শিক্ষাৰ মাধ্যম হিচাপে মাতৃভাষাৰ প্ৰয়োজনীয়তা

হেমন্ত কুমাৰ কলিতা সহকাৰী শিক্ষক, শিকাৰহাটী আঞ্চলিক হাইস্কুল, শিক্ষা খণ্ড—ৰাণী
hemanta kalita

শিক্ষাৰ মাধ্যম মাতৃভাষা হোৱা উচিত বুলি শিক্ষাবিদ্ , বুদ্ধিজীৱী সকলে সততে স্বীকাৰ কৰি আহিছে | মাতৃভাষাক শিক্ষাৰ মাধ্যম হিচাপে গ্ৰহণ কৰাৰ লগে লগে মাতৃভাষা শিক্ষাৰ গুৰুত্ত্ব বৃদ্ধি পায় | মাধ্যম ভাষাটো অতি চহকী হ'লেহে শিক্ষাৰ জৰিয়তে শিকাৰুৱে সম্পূৰ্ণ জ্ঞান আয়ত্ত্ব কৰিব পাৰিব | তাত্ত্বিক আৰু মনোবৈজ্ঞানিক দৃষ্টিভংগীৰে চালেও শিক্ষা আৰু পৰীক্ষাৰ মাধ্যম মাতৃভাষা হোৱা আৱশ্যক |

মাতৃভাষা মানুহৰ সৰ্বোত্তম বিকাশৰ বাহন স্বৰূপ | শিক্ষাৰ মাধ্যম মাতৃভাষা হ'লে সাহিত্যচৰ্চা আৰু সৃষ্টিশীল ৰচনাত অগ্ৰসৰ হোৱাত সহজ হয় | মানুহে শিশু কালৰে পৰাই চৌপাশৰ পৰিৱেশৰ পৰা স্বত:স্ফুৰ্ত ভাবে মাতৃভাষা শিকে | আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ আগৰে পৰাই শিশুৱে মাতৃভাষাৰ মাধ্যমেৰে মনৰ ভাব প্ৰকাশৰ ক্ষমতা লাভ কৰে | সেয়েহে মাতৃভাষাক শিক্ষাৰ মাধ্যম বিবেচনা কৰিলে শিশু সকলে জ্ঞান আহৰণৰ লগে লগে বাস্তৱ সমাজৰ লগত নিজকে সমাযোজন কৰিবলৈ সক্ষম হয় | মাতৃভাষাৰ মাধ্যমেৰে শিক্ষাৰ্থীয়ে নিজৰ অন্তৰ্নিহিত সত্ত্বাৰ পূৰ্ণ বিকাশ সাধন কৰাৰ সুযোগ লাভ কৰে | অন্য ভাষাৰ মাধ্যমেৰে নিজৰ সুপ্ত প্ৰতিভাৰ সম্পূৰ্ণ বিকাশ সাধন কৰাত কিছুক্ষেত্ৰত অসুবিধা পায় | মাতৃভাষাৰ জৰিয়তে মানুহে মুকলিকৈ চিন্তাশক্তিক জাগ্ৰত কৰি তুলিব পাৰে, যাৰ ফলত তেওঁলোকে মনৰ ভাব মুকলিমুৰীয়াকৈ প্ৰকাশ কৰিব পাৰে | আনন্দৰাম ঢেকিয়াল ফুকনৰ দৰে বহু মহিৰুহে বিদেশী ভাষাৰে শিক্ষালাভ কৰিও মাতৃভাৰ মাধ্যমেৰে সাহিত্য ৰচনা কৰি মাতৃভাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আশাসুধীয়া প্ৰচেষ্টাত ব্ৰতী আছিল | লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰ কুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী আদিকে ধৰি অসমীয়া ছাত্ৰ সকলে কলিকতাত অধ্যয়ন কৰি থাকিও মাতৃভাষা অসমীয়াৰ উন্নয়নৰ কাৰণে অহোপুৰুষাৰ্থ কৰিছিল | মাতৃভাষাৰ উন্নয়নৰ বাবে তেওঁলোকে কলিকতাতে অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা গঠন কৰিছিল | ইয়াৰ পিছতে 'জোনাকী' ৰ জৰিয়তে লেখা-মেলা আৰম্ভ কৰি মাতৃভাষাৰ বিকাশত বৰঙণি যোগাইছিল |

মাতৃভাষাৰ মাধ্যমেৰে শিক্ষা গ্ৰহণ কৰিলে শিক্ষাৰ্থী সকলৰ চিন্তাশক্তি আৰু কল্পনা শক্তিৰ বিকাশ সাধন হোৱাৰ লগতে মাতৃভাষাৰ প্ৰতি দায়বদ্ধ হৈ ইয়াৰ প্ৰসাৰ আৰু বিকাশৰ ক্ষেত্ৰত অৰিহণা যোগাবলৈ যত্নপৰ হ'ব | বৰ্তমানৰ পুৰুষে মাতৃভাষাক জীয়াই ৰাখি ইয়াৰ উন্নয়নৰ প্ৰচেষ্টা ৰাখিলেহে উত্তৰ পুৰুষে মাতৃভাষাক আপোন কৰি ল'বৰ থল পাব |