গল্প: পৰিধিৰ বাহিৰৰ চিঞৰ

হিমাংশু ভাগৱতী প্ৰাগজ্যোতিষনগৰ,জালুকবাৰী

 

সোঁফালে এটা বৃত্ত ।
বাহিৰৰ বিন্দু এটাৰ বাবে স্পষ্টকৈ ডট এটা দি তাৰ পৰা দুডাল ৰেখা টানি ল'লে বৃত্তটোক স্পৰ্শ কৰিব পৰাকৈ। স্পৰ্শবিন্দু দুটা আৰু আগৰ বিন্দুটোৰো নাম দি ল'লে ইংৰাজী আখৰত। বাওঁফালে উপপাদ্যটো আগতেই  লিখি থৈছে যতীন মাষ্টৰে । "বাহিৰৰ বিন্দু এটাৰ পৰা.........।" 
কেন্দ্ৰৰ পৰা স্পৰ্শ বিন্দুলৈ ব্যাসাৰ্ধ দুডাল আঁকি লোৱাৰ পিছত মাষ্টৰৰ মনলৈ একো নহা হ'ল। কিতাপৰ আখৰবোৰ ধোৱা ধোৱা হৈ পৰিল। মগজু খালী খালী হৈ পৰিল নিমিষতে। বাহিৰত মানুহজনক দেখাৰ ল'গে ল'গে যতীন মাষ্টৰৰ এনে হ'ল। কিছুদিনৰ পৰা এনে হৈয়ে আছে ।
যতীন মাষ্টৰ ৰৈ গ'ল, ৰৈয়ে গ'ল বহুসময়। এনেয়ে মাষ্টৰৰ ভয়ত কপি থকা ক্লাছৰুমটো লাহে-লাহে ল'ৰা-ছোৱালীবোৰৰ ফুচফুচনিৰে ভৰি পৰিল। বহু চেষ্টা কৰিলে যদিও একো নাহিল মাষ্টৰৰ মনলৈ। একোৱেই নাহিল। ব'ৰ্ডখনৰ ফালে চাই চাই হতাশাত বহি পৰিল মাষ্টৰ । কি হ'ল? কিয় হ'ল? একো নুবুজিলে মাষ্টৰে,সকলোতে কেৱল খালী খালী অনুভৱ। ল'ৰা-ছোৱালীবোৰৰ কোলাহল কাষৰ কোঠাবোৰলৈ বাগৰিল, অসম্পূৰ্ণ জ্যামিতিৰ মাজত বেল নপৰালৈ মাষ্টৰ বহি থাকিল। বহিয়েই থাকিল।
….  ………       ……..
খৱৰটো প্ৰথম লৈ আহিছিল তপনে। "লিষ্টত আমাৰ স্কুলখনৰ নাম নাই।" ইমান বছৰৰ ইমান দীঘলীয়া কষ্টৰ শেষ হ'ব বুলি দেখা সপোনবোৰ তপনৰ কথাষাৰে মোহাৰি দিছিল।  নিৰ্মম নীৰৱ সময়। কাৰোয়েই একো কোৱাৰ ইচ্ছা নাছিল। যদিও আজিৰ পৰা স্কুল বাদ দিলো বুলি সকলোৱে ঘোষণা কৰিছিল,পিছদিনা কিন্তু সকলোৱে স্কুল সঠিক সময়তেই পাইছিল।
সেইদিনাই স্কুললৈ যোৱাৰ বাটত মানুহজনক প্ৰথম লগ পাইছিল যতীন মাষ্টৰে।
"স্কুললৈ যায়?" মানুহজনেই আৰম্ভ কৰিছিল।
"হয়,আপুনি?" মাষ্টৰে সাধাৰণ ভাবে সুধিছিল।
"ব'লক,ময়ো যাম। নতুনকৈ আহিছোঁ। আজিৰ পৰা ময়ো তাত পঢ়াম।"
যতীন মাষ্টৰ  আচৰিত হৈছিল যদিও একো কোৱা নাছিল। কি ক'ব ? নতুন কোনোবা আহিব বুলি শুনাতো নাছিল মাষ্টৰে।
"স্কুলখন নহ'লযে জানো। মই আগতে পঢ়োৱাখনো নহ'ল হে,কপালৰ দোষ। "
বহুসময় একো কথা বাৰ্তা নোহোৱাকৈয়ে আগবাঢ়িছিল।
"আপুনি গণিত পঢ়াই ন?" মানুহজনেই আকৌ আৰম্ভ কৰিছিল। মাষ্টৰে মুূৰ জোকাৰিছিল । একো ক'বলৈ মন যোৱা নাছিল।
"মইও গণিত পঢ়াম।আপোনাৰ অনাৰ্চ নাছিল ন?"
মাষ্টৰে হা-না একো কোৱা নাছিল। সঁচা কথা,ওচৰ পাজৰৰ বহুকেইখন গাঁওত যদিও যতীন মাষ্টৰক গণিতৰ ডাঙৰ পণ্ডিত বুলি জানে ,মাষ্টৰৰ কিন্তু গণিতত অনাৰ্চ নাছিল । সাধাৰণ ভাবে বি.এছ.ছি পাছ মাষ্টৰ। কথাটো মাষ্টৰৰ মুৰত পাঁক খাই আছিল বহুসময় ।
সেইদিনা প্ৰথমবাৰ মাষ্টৰৰ অংক মিলা নাছিল ক্লাছত।
…………      ………………     …………
টিউছন কৰি ঘৰলৈ ঘূৰি আহিছিল মাত্ৰ।  নিজৰ শোৱনী কোঠাতো মানুহজনক দেখি মাষ্টৰৰ গা জ্বলি উঠিছিল। সিদিনা লগ পোৱাৰ পিছত মানুহজনে মাষ্টৰক সকলোতে বিৰক্ত কৰি আহিছে। মাষ্টৰ য'লৈকে নাযাওক, মানুহজনে লগ এৰা দিয়া নাই । আজিতো সহ্যৰ সীমা পাৰ হৈ গ'ল। শোৱনি কোঠাত?? তাকো মাষ্টৰ নথকাত!  ঘৈনীয়েকৰ ওপৰতো সন্দেহ হৈছিল মাষ্টৰৰ। শোৱনি কোঠা পালে মানে........! মাষ্টৰৰ তেজ উতলি আহিছিল ।
"স্কুলতো একো নিমিলা হ'ল, টিউছনটো  আমনি কৰে আহি। এতিয়া শোৱনি কোঠাতো......" !
মাষ্টৰৰ মাতটো যিমানেই ডাঙৰ হৈছিল মানুহজনে মিচিকিয়া হাঁহিৰে মাষ্টৰৰ খং বঢ়াই গৈ আছিল। "ইমান বিৰক্ত  কৰিছে এই মানুহজনে, ইয়াক আজি মই......." প্ৰচণ্ড খঙত মাষ্টৰে মানুহজনলৈ কিবা এটা মাৰি পঠাইছিল। লগা নাছিল।  ওলোটাই ঘৈনীয়েক বিমলাই যৌতুকত অনা ডাঙৰ আয়নাখন প্ৰচণ্ড শব্দৰে টুকুৰা টুকুৰ হৈছিল।  হাঁহি হাঁহি মানুহজন কোনফালে নাইকিয়া হৈছিল মাষ্টৰে একো ধৰিবই পৰা নাছিল।
প্ৰথমবাৰৰ বাবে মাষ্টৰৰ খং দেখি ঘৰৰ সকলো ইতিমধ্যে পেঁপুৱা লাগিছিল। ওচৰৰ দুই এজনো আহি মাষ্টৰৰ চোতাল পাইছিল । মাষ্টৰৰ কথাবোৰৰ একো মাথা-মুণ্ড বুজি নোপোৱা মানুহবোৰৰ সমুখতে মাষ্টৰ হঠাৎ ঢলি পৰিছিল ।
…………      …………………     ………………
ডাক্তৰজনে কিবা কিবি পৰীক্ষা কৰিব দিছিল, ৰিপোৰ্টবোৰ চোৱাৰ পিচত সুধিছিল ," আপোনাৰ ৰিপোৰ্ট  দেখোন সকলো নৰ্মেল । কেতিয়াৰ পৰা এনেকুৱা হৈ আছে ?"
"কেতিয়াৰ পৰা মানে...?" মাষ্টৰে অকণমান ভাৱিলে। " নতুন মাষ্টৰজন স্কুললৈ অহাৰ দিনা প্ৰথম আৰম্ভ হৈছিল।"
"নতুন মাষ্টৰ?" লগত যোৱা তপনে আচৰিত হৈছিল ," কোন নতুন মাষ্টৰ ছাৰ?"
"তই হ'বলা পাহৰিলি, নতুনকৈ অংকৰ মাষ্টৰজন যে আহিল।" মাষ্টৰে কৈছিল।
"কেতিয়া আহিল ছাৰ?"
"এহ বহুদিন হ'ল।ক'ত থাক ও, তই গমেই পোৱা নাই যে ?"
ডাক্তৰজনে কিবা এটা বুজি উঠিছিল। তপনে এবাৰ মাষ্টৰৰ এবাৰ ডাক্টৰৰ মুখলৈ চাই ৰৈছিল। এক অবাক বিষ্ময়ে গ্ৰাস কৰি আনিছিল তাক।
………      ……………      …………
কুলেন দোকানীয়ে ৰাতিপুৱাই মাষ্টৰক বিচাৰি আহিছিল। মাষ্টৰে দোকানৰ বাকী কৰা বহুদিনেই হৈছিল।  মাজে মাজে ৰাষ্টাত লগ পালে দিবলৈ কৈ আছিল আৰু শেষত ঘৰ আহি ওলাইছিল। কিবা কিবি শুনাই মাষ্টৰক কুলেনে এসপ্তাহৰ সময় দি গৈছিল।
এই এসপ্তাহত কি কৰিব তাকে মাষ্টৰে স্কুললৈ যোৱা বাটত ভাৱি গৈছিল।
…………    ……………     ………....
স্কুলখনৰ পিছফালে নদীটো,নদীৰ বতাহ স্কুলৰ চোতালত ভালকৈ লাগে। স্কুলৰ পৰা নদীৰ পাৰটো স্পষ্টকৈ দেখা যায় । স্কুলৰ চোতালৰ গছৰ ছাঁত মানুহজন বহি আছে। আজি কিবা এটা হেস্ত-নেস্ত কৰি লোৱাই ভাল হব বুলি মাষ্টৰ আগবাঢ়ি গ'ল।   
"আহক, আপোনাৰ বাবেই ৰৈ আছো। " মানুহজনে কোমল সুৰত মাত লগালে।  মানুহজনৰ নৰম সুৰত মাষ্টৰৰ মনটো অলপ কুমলিল । "শুনা যাওকচোন , কি কয় ।"  মাষ্টৰ কাষতে বহিল।   
" মোৰ ল'ৰা হালে ক'লেজ পালে । সিহঁতৰ পঢ়া খৰছ টিউছন কৰি মিলাব নোৱাৰা হৈছো হে। স্কুলখন হ'লে সকাহ পাম বুলি ভাবিছিলোঁ , নহ'ল। "
মানুহজনৰো তাৰমানে মোৰ দৰেই অৱস্থা,  মাষ্টৰে ভাবিলে।
"স্কুলখন হব বুলি খাটাং হৈ আছিলোঁ , ধাৰ কৰি হ'লেও ঘৰৰ কামো আৰম্ভ কৰিছিলোঁ।"
আৰে মোৰ লগত চোন মিলি গৈছে, মাষ্টৰ অবাক হ'ল।
" স্কুলখন হ'ব বুলি দোকানীয়ে বাকী দিছিল,এতিয়া নহ'ব বুলি গম পায় তাগিদা দিবলৈ আৰম্ভ কৰিছে। ক'ৰ পৰা দিম ? কথাবোৰ আপোনাৰ লগত মিলে বাবে আপোনাৰ কাষে কাষে থাকো। আপুনি খং কৰে ।"
যতীন মাষ্টৰৰ মূৰৰ বোজাটো নিমিষতে খহি পৰিল। হয়,হয়, একেই অৱস্থা। একদম একে। কিবা এক অবুজ মায়া জন্মিল মানুহজনৰ প্ৰতি। ভুলতে মানুহজনক বেয়া পাই আছিল।
"কিবা এটা উপায় ওলাব দিয়ক।" মাষ্টৰে নিজৰ মনতে  ক'লে।
" বুজিছে, একো উপায় নোলালে সেই নদীখনতে জাপ দিম। তথাপিও ধাৰৰ বোজাৰ অপমান সহ্য কৰিব নোৱাৰিম। সন্মান নোহোৱা হ'লে জীয়াই থাকিব নোৱাৰি।"
কথাষাৰ মাষ্টৰৰ মনত লাগিল । হয়, সন্মান নোহোৱা হ'লে জীয়াই থাকিব নোৱাৰি। একেবাৰে নোৱাৰি ।

………     ………………     ……………

সিদিনাৰ আধৰুৱা উপপাদ্যটো যতীন মাষ্টৰে আজি আকৌ প্ৰমাণ কৰিবলৈ আৰম্ভ কৰিলে। বৃত্তটো আঁকি স্পৰ্শক দুডাল টানিছিল মাত্ৰ, মানুহজন আকৌ চকুত পৰিল মাষ্টৰৰ। নদীৰ ফালে কিয় পোনাইছে তেওঁ……… মাষ্টৰৰ মনলৈ কুলেন দোকানীৰ কথাকেইটা ভাহি আহিল।তেওঁৰ লগতো একেই হৈছে নেকি আজি ? সিদিনা কোৱাৰ দৰে……………। আঁকি থকাৰ মাজে মাজে মাষ্টৰে খিৰিকিৰে মানুহজনক লক্ষ্য কৰি থাকিল। স্পৰ্শ বিন্দুলৈ ব্যাসাৰ্ধ দুডাল টানে মানে মানুহজনে নদীৰ গড়া পালে । জাপ দিব নেকি ……? আৰে কি কৰে, জাঁপ দিবই দেখোঁন এতিয়া । হেই কি কৰে …কি কৰে… ? মাষ্টৰে শ্ৰেণীকোঠাৰ পৰা ওলাই নদীৰ ফালে দৌৰিবলৈ  ধৰিলে। কোনোবাই কিবা ভৱাৰ আগতেই প্ৰচণ্ড বেগত মাষ্টৰে গৈ নদীৰ পাৰ পালে । মানুহজনে ইতিমধ্যেই জাপ দিছিল।  পানীত অসংখ্য বৃত্ত আঁকি মাষ্টৰো পানীৰ তললৈ সোমাই গ'ল।

-------------