ (১৪৪৯-১৫৬৯) আবিৰ্ভাৱ হ'ল। তেওঁ এজন সমাজ বিজ্ঞনীৰ ৰূপত বিধ্বস্ত প্ৰায় অসমীয়া সমাজখনক ন-ৰূপত গঢ় দিয়াৰ উপায় চিন্তিলে। তেৰাৰ প্ৰধান শিষ্য মাধৱদেৱ, হৰিদেৱ, দামোদৰ দেৱ প্ৰমুখ্যে আচাৰ্য সকলে অসমত ভক্তিধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অহোপুৰুষাৰ্থ কৰিলে।
গুৰুজনাই উপলব্ধি কৰিছিল যে বিভিন্নতাৰে পৰিপূৰ্ণ অসমীয়া সমাজ খনক কেৱল ধৰ্মীয় সংস্কৃতিৰেহে একত্ৰিত কৰিব পাৰি। সেয়ে,
কিৰাত কছাৰী খাচি গাৰো মিৰি
যৱন কংক গোৱাল।
অসম মূলুক ধোবা যে তুৰুক
কুবাচ ম্লেচ্ছ চণ্ডাল।।
আনো পাপী নৰ কৃষ্ণ সেৱকৰ
সংগত পৱিত্ৰ হয়।
ভকতি লভিয়া সংসাৰ তৰিয়া
বৈকুণ্ঠে সুখে চলায়।। (ভাগৱত ২/৫৩,৫৪) অৰ্থাৎ
এই সকলো জাতি-জনগোষ্ঠী একেলগে বহি ভক্তিধৰ্ম আচৰণ কৰিব পৰা ব্যৱস্থা কৰিছিল।
শংকৰ- মাধৱে দিয়া নাম কীৰ্তন গীতৰ অমিয়া মাধুৰী পান কৰি সকলো জাতিৰ মানুহ আনন্দত শিহৰিত হ'ল; ভক্তিৰগত বুৰ দিলে-
হৰিনাম ৰসে বৈকুণ্ঠ প্ৰকাশে
প্ৰেম অমৃতৰ নদী।
শ্ৰী মন্ত শংকৰে পাৰ ভাঙ্গি দিলা
বহে ব্ৰহ্মাণ্ডক ভেদি।। (নামঘোষা -৩৭১)
সংকীৰ্ণতাৰ পৰিধি ভাঙি গুৰুজনাই সকলো লোককে মুকলি আকাশৰ তললৈ উলিয়াই আনিবলৈ সক্ষম হ'ল। গুৰুজনাই সমাজক দিলে এক কল্যাণকাৰী যুগজয়ী সংস্কৃতি, কৃষ্ণ সংস্কৃতি। যিহেতু তেওঁ অব্যক্ত, সেয়ে তেওঁৰ থাপনা নিৰাকাৰৰ থাপনা। সন্মুখত সীমিত কল্পনাৰ মূৰ্তি নাই। আছে নিৰ্গুণ নিৰাকাৰৰ অসীম ব্যঞ্জনা। স্বৰূপাৰ্থতে গুৰুজনা আছিল সমন্বয়ৰ প্ৰতীক, সেয়ে তেৰাই "গাৰোৰ গোবিন্দ, মিৰিৰ পৰমানন্দ, আহোমৰ নৰহৰি, ভোৰৈ জয়ৰাম, নগাৰ নৰোত্তম, কছাৰীৰ ৰমাই, কৈৱৰ্ত্তৰ পূৰ্ণানন্দ, বণিয়াৰ হৰিদাস, কাৰ্বিৰ জয়হৰি, মুছলমানৰ চান্দমাই আৰু ব্ৰাহ্মণৰ দামোদৰক শিষ্য কৰি লৈছিল।
তাহানিতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে সত্ৰানুষ্ঠান, নামঘৰৰ যোগেদি নাম, কীৰ্তন কৰি গাজী ,প্ৰসাদ গ্ৰহণৰ ব্যৱস্থা কৰি থৈ যোৱা বুলি আজি বহুলভাৱে চৰ্চা হৈছে। নানা বিধ বাদ্য বজাই হৰিধ্বণি কৰি নামগুণ গাই থকা সময়খিনিত সৰ্বান্তকৰণে ঈশ্বৰ বন্দনাৰ সমান্তৰালভাৱে আমাৰ অজ্ঞাতে শাৰীৰিক ব্যায়াম এটাও হয়। নানা জাতি-জনগোষ্ঠীৰ লোকে যাতে জাতি যোৱাৰ দ্বিধাবোধ নোহোৱাকৈ একেলগে বহি গাজী, প্ৰসাদ, গোজ ওলোৱা মগু, বুট তথা কল, কুঁহিয়াৰ, নাৰিকল, অমিতা, মধুৰিয়াম, মাটিকঁঠাল আদি উপচাৰ গ্ৰহণ কৰিব পাৰে তাৰ ব্যৱস্থাও গুৰুজনাই কৰি থৈ গৈছে।
কেঁচা ৰূপত ব্যৱহাৰৰ ফলত অকণো নষ্ট নোহোৱাকৈ এই খাদ্য দ্ৰব্য সমূহৰ Protein, Vitamin আদি শৰীৰে অনায়াসে লাভ কৰিব পাৰে। আৰু Enzyme ৰ সহায়ত এই খাদ্য জীণ যায়। তদুপৰি আদাৰ ব্যৱহাৰে এই প্ৰক্ৰিয়াক অতি সহজসাধ্য কৰি তোলে। লোক বিশ্বাস মতে মাহ প্ৰসাদ খাই মুখ ধুব নাপায়। গুৰুজনাই মাহ-প্ৰসাদৰ লগত কুঁহিয়াৰৰ ব্যৱহাৰৰ দ্বাৰা এই সমস্যাৰ সমাধান কৰিছে। প্ৰসাদ গ্ৰহণৰ অন্তত কুঁহিয়াৰ ছোবাই মানুহে দাঁতৰ গুৰিত লাগি থকা প্ৰসাদৰ অৱশিষ্ট খিনিও উদৰস্থ কৰে।
প্ৰাচীন ভাৰতৰ ঋষি মুণি সকলে জীৱন আৰু বিশ্বজগত সম্পৰ্কে জ্ঞান সাধনাৰ মাধ্যমেৰে লাভ কৰা শেষ সত্যৰ বৰ্ণনা উপনিষদ সমূহত স্থান দিছে। ই প্ৰকৃত পক্ষে বৈজ্ঞানিক অনুসন্ধানত লাভ কৰা সত্যক বাদে আন একো নহয়। কিন্তু আমাৰ দুৰ্ভাগ্য যে তেওঁলোকৰ বৈজ্ঞানিক অনুসন্ধানৰ প্ৰক্ৰিয়া বা পদ্ধতি আধুনিক বিজ্ঞানে আৱিষ্কাৰ কৰাত আজিও সফল কাম হ'ব পৰা নাই। সেইবাবেই ইয়াক পোনপটীয়াকৈ বৈজ্ঞানিক অনুসন্ধানৰ সিদ্ধান্ত বুলি গ্ৰহণ কৰাত বিজ্ঞান দ্বিধাগ্ৰস্ত বা দুদোল্যমান অৱস্থাত আছে।
প্ৰতিসম্প্ৰতি বিজ্ঞানে ইলেক্ট্ৰন্ , নিউট্ৰন্ আৰু প্ৰট'নৰ দৰে পৰমাণুৰ উপাদান আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে। আৰু ই বিজ্ঞানী সকলক জীৱন তথা জগতৰ সৃষ্টিৰহস্যৰ প্ৰভূত সন্ধান দিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ পদাৰ্থ বিজ্ঞানী সকলে  "হিগছব'চন" (পিটাৰ হিগছ্ আৰু সত্যেন্দ্ৰ নাথ বসুৰ নামেৰে নামাংকিত) নামৰ চতুৰ্থটো উপাদানৰ অস্তিত্ব প্ৰমাণ কৰিবলৈ সক্ষম হৈছে। তেওঁলোকৰ মতে ইয়াতকৈ ক্ষুদ্ৰতম আৰু একো নাই। ই অন্যান্য পৰমাণুৰ ওজন বা ভৰ দি পদাৰ্থৰ সৃষ্টি কৰিছে। এই কণকে ঈশ্বৰ কণা বোলা হৈছে। যদি সেয়ে হয় কেইবাহাজাৰ বছৰ পূৰ্বে উপনিষদৰ ঋষিয়ে (সত্য দ্ৰষ্টা ঋষি) মন্ত্ৰৰ মাজত ধৰি ৰখা সত্যৰ উচৰ চাপিবলৈ আধুনিক বিজ্ঞান বহুলাংশে সফল হোৱা বুলিব পাৰি।
সেয়ে হয়তো শ্ৰীমন্ত শঙ্কৰদেৱে ঈশ উপনিষদৰ প্ৰথম মন্ত্ৰটোৰ আধাৰত এটি বৰগীতত কৈছে
"ঈশস্বৰূপে হৰি সৱ ঘটে বৈঠহ, জৈছন গগন বিয়াপি।"
সদৌ শেষত ক'ব পাৰি, আমি সকলোৱে ধৰ্মীয় গোড়ামি, অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ গ্ৰাসৰ পৰা মুক্ত হৈ সকলো কথা বিজ্ঞান মনস্কতাৰে বিচাৰ বিশ্লেষণ কৰি চলিব পাৰিলে সংসাৰত সুখী জীৱন যাপন কৰা অসম্ভৱ নহয়।

---------