কবিতাঃ বৃত্ত

হীৰামণি কলিতা ডায়েট, কামৰূপ, মিৰ্জা

 

আইৰ কপালত উদিত বেলিটি
পিতাইৰ জীৱন সংগ্ৰামৰ প্ৰেৰণা।
মোৰ সপোন পূৰণৰ যাত্রা-----
আইৰ হুমুনিয়াহ আৰু অভিমানবোৰ
বুকুত শিল হৈ বৰষা নমায়।
পিতাইৰ যে আহৰি নাই,
মোক মানুহ বনাব লাগে!
সঁচাকৈ মই মানুহ হম।
সমাজত সুখৰ ফাকুগুৰি ছটিয়াম,
মোৰ কৃতিত্বই তেওঁলোকৰ কষ্টৰ মূল্য দিব।
জীৱনৰ বিয়লি বেলাত
তেওঁলোকক হহুৱাম,নচুৱাম।
দুয়ো দুয়োৰে চকুত পঢ়িব
মান-অভিমানবোৰ,
যিবোৰ পঢ়া হোৱা নাছিল।

-----------