উদ্ভাৱক ভৱেশ দাসৰ সৈতে সাক্ষাৎকাৰ

সাক্ষাৎগ্ৰহণকাৰীঃ গুৰুবাৰ্তাৰ কাৰ্যবাহী সম্পাদক চুইটি বেজবৰুৱা
Bhabesh_Das

Bhabesh Das

কামৰূপ জিলাৰ দদৰাৰ নাগৰিক ভৱেশ দাসে কেতবোৰ বিশেষ উদ্ভাৱনৰ জৰিয়তে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে উদ্ভাৱনীৰ জগতখনলৈ বিশেষ অৱদান আগবঢ়োৱাৰ নিমিত্তে অগ্ৰসৰ হৈছে। তেওঁৰ এই সৃজনীশীল আৰু বহনসাধ্য প্ৰযুক্তিসমূহ বিশেষভাবে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চৰ্চালৈ আহিছে। নৱ উদ্ভাৱনৰ ক্ষেত্ৰখনৰ সৈতে আমাৰ ছাত্ৰ ছাত্ৰীকো জড়িত কৰাৰ বিশেষ প্ৰয়োজন আছে। এনে দিশলৈ লক্ষ্য ৰাখি উদ্ভাৱক গৰাকীৰ সৈতে 'গুৰুবাৰ্তা'ৰ তৰফৰ পৰা এটি সাক্ষাৎকাৰ গ্ৰহণ কৰা হৈছে। সাক্ষাৎকাৰ গ্ৰহণ কৰিছে গুৰুবাৰ্তাৰ কাৰ্যবাহী সম্পাদক চুইটি বেজবৰুৱাই ।

প্ৰশ্ন ১: ভৱেশ দাস ডাঙৰীয়া আপোনাক গুৰুবাৰ্তাৰ তৰফৰ পৰা নমস্কাৰ জনাইছোঁ। আপোনাৰ উদ্ভাৱন সমূহ বিশেষ ভাবে চৰ্চালৈ আহিছে। আমি এই সম্পৰ্কত কিছু জানিবলৈ বিচাৰিছো। প্ৰথমে কওক, আপুনি ইতিমধ্যে কি কি উদ্ভাৱন কাৰ্য সমাধা কৰিছে?

উত্তৰঃ হয় আপোনালোকলৈ নমস্কাৰ জনাইছোঁ, লগতে 'গুৰুবাৰ্তা' ৰ লগত জড়িত সকলোলৈকে মই মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ। অভাৱেই আৱিষ্কাৰৰ মূল বুলি কথা এষাৰ আছে। ক'ৰবাত গলেই সেই ঠাইৰ মানুহৰ বা সমাজৰ সমস্যা সমূহ বিছাৰিছিলো আৰু কিবা সমস্যা দেখা পালেই তাৰ সমাধান উলিয়াবলৈ চেষ্টা কৰিছিলো। এতিয়ালৈ যিমানবোৰ সামগ্রী উদ্ভাৱন কৰিলো তাৰ ভিতৰত কৃষিকাৰ্যত ব্যবহাৰ হোৱা সঁজুলি, স্বাস্থ্য সম্পৰ্কীয় সঁজুলি, বিশেষভাৱে সক্ষম লোকৰ বাবে কিছুমান সঁজুলি, শিক্ষা সম্পৰ্কীয় সঁজুলি, যান-বাহন, লঘু উদ্যোগ সম্পৰ্কীয় যন্ত্র আদি বহুতো।মুঠৰ ওপৰত মনলৈ যি আহে তাকে কৰিবলৈ চেষ্টা কৰো।

PRODUCT DEMONSTRATION IN AGRICULTURAL FIELD

Fig: PRODUCT DEMONSTRATION IN AGRICULTURAL FIELD

প্ৰশ্ন২: এই উদ্ভাৱন সমূহৰ কথা কেনেকৈ মনলৈ আহিল?

উত্তৰঃ হয়, মই কলোৱেই যে সমস্যা বিছাৰি ফুৰিছিলো। আমাৰ বা আপোনাৰ এতিয়াও বহু সমস্যা আছে। এই সমস্যাবোৰ বিছাৰি উলিয়াব পাৰিব লাগিব। তেতিয়াহে ইয়াৰ সমাধান ওলাব। আপুনি অহা-যোৱা কৰোঁতেই হওঁক বা আপুনি ৰান্ধনি ঘৰত কাম কৰি থাকিলে কিছুমান সমস্যাৰ মুখামুখি হয় । কিন্তু হয়তো আপুনি তাক সমস্যা বুলিয়ে ভাবি থ'লে। সমস্যাটো গুৰুত্ব সহকাৰে নল'লে। এইটো থাকি গ'ল। সদায় কৰি থকা কামটোৰ সুবিধা আৰু সময়ৰ ওপৰত নজৰ দিলেই সমস্যা কিছুমান দেখা পাব আৰু তাত দেখা অসুবিধাটো শুদ্ধ কৰিব পাৰিলেই সেয়া হ'ব এটা নতুন উদ্ভাৱন।

MECHANICAL VANTILATOR

Fig: MECHANICAL VANTILATOR

প্ৰশ্ন৩: আপুনি কেতিয়াৰ পৰা এই কামত জড়িত হৈছে?

উত্তৰঃ দীৰ্ঘসময় ধৰি এই কামবোৰ কৰি আছিলো যদিও ২০১৬ চনৰ পৰা 'উদ্ভাৱন' জগতখনৰ লগত বেছিকৈ জড়িত হ'লো। মোৰ ডাঙৰ ল'ৰাটোৱে মোৰ এই কামৰ সংগী হৈছিল আৰু তেওঁ নিজেও যন্ত্ৰ বনোৱাত লাগিল। সংসাৰৰ প্ৰয়োজনবোৰ পুৰ কৰাৰ মাজতে নিজে ভাবি থকা কথাবোৰ এনেকৈ লাহে পুৰ্ণ ৰূপ দিবলৈ চেষ্টা কৰিছিলোঁ। মোৰ সন্তানকেইটিয়েও এই কামটো ভাল পোৱা হৈ উঠাত কাম কৰিবলৈ সুবিধা হ'ল।

২০১৬ চনত মোৰ ডাঙৰ ল'ৰা লহৰজ্যোতি দাসে হাইস্কুল শিক্ষান্ত পৰীক্ষা দিয়েই এটা এনেকুৱা যন্ত্র বনালে যিটো যন্ত্র সকলোৰে মন জয় কৰিবলৈ সক্ষম হ'ল আৰু সেই বৰ্ষতে এই যন্ত্রটোৰ বাবে ৰাষ্ট্ৰপতি বঁটাৰে সন্মানিত হ'ল। এই যন্ত্রটোৱে আছিল "পাণ" বনোৱা যন্ত্র। তেতিয়াৰ পৰা এতিয়ালৈ নিৰৱছিন্নভাৱে এটাৰ পিছত এটা উদ্ভাৱন কৰিছে, লগতে এইটোও জনাওঁ যে ২০১৯ চনত মোৰ সৰু ল'ৰা ৰক্তিম দাসেও ৰাষ্ট্ৰপতি বঁটাৰে সন্মানিত হৈছে।

মোৰ ব্যক্তিগতভাৱে বিজ্ঞান শিক্ষা গ্ৰহণৰ ইচ্ছা আছিল যদিও ঘৰুৱা সমস্যাৰ কাৰণে সেয়া মোৰ হোৱা নাছিল। কিন্তু বিজ্ঞান সৰ্বস্ব মন এটাৰে কিছু কাম কৰি যোৱাৰ চেষ্টা কৰিছিলোঁ। তাৰেই ফলস্বৰূপ এই যন্ত্ৰ নিৰ্মাণৰ কামবোৰ।। সময়ৰ লগে লগে মোৰ অনুসন্ধিৎসু মনটোৱে দৈনন্দিন জীৱনৰ লগত জড়িত ঘটনা পৰিঘটনা সমূহ বিশ্লেষণ কৰিবলৈ ধৰিলে আৰু মই নিজেই গৱেষণাৰ কামত ব্ৰতী হলো । যদিয়ো আনুষ্ঠানিক ভাৱে গৱেষণাৰ জ্ঞান লাভ কৰা নাছিলো কিন্তু নিজস্ব ধৰণেৰে, যুক্তি সহকাৰে বিচাৰ বিবেচনা কৰি কামত অগ্ৰসৰ হৈছিলো । পৰৱৰ্তী সময়ত এই অনুসন্ধানৰ তীব্ৰ আগ্ৰহে আজিৰ পৰ্যায় পোৱাইছেহি বুলি মই ভাবো। জনা হোৱাৰ পৰাই য'তে যি দেখা পাওঁ তাকেই বুটলি আনি তাক নতুন ৰূপত সজাবলৈ চেষ্টা কৰিছিলো। চেণ্ডেলৰ বাকচেৰে ঘৰ বনোৱাৰ পৰা আৰম্ভ কৰি কাগজ, মাটি, বাহ, কাঠ আদিৰে বিভিন্ন সামগ্রী বনাইছিলো। সেয়াই পৰৱৰ্তী পৰ্যায়ত বৈজ্ঞানিক চিন্তা ধাৰাৰে কাম কৰাত উদগনি যোগাইছিল।

INCENSE STICK MAKING MACHINE

Fig: INCENSE STICK MAKING MACHINE

প্ৰশ্ন৪: আপোনাৰ ব্যক্তিগত জীৱনৰ বিষয়ে কওকচোন।

উত্তৰঃ ব্যক্তিগত জীৱনৰ কথা ক'বলৈ গ'লে বহুত , ক'ত আৰম্ভ কৰিম,ক'ত শেষ কৰিম। জন্মৰ পৰা বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজেৰে দিন পাৰ কৰিছোঁ ,জনা নজনা, পোৱা নোপোৱা বহু অভিজ্ঞতাৰে পৰি পূৰ্ণ মোৰ জীৱন।অভাৱে মানুহক বহুত কথাই শিকায়, ময়ো তাৰ ব্যতিক্ৰম নহয়,জনা হোৱাৰ পৰাই উপাৰ্জন কেনেকৈ কৰিব পাৰি তাৰ পিছে পিছে বহুত দৌৰিছো। কেতিয়াবা সফলো হৈছোঁ আৰু কেতিয়াবা বিফলো হৈছো। কোনো দিনে পিছ হোহকা নাছিলো,চেষ্টা অব্যাহত ৰাখিছিলো।পঢ়ি শুনি ভৱিষ্যতে কিবা এটা কৰাৰ আশা মনত পুহি ৰাখিছিলো ,, সেয়ে স্কুল যোৱা বাদ দিয়া নাছিলোঁ।পাৰ্যমানে চেষ্টা কৰিছিলোঁ মোৰ শিক্ষা ব্যৱস্থা টো জীয়াই ৰাখিবলৈ।বিজ্ঞান বিষয়ত পঢ়িবলৈ মন আছিল যদিও উপযুক্ত সুবিধা ৰ অভাবত কলা শাখাতে আমাৰ ঘৰৰ ওচৰত থকা দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰবেশিকা শিক্ষা শেষ কৰি প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত স্নাতকত নাম ভৰ্তি কৰিছিলোঁ।গুৱাহাটীত পঢ়াৰ মন এটাও আছিল, সেয়ে নভবা নিচিন্তা কৈয়ে Admission লৈ ল'লো।সপ্তাহত কেতিয়াবা এদিন কেতিয়াবা দুদিন ক্লাছ কৰি প্ৰথম বৰ্ষ টো কোনো মতে পাৰ কৰিলো।তাৰ পিছত আৰু নহ 'ল। মোৰ শিক্ষা জীৱন সিমানতে সামৰিব লগা হ'ল।ঘৰৰ ডাঙৰ ল 'ৰা হোৱা বাবে কম বয়সতে ঘৰৰ দায়িত্ব ল'ব লগা হৈছিল।পঢ়ি থকা কালতে বিভিন্ন মাধ্যমৰ জৰিয়তে উপাৰ্জন কৰি পঢ়া খৰছ উলিওৱাৰ লগতে ঘৰখনো চাইছিলো। আনৰ আনৰ বাৰীয়ে বাৰীয়ে ঢেঁকীয়া, কলডিল আদি বিচাৰি আনি বজাৰত বিক্ৰী কৰিছিলোঁ। ৰাজ মিস্ত্ৰীৰ লগত যোগালী কাম, হোটেলত বাচন ধোৱা , ঘৰত ৰং দিয়া ,আৰু যে কত কি কৰা নাছিলোঁ, মুঠৰ ওপৰত মোৰ জন্ম হৈছিল যেন কেৱলমাত্ৰ সংগ্ৰাম কৰিবলৈ।এই সংগ্ৰাম এতিয়াও অব্যাহত আছে। পৰিয়াল বুলিবলৈ বৰ্তমান মই মোৰ পত্নী ল'ৰা দুজন আৰু ছোৱালী এজনী। নিজে যিহেতু বিজ্ঞানৰ ছাত্ৰ নাছিলো সেয়ে দুই পুত্ৰক বিজ্ঞান পঢ়াৰ বাবে আগ্ৰহী কৰিছিলো আৰু লৰা দুয়োজনে ক্ৰমে লহৰজ্যোতি দাস ইলেক্ট্ৰনিকছত আৰু ৰক্তিম দাসে ইলেকট্ৰিকেলছত কামৰূপ পলিটেকনিকত কনিষ্ঠ অভিযন্তাৰ পাঠ্যক্ৰম অধ্যয়ন কৰি আছে আৰু কন্যা কাকলি দাস, "কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়" নলবাৰীত সংস্কৃত বিষয়ত স্নাতকোত্তৰত অধ্যয়ন কৰি আছে । মোৰ আধৰুৱা সপোন খিনি এতিয়া এওঁলোকৰ জৰিয়তে পুৰাবলৈ চেষ্টা অব্যাহত ৰাখিছোঁ। আমি পিতা পুত্ৰই এই কভিড সৃষ্ট পৰিবেশৰ সময়ত গৃহবন্দী জীৱন উপভোগ কৰিছো আৰু ন ন আৱিষ্কাৰৰ কামত ব্ৰতী হৈছোঁ । সময় গতিশীল , ধৰি ৰাখিবলৈ বৃথা চেষ্টা নকৰি সময়ৰ সদ ব্যৱহাৰ কৰিছো আৰু হাততে সহজে পোৱা সামগ্ৰীৰে জনসমাজৰ কল্যান হোৱা সামগ্ৰী উদ্ভাৱন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছো ।

FOOD PROCESSING MACHINE

Fig: FOOD PROCESSING MACHINE

প্ৰশ্ন ৫: প্ৰযুক্তি সমল এটা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত নিজৰ নিৰলস সাধনাৰ লগতে বিত্তীয় দিশটোৱো আহি পৰে। এইখিনি আপুনি কেনেকৈ সুবিধা কৰি লয়?

উত্তৰঃ হয় , যি কোনো প্ৰযুক্তি সমল এটা প্ৰস্তুত কৰিবলৈ হ 'লে প্ৰথমতে বিষয়বস্তু বাছনি কৰি ল'বই লাগিব l যিটো বিষয় বস্তু বাচনি কৰা হয় তাৰ ব্যৱহাৰ আৰু প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিব লাগিব l বস্তু এটা প্ৰস্তুত কৰিলেই নহব, ইয়াক ক'ত, কোনে আৰু কিয় ব্যৱহাৰ কৰিব সেই দিশটোও চাব লাগিব l কাৰণ সামগ্ৰী এবিধ প্ৰস্তুত কৰিবলৈ যাওতে সময়, অৰ্থ, শাৰীৰিক, মানসিক আদিৰ যথেষ্ট ক্ষতি বা ব্যৱহাৰ কৰা হয। গতিকে এইবোৰৰ ক্ষতি নোহোৱাকৈ সমাজ বা জনসাধাৰণৰ কামত আহিলেই ব্যয় কৰা অৰ্থ আৰু কষ্টৰ সাৰ্থক হ'ব l যদি আপুনি কিবা এটা নতুন কৰিব বিচাৰে তেন্তে আপোনাক সাধনাৰ প্ৰয়োজন হ'ব,,সাধনা অবিহনে বিশেষ কামত সফলতা পোৱাতো অলপ কঠিন l এই সাধনা দীৰ্ঘম্যাদি হব পাৰে, হ্ৰস্বম্যাদিও হব পাৰে l ই আপোনাৰ বিষয় বস্তুৰ ওপৰত নিৰ্ভৰ কৰিব l যেতিয়া মনত কিবা এটা নতুন সৃষ্টিয়ে ঠাই লয় তেতিয়া অৰ্থৰ কথা ভবাই নাযায় l ক'ৰ পৰা কৰিম , কেনেকৈ কৰিম,ইমান ভাবি নেথাকো,, আৰম্ভ কৰি দিও, পিচত যি হয় দেখা যাব। কাৰণ আৰম্ভ কৰিলেহে এদিন শেষ হ'ব l মই মোৰ দৈনন্দিন খৰচৰ মাত্ৰা কমাই পৰিয়ালৰ প্ৰয়োজন পিছলৈ ৰাখি হ'লেও নতুন সৃষ্টিক পূৰ্ণতা দিবলৈ চেষ্টা কৰোঁ l

CONTACTLESS HAND WASH BASIN

Fig: CONTACTLESS HAND WASH BASIN

প্ৰশ্ন ৬ : এই উদ্ভাৱনসমূহৰ ক্ষেত্ৰত ৰাইজৰ সহাৰি কেনেধৰণৰ। এই সমলসমূহ ব্যয়সাধ্য ৰূপত তুলি ধৰিব পাৰিছেনে?

উত্তৰঃ সপোন বাস্তৱলৈ ৰুপান্তৰিত হ'লে তাৰ আনন্দ কেনে হ'ব পাৰে ,নিশ্চয় আপুনি অনুভৱ কৰে l প্ৰথমে আমি আমাৰ ভাৱাৰ্থক কাৰ্যক্ষমলৈ ৰুপান্তৰ কৰাৰ বাবে নিজকে নিমজ্জিত কৰোঁ l যেতিয়া আমাৰ ভাৱাৰ্থ কাৰ্যক্ষমলৈ ৰুপান্তৰ হয় তেতিয়া প্ৰথমে আমি আনন্দ লাভ কৰোঁ আৰু এই কাৰ্যই যেতিয়া প্ৰচাৰ মাধ্যমত ঠাই পাই তেতিয়া ৰাইজৰ সঁহাৰি ও যথেষ্ট পোৱা যায় l কিন্তু অপ্ৰিয় হ'লেও সত্য যে,ৱ্যৱসায়িক দিশত মই মোৰ গৃহ ৰাজ্যৰ পৰিবৰ্তে অইন ৰাজ্যৰ পৰাহে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছো l

প্ৰশ্ন ৭ঃ আগন্তুক সময়ত আপুনি কি কি কাম হাতত ল'ব?

উত্তৰঃ ইতিমধ্যে কেইবাটাও কাম হাতত লোৱা আছে l বৰ্তমান Covid 19 ক লৈও কিছু কাম কৰি আছোঁ l এইবাৰ কৰ'নাত ৰোগীক অক্সিজেন আৰু ventilator খুউব প্ৰয়োজন হৈছে l কিন্তু প্ৰয়োজন অনুসৰি বিভাগীয় কৰ্তৃপক্ষই ventilator যোগান ধৰিব পৰা নাই ,কাৰণ বৰ্তমান ইয়াৰ বজাৰ মূল্য বহুত l সেয়ে অতি কম দামত পাব পৰা কৈ এটা মেকানিকেল ventilator ৰ কাম আৰম্ভ কৰিছোঁ l ইতিমধ্যে প্ৰথমটো মডেলৰ কাম সম্পূৰ্ণ হৈছে আৰু এই মডেলটো গোৱা আই আই টি লৈ পঠোৱা হৈছে পৰিক্ষা নিৰিক্ষাৰ বাবে l আগলৈ কৰিব লগা কেইবাটাও আছে যদিও পৰিবেশ পৰিস্থিতি চাই আগবাঢ়িম l

প্ৰশ্ন৮: গুৰুবাৰ্তাৰ পাঠক সমাজ তথা উঠি অহা প্ৰজন্মক আপুনি কি ক'ব?

উত্তৰঃ গুৰুবাৰ্তাৰ প্ৰতিজন পাঠকলৈ মই মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদিছো। লগতে গুৰুবাৰ্তাৰ পাঠক হ 'বলৈ পাই মই নিজকে ধন্য মানিছো। মোৰ এই সাক্ষাৎকাৰটি গুৰুবাৰ্তাত প্ৰকাশ পাব বুলি জানি নথৈ আনন্দিত হৈছোঁ l আশা কৰোঁ পাঠক সমাজে আমাক উৎসাহ, উদ্দীপনা ও প্ৰেৰণা যোগাব l বৰ্তমান উঠি অহা নৱ প্ৰজন্মক মই এটা কথা কব খুজিছোঁ যে,,, বিজ্ঞান বুলি ক'লে বহুত ছাত্ৰ ছাত্ৰীয়ে ভয় খায় বা বিজ্ঞানৰ প্ৰতি আকৃষ্ট নহয় l এই চাবজেক্টটো ইমান ইন্তাৰেষ্টিং, ইয়াক কেবল আৰম্ভ কৰিব লাগে,শেষ টো ই( বিজ্ঞানে) নিজে কৰি দিয়ে l বৰ্তমান বিজ্ঞানৰ যুগ। আজি আমি যিবোৰ Technology ব্যৱহাৰ কৰি আছোঁ এইবোৰ আগতেই মহান বিজ্ঞানী সকলে আৱিষ্কাৰ/ উদ্ভাৱন কৰি থৈ গৈছে l এতিয়া যদি আমি একো কৰি থৈ নাযও তেনেহলে আমাক আমাৰ পিছৰ প্ৰজন্মই দোষাৰোপ কৰিব l নিজৰ নিজৰ এলেকাৰ যিবোৰ সমস্যা আছে সেইবোৰৰ সমাধান উলিয়াবলৈ চেষ্টা কৰিলে তাৰ যিটো ফল পোৱা যায়, সেয়াই হ'ল নৱ উদ্ভাৱন l