ক'ভিড কালত শিক্ষা

শ্ৰীদীনেশ চন্দ্ৰ কলিতা খণ্ড সমল ব্যাক্তি ,হাজো
Dinesh Chandra Kalita

শিক্ষক – তলাবন্ধ বা ইয়াৰ নিচিনা পৰিস্থিতিত কেনেকৈ শিশুৰ পঢ়া শুনা আগবঢ়াওঁ ?
প্ৰশিক্ষক- তেনে সহজ,  ‘যেনে পৰিস্থিতি তেনে ব্যৱস্থা’ ল’লেই হ’ল !
শিক্ষক- বুজা নাই ?
প্ৰশিক্ষক – আপোনাৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক অৱস্থা ,সামৰ্থ তেওঁলোকৰ লগত যোগাযোগৰ ‘সুবিধা আপোনাতকৈ নিশ্চয় কোনেও বেচি ভালদৰে নাজানে !কিছুমানৰ ঘৰত টেলিফোন আৰু ইণ্টাৰনেটৰ  সুবিধা আছে ,কিছুমানৰ ঘৰত ফোনৰ ব্যৱস্থা আছে যদিও ইণ্টাৰনেট নাই আৰু কিছুমানৰ আকৌ এটাও নাই ।তেওঁলোকৰ চিনাক্ত কৰণ নিশ্চয় আপুনি কৰিছে !
শিক্ষক -হয় ।
প্ৰশিক্ষক –  শৈক্ষিক সমল, মূল্যায়নৰ আহিলাবোৰ, যোগান ধৰা আৰু সংগ্ৰহ আদি কেনেদৰে কৰিব  পৰা যাব আপুনি নিশ্চয় জানে ?
শিক্ষক – হয় কিন্তু শৈক্ষিক সমল, মূল্যায়নৰ আহিলা  কত পাম  ?
প্ৰশিক্ষক–এইবোৰৰ আৰ্হি সৰ্বশিক্ষাৰ (যেনে-কিৰণ, দীক্ষা এপ),হোৱাইটচ এপ,ইউটিউৱ,দক্ষ বন্ধু শিক্ষক শিক্ষয়িত্ৰীৰ আৰু অন্যান্য সামাজিক মাধ্যমৰ পৰা আপুনি সহজে সংগ্ৰহ কৰিব পাৰে ।
শিক্ষক – হয়, বুজিছোঁ ,কিন্তু এইবোৰৰ পৰা ছাত্ৰ ছাত্ৰীৰ কি লাভ হ’ব ?  তেওঁলোকে এইবোৰ চাবনে ? চাইছেনে কেনেকৈ গম পাম ?
প্ৰশিক্ষক- নাছাইও , নকৰেও, যদিহে সমলবোৰ, আহিলাবোৰ ( কাৰ্য্য বা কাৰ্য্য পত্ৰবোৰ ) নোচোৱাকৈ, বিবেচনা নকৰাকৈ  জধে-মধে যোগান ধৰা হয়। তাৰ বাবে লাগিব আপোনাৰ সুনিশ্চিত পৰিকল্পনা  আৰু অভিভাৱকৰ লগত নিৰন্তৰ যোগাযোগ ।
শিক্ষক – পৰিকল্পনা কেনেকৈ কৰিম ?
প্ৰশিক্ষক- তাৰ বাবে ছাত্ৰ ছাত্ৰী সকলক তেওঁলোকৰ সামৰ্থ ,পূৰ্ব্বজ্ঞান আৰু যোগাযোগৰ সুবিধা অনুসাৰে ভাগ কৰি ল’ব লাগিব । ইয়াৰ পিচতে তেওঁলোকৰ সামৰ্থ অনুসৰি বুজিব পৰাকৈ কাৰ্য্যপত্ৰ , শৈক্ষিক সমল প্ৰশ্ন বা কাৰ্য্যপত্ৰ তেওঁলোকক যোগান ধৰিব । বিদ্যালয়ত পতা ড্ৰপবক্স বা অন্য উপায়ৰে যোগান আৰু সংগ্ৰহ নিশ্চিত কৰি মূল্যায়ন কৰিব পাৰে। মুল্যায়নৰ(Evaluation) ফলাফলৰ  ওপৰত ভিত্তি কৰি পৰৱৰ্তী কাৰ্যপত্ৰ বা প্ৰশ্ন কাকত যোগান ধৰি পৰৱৰ্তী প্ৰক্ৰিয়া চলাই নিব পাৰে । কিন্তু এইখিনিতে মনত ৰখা উচিত যে উক্ত কাৰ্য্যাৱলীৰ দ্বাৰা ছাত্ৰ ছাত্ৰীক অভিৰোচন(Motivation) কৰিব পাৰিব লাগিব । প্ৰথম অৱস্থাত সহজ আৰু ছাত্ৰ ছাত্ৰীয়ে  ভাল পোৱা কাৰ্য্যৰ  কৰাব, পাঠ সম্পৰ্কিত সহ-বিদ্যায়তনিক কাৰ্য্যও কৰিব দিব পাৰে ,যিয়ে ছাত্ৰ ছাত্ৰীৰ আত্মবিশ্বাস আৰু অভিৰোচনত(Motivation) বৃদ্ধি কৰাত সহায় কৰিব ।কাৰ্য্যবোৰ শিকনৰ ফলাফলৰ ভিত্তিত হ’লে ভাল ।
শিক্ষক – এনেকৈ ছাত্ৰ ছাত্ৰীৰ কিমানখিনি উত্তৰণ সাধিব পৰা যাব  ?
প্ৰশিক্ষক – হয় , ইয়াৰ দ্বাৰা আমি ছাত্ৰ ছাত্ৰীৰ ১০০ শতাংশ উত্তৰণ সাধিব নোৱাৰিলেও কিছু পৰিমাণে হ’লেও আমি সফল হ’ম আৰু ইয়ে তেওঁলোকৰ অধ্যয়নৰ অভ্যাস অক্ষুন্ন ৰখাৰ লগতে  ক’ভিড পৰিস্থিতিয়ে সৃষ্টি কৰা ঋণাত্মক প্ৰভাৱৰ পৰা ৰক্ষা কৰাত সহায় কৰিব ।  
শিক্ষক – চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ অভিভাৱকৰ বেছিভাগৰে সচেতনতাৰ অভাৱ ,তেওঁলোকৰ পৰা সহযোগিতা কম আশা কৰা যায় !
প্ৰশিক্ষক- কথাতো হওঁতে হয়,কিন্তু এজন শিক্ষক হিচাপে ছাত্ৰ ছাত্ৰীৰ নিচিনাকৈ অভিভাৱকক  অভিৰোচন কৰাটোও আপোনালোকৰে দায়িত্ব বুলি ভাবো । দৈনিক ৰুটিন আৰু ৰুটিনত খাদ্য আৰু শাৰীৰিক ব্যায়ামৰ অন্তৰ্ভুক্তি আদি আপোনালোকে বা আপোনালোকৰ পৰামৰ্শমতে তেওঁলোকৰ দ্বাৰা প্ৰস্তুত কৰাব লাগিব । 
শিক্ষক- শাৰীৰিক ব্যায়াম কেনেকৈ শিকাম ?               
প্ৰশিক্ষক – এইটো সহজে কৰিব পাৰে, ৰাতিপুৱা শুই উঠি আৰু আবেলি , জঁপিয়াব বা সামান্য দৌৰিব দি গাটো গৰম কৰিব ল’ব দিব তাৰ পিচতে  একাধিকবাৰ মুৰটো, হাত দুখন ,কান্ধ খন ,কঁকালখন ঘড়ীৰ কটাৰ দিশত আৰু বিপৰীত দিশত ঘুৰাব দিয়ক  আৰু পিছত উঠা বহা কৰিব দিয়ক । ইয়াৰ পিছতে  নাইবা দিনটোৰ যিকোনো সময়তে মেৰুদণ্ড পোন কৰি থিয় হৈ যিমান পাৰে উশাহ ল’বলৈ দিব আৰু ১০ ৰ পৰা ১৫ ছেকেণ্ড মান ধৰি ৰাখি লাহেকৈ নিশাহ এৰিবলৈ দিয়ক আৰু উক্ত ব্যায়ামটো ৮ ৰ পৰা ১০ বাৰ কৰিব দি কৰ’না কালৰ বাবে হাঁওফাঁওটো আৰু হৃদযন্ত্ৰটো শক্তিশালী কৰি ৰাখিব  দিব । মনত ৰাখিবলগীয়া যে,ব্যায়াম কৰাৰ আগত শৰীৰটো গৰম কৰা আৰু ব্যায়াম সদায় শৰীৰৰ ওপৰৰ যেনে-মূৰৰ অংশৰ পৰা তললৈ যেনে ভৰিলৈ কৰিব লাগে ।
শিক্ষক- অ’হ, মই এইবোৰ ভবাই নাছিলোঁ !

প্ৰশিক্ষক – ভাবিবলৈ আৰম্ভ কৰক, ‘ইচ্ছা থাকিলে উপায় ওলাবই’ !