মুনীন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্যৰ সৈতে সাক্ষাৎকাৰ

সাক্ষাৎগ্ৰহণকাৰীঃ ড° শিৰোমণি ভূঞা, প্ৰবক্তা জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান,কামৰূপ

কলাত্মক সংযোগে শ্ৰেণীকোঠাক প্ৰাণৱন্ত কৰে

অসমৰ চাৰুকলাৰ জগতখনৰ এক পৰিচিত নাম মুনীন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য। একেধাৰে কবি তথা অন্যান্য সৃজনীশীল সাহিত্যৰ সুলেখক শ্ৰীযুত ভট্টাচাৰ্য দীৰ্ঘদিন শিক্ষক প্ৰশিক্ষণ ক্ষেত্ৰখনৰ সৈতে অংগাগীভাবে জড়িত। আদিতে শান্তি নিকেতনৰ চাৰুকলাৰ এগৰাকী কৃতি ছাত্ৰ শ্ৰীযুত ভট্টাচাৰ্য কৰ্মজীৱনত অসম চৰকাৰৰ কেইবাখনো জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত প্ৰবক্তা হিচাপে কাৰ্য সম্পাদন কৰাৰ পিছত ডায়েট গোৱালপাৰাৰ অধ্যক্ষ হিচাপে তেখেতে অৱসৰ গ্ৰহণ কৰে। কলা শিক্ষা আৰু কলাত্মক অনুভূতিৰ মাধ্যমেৰে শিশুৰ শিকন প্ৰক্ৰিয়াক কেনেকৈ আগবঢ়াই নিব পাৰি এই সম্পৰ্কত তেখেতে খুব সুস্পষ্টভাবে কেতবোৰ কথা আমাৰ আগত দাঙি ধৰিছিল। এই প্ৰসংগতে তেখেতৰ সৈতে গুৰুবাৰ্তাৰ সম্পাদকে গ্ৰহণ কৰা এক সাক্ষাৎকাৰৰ লিখিত ৰূপ তলত প্ৰকাশ কৰা হ'ল ----

সম্পাদকঃ নমস্কাৰ গ্ৰহণ কৰিব। আমি আজি কলা শিক্ষা সম্পৰ্কত কিছু কথা আলচ কৰাৰ নিমিত্তে আপোনাৰ ওচৰ চাপিছো। প্ৰসংগ দীঘলীয়া নকৰি আপোনাৰ পৰা জানিব বিচাৰিছো যে শ্ৰেণীকোঠা এটাৰ পৰিৱেশক প্ৰাণ দিবলৈ কলাত্মক কাৰ্যৰ প্ৰয়োজনীয়তা কেনেধৰণৰ। আচলতে সমন্বিত বিষয় হিচাপে কলা শিক্ষাৰ ব্যাখ্যা আপুনি কিদৰে কৰিব।

ভট্ৰাচাৰ্যঃ তুমি কোৱা কথাষাৰক মই এটা বিশেষ উদাহৰণৰে ক'ব বিচাৰো। এই যে বজাৰত যাদু দেখাই বা যিকোনো খেল দেখুওৱা মানুহ এজনে কি কৰে বাৰু। সাধাৰণতে প্ৰথমে ডম্বৰু এটা বজায়। মানুহক আকৰ্ষণ কৰে। ডম্বৰুৰ শব্দটো শুনি দুই এজন মানুহ থুপ খায়। লাহে লাহে সেই খেল দেখুওৱা মানুহজনে আন কেতবোৰ ক্ৰিয়া কলাপ আৰম্ভ কৰে যাতে আৰু দহজনক আকৰ্ষণ কৰিব পাৰে। ঢোলকি এটা লৈ নাচ দিয়া আৰম্ভ কৰে। বোৰ্ড এখনত আঁ‌ক বাঁ‌ক কৰে । তাৰ পিছত দেখিব লাহেকৈ তেওঁ যাদু খেলেই হওক বা অন্য আশ্চৰ্যজনক কিবা খেলেই হওক, সেয়া দেখুওৱা আৰম্ভ কৰে। লাহেকৈ তেওঁৰ হাতৰ কিছুমান মাদলী মানুহৰ চকুৰ আগলৈ উলিয়াই দিয়ে। মানুহ ইয়াৰ আগৰ ক্ৰিয়াকলাপ চাই ইমানেই আপ্লুত হয় যে খুব সোনকালেই তেওঁৰ মাদলীখিনি বিক্ৰি হৈ যায়। প্ৰায়োগিক দিশেৰে চাবলৈ গ'লে ইয়াত খেল দেখুওৱা মানুহজনে কেতবোৰ কলাত্মক কৌশলক প্ৰচাৰৰ বা আকৰ্ষণৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিলে। এই সমগ্ৰ কামটো হৈছে এটা সন্মতকৰণৰ কৌশল। পৰিৱেশ এটাক নিজৰ উদেশ্যৰ লগত ৰজিতা খুৱাই সাজু কৰি তোলাৰ পৰিকল্পিত প্ৰয়াস য'ত কলা কৌশলে এক সুদৃঢ় মাধ্যম হিচাপে কাম কৰে। ঠিক একেদৰে আমাৰ শিশুসকলৰ মনত আকৰ্ষণ জগোৱাৰ উপযুক্ত মাধ্যমো হ'ল কলাকৰ্ষণ কৰা বা কলাৰ প্ৰয়োগ কৰাটো। শ্ৰেণীকোঠাত শিক্ষক এজনে প্ৰৱেশ কৰি ছাত্ৰ ছাত্ৰীক পঢ়াব লগা কথাখিনি পোনপটীয়াকৈ কৈ যোৱাতকৈ যদি ব্যৱহাৰিক জীৱনৰ প্ৰসংগৰে কিছু কলাত্মক আভাস যেনে চিত্ৰ, কাহিনী, কেতবোৰ নন্দনতাত্বিক উপাদান, পৰিৱেশ্য কলা আদিৰে যদি সজাই লয় তেন্তে দেখিব ক্লাছটো সজীৱ হৈ উঠিছে। আমি শান্তি নিকেতনত পঢ়োতে মোৰ গুৰু প্ৰফেচৰ যশপালে সদায় কৈছিল কিয় শিক্ষকে পোনে পোনে চিলেবাছৰ চৰ্বিত শ্ৰৱণ কৰাবৰ কাৰণে উদ্যত হয়। পঢ়াবলগা বিষয়বোৰত প্ৰাণ দিয়াটো শিক্ষকৰ কৰ্তব্য নহয়নে? কলা এনে এক উপলব্ধি য'ত জড় বস্তুৰ ক্ষেত্ৰত কলাত্মক উপাদানৰ জৰিয়তে প্ৰাণ সঞ্চাৰ কৰা হয়। এই প্ৰাণ সঞ্চাৰৰ কৌশল যদি এটা শ্ৰেণীকোঠাত এখিনি কণমানিৰ মনত কৰি দিব পাৰি, তেন্তে সেই শ্ৰেণীকোঠাটোৰ পৰিৱেশ কিদৰে সলনি হ'ব সেইকথা ভাল শিক্ষক এজনে ভালদৰে উপলব্ধি কৰিব পাৰে।

সম্পাদকঃ প্ৰতিফলনমূলক শিক্ষণ এই কামৰ জৰিয়তে নিশ্চয়কৈ সাধিত হ'ব

ভট্ৰাচাৰ্যঃ হয় । একদম মূল কথা সেইটোৱেই। এইযে কলাত্মক পাতনিটো আমি মেলি ধৰো। সেই পাতনিটোৰ মাজেদিয়েই ছাত্ৰ ছাত্ৰীৰ পূৰ্ৱাভাস পৰীক্ষা কৰি ল'ব পাৰো। কোনো ধৰণ চাপ সৃষ্টি নকৰাকৈ ছাত্ৰ ছাত্ৰীৰ মনত ভাব উলিয়াই আনিব পৰাটো reflective teaching ৰ অন্যতম অংশ। দেখিবা ছাত্ৰ ছাত্ৰীয়ে প্ৰায়োগিক কথা-কাহিনী বা কলা উপাদান কিছুমানৰ আলমত এক ধৰণৰ প্ৰতিফলন দেখুওৱা আৰম্ভ কৰিছে।

সম্পাদকঃ কথাটো বৰ interesting. আচলতে শিক্ষকক ছাত্ৰ ছাত্ৰীয়ে খোলাকৈ ভুলে শুদ্ধই উত্তৰ দিবলৈ বা আলোচনাত ভাগ ল'বলৈ সহজ পৰিৱেশ এটা সাজু কৰি দিয়াটো বৰ দৰকাৰী

ভট্ৰাচাৰ্যঃ সেই কাৰণেই সেই খেল দেখুওৱা যাদুকৰজনৰ কাহিনীটো মই কৈছো। কাৰণ ছাত্ৰ ছাত্ৰীক সহজ কৌশলেৰে motivate কৰি লোৱাটো দৰকাৰ। অথচ এই কৌশল নিজেই আকৌ আকৰ্ষণীয় হ'ব লাগিব।

সম্পাদকঃ তাৰ লগে লগে শ্ৰেণীকোঠা এটাত কথা উপস্থাপন কৰাৰ শৈলীটোও নিশ্চয় এই আওতাত আহিব

ভট্ৰাচাৰ্যঃ হয়। এই কথা কোৱাটো পৰিৱেশ্য কলাৰেই অংশ। শিক্ষকজনে যিটো narratives ৰ মাজেৰে আগবাঢ়ে সেইটোতে শৈলীগত বহু কথাই সাঙোৰ খাই আছে। কেনেকৈ কথা এটা কোৱা হৈছে। তাত কোনবোৰ কথাত জোৰ দিয়া হৈছে সেই সকলোবোৰ কথা পৰিৱেশ্য কলাৰ জ্ঞানৰ আয়ত্ত কৰাৰ ফলত সুগম হৈ পৰে সেয়ে সমন্বিত বিষয় হিচাপে কলাটোক শিক্ষণ প্ৰক্ৰিয়াৰ মাজত ধৰা হয়।

সম্পাদকঃ কলাশিল্পৰ লগত যে প্ৰযুক্তিগত দিশবোৰ আহিছে। তাৰ জৰিয়তে কথাবোৰ বেছি overwhelming পৰিৱেশৰ মাজলৈ গৈছেনেকি বাৰু ছাৰ।

ভট্ৰাচাৰ্যঃ খুব গুৰুত্বপূৰ্ণ কথা এইটো। আচলতে কলা শিল্পৰ লগৰ এতিয়া বিৰাট একধৰণৰ প্ৰযুক্তিগত সহজ সাধ্যতা আহি পৰিছে। কিন্তু এই সহজ যেন দেখা প্ৰযুক্তিগত কথাবোৰো কিন্তু নিৰ্দিষ্ট কলা কৰ্ষণৰ মাজেৰেই আহিছে। তাত বিজ্ঞান আৰু কৌশলে সমানে অৱস্থান কৰিছে। সেয়াই হৈ পৰিছে প্ৰযুক্তি। গতিকে যিটো আৱিষ্ট হোৱাধৰণৰ কথা তুমি কৈছা সেইটো আচলতে ছাত্ৰ ছাত্ৰীক অভিভূতকৰণৰ সমল হৈ উঠিছে। এতিয়া ডাঙৰ কথা হ'ল এইযে প্ৰযুক্তিয়ে আনি দিয়া অতি সহজ access খিনিৰ লগত ছাত্ৰ ছাত্ৰীৰ প্ৰাথমিক সৃষ্টিশীলতাখিনিৰ বাবে সাৰপানী দিব পাৰিছোনে নাই । আচলতে কোনো কলা কৌশলেই স্বাভাৱিক জীৱনযাত্ৰাৰ পৰা ফালৰি কটাবিধৰ নহয়। তাত ছায়াচ্ছন্ন কথাবোৰ থাকিব পাৰে কিন্তু কলাৰ উন্মেষ প্ৰকৃতিগত ভাবেই হয়। সেয়ে শ্ৰেণীকোঠাৰ মূল শিকনখিনি প্ৰাকৃতিক সমলৰ জৰিয়তেই আৰম্ভ হয়। সেয়া এখন ছবি হ'ব পাৰে, গীত এটা হ'ব পাৰে, চলচিত্ৰ হ'ব পাৰে, কাহিনী এটা হ'ব। এইযে তুমি প্ৰযুক্তিৰ কথা ক'লা সেয়া একো একোটা মাধ্যমৰো অংশ। মাধ্যমে ৰূপ সলাই গৈ থাকিব। মানুহক অভিভূত কৰি গৈ থাকিব। কিন্তু কলাত্মক ভাবধাৰাৰ প্ৰাথমিক কথাবোৰ একে ধৰণেই থাকিব। কলাৰ দিশবোৰ জীৱনশৈলীৰ সৈতে ওতপ্ৰোতভাবে জড়িত । কলাৰ প্ৰয়োগেৰে আমাৰ কাৰ্যবোৰক গ্ৰহণীয় কৰি তোলা হয়। ৰূপ ,সৌন্দৰ্য, অলংকাৰ, চিত্তাকৰ্ষণৰ দৰে কাৰ্য কলাৰ মাজত বিদ্যমান।

সম্পাদকঃ কিন্তু প্ৰযুক্তিৰ সোঁ‌তত কলাৰো ৰূপান্তৰ ন ন গতিত হৈছে। এই ৰূপান্তৰত শিল্পৰ লগত জড়িত লোকৰ বাবে প্ৰত্যাহ্বান অহা নাইনে?

ভট্ৰাচাৰ্যঃ প্ৰযুক্তিগত dilemma ত শিল্পী কেতিয়াবা সোমোৱাটো স্বাভাৱিক কথা। ধৰা হ'ল আমি দ্বিমাত্ৰিক শিল্পৰে কৰ্মবোৰ আগবঢ়াই গৈছিলো। মেন্যুৱেল কাম কাজত আৱিষ্ট আছিলো। কিন্তু মানুহ অভিযোজনমুখী। শিল্পীসকলৰো অভিযোজন ক্ষমতা নিশ্চয়কৈ থাকিব। মানুহভেদে এই অভিযোজনৰ হাৰ বেলেগ ৱেলেগ। প্ৰত্যাহ্বান বুলিবলৈ এইখিনিয়েই। সময়ৰ লগে লগে অনুকৰণ, অনুৰোপনৰ আৰু অভিযোজনৰ ধৰণৰ সৈতে আমি ৰজিতা খুৱাই গৈ থাকো। এতিয়া 2D ৰ পৰা আমি 3D ইত্যাদিলৈ গৈ আছো। এই ধাৰা চিৰপ্ৰবাহমান। কিন্তু কেমেৰাই ধৰি ৰখা ছবি এখন আৰু অংকিত ছবি এখনৰ মাজত চিত্ৰায়িত ধৰণ, অন্তৱৰ্তী বাৰ্তা,চাক্ষুষ প্ৰতিক্ৰিয়া বেলেগ বেলেগ হ'ব। গতিকে দুইবিধ কলাৰ মাজতো দেখিবা বেলেগ ভাবানুভূতিয়ে আমাক বেৰি থাকিব।

সম্পাদকঃ শিশুৰ অনুভূতিৰ জগতখন আজিৰ দিনত বহুত ৰঙৰে ভৰপুৰ। ধৰক মোবাইল,টেবলেট, কম্পিউটাৰ,টিভি ইত্যাদি মাধ্যমত অনেক সমল তেওঁলোকে স্কুলত নোপোৱাবোৰো পাই যায়। তেনে অৱস্থাত শ্ৰেণীত কলা প্ৰয়োগৰ ক্ষেত্ৰত প্ৰৱেশৰ পৰ্যায়টো (entry phase) কৰ পৰা ধৰা উচিত।

ভট্ৰাচাৰ্যঃ একেবাৰে মূল কথা এইটোৱেই। বিশ্বায়নৰ যুগত ছাত্ৰ ছাত্ৰীৰ পূৰ্বজ্ঞান আৰু পূৰ্বাভাসৰ পৰ্যায়টো সাংঘাটিক বৈচিত্ৰপূৰ্ণ। কোন ছাত্ৰ ছাত্ৰীৰ আগতীয়া অভিযোজন কি পৰ্যায়ত আছে সেয়া ঠাৱৰ কৰি লোৱাটো শিক্ষকৰ এটা অত্যন্ত সাৱধানী কাম। নতুবা শ্ৰেণীত কলাত্মক পৰিৱেশনৰ কাৰ্য ছাত্ৰ ছাত্ৰীভেদে মিল নোহোৱাবিধৰ হৈ পৰিব পাৰে। সেই তাহানিৰ ছেংগুটিৰ খেলৰ আভাস হয়টো কোনো কোনো ছাত্ৰ ছাত্ৰীৰ বাবে একেবাৰে জীন নোযোৱাবিধৰো হ'ব পাৰে। কিন্তু তেনে ল'ৰা ছোৱালীক একেবাৰে এনড্ৰইদ মোবাইলটোৰ পৰা connect কৰি আনি ভিজুৱেল আৰ্ট, পাৰ্ফমিং আৰ্টত নিবিষ্ট কৰু শ্ৰেণীৰ পাঠলৈ লৈ আনিব লগা কামো কৰিব লগা হ'ব। সেইটো হৈছে ছাত্ৰ ছাত্ৰীৰ বৈচিত্ৰ্য অনুসৰি আমি শিক্ষকসমাজে কৰিব লগা অভিযোজন exercise ৰ অংশ। সেয়ে সমন্বিত বিষয় হিচাপে কলা শিক্ষা বুলি কোৱা লগে লগে আমাৰ চৌপাশৰ যিটো integrated learning ৰ গোলক আছে। সেই গোলকটোৰ আহ্নিক গতিৰ লগত আমি খাপ খোৱাই আগবাঢ়িব লাগিব

সম্পাদকঃ আপোনাৰ সৈতে অনানুষ্ঠানিকভাবেও বহু কথা পাতিলো। তাৰ মাজৰ প্ৰসংগৰে যুক্ত কথাখিনি আমি টোকা কৰি ল'লো। যিখিনি কথা আমাৰ শিক্ষক সমাজৰ বাবে বৰ জৰুৰী। আৰু বহু কথা পাতিব লগা আছিল। বিশেষকৈ সমন্বিত বিষয় হিচাপে কলা শিক্ষা বিষয়টো আজি বৰ উচ্চাৰিত বিষয়। দিনে দিনে ইয়াৰ গুৰুত্ব বৃদ্ধি হৈছে। আমি পৰৱৰ্তী সময়ত ছাৰ আৰু কথা জনাৰ প্ৰয়াস কৰিব

ভট্ৰাচাৰ্যঃ থেংক ইউ শিৰোমণি

সম্পাদকঃ ধন্যবাদ ছাৰ।