খেপ
: তোৰ বাবেই সি বাৰে বাৰে প্ৰত্যাখ্যান কৰিছে মোক ... ধ্বংস কৰি পেলাম তোক , কাৰন মই কোনোদিন হাৰিব শিকা নাই ।
: মোক মিছাতে দোষ দি লাভ নাই । সি সুন্দৰৰ পূজাৰী ,
" পিছে শৰীৰৰ নহয় মনৰহে " ,
মনটোক সজা তই ।
কিছুসময় থমকি ৰ'ল তাই ... !
লাহে লাহে হাতৰ মুঠিৰ সৰু বটলটো তললৈ সৰি পৰিল ,
লগতে ইখন হাতৰ আইনাখনো ।
আত্মসন্তুষ্টি
দলিটো মাৰিব খুজিওঁ ৰৈ গ'ল তাই , এনেকৈ জানো সন্তুষ্ট কৰিব লাগে তেওঁক !
আচলতে কোন অসন্তুষ্ট ?
পদপথৰ ওচৰৰ মন্দিৰটোত হৃদয়ৰ পৰা সেৱাভাগ জনাই পদপথতে শুই আনৰ মুখলৈ আশাৰে চাই থকা ভোকাতুৰজনৰ হাতত তাই পইচাকেইটা গুজি দিলে ।
এতিয়া তিনিওঁ সন্তুষ্ট ।
-----------