বিদ্যালয়ত পুথিভঁ‌ৰালৰ প্ৰয়োজনীয়তা

গীতাশ্ৰী কলিতা সমন্বয়ক, কৰৰা শিক্ষাখণ্ড
gitashree kalita

আজিৰ শিশু ভৱিষ্যতৰ মানৱ সম্পদ। এই সম্পদ বিকাশৰ দয়িত্ব এটা পৰিয়ালৰ লগতে এখন সমাজৰো। শিশু এটিয়ে জন্ম হৈয়েই পৰিয়ালৰ লোকৰ পৰা মাত-কথা, আচাৰ-ব্যৱহাৰ, ৰীতি-নীতিৰ আদিপাঠ শিকে। কিন্তু তাক এক সভ্য ৰূপ দিয়াত সমাজ এখনৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। এই ক্ষেত্ৰত বিদ্যালয় এখনে এক গধুৰ দায়িত্ব পালন কৰিব পাৰে। বিদ্যালয় এখনত শিশুৱে আনুষ্ঠানিক শিক্ষাৰ প্ৰাৰম্ভণি কৰে। প্ৰাৰম্ভিক স্থানতেই যদি গাঠনি ঠিক নহয়, তেনেহ'লে সেই গাঠনি খহি পৰাৰো অৱকাশ থাকে। সেই গাঠনি দৃঢ় কৰাৰ বাবেই বিদ্যালয় সমূহত এটি পুথিভঁ‌ৰালৰ অতি প্ৰয়োজন। বিদ্যালয়ৰ শিক্ষাই এক সীমিত গণ্ডীৰ ভিতৰত থাকিহে শিক্ষা দিয়ে। কিন্তু পুথিভঁ‌ৰালে সেই শিক্ষাক আৰু এক বহল ক্ষেত্ৰলৈ লৈ যাব পাৰে।

ফ্ল'ৰিডাত আৰম্ভ হোৱা এক কাৰ্যসূচীক অনুসৰণ কৰি বহুতো দেশে বৰ্তমান সময়ত নতুন পিতৃ-মাতৃ সকলক হস্পিতালৰ পৰা বা দত্তক কেন্দ্ৰ সমূহৰ পৰা পুথিভঁৰালৰ তথ্য সম্পন্ন কিট (Kit) প্ৰদান কৰিবলৈ আৰম্ভ কৰিছে।। এই কিটবোৰত সাধাৰণতে খেল, গান আৰু অন্যান্য কাৰ্যকলাপৰ জৰিয়তে কেঁচুৱা এটাৰ ভাষা বিকাশ কিদৰে উদ্দীপ্ত কৰিব লাগে সেই বিষয়ে তথ্য থাকে। সেইবোৰত কেঁচুৱাৰ বাবে কিতাপ, কেঁচুৱাৰ প্ৰতিপালনৰ ওপৰত কিতাপ, আৰু লগতে স্থানীয় পুথিভঁৰালৰ ঠিকনা আৰু তাত প্ৰৱেশৰ সময়ো অন্তৰ্ভুক্ত থাকে। ইয়াৰ জৰিয়তে এটা কথা অনুমান কৰিব পাৰি যে তাত পুথিভঁৰালৰ গুৰুত্ব কিমান বেছি।

পশ্চিমীয়া দেশ কিছুমানত বহুতো এনেকুৱা পুথিভঁ‌ৰালো আছে, যিয়ে অভিভাৱকসকলক কিছুমান বিশেষ কাৰ্যসূচীৰ বাবে আমন্ত্ৰণ জনায়, যেনে সন্ধিয়া পিতৃ-মাতৃ-সন্তানৰ কাহিনীৰ সময়। ইয়াত অভিভাৱকসকলে তেওঁলোকৰ কেঁচুৱাবোৰক মনোৰঞ্জন আৰু বিকশিত কৰিবলৈ ঘৰত ব্যৱহাৰ কৰিব পৰা আঙুলিৰ নাটক, গান, আৰু অন্যান্য কাৰ্যকলাপ শিকিব পাৰে। ভাষাৰ বিকাশৰ বাবেও শিশু আৰু তেওঁ‌লোকৰ অভিভাৱকৰ বাবে ডাঙৰকৈ পঢ়া(reading aloud), সাধু কোৱা, ওমলা গীত ইত্যাদিৰ বিশেষ অনুষ্ঠান ৰখা হয়। শিশুৰ বয়স তিনিৰ পৰা পাঁচ বছৰ হোৱালৈকে, তেওঁলোকে সাধাৰণতে দলীয় কাৰ্যত অংশগ্ৰহণ কৰি উপভোগ কৰে। ফলস্বৰূপে, বহুতো পুথিভঁৰালে এই বয়সৰ শিশুৰ বাবে বিভিন্ন কাৰ্যসূচীৰ পৃষ্ঠপোষকতা কৰে, য'ত অভিভাৱকসকলে গোটেই অনুষ্ঠানবোৰত তেওঁলোকৰ সন্তানৰ সৈতে থকাৰ প্ৰয়োজন নাই। এই কাৰ্যকলাপবোৰৰ ভিতৰত হ'ল ডাঙৰকৈ পঢ়া, কাহিনী কোৱা, চলচ্চিত্ৰ, পুতলা অনুষ্ঠান, কলা আৰু কাৰুশিল্প, আৰু পঢ়া কাৰ্যসূচী। কিন্তু দুখৰ বিষয় এয়ে যে আমাৰ ভাৰতবৰ্ষত বৰ্তমানেও এনেধৰণৰ কাৰ্যসূচীৰ চিন্তা বহু বিৰল।

বৰ্তমান সময়ত ভাৰতবৰ্ষত ৫৪,৮৫৬ টা (Survey Report ORG-MARG) ৰাজহুৱা পুথিভঁ‌ৰাল আছে। ইয়াৰে মাত্ৰ ৪০ টা আমাৰ অসমত আছে। ৰাজা ৰামমোহন ৰায় ফাউণ্ডেচনৰ অধীনত ইয়াৰে অধিকাংশতে শিশুৰ বাবে এটিকৈ পঠন কোণ ৰখা হৈছে। কিন্তু এতিয়াও আমি পশ্চিমীয়া দেশৰ লগত ফেৰ মাৰিব পৰাকৈ আমাৰ সমল হোৱা নাই। লগতে আমাৰ শিশুক বিদ্যালয় পৰ্যায়তো পুথিভঁ‌ৰালৰ বিশেষ সুবিধ প্ৰদান কৰা হোৱা নাই। বহুতো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত এনে সুবিধা আছে লগতে তাত পুথিভঁ‌ৰালীও ৰখা হৈছে যাতে শিশুৰ সহায় হয়। কেন্দ্ৰীয় বিদ্যালয় সমূহত পুথিভঁ‌ৰাল থকাৰ লগতে পুথিভঁ‌ৰালীৰ পদবীও ৰখা হৈছে যিয়ে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা নিৰ্ধাৰণ কৰা উপযুক্ত মাননীও লাভ কৰে। কিন্তু আমাৰ চৰকাৰী বিদ্যলয় সমূহত পুথিভঁ‌ৰালীৰ পদবী দুৰৰ কথা, পুথিভঁ‌ৰালৰ বাবে উপযুক্ত এটি গৃহৰ অভাৱ। বিদ্যালয়ৰ এটি কোণতে সামান্যতম সুবিধাৰে এটি আলমাৰি বা এখন টেবুলকেই পুথিভঁ‌ৰাল নাম দিয়া হৈছে। "নেশ্বনেল বুক ট্ৰাষ্ট অৱ ইণ্ডিয়া"ই বিভিন্ন সময়ত বিভিন্ন কিতাপ যোগান ধৰি আহিছে যদিও তাক ৰখাৰ উপযুক্ত ঠাই হয়তো বহু বিদ্যালয়ত নাই। সেয়েহে সেইবোৰ কিতাপৰ পাঠকৰো অভাৱ। চৰকাৰী পক্ষৰ পৰাও পুথিভঁ‌ৰালৰ নামত অনুদান দিয়া হয়। কিন্তু সেয়াও হয়তো যথেষ্ট হৈ উঠা নাই, যিয়ে এটি পূৰ্ণ পৰ্যায়ৰ পুথিভঁ‌ৰাল বিদ্যালয় এখনত গঢ়ি তুলিব পাৰে। ছাত্ৰ-ছাত্ৰীক পাঠ্যক্ৰম ভিত্তিক শিক্ষা দিয়াৰ উপৰিও পুথিভঁ‌ৰাল এটিয়ে তেওঁলোকৰ জ্ঞানৰ পৰিসৰ আৰু অধিক বহল কৰিব পাৰে। সেয়েহে পুথিভঁ‌ৰাল এটিক বিদ্যালয় পৰ্যায়তে আৰু অধিক আকৰ্ষণীয় কৰি তোলাতো প্ৰয়োজন। পুথিভঁ‌ৰালৰ বাবে এটি গৃহ, কিতাপ বোৰ ৰখাৰ সঠিক ব্যৱস্থা, লগতে তাক চোৱাচিতা কৰাৰ বাবে এজন পুথিভঁ‌ৰালী। এইবোৰৰ উপৰিও ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহ জন্মাব পৰাকৈ কিছু কাৰ্যসূচীও হাতত ল'ব লাগিব যাৰ জৰিয়তে পুথিভঁ‌ৰালত থকা সমল বোৰৰ সঠিক ব্যৱহাৰ হয়। বৰ্তমান সময়ত পুথিভঁ‌ৰালে অকল কিতাপৰ ভঁ‌ৰাল কে নুবুজাই। খেলা-ধূলাৰ সমলৰ পৰা আদি কৰি তথ্য-প্ৰযুক্তিৰ বিভিন্ন সমলকো অন্তৰ্ভুক্ত কৰিছে। গতিকে, বিভিন্ন খেলৰ জৰিয়তে হওক বা প্ৰযুক্তিৰ মাধ্যমেৰেই হওক ছাত্ৰ-ছাত্ৰীক পুথিভঁ‌ৰাল মুখী কৰিব পাৰিলেহে পুথিভঁ‌ৰাল টোৰ সঠিক মূল্যাংকন হ'ব।

সুদুৰ ভৱিষ্যতত বিদ্যালয় পৰ্যায়ৰ পুথিভঁ‌ৰাল সমূহতো পশ্চিমীয়া দেশ সমূহৰ দৰে সুবিধা উপলব্ধ কৰাব পাৰিলে হয়তো আমিও তেওঁলোকৰ লগত ফেৰ মাৰিব পৰাকৈ অধিক সবল হৈ উঠিম আৰু হয়তো আমাৰ দেশখনো বিকাশশীল দেশৰ ভাগত নপৰি বিকশিত দেশ বুলি ক'ব পৰা হ'ব।