অনুগল্প- আধৰুৱা

চয়নিকা শইকীয়া বিজ্ঞান শিক্ষয়িত্ৰী,শ্ৰীহাটী বাথান হাইস্কুল,কামৰূপ

ফুটফুটীয়া ধুনীয়া ফ্ৰক এটা পিন্ধি তাই পঢ়ি থকা স্কুলখনৰ পৰা ট্ৰান্সফাৰ চাৰ্টিফিকেট নিবলৈ আহিছে। শিক্ষয়িত্ৰীগৰাকীয়ে প্ৰশ্ন কৰিছে।

ঃ তুমি কিয় যোৱাগৈ আমাৰ স্কুলৰ পৰা?

ঃ মানে বাইদেউ মই যে গাঁ‌ৱত ঘুৰিপকি থাকো সেইকাৰণে গুৱাহাটীৰ পৰা ছাৰ বাইদেউহঁ‌ত আহিছে। মোক নিবলৈ। মায়ে কৈছে তাত মই ঘুৰি ফুৰিব নোৱাৰিম। পঢ়াত ভাল হৈ যাম। ছাৰহঁ‌তৰ ঘৰটো বহুত ডাঙৰ। ডাঙৰ গেট আছে!

তাইৰ মুখত হেপাহৰ হাঁ‌হি।

সদায় ফিচিকা কাপোৰ পিন্ধি অহা কণমানিজনী আজি ধুনীয়া ফ্ৰকটো দেখি লগৰবোৰে পিতিকি পিতিকি চাইছে। সিহঁতৰো চোলা এটাৰ হেপাহ।

আৰু মই ! তাইৰ কণমানি হাত-ভৰিকেইটা বোজাৰ ভৰত কুজা নহ'বলৈ মোৰ বুকুত এতিয়া হাজাৰ প্ৰাৰ্থনা।