পঞ্চম মানৰ ইংৰাজী বিষয়ৰ প্ৰথমটো পাঠৰ কিছু আলোচনা

প্ৰাঞ্জলি ভট্ট CRCC, ৰাণী ব্লক
pranjali bhatta

The name of the poem is.... All Things Bright and Beautiful. প্ৰকৃতিৰ সুন্দৰ আৰু মায়াময় পৰিৱেশটোক যথাযথ ভাৱে উপস্থাপন কৰা এটা ভাল লগা poem এইটো। প্ৰথমেই poem টোৰ লগত জড়িত হৈ থকা ছবিখন ভালকৈ চালে নিশ্চয়কৈ অনুমান কৰিব পাৰি কবিতাটোৰ মূল বিষয়বস্তু। 

ছবিখনত আছে এডাল সেউজীয়া গছ ( A green tree) য'ত আন এডাল সেউজীয়া লতাই ( a green climbing tree)  ওপৰলৈ বগাই গৈছে। গছৰ ডালত বহি চৰাই ( bird) এজনীয়ে মুকলি মনে গান গাই আছে। ওচৰতে আছে এটা পখিলা ( a butterfly) , এখন নদী ( a river), এখন পাহাৰ ( a hill) , বিভিন্ন ফুল ( vatieties of flowers) এটা হৰিণ ( a deer) ।  

সকলো বস্তু উজ্জ্বল ( bright)আৰু ধুনীয়া (beautiful)। সকলো বস্তু ডাঙৰ( great) নাইবা সৰু (small)। সকলো বস্তু জ্ঞানৰ আধাৰ নাইবা জ্ঞানী ( wise) আৰু আচৰিত ভাল লগা( wonderful)।  সেয়ে তেওঁ কৈছে...
All Things Bright and Beautiful,
 All creatures great and small,
All things wise and wonderful,

প্ৰকৃতিৰ সৃষ্টিকৰ্তা ঈশ্বৰক কবিয়ে এই সকলো সুন্দৰ সৃষ্টিৰ কাৰণে ধন্যবাদ জনাইছে সেয়ে তেওঁ কৈছে....
The lord God made them all.

প্ৰতিটো সৰু সৰু ( little)  ফুল( flower)  মুকলি (opens) হৈছে। প্ৰতিটো সৰু সৰু ( little) চৰাইয়ে ( bird) গান ( sing) গাইছে। সেয়ে তেওঁ কৈছে....
Each little flower that opens,
Each little bird that sings,

তেওঁৱেই অৰ্থাৎ ঈশ্বৰেই এই উজ্জ্বল ( glowing) ৰং (colours) বোৰ সিহঁতক দি ধুনীয়া বনাইছে। তেওঁৱেই সৰু ( tiny) পাখি ( wings)  দি সিহঁতক মুকলি মনে উৰিবলৈ শিকাইছে। সেয়ে কবিয়ে কৈছে...
He made their glowing colours,
He made their tiny wings.

গোটেই কবিতাটো ঈশ্বৰৰ সৃষ্টিৰ বৰ্ণনা। এই সৃষ্টি অনবদ্য, অতুলনীয় আৰু একক। সেয়ে তেওঁক অন্তৰেৰে ধন্যবাদ জনাই আমি তেওঁৰ সৃষ্টিক উপভোগ কৰি এই জীৱন ধন্য কৰিব লাগে। প্ৰতিটো সৃষ্টিক নিজৰ সুন্দৰৰ সাধনা বিলাই ফুৰিব পৰাকৈ সুবিধকন দিব লাগে।

পাঠৰ শেষত থকা Activities খিনি চালে দেখা যাব প্ৰথমতেই আছে word meaning অৰ্থাৎ শব্দৰ অৰ্থ। আমি এইক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ মাজত dictionary ৰ ব্যৱহাৰৰ অভ্যাস গঢ়ি তুলিবই লাগিব। সদ্যহতে কবিতাত থকা নতুন শব্দ বোৰৰ অৰ্থ ওপৰত দিয়া হৈছে।

ইয়াৰ পিছত activity 2 ত কবিতাটোৰ পৰা উপযুক্ত শব্দেৰে খালি ঠাই পূৰ কৰিবলৈ কোৱা হৈছে। ইয়াৰ কাৰণে কবিতাটো মনত ৰাখিবলৈ চেষ্টা কৰিব লাগিব।

Activity 3 ত কিছুমান সৰু সৰু প্ৰশ্নৰ উত্তৰ বিচৰা হৈছে যিবোৰে ছাত্ৰ ছাত্ৰীৰ বোধৰ উমান জনাব। ছাত্ৰ ছাত্ৰীয়ে নিজেই উত্তৰবোৰ লিখি শিক্ষকক দেখুৱাব আৰু শিক্ষকে ভুলবোৰ শুধৰাই দিব। 

Activity 4 ত rhyming word বিচাৰি উলিয়াব দিছে। একে সুৰৰ , একে ছন্দৰ শব্দ বোৰ বাৰে বাৰে পঢ়ি ছাত্ৰ ছাত্ৰীয়ে নিজেই কব পাৰিব কোন দুটা rhyming হৈ আছে। যেনে , sing----ring।

Activity 5 ত word web বনাব দিছে। অৰ্থাৎ ইয়াত এটা মূল শব্দ বিষয় হিচাবে দিব আৰু ছাত্ৰ ছাত্ৰীয়ে সেই মূল শব্দটোৰ লগত সংগত হৈ থকা অন্যান্য বিভিন্ন শব্দ বিচাৰি উলিয়াব। যেনে , school----blackboard, bench, desk,  pen, book ইত্যাদি।

Activity 9 ত word chain বনাব দিছে। ইয়াত word এটাৰ শেষৰ শব্দটোৰে নতুন নতুন শব্দ বনাব লাগিব ।যেনে, flower---rabbit---tree---egg---grass ইত্যাদি।

 

Activity 11 ত Earth Day ৰ বিষয়ে কোৱা হৈছে। এই Earth Day পালন কৰা হয় প্ৰতি বছৰে 22 এপ্ৰিলৰ দিনটোত। এইখিনিতে ছাত্ৰ ছাত্ৰী সকলক Earth Day ৰ দ্বাৰা পৰিৱেশ সংৰক্ষণ আৰু পৰিৱেশ সজাগতাৰ প্ৰয়োজনীয়তাৰ বিষয়ে শিক্ষকে বুজাই কব। লগতে Activity অনুসৰি ছাত্ৰ ছাত্ৰীক greetings লিখিবলৈ শিকাব।

Activity 15 আৰু 16 ত "mb" আৰু "s" ৰে শেষ হোৱা শব্দবোৰ লিখিব দিব লাগিব। এইক্ষেত্ৰত Dictionary ৰ ব্যৱহাৰ উপযোগী হব।

শেষত Activity 19 ত পাঠত আগতীয়াকৈ থকা answer ৰ বিপৰীতে question টো লিখিবলৈ শিকাব আৰু Activity 20 ত নিজাকৈ বাক্য গঠন কৰিবলৈ দিব। 

পাঠৰ শেষত এটা সুন্দৰ নীতি, আদর্শ থকা সাধু দিয়া আছে । সাধুটো হল Tenali Raman । ৰজাৰ আদেশ বুদ্ধিৰে পালন কৰি ৰজাৰ পৰা প্ৰসংশা বুটলা Tenali Raman আকবৰৰ ৰাজসভাৰ বিৰবলৰ দৰে। এই সাধুটো সহজ সৰল ভাষাত বুজাই দি ছাত্ৰ ছাত্ৰী সকলক Role play কৰিব দিব পৰা যাব। তেওঁলোকে নিশ্চয়কৈ যথেষ্ট উৎসাহিত হব।

 

শেষত কওঁ যে গোটেই পাঠটো ইংৰাজী বিষয়ৰ হোৱা সত্বেও অসমীয়া ভাষাৰ সহায় লৈ লিখা কাৰণটো হ'ল যাতে ইংৰাজী বিষয়টো বুজাবলৈ জটিল পোৱা কিছুমান শিক্ষকৰ সহায় হয়। তেওঁলোকৰ কিঞ্চিত হলেও সহায় হ'লে উপকৃত হম।

 

ধন্যবাদ।