কবিতা- ভোজৰ সূচনা

ভাস্কৰ জ্যোতি দাস শিক্ষক, হাজো শিক্ষাখণ্ড

(১)
হেঁপাহ পলুৱাই উদৰ পুৰাই
পাইছানে ভোজ খাই?
পোৱা নাই যদি মোক চোৱা সুধি
সূচনা দিলো বিলাই।

(২)
ভোজৰ আগত মেলৰ পিছত
মনত ৰাখিবা সদায়,
ভাবি গুনি চাবা নিয়মত খাবা
ব্যঞ্জন জুতি লগাই।

(৩)
প্ৰথমে ভাত লৈ নাখাবা টপ্কৈ
আঞ্জা কি আছে চোৱা,
তৰকাৰী ভাজি বিধে বিধে সাঁজি
বিলনীক দিবলৈ কোৱা।

(৪)
আমৰ আছাৰ বেঙেনাৰ খাৰ
লগতে শুকান ভাজি,
দিব বিধে বিধে লৈ যোৱা অবাধে
ভাতৰ কাষত সাঁজি।

(৫)
দাইল মাহৰ ন'হলে মচুৰ
দিবলৈ সাজু বিলনী
সোণতে সুৱগা খোৱাত জুতি লগা
পদিনাৰ কেঁচা চাট্নি।

(৬)
ঠেকেৰা ন'হলে ঔ ভকুৱা মাছ ৰৌ
দিয়ে নেকি কাষত?
অলপ ধৈৰ্য ধৰি লিৰিকি বিদাৰি
মন দিয়া ভাতৰ পাতত।

(৭)
পোলাওঁ বিৰিয়ানী মাংস আছে নেকি
গোন্ধ ওলাইছে দেখোন
দৈ আৰু মিঠাই এতিয়ালৈ নাই(?)
বাটিত সাজিছিল চোন?

(৮)
এবিধ দুবিধকৈ সকলোখিনি লৈ
খোৱাত মনোযোগ দিয়া
চাবোনেৰে হাত ধুই তামোল এচালি লৈ
লাহেকৈ বিদায় লোৱা।