ধন্যবাদ

নীলিম আকাশ কাশ্যপ
nilimakash

 

আজৰি সময় কটাবলৈ কাচিৎ দুই এখন চিনেমা চোৱা হয় । আগতে বৰকৈ চিনেমা চোৱা হৈছিল-- কিন্তু আজিকালি হাতত পোৱা সময়কণ অতিবাহিত কৰা যায় হয় পঢ়াত, অন্যথা একমাত্ৰ তনয়া জীউৰ সৈতে ৷ তাৰ মাজতে অৱশ্যে চিনেমাও চোৱা হয়; কিন্তু কাচিৎহে কোনো এখন চিনেমা সম্পূৰ্ণকৈ চোৱা হৈ উঠেগৈ ৷ বিভিন্ন কাৰকৰ পৰিপ্ৰেক্ষিতত চাবলৈ লোৱা চিনেমাখনে আকৰ্ষণ কৰিব নোৱাৰাৰ প্ৰেক্ষাপটত সাধাৰণতে বহুভাগ চৰ্চিত চিনেমাই আধাচোৱাকৈ বা অলপ চায়েই এৰা হয় ৷
চিনেমা এখন চাবলৈ ল'লে ব্যক্তিগতভাৱে মনোৰঞ্জনৰ সমান্তৰালকৈ ই দৰ্শকলৈ কঢ়িয়াই নিব বিচৰা মূল্যবোধ আৰু জ্ঞান বৰ্দ্ধনকাৰী দিশটোৱে মোক বেছিকৈ আকৰ্ষিত কৰে। কালি নিশাৰ ভাগত তেনেকৈ আজৰি সময় কটাবলৈ চোৱা এখন চিনেমাত এটা দ্যুলোকমুখী বাটৰ আৰম্ভণি ঘটাৰ উমান পালোঁ । চিনেমাখন হ'ল সাম্প্ৰতিক বলিউড জগতৰ অন্যতম এগৰাকী চুপাৰষ্টাৰ ছলমান খান অভিনীত 'জয় হো' ৷ প্ৰসংগক্ৰমে এইখিনিতে স্মৰ্তব্য যে ভিন্ন আলোচকৰ দৃষ্টিত 'জয় হো' হ'ল যোৱা কেইটামান বছৰৰ ভিতৰত বলীউডত নিৰ্মাণ হোৱা শ্ৰেষ্ঠ চলচ্চিত্ৰসমূহৰ অন্যতম।বিশেষকৈ ইয়াত উপস্থাপন কৰা বিষয়টোৰ বাবেই চলচ্চিত্ৰখনে মুক্তিৰ লগে লগেই জনসাধাৰণৰ সমাদৰ লাভ কৰিছিল !
আমি কোনেও ধন্যবাদৰ বাবে কাম কৰা উচিত নহয়; কিন্তু আকাংক্ষিতভাৱে কিম্বা অনাকাংক্ষিতভাৱে আমি লাভ কৰা ধন্যবাদটোৱে আমাৰ কৰ্মস্পৃহা বৃদ্ধি কৰাৰ লগতে আমাক এক নতুন উদ্দীপনা প্ৰদান কৰিব পাৰে। 'জয় হো' নামৰ চিনেমাখনত মূল প্ৰতিপাদ্য বিষয়ৰ ৰূপত এনে এটা বিষয়ক উপস্থাপন কৰা হৈছে, যাক সাধাৰণ অৰ্থত এক মহৎ আৰু বিৰল চিন্তন বুলি আমি আমাৰ ব্যক্তিগত ভাৱধাৰাৰে একে আষাৰতে ক'বলৈ বাধ্য। চিনেমাখনৰ প্ৰায় আৰম্ভণিৰ অংশৰ পৰা অন্তিম পৰ্যায়লৈকে এটা বিশেষ বাৰ্তা দৰ্শকলৈ প্ৰেৰণত বিশেষ গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হয়, যিটো চিনেমাখনৰ অন্যতম বাৰ্তা বুলিব পাৰি ৷ 'জয় হো'ত শিশুৰ পৰা বৃদ্ধলৈকে, নীতিবানৰ পৰা দুৰ্নীতিপৰায়ণলৈকে, আনকি অসৎ আৰু সহিংস পন্থা অৱলম্বন কৰা লোককো সময়ান্তৰত প্ৰভাৱিত কৰে সেই বিশেষ বাৰ্তাটোৱে ৷ সেয়া হ'ল আমি কৰা কিবা এটা সহায় কৰাৰ পিছত আমি লাভ কৰা ধন্যবাদটোৰ প্ৰতিদানত আমি আমাৰ বিপৰীত পক্ষৰ মানুহজনক কোৱা উচিত যে আপুনি মোক ধন্যবাদ দিয়াৰ সলনি তিনিগৰাকী ব্যক্তিক সহায় কৰক আৰু তেওঁলোক প্ৰত্যেককে অইন তিনিগৰাকীকৈ লোকক সহায় কৰাৰ বাবে পৰামৰ্শ দিয়ক; কিয়নো আমাক আজি দিয়া বা আমি এইমুহূৰ্তত পোৱা ধন্যবাদে সাময়িক মনোতৃপ্তিৰ বাদে আমাৰ আজিৰ বৰ্তমান নতুবা কাইলৈৰ ভৱিষ্যতটোৰ বাবে প্ৰত্যক্ষভাৱে একো হিতকৰ কাৰ্য সম্পাদন নহয় ৷ (কিন্তু সেইবুলিয়েই আমি ধন্যবাদৰ গুৰুত্বকো নস্যাৎ কৰিব যে নোৱাৰোঁ, সেয়া নিশ্চিত ৷ এই সম্পৰ্কত স্থানান্তৰত আলচৰ প্ৰয়াস কৰিম ৷) কিন্তু ধন্যবাদৰ সলনি যদি আমি তিনিগৰাকী ব্যক্তিক সহায় কৰিব পাৰোঁ, আৰু  সেই তিনিগৰাকী লোককো আন তিনিগৰাকীকৈ অচিন-চিনাকি ব্যক্তিক সহায় কৰাৰ পৰামৰ্শ দিওঁ বা সহায় কৰিবলৈ উদ্বুদ্ধ কৰিব পাৰোঁ, তেন্তে ই আমাৰ সমাজখনৰ বাবে এটা বৃহৎ সহায় হৈ পৰিব বুলি অকপটে অনুভৱ কৰিছোঁ চিনেমাখন চাই থকাৰ প্ৰতিটো মুহূৰ্তত ৷ প্ৰয়োজনীয় নহয় যে আমাৰ সেই সহায় কিবা মহৎ বা বৃহৎ সহায় বুলি পৰিগণিত হওঁক-- ই মাথোঁ আমাৰ চৌপাশৰ অনেকক সামান্যকৈ হ'লেও সকাহ দিলেই সি আপোনাৰ বা মোৰ বাবে হৈ নপৰিবনে এক অন্যতম মানসিক প্ৰশান্তিলৈ! বিশ্বাস কৰোঁ অন্তঃকৰণে-- এই প্ৰশান্তিৰ বাবেই আমি নিৰন্তৰ ভাল কাম কৰি যাব পাৰোঁ, এই অৰ্বুদ প্ৰশান্তিয়েই এটা পৰিশীলিত জীৱন যাপনৰ অৰ্থে হৈ পৰিব পাৰে মহৌষসম। আনকি ইয়ে ভৱিষ্যতৰ এখন সুস্থ সমাজৰ বুনিয়াদো ৰচিব পাৰে-- খোজে খোজ মিলাই; সময়ত নিঃসন্দেহে । আজিৰ আমাৰ ভাল কামটোৱে কাইলৈৰ পৃথিৱীখনক উদ্বুদ্ধ কৰিব যদিহে পাৰে, সেয়া হৈ নপৰিবনে আমি আয়াসতে কৰিব পৰা একপ্ৰকাৰৰ সদৰ্থক সুদূৰপ্ৰসাৰী কৰ্ম !

চৌপাশলৈ জুমি চাই মাজে-মধ্যে অনুভৱ কৰোঁ, আমি বেছিভাগেই হয়তোবা মনত এটা বিভ্ৰান্তি কঢ়িয়াই লৈ ফুৰোঁ যে ভাল কাম কৰাৰ বাবে আমাক এখন মঞ্চৰ প্ৰয়োজন। সেই মঞ্চখন বিচাৰিয়েই বা মঞ্চখন বিচৰাৰ 'বক্তৃতা দিয়েই' আমাৰ মাজৰ পৰা বহুতে ৰাজনীতিৰ দৰে ক্ষেত্ৰলৈও গমন কৰা পৰিলক্ষিত হয়; বহুতে খোজ আগুৱায় অন্য ভিন্ন ক্ষেত্ৰলৈ ৷ প্ৰত্যহ আমাৰ দৈনন্দিন জীৱনটোত বৰ্ধিত হাৰত এই সংখ্যাৰ আধিক্য দেখি আহিছোঁ ৷ কিন্তু আমি অনুধাৱন কৰাটো দৰকাৰ যে আমি আজি জীৱনৰ যি অংশত থিয় হৈ আছোঁ, তাৰ পৰাও আমি অনেক ভাল কাম কৰিব পাৰোঁ‌ ৷ আমি অনুভৱ কৰাৰ প্ৰয়োজন যে তাৰ বাবে কোনো নিৰ্দিষ্ট মঞ্চৰ বাধ্যবাধকতা নাই ৷ আমি হৃদয়ক জাগ্ৰত কৰিলেই হয়তো অনুভৱ কৰিব পাৰোঁ বা পাৰিম যে আপুনি বা মই প্ৰত্যেকেই সেই কাম ব্যক্তিগতভাৱেই আৰম্ভ কৰিব পাৰোঁ-- 'মঞ্চ'বিহীনভাৱেই, এইমুহূৰ্তৰ পৰাই ৷
আমি ৰাস্তা পাৰ হ'ব নোৱাৰা এজন অন্ধ মানুহক ৰাস্তা পাৰ হোৱাত অলপ সহায় কৰি দিব নোৱাৰোঁনে! নোৱাৰোঁনে এজন ভোকাতুৰক এসাজ পেটপুৰাই খুৱাব পাৰো ! আমি কাৰোবাক ভালকৈ মাত এষাৰ দি তেওঁৰ মনত আনন্দ যোগাব যিদৰে পাৰোঁ, একেদৰে আমাৰ পদূলিটো চাফ-চিকুণ কৰি ৰাখি আমি সকলোৱে এক স্বচ্ছ বাতাৱৰণ লাভ কৰিবও পাৰোঁ । আপাতঃ দৃষ্টিত গুৰুত্বহীন যেন লাগিলেও এই সৰু সৰু দিশবোৰেই সমাজখনক এটা সুন্দৰ পৰিকাঠামো প্ৰদান কৰে। একেদৰে নিজৰ কৰ্মেৰে তেনে কৰিবলৈ লোকক অনুপ্ৰাণিত কৰিবও পৰাৰোপৰি ধন্যবাদ নজনাই আনৰ উপকাৰ সাধি তেওঁকো আনক উপকাৰ কৰিবলৈ উদ্বুদ্ধ কৰাটোতো জীপাল হৈ নাইনে 'মানুহ' হোৱাৰ লগতে সুন্দৰ চৌপাশ গঢ়াৰ অদৃশ্যমান মন্ত্ৰ!  'জয় হো' চলচ্চিত্ৰই আমাক তেনেকুৱা এটা যোগাত্মক চিন্তাৰ সতে প্ৰতিনিয়ত সংযুক্ত হৈ থকাৰ কথা বুজাইছে।

শেষত আহিছোঁ অন্য এটা উদাহৰণলৈ ৷ তাহানিৰ মুখ বাগৰা প্ৰচাৰৰ পৰা আজিৰ প্ৰযুক্তিবিদ্যাৰ উত্থানৰ স্বাক্ষৰ বিভিন্ন আভাসী ক্ষেত্ৰলৈকে আমি সততে দেখিবলৈ পাওঁ একধৰণৰ অন্ধবিশ্বাস জনিত বাৰ্তা ৷ বিভিন্নজনে অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ প্ৰেৰণ কৰা এই বাৰ্তাবোৰ হয় এনেধৰণৰ-- "এই শৃংখলটো ভাঙি পেলোৱাৰ বাবে অমুকৰ অমুক ক্ষতি হ'ল,নভঙাৰ বাবে অমুকৰ অমুক লাভ হ'ল...৷" সেই একেই সুৰতে আমিও কওঁ আহক-"ধন্যবাদৰ সলনি আমাৰ সাধ্য অনুসাৰে আমাৰ চৌপাশৰ কেইগৰাকীমান ব্যক্তিক সহায় কৰাৰ এই শৃংখলটো নাভাঙিব, এইটো শৃংখল নভঙাৰ বাবেই সমাজৰ অমুক লাভ হ'ল…৷"

dhanyabad

-----------