ভাৰতৰ অৰ্থনৈতিক সংস্কাৰ (১৯৯১)

সুষমা আগৰৱালা শিক্ষয়িত্ৰী, বংশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়
sushama agarwal

ভাৰতত ১৯৯১ চনত সেই সময়ৰ প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাও নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচী প্ৰৱৰ্তন কৰিছিল। নৰসিংহ ৰাওৰ নেতৃত্ব আৰু বিত্ত মন্ত্ৰী মনমোহন সিংহৰ পৰিকল্পনাত ৰূপায়ণ হোৱা এই সংস্কাৰ কাৰ্যসূচীয়ে ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থাত আমূল পৰিৱৰ্তন আনিবলৈ সক্ষম হয়।

ভাৰতৰ অৰ্থনৈতিক সংস্কাৰ সাধনৰ পটভূমি :

ভাৰত স্বাধীন হোৱাৰ পৰা ১৯৯০-৯১ চনলৈ ভাৰতীয় অৰ্থনীতি আছিল নিয়ন্ত্রিত অর্থনীতি। মিশ্ৰ অর্থনীতি ব্যৱস্থা গ্ৰহণ কৰা হৈছিল যদিও ৰাজহুৱা খণ্ডক অধিক কৰ্তৃত্ব প্ৰদান কৰা হৈছিল। ব্যক্তিগত খণ্ড সম্পূর্ণৰূপে চৰকাৰৰ নিয়ন্ত্ৰণত আছিল। চৰকাৰে বিশেষকৈ অনুজ্ঞাপত্ৰ প্ৰদানৰ যোগেদি ব্যক্তিগত খণ্ডক নিয়ন্ত্রণ কৰিছিল। কিন্তু ১৯৯১ চনৰ বছৰটোত ভাৰতৰ অৰ্থনৈতিক অৱস্থা অতি শোচনীয় হৈ পৰিছিল। এনে শোচনীয় পৰিস্থিতি উদ্ভৱ হোৱাৰ মূল কাৰণসমূহ হৈছে -

১. ৰাজহুৱা খণ্ডৰ দুৰ্বল প্ৰদৰ্শন

১৯৫১চনৰ পৰা ১৯৯০ চনলৈ এই সুদীৰ্ঘ সময়ছোৱাত ভাৰতত ৰাজহুৱা খণ্ডক অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা অৰ্পন কৰা হৈছিল।কিন্তু কেইটামান ৰাজহুৱা প্ৰতিষ্ঠানৰ বাহিৰে বাকী সকলো ক্ষেত্ৰত ৰাজহুৱা খণ্ডৰ প্ৰদৰ্শন নিৰাশাজনক আছিল। ৰাজহুৱা খণ্ডৰ উদ্যগসমূহত চৰকাৰী বিনিয়োগৰ পৰিমাণ বৃদ্ধি কৰা হৈছিল যদিও তেনে ভালেমান উদ্যোগে লোকচান ভৰিব লগা হৈছিল। ১৯৯০ চনৰ মাৰ্চ মাহত ২৪৪ টা ৰাজহুৱা খণ্ডৰ লোকচান ভৰা উদ্যোগৰ ভিতৰত ৫৪ টাই ৰুগ্ন হৈ পৰিছিল। ফলত চৰকাৰী ব্যয় বৃদ্ধিৰ হাৰতকৈ আয় বৃদ্ধি কম হোৱা বাবে বৃহৎ বিত্তীয় ঘাটিয়ে দেখা দিছিল। 

২. মুদ্ৰাস্ফীতি

অত্যাৱশ্যকীয় সামগ্ৰীৰ সীমিত উৎপাদন আৰু মুদ্ৰাৰ যোগান বৃদ্ধি পোৱাৰ ফলত দেশৰ অৰ্থনীতিত মুদ্ৰাস্ফীতিৰ চাপ বৃদ্ধি পাইছিল। ফলত সমাজৰ দুৰ্বল শ্ৰেণীৰ লোক বাৰুকৈ ক্ষতিগ্ৰস্ত হৈছিল।

৩. বৈদেশিক বাণিজ্যৰ ঘাটি

১৯৯০-৯১ চনত ভাৰতত বৈদেশিক বাণিজ্যৰ ছবিখন ভয়াবহ হৈ পৰিছিল। অত্যধিক আমদানি শুল্ক আৰোপ কৰা সত্বেও আমদানি বহু পৰিমাণে বৃদ্ধি পাইছিল। আনহাতে, আন্তৰ্জাতিক বজাৰত ভাৰতীয় পণ্যৰ নিম্নমান আৰু অধিক মূল্যৰ বাবে ৰপ্তানি বৃদ্ধি পোৱা নাছিল।

৪. বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ হ্ৰাস

১৯৯১ চনত ভাৰতত বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ একেবাৰে হ্ৰাস পাইছিল। ভাৰতৰ ৰিজাৰ্ভ বেংকত জমা বৈদেশিক বিনিময়যোগ্য মুদ্ৰা কেৱল ১৫ দিনৰ বাবেহে যথেষ্ট আছিল। 

এনে এক আৰ্থিক সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ ভাৰত চৰকাৰে বিশ্ব বেংক আৰু আন্তৰ্জাতিক মুদ্ৰা নিধিৰ কাষ চাপে । ভাৰত চৰকাৰে এই দুই আন্তৰ্জাতিক সংস্থাৰ পৰা ৭ বিলিয়ন ডলাৰ ঋণ হিচাপে লাভ কৰে। কিন্তু এনে ঋণ প্ৰদানৰ চৰ্ত হিচাপে ভাৰতত উদাৰ আৰু মুক্ত অৰ্থনীতি প্ৰৱৰ্তনৰ প্ৰস্তাৱ আগবঢ়ায়। ভাৰত চৰকাৰে এই প্ৰস্তাৱত সন্মতি প্ৰদান কৰে আৰু নতুন আৰ্থিক নীতি ঘোষণা কৰে যাৰ বাবে অৰ্থনৈতিক ক্ষেত্ৰত বিভিন্ন সংস্কাৰ সাধন কৰে। এই অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচী উদাৰীকৰণ, ব্যক্তিগতকৰণ, গোলকীকৰণ বা বিশ্বায়নৰ অন্তৰ্গত সাধন কৰা হৈছিল। 

উদাৰীকৰণ :

উদাৰীকৰণে দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত ভাৰত চৰকাৰৰ নিয়ন্ত্ৰণ শিথিলকৰণক সূচায়। ১৯৯১ চনৰ পূৰ্বে অনুজ্ঞাপত্ৰ, আমদানি আৰু ৰপ্তানি বাণিজ্য, বৈদেশিক মুদ্ৰাৰ লেনদেন আদিৰ ক্ষেত্ৰত বহুতো বাধা নিষেধ আৰোপ কৰা হৈছিল। ১৯৯১-ৰ সংস্কাৰ কাৰ্যসূচীয়ে দেশত উদাৰীকৰণ প্ৰক্ৰিয়াৰ আৰম্ভণি ঘটায়। এই সংস্কাৰসমূহ হ'ল-

১. ঔদ্যোগিক অনুজ্ঞাপত্ৰ হ্ৰাস

নতুন আৰ্থিক নীতিয়ে সুৰা, চিগাৰেট, বিপদযুক্ত ৰাসায়নিক দ্ৰব্য, ঔদ্যোগিক বিস্ফোৰণ, বৈদ্যুতিক সা-সৰঞ্জাম, ঔষধ আদি কেইবিধমান সামগ্ৰীৰ বাহিৰে বাকীবোৰৰ ক্ষেত্ৰত অনুজ্ঞাপত্ৰৰ ব্যৱস্থা উঠাই দিয়ে।

২. ৰাজহুৱা খণ্ডৰ গুৰুত্ব হ্ৰাস

অৰ্থনৈতিক সংস্কাৰ নীতিয়ে ৰাজহুৱা খণ্ডৰ গুৰুত্ব হ্ৰাস কৰে। সম্পূৰ্ণৰূপে ৰাজহুৱা খণ্ডৰ অন্তৰ্গত উদ্যোগৰ পৰিমাণ ১৭-ৰ পৰা তিনিটা উদ্যোগলৈ হ্ৰাস পায়। সেইকেইটা হৈছে প্ৰতিৰক্ষা উৎপাদন, আণৱিক শক্তি আৰু ৰেল পৰিবহণ।

৩. বিত্তীয় খণ্ডৰ সংস্কাৰ

বিত্তীয় খণ্ডত ভাৰতৰ ৰিজাৰ্ভ বেংকৰ ভূমিকা হ্ৰাস কৰা হয়। ভাৰতীয় বেংক খণ্ডলৈ বৈদেশিক বেংকৰ আগমনত অনুমতি প্ৰদান কৰা হয়। তদুপৰি বেংকত বৈদেশিক মুদ্ৰা বিনিময়ৰ সীমা ৫১ শতাংশলৈ বৃদ্ধি কৰা হয়।

৪. বৈদেশিক মুদ্ৰা বিনিময় সংস্কাৰ

বৈদেশিক মুদ্ৰাৰ ঘাটি দূৰ কৰাৰ উদ্দেশ্যে ভাৰতীয় টকাৰ অৱমূল্যায়ন কৰা হয়। তদুপৰি, চৰকাৰে ভাৰতীয় টকাৰ মূল্য নিয়ন্ত্ৰণমুক্ত কৰাৰ ফলত বিদেশী মুদ্ৰাৰ লগত ভাৰতীয় টকাৰ বিনিময় মূল্য বজাৰ চাহিদা আৰু যোগানৰ দ্বাৰা নিৰ্ধাৰিত হয়।

৫. বাণিজ্যিক সংস্কাৰ

নতুন আৰ্থিক নীতিয়ে আমদানি আৰু ৰপ্তানিৰ ওপৰত থকা পৰিমাণাত্মক নিয়ন্ত্ৰণ বহু পৰিমাণে শিথিল কৰে। উদাহৰস্বৰূপে, ২০০১ চনৰ পৰা উৎপাদিত ভোগ্য সামগ্ৰী আৰু কৃষি সামগ্ৰীৰ ক্ষেত্ৰত পৰিমাণাত্মক নিয়ন্ত্ৰণ সম্পূৰ্ণৰূপে বাতিল কৰা হয়। তদুপৰি, আন্তৰ্জাতিক প্ৰতিযোগিতা বৃদ্ধিৰ বাবে ৰপ্তানি শুল্ক বাতিল কৰাৰ লগতে আমদানি শুল্কৰ পৰিমাণ হ্ৰাস কৰা হৈছে।

ব্যক্তিগতকৰণ :

ব্যক্তিগতকৰণৰ অৰ্থ হৈছে চৰকাৰী নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ অধীনত থকা প্ৰতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া।

ব্যক্তিগতকৰণে দেশৰ অৰ্থনৈতিক কামত ব্যক্তিগত খণ্ডৰ ভূমিকা বৃদ্ধি পোৱাকে সূচায়। 

ব্যক্তিগতকৰণ দুই ধৰণে কাৰ্যকৰী কৰিব পাৰি :

১. ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ মালিকীস্বত্ব আৰু পৰিচালনা ৰাজহুৱা খণ্ডৰ পৰা ব্যক্তিগত খণ্ডলৈ বদলি কৰা।

২. চৰকাৰী খণ্ডৰ প্ৰতিষ্ঠানৰ অংশপত্ৰ জনসাধাৰণ বা ব্যক্তিগত প্ৰতিষ্ঠানক বিক্ৰী কৰা। এই প্ৰক্ৰিয়াক নিৰ্বিনিয়োজন বুলি জনা যায়। 

গোলকীকৰণ বা বিশ্বায়ন :

গোলকীকৰণ বা বিশ্বায়নৰ অৰ্থ হৈছে দেশ এখনৰ অৰ্থনীতিৰ সৈতে বিশ্বৰ অন্যান্য দেশৰ অৰ্থনীতিৰ সংযোগ স্থাপন বা সংহতি সাধন কৰা।

গোলকীকৰণৰ দ্বাৰা ভাৰতীয় অৰ্থনীতিত বহুতো পৰিৱৰ্তন অনা হৈছে। উদাহৰস্বৰূপে,

১. বিদেশী প্ৰযুক্তিবিদ্যা ভাড়াত অনাৰ ক্ষেত্ৰত বা দেশীয়ভাৱে উদ্ভৱ প্ৰযুক্তি বিদেশত পৰীক্ষণ কৰাৰ ক্ষেত্ৰত কোনো অনুমতিৰ প্ৰয়োজন নাই। 

২. ভাৰতীয় মুদ্ৰাৰ আন্তৰ্জাতিক সমতা ৰক্ষা কৰাৰ বাবে ১৯৯১ চনৰ 'টকা'ৰ ২০ শতাংশ অৱমূল্যায়ান কৰা হয়। 

৩. ভাৰতীয় অৰ্থনীতিৰ বিশ্ব অৰ্থনীতিৰ সৈতে সংযোগ সাধনৰ উদ্দেশ্যে ১৯৯২-৯৩ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত ভাৰতীয় টকা আংশিকভাৱে পৰিৱৰ্তনীয় কৰা হয় আৰু ১৯৯৩-৯৪ বৰ্ষৰ বাজেটত ভাৰতীয় টকা সম্পূৰ্ণ পৰিৱৰ্তনীয় কৰা হয়। 

ভাৰতত ১৯৯১ চনৰ অৰ্থনৈতিক সংস্কাৰৰ এক পৰ্যালোচনা :

ভাৰতত অৰ্থনৈতিক সংস্কাৰ সাধন কৰাৰ ফলস্বৰূপে যোগাত্মক আৰু ঋণাত্মক দুয়ো ধৰণৰ প্ৰভাৱ পৰিলক্ষিত হৈছে।

অৰ্থনৈতিক সংস্কাৰৰ যোগাত্মক প্ৰভাৱ বা সুফলসমূহৰ ভিতৰত উল্লেখনীয় হৈছে :

১. মুঠ ঘৰুৱা উৎপাদনল হাৰ বৃদ্ধি হৈছে।

২. বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ যোগান বৃদ্ধি পাইছে। 

৩. মুক্ত অৰ্থনীতি প্ৰৱৰ্তনৰ ফলত প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ বৃদ্ধি পাইছে। 

৪. অৰ্থনৈতিক সংস্কাৰৰ সময়ছোৱাত ৰপ্তানিৰ হাৰ বৃদ্ধি পাইছে।

৫. মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ হৈছে। বাৰ্ষিক মুদ্ৰাস্ফীতিৰ হাৰ ১৯৯১-ৰ ১৭ শতাংশৰ পৰা ২০১৫-১৬ বৰ্ষত ৫.৪৮ শতাংশলৈ হ্ৰাস পাইছে।

অৰ্থনৈতিক সংস্কাৰৰ ঋণাত্মক প্ৰভাৱ বা কুফলসমূহৰ ভিতৰত উল্লেখনীয় হৈছে :

১. গোলকীকৰণৰ ফলত উন্নত দেশসমূহ অধিক লাভান্বিত হৈছে, যিহেতু এই দেশসমূহে বিভিন্ন দেশত নিজৰ বজাৰ বঢ়াব পাৰিছে।

২. ৰপ্তানি বৃদ্ধিত গুৰুত্ব আৰোপ কৰাৰ বাবে নগদ শস্যৰ উৎপাদনেও গুৰুত্ব পাইছে। ফলত খাদ্যশস্য উৎপাদন হ্ৰাস পোৱাত মূল্যবৃদ্ধি হৈছে।

৩. মুক্ত অৰ্থনীতিত পণ্যৰ প্ৰতি অত্যধিক আসক্তিয়ে ভোগবাদী অৰ্থনীতিৰ সৃষ্টি কৰিব পাৰে যাৰ ফলত নৈতিকতাৰ পতন ঘটিব পাৰে।

৪. অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচীত সামাজিক খণ্ড, যেনে, শিক্ষা আৰু স্বাস্থ্য অৱহেলিত হৈছে। এই ক্ষেত্ৰসমূহ অতি গুৰুত্বপূৰ্ণ, যদিও কোনো গুৰুত্ব দিয়া নহ'ল; যাৰ ফলত শিক্ষা আৰু স্বাস্থ্যৰ উন্নতি পিছ পৰি ৰ'ল।

৫. অৰ্থনৈতিক সংস্কাৰে উন্নয়ন বৃদ্ধি কৰিলেও কৰ্মসংস্থান বৃদ্ধিৰ ক্ষেত্ৰত বিফল হৈছে। উদাহৰস্বৰূপে, গ্ৰাম্য নিবনুৱাৰ হাৰ ১৯৯৩-৯৪ বৰ্ষত ৫.৬১ শতাংশ হোৱাৰ বিপৰীতে ১৯৯৯-২০০০-ত ৭.২১ শতাংশলৈ বৃদ্ধি পায়।

সি যি কি নহওক, ভাৰতত অৰ্থনৈতিক সংস্কাৰে যোগাত্মক পৰিৱৰ্তন আনিছে বুলি ক'ব পাৰি। বিংশ শতিকাৰ শেষৰ দশকত দেখা দিয়া অৰ্থনৈতিক সংকটৰ পৰা উদ্ধাৰ তথা বিশ্ব দৰবাৰত ভাৰতীয় অৰ্থনীতিৰ প্ৰতিষ্ঠাপনত অৰ্থনৈতিক সংস্কাৰৰ ভূমিকা সৰ্বোত্তম।