বিষ্ণুৰাভা :জাতি গঠনত তেওঁৰ অৱদান

আকাশী তৰা বড়ো
akashitora boro

বিপ্লৱী বিষ্ণুৰাভা বুলিয়েই সৰুৰে পৰা যিগৰাকী মহান মনিষী আমাৰ জ্ঞাত ,বৃহওৰ অসমীয়া জাতি গঠনত তেখেতৰ অৱদান অনন্য। জীৱনৰ আধাতকৈ বেছি সময় তেওঁ জাতি গঠনত মনোনিৱেশ কৰিছিল। অসমীয়া জাতিক লৈ কলাগুৰুজনাৰ ধাৰণা সুউচ্চ। অসমীয়া সাহিত্য আৰু সংস্কৃতিৰ ক্ষেএখনত বৃহৎ অৰিহণা যোগোৱা মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ আৰু জ্যোতিপ্ৰসাদ আগৰৱালদেৱৰ প্ৰত্যক্ষ অৱদানৰ পিছতেই বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ নাম ল'ব পাৰি।

বিষ্ণুৰাভাৰ সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখন বিস্তৃত। একে আলোচনাতে ইয়াক লিপিবদ্ধ কৰাটো সহজ নহয় যদিও নাতিদীৰ্ঘ আলোচনা এটি আগবঢ়োৱাৰ প্ৰয়াস কৰা হ'ল।

ৰাভাদেৱে জন্মলাভ কৰিছিল ১৯০৯ চনৰ ৩১ জানুৱাৰী তাৰিখে বাংলাদেশৰ ঢাকাৰ সামৰিক ছাউনীত। তেওঁ বড়ো পৰিয়ালতেই জন্ম লাভ কৰিছিল যদিও ৰাভা পৰিয়ালত ডাঙৰ-দীঘল হোৱা বাবে ৰাভা উপাধি গ্ৰহণ কৰে। পিতৃ চৰ্দাৰ বাহাদুৰ গোপাল চন্দ্ৰ দাস আৰু মাতৃ গেথীবালা। বিষ্ণুৰাভাই প্ৰথমাৱস্থাত ঢাকাৰ ছোৱালী প্ৰাইমেৰী স্কুলৰ পৰাই বাংলা ভাষাত শিক্ষাজীৱনৰ পাতনি মেলে। বাংলাৰ লগতে তেওঁ উৰ্দু ভাষাতো কিছুদিন অধ্যয়ন কৰে। ঢাকাৰ পৰা তেজপুৰলৈ আহি তেওঁ বাংলা মাধ্যমৰ পৰা পোনেই অসমীয়া মাধ্যমৰ স্কুলত পঢ়িবলৈ লয়। ১৯২৬ চনত শিল্পীগৰাকীয়ে দৰং জিলাৰ ভিতৰতে প্ৰথম বিভাগত প্ৰথম হৈ প্ৰৱেশিকা পৰীক্ষাত উওীৰ্ণ হয় যাৰবাবে তেওঁ 'কুইন এম্প্ৰেছ' সোণৰ পদক লাভ কৰে। তাৰপাছত কলকাতাৰ ছেন্টপল কলেজত আই এছ চিত নামভৰ্তি কৰে। তদুপৰি তেওঁ ৰিপন কলেজ,কোচবিহাৰৰ ভিক্টোৰিয়া কলেজ আৰু ৰংপুৰৰ মাইকেল কলেজতো অধ্যয়নৰত হয়। ৰিপন কলেজত বি.এছ.চি ত পঢ়ি থকাৰ সময়ছোৱাতে কলিকতাত ব্ৰিটিছৰ বিৰুদ্ধে স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰি ব্ৰিটিছ প্ৰশাসনৰ চকুত পৰে আৰু ৰিপন কলেজ ত্যাগ কৰি কোচবিহাৰৰ ভিক্টোৰীয়া কলেজলৈ আহে। সেই সময়ছোৱাত কোনো ব্ৰিটিছ প্ৰশাসক বাটেৰে গৈ থাকিলে পথচাৰীয়ে মূৰ তল কৰি থিয় দি থাকিব লাগিছিল। আনকি মেলি থকা ছাতিও জপাবলগীয়া হৈছিল । সেই কাৰ্য দেখি বিষ্ণুৰাভা আৰু তেওঁৰ সতীৰ্থসকলে তীব্ৰ বিৰোধিতা কৰি এদিন ৰাজদৰবাৰৰ মুখ্য দুৱাৰত কাগজত এটা কলা আৰু এটা বগা ৰঙৰ পঠা ছাগলীৰ ছবি আঁকি নিম্নোল্লিখিত কবিতাটি লিখি আঁৰি দিলে -

"ৰাজ্যে আছে দুইটি পাঁঠা
একটি কালো একটি সাদা,
ৰাজ্যেৰ যদি মংগল চাও
দুইটি পাঁঠাই বলি দাও।"

তেওঁলোকৰ এনে কাৰ্যত ক্ষোভিত হৈ চৌবিশ ঘন্টাৰ ভিতৰতে কোচবিহাৰ ৰাজ্য ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়া হয়। একেদৰেই ৰংপুৰৰ মাইকেল কলেজত পঢ়ি থাকোতে বৃটিছৰ ৰোষত পৰি ১৯৩১ চনত তেওঁৰ ছাত্রজীৱনৰ সামৰণি পৰে।

অসমৰ সাহিত্য ক্ষেত্রখনৰ লগতে সংস্কৃতি আৰু ৰাজনীতিৰ ক্ষেত্রতো বিষ্ণুৰাভা এগৰাকী তেজস্বী ব্যক্তি আছিল। ৰাভাদেৱে অসম আৰু অসমীয়া জাতিটোক অভিজাতৰ দৃষ্টিভংগীৰে চাইছিল আৰু আনকো তেনেভাৱেই চাবলৈ আহ্বান জনাইছিল।এক সুস্থ-সবল শ্ৰেণীহীন সমাজব্যৱস্থাৰ সপোন তেওঁ সৰ্বদাই দেখিছিল। ধনতান্ত্রিক সমাজব্যৱস্থাৰ ফলত দেশত গঢ় লৈ উঠা শ্ৰেণী বৈষম্য,শ্ৰমোপজীৱী জনসাধাৰণৰ প্ৰতি সচেতন দৃষ্টিভংগীৰে তেওঁ এক অসমীয়া জাতি গঢ়াত গুৰুত্ব দিছিল। তেওঁ আছিল মাটিৰ মানুহ। আনকি পৈতৃক সম্পওিও তেওঁ কৃষকশ্ৰেণীৰ মাজত বিতৰণ কৰি দিছিল। সাম্যবাদক মূলমন্ত্ৰ হিচাপে লৈয়েই আদৰ্শ সমাজ গঢ়িব পাৰি বুলি তেখেতৰ 'মুক্তি দেউল'ত সেই কথা প্ৰকট হৈ পৰে।

বিষ্ণুৰাভা নিজেই এগৰাকী জনজাতীয় গোষ্ঠীৰ লোক হোৱা বাবে জীৱনৰ বহুখিনি সময় তেওঁ জনজাতীয় লোকৰ জীৱন সংগ্ৰামৰ লগত জড়িত হৈ পৰিছিল। তেওঁ অসমৰ জাতি-ধৰ্ম নিৰ্বিশেষে বড়ো,সোণোৱাল-কছাৰী,ৰাভা,দেউৰী,মিচিং,কাৰ্বি,লালুং,ডিমাছা,চুতীয়াক একেলগ কৰি একক অসমীয়া সমাজ গঢ়াৰ সপোন দেখিছিল। জনজাতি লোকসকলক ''অসমীয়া সভ্যতাৰ সোপান'' বুলি অভিহিত কৰি তেওঁ এনেধৰণে কৈছিল-

'ট্ৰাইবেল আজলী ৰমণী!

সৰলা অবলা নাৰী! সি যে তোৰ দান
অসমীয়া সভ্যতাৰ প্ৰথম সোপান।'

বিষ্ণুৰাভাই তেওঁৰ গীত আৰু কবিতাৰ মাজেৰে কেতিয়াবা যদি ৰোমান্টিক কবি আন কেতিয়াবা বিপ্লৱী নায়কৰূপে আমাৰ আগত দেখা দিছে। দৃষ্টান্তৰূপে ------

(ক) "পৰজনমৰ শুভ লগনত
যদিহে আমাৰ হয় দেখা
পুৰাৱানে প্ৰিয়ে এই জনমত
মোৰ হিয়াৰ অপূৰ্ণ আশা"
(ৰোমান্টিক গীত)

(খ) "ভাঙ্ ভাঙ্ ভাঙ্ ভাঙ্
লোহাৰ শিকলি ভাঙ্।
ছিঙ্ ছিঙ্ ছিঙ্ ছিঙ্
দাসত্বৰ বান্ধোন ছিঙ্
খোল্ খোল্ খোল্ খোল্
কাৰাৰ ফাটেক খোল্
ভাঙ্ ভাঙ্
দুৱাৰৰ দাং।"
(বিপ্লৱী গীত)

২০২১ বৰ্ষৰ অহা ২০ জুন তাৰিখে বিষ্ণুৰাভাদেৱৰ দ্বিপঞ্চাশোওম মৃত্যুবাৰ্ষিকী। ‍১৯৬৯ চনৰ একে তাৰিখতেই কৰ্কট ৰোগত আক্ৰান্ত হৈ তেওঁৰ জীৱনাৱসান ঘটে। কলাগুৰুজনাৰ সন্মানাৰ্থে অসমৰ বিভিন্ন ঠাইত প্ৰতিবছৰে তেওঁক সুঁৱৰি ২০ জুন তাৰিখে 'ৰাভা দিৱস' হিচাপে অনুষ্ঠান পালন কৰি অহা দেখা যায় । প্ৰকৃতাৰ্থত ক'বলৈ গ'লে ৰাভাদেৱক সুঁৱৰি ৰখাৰ ই এক ক্ষুদ্ৰ প্ৰচেষ্টাহে মাথোন।

শেষত ডক্টৰ অমলেন্দু গুহ চাৰৰ বক্তব্যৰে আলোচনাটিৰ মোখনি মাৰিলোঁ---" ৰাভা যেন অসমৰেই প্ৰতীক। এফালে বিভিন্ন ভাষা-ভাষী গণ-জীৱনৰ সৈতে যোগাযোগে আৰু আনফালে অদ্ভুত সৃজনশীল প্ৰতিভাৰ অধিকাৰী হোৱা সত্বেও,ন‍ানা ক্ষেত্রত প্ৰাথমিক চমক সৃষ্টি কৰি তেওঁ আৰু আগবাঢ়িব পৰা নাই বা নানান সংকটত পৰি তেওঁৰ বহুতো প্ৰচেষ্টা থাকি গৈছে অৰ্ধসমাপ্ত। তথাপি,বিচিত্র সাধনা আৰু বহুমুখী প্ৰচেষ্টাৰ মাজেদি তেওঁৰ লক্ষ্যৰ সেই ঐক্য পাইছেগৈ,যি আজি ভাৰতৰ তথা অসমৰ শোষিত সমাজৰ----শ্ৰমিক,কৃষক আৰু দুখীয়া জনজাতীয় মানুহৰ জীয়াই থকাৰ আন্দোলনৰ কেন্দ্ৰবিন্দু। এই কেন্দ্ৰবিন্দু হ'ল---সাম্যবাদৰ প্ৰতি আকৰ্ষণ।"

সহায়ক গ্রন্থপঞ্জী :

  1. হোছেইন, ইছমাইল : বিষ্ণু ৰাভাৰ জীৱন আৰু দৰ্শন,২০১৭
  2. বৰা,ডক্টৰ দিলীপ, শৰ্মা, ডক্টৰ অনুৰাধা : (সম্পাদনা) মুক্তি দেউলৰ ৰূপকাৰ,২০০৯