ৰিণিকি ঐ ৰিণিকি বাজিছে অ' পেঁপাটি

সূৰ্যকুমাৰ ভট্টাচাৰ্য্য অধ্যক্ষ,দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়
surya_kumar_bhattacharya

“কুলি কেতেকীয়ে ইনালে বিনালে
মৰমী বিহুটিৰ কথাকে ক’লে.....”

আকৌ আগমন হ'ল ঋতুৰাজ বসন্তৰ । বননিৰ পৰা ভাঁহি অহা কুলি কেতেকীৰ সুমধুৰ স্বৰে যেন তাকে সোৱৰাই দিলে । চ'ত মহীয়া ছিৰাল ফাট দিয়া ধৰণীখন এজাক বৰষুণৰ পিছতে প্ৰাণ চঞ্চলা হৈ পৰিল । গছে বনে কুঁহিপাত মেলিলে । চৌপাশে সেউজীয়া কেৱল সেউজীয়া । ৰিণিকি ৰিণিকি উটি অহা ঢোল, পেঁপা ,বাহী, গগনা, টকা, তাল, সুতুলি আদি অসমৰ সোন সেৰীয়া লোক বাদ্যৰ সুললিত ধ্বনিয়ে ডেকা গাভৰু, বুঢ়া-বুঢ়ী ,বোৱাৰী ,শিশু সকলোকে ৰঙতে ৰঙীয়াল কৰি তুলি এপাক নাচিবলৈ বাধ্য কৰে । হয় , এয়াই হৈছে অসমীয়া জাতিৰ আয়ুষৰেখা, 'গন জীৱনৰ সাহ', অসমীয়াৰ বাপতি সাহোন ,সকলোৰে হেঁপাহৰ ৰঙালী বিহু ।

অসমীয়া লোক জীৱনৰ লগত বাৰুকৈয়ে সাঙুৰ খাই থকা বিশেষকৈ বিহু নামৰ এক অপৰিহাৰ্য সুষিৰ বাদ্য (ফু দি বজোৱা বাদ্য ) হৈছে ম'হৰ শিঙৰ পেঁপা । অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত এনেধৰণৰ পেঁপাৰ প্ৰচলন দেখিবলৈ পোৱা যায় ।

ডিমাচা সকলৰ মুৰি ,মিচিং সকলৰ পেঁপা আদি এই লেখীয়া সুষিৰ বাদ্য ।

প্ৰবাদ প্ৰতিম মিচিং ডেকা বিক্ৰম সিং য়েইনৰ পেঁপাৰ যাদুকৰী সুৰে বিশ্বৰত্ন ড. ভুপেন হাজৰিকাদেৱৰ অমৰ কাপৰ পৰা নিগৰাইছিল এই কালজয়ী গীত –

“বোলো অ’ মিচিং ডেকাটি ,
বজালি যে পেঁপাটি
সুৰেৰে সজালি দেখোন
দিচাং মুখৰ নিশাটি.....”

এটা ম'হ মৰাৰ পিছত শিংযোৰ আনি পেঁপা বজোৱা প্ৰক্ৰিয়াটো যথেষ্ট কষ্ট সাধ্য । এই সম্পৰ্কে বিহুনামত উল্লেখ আছে এনেদৰে –

                          “ছদঁতীয়া গোনা ম’হ একে ঢকাতে মাৰিলে
তাৰ শিঙে বনালোঁ পেঁপা .........................।”

জনবিশ্বাসত সাঙোৰ খাই থকা মতে ক'লী ম'হৰ শিঙৰ পেঁপাহে অতি উত্তম । বিহুৱা সকলে গায় –

“পেঁপাটি পেঁপাটি ৰঙেদৈ পেঁপাটি
ক’লীদৈ ম’হৰে শিং....। “

কোনোবাই আহতৰ তলৰ পৰা ভাঁহি অহা ম'হৰ শিঙৰ পেপাৰ মাতে অসমীয়া গাভৰুৰ মন প্ৰাণ হৰি নিয়ে , হাতৰ বন এৰি ক,ব নোৱাৰাকৈয়ে গাবলৈ ধৰে –

ম’হৰ শিঙৰ পেঁপাটি         নবজাবা ককাইটি
মোৰে মন উৰুঙা কৰে ,
পেপাৰ মাতে শুনি        ৰ’বকে নোৱাৰোঁ
হাতৰ বন সৰকি পৰে ।

এক ঐতিহাসিক সুনামৰ অধিকাৰী হল অসমীয়া শিপিনী সকল । আপোনজনক মৰমৰ বাণিৰে ,চেনেহৰ দীঘেৰে ,ছাঁতে শুকুৱা , মুঠিতে লুকুৱা বিহুৱান এখনি যাচিবলৈ এমাহ আগৰে পৰা খিতিক খিতিককৈ মাঁকো মাৰে । পিছে ক'লীয়া পেপাৰ ব'লীয়া আকৰ্ষণে এনেহেন শিপিনীৰো লতাফুল বাচোঁতে কেনা লগায় । তাৰ জলন্ত স্তৱক এই বিহুগীত ফাঁকি –

“পেঁপাৰ মাত শুনি    বিহুৱতী গাভৰুৰ
বিহুৰ মন বলীয়া হ’ল,
বিহুৱান টঙালিও      বাচিছিল লতাফুল
সিওঁ কেনা লাগি গ’ল ।”

বয়স, আকৃতি ,তথা মতা মাইকী ভেদে ম'হৰ শিঙৰ পেপাৰ মাত সুকীয়া । কথিত আছে যে সকলো ম'হৰে বাঁওফালৰ শিঙতকৈ সোঁফালৰ শিঙৰ মাতটোহে বেছি মধুৰ । ম'হে যুঁজ কৰোঁতে সাধৰনতে বাঁওফালৰ শিঙটোক খং শিঙা আৰু সুমধুৰ সুৰেৰে বিহুৱতীক বলীয়া কৰা সোঁফালৰ শিঙটোক ৰং শিঙা বোলে ।

বিভিন্ন ধৰণৰ সুষিৰ বাদ্যৰ ভিতৰত ম'হৰ শিঙৰ পেপাৰ এক সুকীয়া বৈশিষ্ট্য হ'ল এয়ে যে ইয়াত মাত বহু দূৰৈৰ পৰা শুনা যায় । বিহুনামত এ ই সম্পৰ্কে এনে ধৰণৰ উল্লেখ আছে-

‘’ৰাতি পিছে নিশা            কুলি মাতে ৰিঙিয়াই
পেঁপাৰ মাতে ৰিঙিয়াই কত ?”
কোনোবা ধুবুৰী             পেঁপাৰ মাতে পালেগৈ
পালেহি মাহেৰে চ,ত ।”

ম'হৰ শিঙৰ পেপাৰ প্ৰধান অংগ চাৰিটা ।পেপাৰ নিজস্ব সুৰৰ স্বতন্ত্ৰতা বজাই ৰখা মূল অংশটো হ'ল ম'হৰ শিং । এই অংশটোক খোলা বোলে । পেপাৰ দ্বিতীয় অংশ আগলি বাঁহেৰে বনোৱা হয় য'ত চাৰিটা ফুটা থাকে । এই অংশৰ 'নলিচা' । নলিচা ডালৰ এটা মূৰ পেঁপাটোৰ সৰু অংশত স্থাপন কৰে আৰু আনটো মূৰৰ নল ,খাগৰিৰ অংশটোক থুৰি বোলে ।থুৰিৰ ভিতৰত থকা বাঁহৰ চতুৰ্থ অংশটোৰ চুপহি । এই চুপহিটো মুখত লৈ ফু দি নলিচাৰ চাৰিটা ফটাত আঙুলি বুলাই ম'হৰ শিঙৰ পেঁপা বজোৱা হয় ।

ঢোলৰ নিচিনাকৈ ম'হৰ শিঙৰ পেঁপা বজাওঁতে কিছুমান চেওঁ ব্যৱহাৰ কৰা হয় ।

এই ছেৱে ছেৱে বিহুবলীয়া নাচনীয়ে কঁকাল ভাঙি টাকুৰী ঘূৰাদি নাচি বাপতি সাহোন ৰঙালীক স্বাগতম জনায় । চেওঁবোৰ হ'ল –

ক)"টেহিলিটি লেহিটি অ ধন ধন....।"

খ)"হিটি টাহি টলৈ লিটি ললৌ ধন ।"

অসমৰ লোক সংস্কৃতিৰ জগতখনত নিকপকপীয়াকৈ বান্ধ খাই থকা আপুৰুগীয়া বাদ্য ম'হৰ শিঙৰ পেপাৰ পৰিমাণ লাহে লাহে দুখজনকভাৱে লোপ পাবলৈ ধৰিছে । লোক সংস্কৃতিপ্ৰেমী সকলৰ সচেতনতা অবিহনে বিহুনামত সোনত সুৱগা চৰোৱা এইবিধ বাদ্য হয়টো অসমী আইৰ বুকুৰ পৰা চিৰদিনলৈ নিঃশেষ হৈ যাবলৈ বাধ্য হ'ব । তাৰ বাবে ম'হৰ প্ৰতিপালনো অত্যন্ত আৱশ্যকীয় হৈ পৰিছে । এই ক্ষেত্ৰত প্ৰকৃতিপ্ৰেমীসকলেও নিষ্ঠা সহকাৰে চিন্তা কৰিবৰ সময় আহি পৰিছে ।তাৰ লগে লগে সাংস্কৃতিক সঞ্চালকালৰো গুৰুদায়িত্বৰ কথা নুই কৰিব নোৱাৰি । সময়ে সময়ে কৰ্মশালা আদি অনুষ্ঠিত কৰিব তাৰ জৰিয়তে এনেকুৱা লোক বাদ্যসমূহৰ নিৰ্মাণ কৌশল, সংৰক্ষণ ,পৰিৱেশন আদিৰ প্ৰশিক্ষণৰ দ্বাৰা বাদ্যসমূহ অসমী আইৰ বুকুত চিৰযুগমীয়া কৰি ৰখাৰ সময় নিশ্চয়কৈ সমাগত ।