এটা সপোনৰ শেষত

প্ৰাঞ্জলি ভট্ট মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক, ৰাণী

pranjali_bhatta

 

আজিও স্কুললৈ যোৱা নহল ধুমন ৰ ।
স্কুললৈ যাব সি অকনো বেয়া নাপায় কিন্তু মাকজনীয়ে বেমাৰী দেহাটোৰে কাম বোৰ কৰিব নোৱাৰে বাবেহে। কাম মানে--- পুৱাই দেউতাকে নদীখনত মাৰি অনা মাছ কেইটা নি সিটো পাৰৰ বজাৰ খনত বিক্ৰী কৰিব লাগে। পুৱা আঠ বজাৰ পৰা আৰম্ভ হোৱা বজাৰ খনত সি যাব লাগে সাত বজাত। জেগা অকন উলিয়াই ডাঙৰ ডাঙৰ কৈ চিঞৰি থাকিব লাগে ----তাজা মাছ, তাজা মাছ।   কেতিয়াবা ফটাফট বিক্ৰী হৈ যায়। পইচা কেইটা মুঠি মাৰি দৌৰি দৌৰি ঘৰলৈ আহে সি। পইচা কেইটা মাকক দি স্কুললৈ ভিৰাই লৰ মাৰে।
স্কুলৰ সময় খিনি ইমান যে ভাল লগা। লগৰ বোৰৰ লগত খুব ফুৰ্তি কৰে সি। ডাঙৰ খেল পথাৰ খনত যেনি তেনি ধপলিয়াই  ফুৰে । নতুনকৈ অহা বাইদেউ গৰাকীৰ ধুনীয়া মাতটো হেঁপাহেৰে শুনি থাকে সি। ইমান যে মৰমিয়াল বাইদেউ গৰাকী।
অংক বোৰ হে ভাল নালাগে ধুমনৰ। বৰ জঞ্জাল। যোগে বোলে ময়েই ৰজা, বিয়োগে বোলে ময়েই ৰজা । পূৰণ আৰু হৰণ গপতেই থাকে বহি। মুঠতে গোটেইখন খেলি মেলি। তথাপিও বাইদেউ গৰাকীৰ মিঠা মাতে চপাই লয় তাক।
দুপৰীয়া স্কুলতে থকা পাকঘৰটোৰ পৰা ওলোৱা ধোঁৱা দেখিলে ভোক টো উজাই আহি আৱৰি ধৰে তাক। ইমান যে সোৱাদ লাগে ভাত কেইটা। লগৰ বোৰৰ লগত একেলগে বহি ভাত কেইটা খোৱাৰ মজাই বেলেগ। মুঠতে স্কুল মানেই সুখৰ বৰ পেৰা।
মাছৰ অংক বোৰ মুখতেই থাকে তাৰ।
"এক কেজি মাছৰ দাম চাৰিশ টকা হলে এক পোৱা ৰ দাম কিমান ? " কোনেও কব নোৱাৰে। গণি থাকে আঙুলিৰ মূৰত।
সিহে পাৰে পলকতে----এশ টকা"। বাইদেউৱে বৰ ভাল পায়।  বাইদেউক কয় সি ----"মোক মাছৰেই অংক দিব বাইদেউ। থাউকতে কৰি দিম মই। "
সি স্কুললৈ নোযোৱা তিনি দিনেই হল। মাকৰ অসুখটো বৰকৈ বাঢ়িছে। দেউতাকে মাৰি অনা মাছ কেইটা বিক্ৰী কৰাৰ উপৰিও মাকক ভাত কেইটা ও বনাই খুৱাব লাগে সি। দেউতাকে ৰাতিয়েই মাছ মাৰিব যায় কাৰণে দিনটো শুই থাকে। গোমোঠা মুখ খন লৈ সি সকলো কৰি যায়। স্কুলৰ মিঠা মিঠা কথাবোৰে মাতি থাকে তাক। বাইদেউলৈ বৰকৈ মনত পৰে। ছবি আঁকে সি । তাৰ প্ৰিয় ৰং বোৰৰ সতে কথা পাতে।   স্কুলৰ ভাল লগা সময় খিনিক ছবিত ধৰি ৰাখে সি।

আজি বাইদেউ আহিছিল ঘৰলৈ। সি স্কুলত নোযোৱা কথাটো বেয়া পাইছে বাইদেউৱে। তাৰো কম দুখ নে! সি অঁকা ছবি বোৰ ৰ লাগি চাইছিল বাইদেউ এ। চাৰিখন বচা বচা ছবি লৈ গৈছে। বাইদেউৰ ধুনীয়া মাতটো তাৰ কাণত গান হৈ বাজে। সপোন হৈ জিৰাব খোজে।
সম্পূৰ্ণ এক সপ্তাহৰ পিছত আজি স্কুললৈ ওলাইছে সি। মাক সুস্থ এতিয়া।মাছ বিকিব নালাগে আৰু। চফাকৈ কাপোৰযোৰ পিন্ধি মূৰত গোন্ধ তেল অকন লৈ সি বেগটো পিঠিত সামৰি গপছ গপছ কৈ গৈ থাকে। দূৰৰ পৰাই দেখে বাইদেউ চকী খনত বহি আছে ।  বাইদেউৰ মুখত ধুনীয়া হাঁহি।
"তোমাৰ ভাল খবৰ আছে ধুমন।"
"কি বাইদেউ।"
"তুমি ছবি ত অসমৰ ভিতৰত প্ৰথম স্থান পাইছা । গুৱাহাটীৰ কলাক্ষেত্ৰত পুৰস্কাৰ লবলৈ মাতিছে তোমাক। শিক্ষামন্ত্ৰীয়ে নিজেই দিব বঁটাটো। মই লৈ যাম তোমাক আজিৰ পৰা তিনিদিন পিছত। "
ধুমনৰ মনটো পমি যায়। গাঁওখনৰ ইটো মুৰ আৰু সিটো মুৰ ৰ বাহিৰে কলৈকো গৈ নোপোৱা ধুমন সুখতে ওফন্দী উঠে। বাইদেউৰ প্ৰতি ভক্তিত গদ গদ্ হৈ পৰে সি। হাতৰ বেগটো বেঞ্চ খনত থৈ সি বাইদেউৰ হাত দুখন সাৱটি ধৰে। চকুৰ পানী বোৰ বাঢ়নী পানীৰ দৰে আহে ।
মৰম আকলুৱা ধুমনৰ দুচকুত ভিৰ কৰেহি অজস্ৰ ৰং বিৰঙৰ সপোন। সপোনবোৰে আৱৰি ধৰে তাক।
বাইদেউৰ লগত নতুন চোলা কাপোৰ পিন্ধি ধুমন ওলায় কলাক্ষেত্ৰলৈ। ওচৰৰ পৰা চাই তধা লাগে সি । এইখন তাৰ তেনেই অচিন জগত। সকলো গৈ আছে। কোনেও নৰয় কাৰো কাৰণে। কলাক্ষেত্ৰ খন ঘূৰি ঘূৰি চাই থাকে ধুমনে। কিতাপৰ কথা বোৰ ঘূৰি ফুৰিছে দেখোন ইয়াত। পুনৰ বাইদেউৰ প্ৰতি ভৰি আহে তাৰ মন। তেওঁৰ বাবেহে অত খিনি।
পুৰস্কাৰ ৰ টকা কেইটা বুকুত ভৰাই আনে ধুমনে। বাইদেউক দিছিল সি---আপোনাৰ কাৰনেহে। মিঠাকৈ হাঁহি উভতাই দিলে তেওঁ। "সাঁচি থবা তুমি। জীৱনৰ প্ৰথম আৰ্জন।"
গধূলি আহিয়েই বাঁহৰ খুটাটোত সৰুকৈ ফাঁক এটা কৰি ৰাখি থৈছিল সি। কোনেও নেদেখে। থাকিব নিৰাপদে।
পিছদিনা টোপনিৰ পৰা উঠি দেখিলে মাকজনী দেখোন পুনৰ বিছনাত। বেমাৰটোত ধৰফৰাই আছে মানুহজনী। অসহায় হৈ পৰে সি। এদিন ভাল আকৌ বেয়া। মাছকেইটা বিক্ৰী কৰি পোৱা পইচাৰে কিনো হয়। খাবই নে পিন্ধিবই নে ডাক্তৰৰ ওচৰলৈ যাব! সকলো খেলিমেলি। চৰকাৰী ডাক্তৰৰ ওচৰত দৰৱ নাই হেনো। চহৰলৈ নিব লাগিব।
বাইদেউক কব নেকি। নাই, নালাগে। দেউতাকৰ লগত সিয়ে যাব। পাৰিব সি । পিছে টকা আহিব কৰ পৰা। মাছ বিক্ৰী কৰা পইচা ও নাই দেখোন। গোটেই ৰাতি উজাগৰে পাৰ কৰে সি।
কাহিলিপুৱাতেই সি বাঁহৰ খুটাটো সাৱটি ধৰে।  ঠিক যেন বানপানীত উটি যোৱা মানুহৰ কাৰণে  লঠঙা ডাল। উশাহটো সামৰি কটাৰীখনেৰে খুটাটোত দীঘলকৈ চিন এটা দিয়ে। বহল হয় যায় ফুটাটো। পাঁচশ টকাৰ নোট চাৰিখন জৰ জৰকৈ খহি পৰে।

মাকৰ মুখখন জিলিকি উঠে তাৰ জলমলাই থকা দুচকুত।

-----------