সাম্প্ৰতিক দু:সময় আৰু শিক্ষাৰ্থীৰ ভৱিষ্যৎ

অপূৰ্ব শৰ্মা সহকাৰী শিক্ষক, চাংসাৰি মোক্তাৱ প্ৰাথমিক বিদ্যালয়, চাংসাৰি, ভ্ৰাম্যভাষ: ৯৪৩৫৮১৮২৮৪
Apurba Sarma

বৰ্তমান সময়ত সমগ্র বিশ্বই এক জটিল সন্ধিক্ষণৰ সন্মুখীন হৈছে। সভ্যতাৰ উচ্চ শিখৰত আৰোহণ কৰিও আজি মানৱজাতি প্ৰকৃতিৰ ওচৰত যেন পৰাভূত। আধুনিকতাৰ ধামখুমীয়াত উটি ভাঁহি গৈ নিত্য নতুন প্ৰযুক্তিৰ দ্বাৰা সৃষ্ট সামগ্ৰীৰ ব্যৱহাৰ কৰি যান্ত্ৰিক জীৱনত ক্ৰমাৎ অভ্যস্ত হৈ পৰা মানুহে প্ৰকৃতিৰ ওপৰত চলোৱা অবাধ আধিপত্যৰ ফলত ভাৰসাম্যহীন প্ৰকৃতি আজি ৰুষ্ট। মানুহ সমাজপ্ৰিয় জীৱ যদিও আজিৰ মানুহে ব্যক্তিকেন্দ্ৰিক মানসিকতাৰে সামাজিক মিলা-প্ৰীতি, মানৱীয় প্ৰমূল্যবোধ আদিৰ পৰা দূৰলৈ গৈ মোবাইল ফোনৰ জৰিয়তে এখন কল্পিত জগতত ব্যস্ত হৈ পৰিছে। সেইবাবেই চাগৈ পৃথিৱীত আজি এই কৰ'ণা নামধাৰী মাৰাত্মক অতিমাৰী উদ্ভৱ হ'ল যাৰ পৰা বাচি থকাৰ একমাত্ৰ উপায় হ'ল সামাজিক দূৰত্ব বজাই ৰখা অৰ্থাৎ মানুহে মানুহৰ পৰা আঁতৰি থকা। কিন্তু এনেদৰে থকাটো কিমান কষ্টকৰ সেয়া এতিয়া আমি মৰ্মে মৰ্মে উপলব্ধি কৰিছোঁ।

সি যি কি নহওঁক, এতিয়া মূল প্ৰসংগলৈ আহোঁ। যোৱা শৈক্ষিক বছৰটো অতিমাৰীৰ প্ৰভাৱত দুৰ্যোগপূৰ্ণ ভাৱেই অতিবাহিত হ'ল। ছাত্ৰ-ছাত্ৰী সকল ইয়াৰ ফলত বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হ'ল। লকডাউনৰ সময়ত শৈক্ষিক প্ৰতিস্থানসমূহ বন্ধ ৰখাৰ লগে লগেই অনলাইন যোগে শিক্ষাদানৰ ব্যৱস্থা কৰা হ'ল, কিন্তু এই পদ্ধতিত যথেষ্ট সীমাবদ্ধতা আছে। বিশেষকৈ নিম্ন প্ৰাথমিক পৰ্য্যায়ৰ শিশুসকলক এই পদ্ধতিৰ জৰিয়তে পাঠদান কৰি আগবঢ়াই নিয়াটো সিমান সহজসাধ্য নহয়। ইয়াৰ কাৰণ হিচাপে ক'ব পাৰি যে এতিয়াও এনে বহুতো ছাত্ৰ-ছাত্ৰী আছে যাৰ ঘৰত স্মাৰ্ট ফোন উপলব্ধ নহয়। আনহাতে ফোনৰ যোগেদি শিক্ষা দান কৰিলে ব্যৱহাৰিক শিক্ষা দিয়াৰ ক্ষেত্ৰত কিছু সীমাবদ্ধতা আহি পৰে। বিশেষকৈ শিশুসকলক প্ৰাৰম্ভিক পৰ্যায়ত আখৰ লিখিবলৈ শিকোৱা, গণিতৰ বিষয়বস্তুসমূহৰ ধাৰণা স্পষ্টভাৱে বুজাবলৈ প্ৰত্যক্ষ যোগাযোগৰ প্ৰয়োজন হয়। ইয়াৰ উপৰিও ক্ৰিয়া-কলাপৰ জৰিয়তে শিক্ষণ-শিকনো শ্ৰেণীকোঠাৰ শিক্ষাদানতহে সম্ভৱ। কিন্তু এতিয়া পৰিস্থিতি আৰু অধিক জটিলতাৰ পিনে গতি কৰিছে। নতুন শিক্ষাবৰ্ষৰ পাঠদান আৰম্ভ কৰিবলৈ নৌপাওঁতেই পুনৰ কৰ'ণাৰ প্ৰকোপ অধিক হোৱাৰ ফলত বিদ্যালয় সমূহ বন্ধ ৰাখিবলগীয়া হ'ল। এইবাৰ সংক্ৰমণ আগতকৈ বেছি দ্ৰুত হাৰত হৈছে আৰু আক্ৰান্ত ব্যক্তিৰ মৃত্যুৰ হাৰ উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে। আজি সমগ্ৰ দেশতে যি কঠিন পৰিস্থিতিৰ উদ্ভৱ হৈছে, প্ৰতি মুহূৰ্ততে মানুহৰ প্ৰাণৰ সংশয়। এই সময়ত অদৃশ্য শত্ৰুৰ কবলৰ পৰা নিজকে বচাই ৰখাটোহে মুখ্য কৰ্তব্য হৈ পৰিছে। এই সন্ধিক্ষণৰ সময়ত আমাৰ ভৱিষ্যৎ প্ৰজন্মক সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত সামাজিক দূৰত্ব বজাই ৰখাত সৰ্বাধিক গুৰুত্ব দিব লাগিব। তাৰ সমান্তৰালভাৱে ছাত্র-ছাত্ৰী সকলৰ শিক্ষা দান প্ৰক্ৰিয়াও অনলাইন পদ্ধতিৰেই চলাই নিব লাগিব। কাৰণ, এই জটিল পৰিস্থিতি কিমান দিনলৈ থাকিব তাৰো কোনো নিশ্চয়তা নাই। প্ৰতিষেধক ল'লেও সাৱধানতা সমূহ সদায়েই মানি চলিব লাগিব। সেইবাবে মহামাৰীৰ সৈতে সহাৱস্থান কৰিয়েই কৰ্তব্য সমূহ কৰি যাব লাগিব।

এতিয়া ছাত্র-ছাত্ৰী সকলৰ অধ্যয়নৰ ধাৰা অক্ষুণ্ণ ৰাখিবলৈ শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱক সকলে যোগাত্মক দৃষ্টিভংগী আৰু সহযোগিতাৰে আগবাঢ়িব লাগিব। অনলাইন ব্যৱস্থা ফলপ্ৰসু কৰিবলৈ আমি শিক্ষক সকলে পাঠসমূহ যথাসম্ভৱ সহজ আৰু মনোগ্ৰাহীকৈ উপস্থাপন কৰিব লাগিব। অভিভাৱকৰ সহযোগত ছাত্ৰ-ছাত্ৰীৰ লগত ফোনযোগে যোগাযোগ ৰাখিব লাগে। পাঠ্যপুথিত থকা বেছি জটিল ক্ৰিয়া কলাপ বাদ দি বিষয়বস্তু সহজে বুজাই দিয়াত গুৰুত্ব আৰোপ কৰিব লাগে। এই ক্ষেত্ৰত আমি 'দীক্ষা' এপ্ (DIKSHA app) ৰ সহায় ল'ব পাৰোঁ। এই 'এপ'ত পাঠ্যপুথিসমূহৰ ডিজিটেল সংস্কৰণৰ লগতে পাঠ্যক্ৰমত থকা কিছুমান পাঠৰ ভিডিঅ' প্ৰস্তুত কৰি আপলোড কৰা হৈছে। এই ভিডিঅ' সমূহ আৰ্হি হিচাপে লৈ শিক্ষক সকলে নিজেও ভিডিঅ' আৰু অডিঅ' প্ৰস্তুত কৰি হোৱাটচ্ এপ্ যোগে ছাত্র-ছাত্ৰীসকলক পাঠসমূহ বুজোৱাৰ ব্যৱস্থা কৰিব লাগে। মুঠৰ ওপৰত এই সময়ত নতুন প্ৰযুক্তিৰ আহিলা মোবাইল ফোনৰ ব্যৱহাৰৰ জৰিয়তে আমি ছাত্ৰ-ছাত্ৰী সকলক নতুন পদ্ধতিৰে শিক্ষাদান কৰি আগবঢ়াই নিব লাগিব। এই ক্ষেত্ৰত এটা মন কৰিবলগীয়া কথা হ'ল একেৰাহে বেছি সময় মোবাইল ফোনত ব্যস্ত থাকিলে আমাৰ চকুৰ ক্ষতি হ'ব পাৰে। সেই বাবে আমি পাঠসমূহৰ ভিডিঅ' যথাসম্ভৱ চুটিকৈ প্ৰস্তুত কৰা উচিত। আনহাতে, ছাত্ৰ-ছাত্ৰী সকলক মোবাইল ফোন ব্যৱহাৰ কৰিবলৈ দিয়াৰ ক্ষেত্ৰত অভিভাৱক সকল সচেতন হ'ব লাগে। কাৰণ, ফোনত অনলাইন হোৱাৰ লগে লগেই ইউ টিউব্ বা গুগলত যিকোনো ধৰণৰ শিশুমনত প্ৰভাৱ পেলোৱা ভিডিঅ' আদি উপলব্ধ হয়। সেইবাবে ফোনটো ছাত্র-ছাত্ৰী সকলে ব্যৱহাৰ কৰা সময়ত অভিভাৱক সকলে লক্ষ্য ৰাখিব লাগে।

এইখিনিতে আৰু এটা কথা উনুকিয়াব খুজিছোঁ। আমাৰ সকলোৰে বাবে অনলাইন শিক্ষা পদ্ধতি নতুন। চৰকাৰে এই ক্ষেত্রত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিলে শিক্ষক সমাজ নিশ্চয় উপকৃত হ'ব। আনহাতে, বেছিভাগ প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষকৰ অভাৱ। প্ৰাথমিক পৰ্য্যায়ত শ্ৰেণী হিচাপে শিক্ষক নাথাকিলে ছয়টাকৈ শ্ৰেণীত পাঠ্যক্ৰম অনুসৰি শিক্ষাদান কৰাটো এজন বা দুজন শিক্ষকৰ বাবে দুৰূহ কাম। ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এই বিষয়সমূহ গুৰুত্ব সহকাৰে লোৱা উচিত।

আজিৰ এই কঠিন সময়ত সমগ্ৰ মানৱজাতিৰ জীৱনৰ প্ৰতি ভাবুকি আহি পৰিছে। এই পৰিস্থিতিত লকডাউনৰ ফলত হোৱা অচলাৱস্থাই দেশৰ অৰ্থনীতিতো গুৰুতৰভাৱে মাধমাৰ শোধাইছে। পৃথিৱীৰ ইতিহাসত বিভিন্ন সময়ত ঘটা এনে ধৰণৰ ডাঙৰ প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী, উত্থান-পতনৰ নজিৰ যথেষ্ট আছে, কিন্তু আমাৰ বাবে এই অতিমাৰীৰ চাক্ষুষ অভিজ্ঞতা এয়াই প্ৰথম। এই অদৃশ্য শত্ৰুৰ লগত মোকাবিলা কৰাৰ একমাত্ৰ অস্ত্ৰ হ'ল সজাগতা আৰু সাৱধানতা। এই সংগ্ৰাম কিমান দিনলৈ চলিব তাক এই মূহুৰ্তত কোনেও ক'ব নোৱাৰে। কিন্তু দুখৰ পিছত সুখ অথবা আন্ধাৰৰ পিছত পোহৰ হোৱাৰ নিয়ম চিৰচৰিত। এই দু:সময়ৰো এদিন নিশ্চয় অৱসান হ'ব। গতিকে পৰমেশ্বৰৰ ওপৰত বিশ্বাস ৰাখি সাৱধানতাৰে নিয়মসমূহ মানি ইতিবাচক চিন্তাৰে আমি শিক্ষাদানৰ মহান দায়িত্ব আৰু কৰ্তব্য সমূহ পালন কৰি যাব লাগিব। তেতিয়াহে আমাৰ উত্তৰ পুৰুষক ভৱিষ্যতৰ যোগ্য নাগৰিকৰূপে গঢ়াৰ বাট সুচল হ'ব।