বৈজ্ঞানিক দৃষ্টিভংগীয়ে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰ হওক

প্ৰদীপ কলিতা সহ:শিক্ষক, হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয, Phone: 7002369851
pradip kalita

মানুহৰ চিন্তা -চৰ্চা আৰু কাম-কাজত বৈজ্ঞানিক পদ্ধতিৰ প্ৰয়োগ কৰিব পৰাৰ সামৰ্থ্যই হ'ল বৈজ্ঞানিক দৃষ্টিভঙ্গী বা মানসিকতা । ভাৰতবৰ্ষৰ শিক্ষানীতিৰ প্ৰয়োগৰ ক্ষেত্ৰত চৰকাৰখনে ব্যৰ্থ হোৱা বুলি বিশেষজ্ঞসকলে মত পোষণ কৰিছে । দেশৰ পৰা দুৰ্নীতি নিবাৰণৰ একমাত্ৰ হৈছে শিক্ষা । শিক্ষাৰ ক্ষেত্ৰত চৰকাৰে আটাইতকৈ গুৰুত্ব দিয়া উচিত । দিল্লীৰ কেজৰিৱালৰ চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত যি ধৰণৰ পদক্ষেপ লৈছে -- সেয়া সকলোৰে চৰ্চিত হৈছে । দিল্লীৰ এই শৈক্ষিক সংস্কৰণ বৰ্তমান সমগ্ৰ বিশ্বৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু আৰু বহুতৰে গৱেষণাৰ বিষয়বস্তু হৈ পৰিছে । কেম্ব্ৰিজৰ পৰা আৰম্ভ কৰি পৃথিৱীৰ বিভিন্ন দেশৰ শিক্ষানুষ্ঠান সমূহে সংস্কৰণ বিভিন্ন পদ্ধতিসমূহ জানিবলৈ দিল্লীৰ কেজৰিৱালৰ শিক্ষামন্ত্ৰী আৰু পৰিকল্পনা বোৰ্ডখনক নিমন্ত্ৰণ কৰিছে।

ৰাষ্ট্ৰীয় শিক্ষানীতিৰ প্ৰধান উদ্দেশ্য শিক্ষাৰ মান উন্নত কৰা আৰু ছাত্ৰ- ছাত্ৰীক গুণগত মানদণ্ডৰ শিক্ষা প্ৰদান কৰা । নম্বৰ কেন্দ্ৰিক শিক্ষাই ছাত্ৰ ছাত্ৰীৰ গুণগত দিশত কিমান উন্নতি হৈছে তাক বহলাই কোৱাৰ নিষ্প্ৰয়োজন । আমাৰ শিক্ষানীতিয়ে শিক্ষিত লোকৰ সংখ্যা, ডিগ্ৰীধাৰী লোকৰ সংখ্যা বঢ়ালেই সমস্যা সমাধান হৈ নাযায় ; তাৰ কাৰণে গুণগত শিক্ষাৰ মানদণ্ড উন্নত কৰিবই লাগিব ।গুণগত শিক্ষাৰ মানদণ্ড বিকাশ ঘটাবলৈ আমাৰ চিন্তা-চৰ্চা, কাম-কাজ,দৃষ্টিভংগী উন্নত হব লাগিব। গুণগত শিক্ষাৰ এটা প্ৰধান লক্ষ্য যুক্তিবাদী, বৈজ্ঞানিক দৃষ্টিভঙ্গী বা মানসিকতাৰ বিকাশ ঘটোৱা। অপ্ৰিয় হলেও সত্য যে এই শিক্ষাৰ ক্ষেত্ৰত আমি অকৃতকাৰ্য হৈছো । কথা আৰু কামৰ মাজত মিল নোহোৱাৰ লেখিয়া । এতিয়াও এই লক্ষ্যত উপনীত হোৱাত আমাৰ শিক্ষানীতিয়ে যে বিশেষ সহায় কৰা নাই তাৰ জল জল পট পটকৈ প্ৰমাণ আমাৰ সমাজত সঘনে ঘটি থকা ঘটনাসমূহৰ পৰাই পাব পাৰোঁ ।

আমাৰ সমাজত এতিয়াও ডাক্তৰ , ইঞ্জিনিয়াৰ, বিজ্ঞানৰ শিক্ষকেও গণেশৰ মূৰ্তিক গাখীৰ খুৱায় , কেতিয়াবা নি:সন্তান ডাক্তৰেও লাভৰ আশাৰে বেজালি আৰু বন-দৰবৰ সহায লোৱা দেখা যায় । এইসকল ইমান শিক্ষিত ব্যক্তি অথচ সম্পুৰ্ণ ভাগ্যৰ ওপৰত নিৰ্ভৰশীল হৈ আছে । কলেজ বা বিশ্ববিদ্যালয়ৰ শিক্ষাই এওঁলোকৰ দৃষ্টিভঙ্গী সলনি কৰিব পৰা নাই । ওজা- বেজ,জৰা-ফুকা,তন্ত্ৰ-মন্ত্ৰ আদিৰ কথা যেনিবা নক'লোৱেই ।

পদাৰ্থ বিজ্ঞানী ড: মেঘনাথ সাহাই 1939 চনতে লিখা এটা প্ৰবন্ধত উল্লেখ কৰিছিল যে ভাৰতৰ শতকৰা 99 জন মানুহেই পঞ্জিকা আৰু প্ৰয়োগিক জ্যোতিষত বিশ্বাসী । তথাকথিত শুভদিন নহ'লে নতুবা কোষ্ঠী নিমিলিলে শুভ পৰিণতি হ'ব নোৱাৰে । এই অবৈজ্ঞানিক বিশ্বাস আৰু কুসংস্কাৰ এতিয়াও আমাৰ সমাজত প্ৰচলিত হৈ আছে । বসন্ত বা আই ওলালে শীতলা আইৰ আবিৰ্ভাব হোৱা বুলি আজিও মানুহে বিশ্বাস কৰে ।

সৰ্পদংশনত আঘাট পোৱা মানুহক বহুতে ডাক্তৰী চিকিৎসা নকৰি বেজৰ দ্বাৰা জৰা-ফুকা কৰি ভাল কৰিবলৈ চেষ্টা কৰা মানুহ আমাৰ সমাজত এতিয়াও আছে । আনকি দংশিত মানুহ মৃত্যু হ'লে শৱদেহ নদীত উটুৱাই দিয়া ঘটনা এতিয়ালৈকে ঘটিয়েই আছে ।

অসমৰ ঐতিহাসিক মহামিলনৰ তীৰ্থ ভূমি 'কামাখ্যা মন্দিৰ' নীলাচল পাহাৰত অৱস্থিত । প্ৰতি বছৰে কামাখ্যা মন্দিৰত অনুষ্ঠিত হোৱা অম্বুবাচী মেলাত হাজাৰ হাজাৰ ভক্তি প্ৰাণ ৰাইজ আৰু সাধু সন্ন্যাসীৰ সমাগম হয় । এইসকলে নিজকে অলৌকিক শক্তিৰ অধিকাৰী বুলি নিজকে দাবী কৰে । অদৃষ্টত বিশ্বাসী আমাৰ বহুত মানুহে এই সাধু সন্ন্যাসীৰ ওচৰলৈ গৈ তেওঁলোকৰ ভুত -ভবিষ্যতৰ বিষয়ে জানিবলৈ উদগ্ৰীৱ হৈ পৰে । এইসকলৰ ভিতৰত আছে বহুত উচ্চ শিক্ষিত লোক যিসকলে বৈজ্ঞানিক দৃষ্টিভঙ্গী অথবা বিজ্ঞানৰ জয়গান গায় । কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে শ্লোগান দি ৰক্ষণশীল সমাজৰ পৰিবৰ্তনৰ কথা ভাবে । আমি নিৰাশ আৰু হতাশ হওঁ উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পাছতো তেওঁলোকে ভাগ্যৰ ওপৰত নিৰ্ভৰশীল হৈ থকা দেখি । কলেজ বা বিশ্ববিদ্যালয়ৰ শিক্ষাই এওঁলোকৰ দৃষ্টিভঙ্গী বা মানসিকতা সলনি আজিও সলনি কৰিব নোৱাৰিলে । ঈশ্বৰ -আল্লা- যীচুক ভাল কৰ্মৰে যে পাব পাৰি অথবা মানবীয় প্ৰেমেৰে জগত জিনিব পাৰি --সেইবোৰ কথা তেওঁলোকৰ মন - মগজুলৈ নাহে নেকি?

আমাৰ দেশৰ শিক্ষা ব্যৱস্থাৰ লগত আমাৰ কৰ্মসংস্কৃতিৰ মিল নথকা হেতু এই দিশত অন্য দেশৰ তুলনাত আমি পিছ পৰি গৈছো । ঠিক তেনেকৈ বিজ্ঞানে আমাক যি কৰিবলৈ কয় তাৰ আমি সম্পূৰ্ণ বিপৰীত কাম কৰো ।

আমাৰ দেশৰ শিক্ষানীতিত যথেষ্ট কেৰোণ আছে । তাৰকাৰণে আমি এই কেৰোণ আঁতৰাবলৈ বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে আগবাঢ়িব লাগিব । গুণগত শিক্ষাৰ মানদণ্ড আৰু শিক্ষাৰ মান উন্নত কৰাৰ মানসেৰে আমি এক সুস্থ আৰু সৱল বাতাবৰণৰ সৃষ্টি কৰিব লাগিব । গতিকে বৈজ্ঞানিক দৃষ্টিভঙ্গীয়ে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰ হওক ।