প্ৰিয় শিক্ষাৰ্থীসকল,
জয়জয়তে তোমালোক আটাইলৈ নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ৷ তোমালাকৰ বহুতেই নিশ্চয় মহাবিদ্যালয়ত নামাভত্তি কৰি এটা নতুন কলেজীয়া জীৱনৰ পাতনি মেলিছা ৷ অনাগত দিনবোৰ তোমালকৰ বাবে আনন্দময় হওক ৷
এই আপাহতে অগ্ৰজ হিচাপে দুটিমান কথা ব্যক্ত কৰাটো যুগুত বুলি ভাবিছোঁ ৷ অনাগত সময়ে তোমাৰ বাবে কিছু প্ৰত্যাহ্বানো কঢ়িয়াই আনিব, আগতীয়া সজাগতা আৰু প্ৰস্তুতি অবিহনে সেইবোৰৰ সৈতে মোকাবিলা কৰাটো সহজসাধ্য নহ’ব ৷ প্ৰথম কথা, জীৱন আৰু জীৱিকাৰ সাধনা কঠোৰতৰ হ’ব লাগিব, কিয়নো চৌপাশৰ সময় আৰু পৰিস্থিতিসমূহ জটিল৷ তুমি চৌপাশৰ সমাজ-সংস্কৃতি আৰু জীৱন-প্ৰৱাহক ভালদৰে অনুধাৱন কৰিব পাৰিলেহে, লগতে কোনো ক্ষেত্ৰ বা দিশত জ্ঞান অথবা উৎকৰ্ষতা অৰ্জন কৰিব পাৰিলেহে দায়িত্বশীল নাগৰিক আৰু মানৱ-সম্পদ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিবা৷ কিন্তু দায়িত্বশীল নাগৰিক অথবা মানৱ- সম্পদ হোৱাটো মুখৰ কথা নহয়৷ বিভিন্ন আৰ্থ-সামাজিক কাৰণত আমাৰ সাংস্কৃতিক পৰিমণ্ডলটোত অলেখ নেতিবাচক, ক্ষতিকৰ উপাদান ক্ৰমবৰ্ধমান হাৰত বিয়পি পৰিছে ৷ মাদক-দ্ৰব্য, স্থূল-অভব্য আলাপ-আলোচনা, বিভেদকামী-হিংস্ৰ চিন্তাৰ পয়োভৰ, ইণ্টাৰনেট-মোবাইল ফোন ইত্যাদিৰ মাৰফৎ বিয়পি পৰা বিভিন্ন বিকৃত দৃশ্য-শ্ৰাব্য মনোৰঞ্জক উপাদান– এই আটাইবোৰৰ প্ৰলোভনৰ পৰা মনটোক আঁতৰাই ৰাখিব নোৱাৰিলে মনত স্বাভাৱিকতেই বিকৃত চিন্তাই বাহ বান্ধিব জীৱনৰ সাধনাও আওবাটে যাব ৷ চকু-কাণ সজাগকৈ ৰাখিলে তোমাৰ গাঁও বা চুবুৰি তেই তেনে উদাহৰণ দেখিবলৈ পাবা৷ বিকৃত সংস্কৃতিয়ে মনত কিয় খোপনি পোতেঞ্জ কাৰণ মনটো সক্ৰিয়-শক্তিশালী অথবা স্বাস্থ্যবান নাছিলজ্ব মনটো আছিল উদঙ, নিষ্কৰ্মা৷ দুৰ্বল দেহত যেনেকৈ বেমাৰে আক্ৰমণ কৰিবলৈ আসৈ পায়, শক্তিহীন-সোৰোপা মনতো বাহিৰৰ বিকৃত চিন্তা আৰু সংস্কৃতিয়ে হেলাৰঙে সোমাই খোপনি পুতিব পাৰে৷ সেয়ে মনৰ প্ৰতিৰোধী ব্যৱস্থা [যাক চিকিৎসা-বিজ্ঞানত যাক immunity বুলি কোৱা হয়] শক্তিশালী কৰিব লাগিব৷ কেনেকৈঞ্জ অধ্যয়নৰ জৰিয়তে৷ ‘শৰীৰ চৰ্চা ’ আমি বুজি পাওঁ কিন্তু ‘মন-চৰ্চা’ বুজি পাওঁ নে অথচ জীৱনটো অৰ্থবহভাৱে যাপন কৰিবলৈ আটাইতকৈ বেছি প্ৰয়োজন মন-চৰ্চাৰ ৷ অধ্যয়নেই হ’ল ‘মন-চৰ্চা’ৰ অন্যতম প্ৰধান উপায় ৷
এইবাৰ জীৱিকাৰ কথাটোলৈ আহোঁ ৷ এইখিনিতে কওঁ যে জীৱিকাৰ সমস্যাটো এতিয়া আগতকৈ বহু বেছি জটিল, আৰু আশংকা হয় যে অদূৰ ভৱিষ্যতে ই অধিক সংকটৰ পিনে গতি কৰিব, কেতবোৰ বিশ্লেষণযোগ্য আৰ্থ-ৰাজনৈতিক কাৰণতেই৷ সেই বুলি নি(য় নিৰাশ হ’ব নালাগে/ সুদক্ষ খেলুৱৈয়ে সদায় তীব্ৰ প্ৰতিদ্বন্দ্বিতা বিচাৰে ৷ ‘শান্ত সাগৰে নিপুণ নাবিকৰ জন্ম নিদিয়ে’ বুলিও এষাৰ কথা আছে৷ সামৰিক সেৱাৰ বাবে মানুহে যেনেকৈ কঠোৰতম প্ৰশিক্ষণৰ মাজেদি পাৰ হ’বলগীয়া হয়, জীৱন-সংগ্ৰামতো কঠোৰ প্ৰস্তুতিৰ প্ৰয়োজন হয়৷ তোমাৰ সমুখত বিভিন্ন পথ খোলা থাকিবজ্ব তোমাৰ নিজৰ জীৱনৰ লক্ষ্য অনুসৰিও সংশ্লিষ্ট পথ বাচি ল’ব পাৰিবা৷ যিসকলে তেনে কোনো লক্ষ্য স্থিৰ কৰিব পৰা নাই, উচ্ছ শিক্ষাৰ বাটেৰে দুখোজ আগুৱাই গ’লে জীৱনৰ লক্ষ্যও লাহে লাহে স্পষ্ট হৈ আহিব৷ কিন্তু যি পথেই নোলোৱা কিয়, উচ্ছ-শিক্ষাৰ এচোৱা পথ অতিক্ৰম কৰিবই লাগিব৷ সেই পথচোৱা অতিক্ৰম কৰিবলৈ মূলমন্ত্ৰ কিঞ্জ অধ্যয়ন আৰু অধ্যয়ন৷
অধ্যয়নৰ মূলতে কিঞ্জ কিতাপ পঢ়াৰ অভ্যাস, কিতাপ পঢ়াৰ আনন্দ অনুভৱ কৰাৰ ক্ষমতা৷ [হোমেন বৰগোহাঞিৰ কিতাপ পঢ়াৰ আনন্দ বোলা এখন কিতাপেই আছে৷] নিজকে সোধাচোন ঃ কিতাপ পঢ়িবলৈ তুমি প্ৰস্তুত আৰু আগ্ৰহী নে, গ্ৰন্থ অধ্যয়ন কৰি তুমি আনন্দ পোৱা নেঞ্জ দেখা যায় যে বহু ছাত্ৰ-ছাত্ৰীৰ বাবে গ্ৰন্থ অধ্যয়ন এক নিৰস বাধ্যবাধকতাজ্ব ‘পৰীক্ষাত আহিবলগীয়া’ কেতবোৰ প্ৰশ্নৰ বাহিৰে পাঠ্যক্ৰমৰ আন কথাৰ প্ৰতি তেওঁলোকৰ ধাউতি নাথাকেজ্ব ‘বাহিৰা কিতাপ’ দূৰৰেই কথা/ আনহাতে ‘পাঠ্যপুথি’ আৰু ‘বাহিৰা কিতাপ’ বুলি মিছাকৈয়ে এডাল বিভাজন ৰেখা টানি দিয়া হয়জ্ব ‘বাহিৰা কিতাপ’ পঢ়াটো ক্ষতিকাৰক বুলি বহু অভিভাৱকে মিছাকৈয়ে আশংকা কৰে৷ আচলতে পাঠ্যক্ৰমৰ বিভিন্ন বিষয়ৰ সৈতে পোনপতীয়া বা আওপকীয়া সম্পৰ্ক থকা বহুটো মনোৰম ‘বাহিৰা কিতাপ’ অসমীয়া ভাষাতেই পোৱা যায়৷ পদাৰ্থ বিজ্ঞান, জ্যোতিৰ্বিজ্ঞান, উদ্ভিদবিজ্ঞান, অংক, সমাজবিজ্ঞান, ইতিহাস, অৰ্থনীতি, দৰ্শন ইত্যাদি বিষয়ৰ বহুতো আকৰ্ষণীয় অসমীয়া কিতাপ ছপা হৈ ওলাইছেজ্ব তাৰে বহু কিতাপ ইমান ৰসাল যে এবাৰ পঢ়িবলৈ আৰম্ভ কৰিলে তুমি শেষ নকৰি নোৱাৰিবা৷ মূল প্ৰশ্নটো হ’ল- কিতাপ পঢ়াৰ অভ্যাস৷ যদি তুমি এই অভ্যাস আয়ত্ব কৰি লৈছা, তেন্তে উচ্ছ শিক্ষাৰ বাবে তোমাৰ বাট মুকলি৷ যদি এই আনন্দৰ পৰা তুমি বঞ্চিত, তথাপি চিন্তাৰ বিশেষ কাৰণ নেদেখোঁ - মাথোঁ অভ্যাস গঢ় দিব লাগিব৷ মানুহ অসাধাৰণ প্ৰাণী, ভাল-বেয়া সকলো ধৰণৰ অভ্যাস মানুহে আয়ত্ব কৰিব পাৰে৷ জীৱনৰ কোনো লক্ষ্যত উপনীত হ’বলৈ মানুহে অসম্ভৱ ধৰণে কষ্ট স্বীকাৰ কৰে– কৃত্ৰিম ভৰি লগোৱা কোনো যুৱতীয়ে এভাৰেষ্ট শৃংগত আৰোহন কৰে, সমস্ত দেহা অথৰ্ব হৈ পৰা কোনো বিজ্ঞানীয়ে অসম্ভৱ মানসিক-আত্মিক জোৰত বিশ্বব্ৰহ্মাণ্ডৰ জন্মৰহস্য উদ্ঘাটন কৰে, ঘৰত এধানিও পোহৰৰ সম্বল নথকা কোনো দুৰ্ভগীয়া ছাত্ৰই পথৰ দাঁতিৰ যিন লাইটৰ পোহৰত এঙাৰেৰে লিখি-লিখি পঢ়ে জ্ব তেৱেই নেৰানেপেৰা অধ্যাৱসায়ৰ ফলত অৱশেষত দেশৰ ৰাষ্ট্ৰপতি হয়৷ তুমি কিতাপ পঢ়াৰ অভ্যাস আয়ত্ব কৰিব নোৱাৰিবা নে, ভাল পঢ়ুৱৈ হ’ব নোৱাৰিবা নেঞ্জ আমাৰ দৃঢ় বিশ্বাস আজিৰেপৰা যদি আৰম্ভ কৰা, দুমাহৰ ভিতৰতেই তুমি এই অভ্যাস আয়ত্ব কৰিবলৈ সক্ষম হবাজ্ব এনেকি শেহৰপিনে তুমি অধ্যয়নৰ অনাবিল আনন্দ উপভোগ কৰিবলৈও সক্ষম হ’বা৷
কথাখিনি ব্যক্ত কৰাৰ আঁৰত প্ৰেক্ষাপটটো এনেকুৱা ঃ দশম মানলৈ তোমালোক ছাৰ-বাইদেউহঁতৰ নজৰত আছিলা৷ কৃতিত্বৰ বাবে প্ৰশংসা কৰিবলৈ অথবা দুষ্টালিৰ বাবে গালি পাৰিবলৈ তোমাৰ শুভাকাংক্ষী আছিল৷ উচ্ছতৰ মাধ্যমিকৰ শতাধিক সহপাঠী আৰু বিশাল শ্ৰেণীকোঠাৰ মাজত হয়তো তুমি কিছু নিঃসংগ আৰু বিপন্ন অনুভৱ কৰিবা৷ এতিয়া তোমাক কোনেও একো নকয়জ্ব তোমাক প্ৰাপ্তবয়স্ক আৰু দায়িত্বশীল ছাত্ৰযছাত্ৰী বুলি ধৰি লোৱা হৈছে৷ কথাটো গুৰুত্বপূৰ্ণ৷ ই দৰাচলতে এক সন্ধিক্ষণ/ এতিয়াৰে পৰা তোমাৰ আত্ম-শিক্ষা [self- learning]ৰ গুৰুত্বপূৰ্ণ দশা আৰম্ভ হ’ব৷ কোনোবাই তোমাক বিষয়সমূহ আঙুলিত ধৰি শিকাই দিব বুলি ৰৈ থাকিব নোৱাৰিবা, নিজে নিজেই তুমি শিকিব লাগিব ৷ শিকা মানে বুজা ৷ বুজাৰ পূৰ্বচৰ্ত হ’ল পঢ়া৷ যিমানেই সক্ৰিয়ভাৱে পঢ়িবা, সিমানেই সূক্ষ্মভাৱে বিষয়সমূহ অনুধাৱন কৰিব পাৰিবা ৷ তাৰ পিছতো যিখিনি নুবুজা অংশ ৰৈ গ’ল, সেইবোৰ আগ্ৰহী সহপাঠীৰ লগত আড্ডা-আলোচনাৰে অথবা বিভাগীয় শিক্ষকৰ সহায়ত বুজি ল’ব পাৰিবা ৷ কিন্তু ভাবাচোন, পঢ়া আৰু চিন্তা কৰাৰ অভ্যাস নাথাকিলে কেনেকৈ আগবাঢ়িবাঞ্জ ক্লাছ আগবঢ়াৰ লগে লগে নুবুজা কথা বাঢ়ি নাহিবনেঞ্জ এটা সময়ত নুবুজা কথাৰ ভাৰ মগজুৱে সহিব নোৱাৰা হ’লে ছাত্ৰ-ছাত্ৰী হতাশাগ্ৰস্ত নহ’বনে !
পঢ়া আৰু চিন্তা কৰাৰ মাজত ওতঃপ্ৰোত সম্বন্ধ আছে৷ ধৰা হ’ল, আজি ৰাতিপু¸ৱা তুমি ‘ভাৰতীয় সংবিধান’ বা ‘সালোক সংশ্লেষণ’ৰ বিষয়ে মনপুতি পঢ়িলা৷ কলেজলৈ যোৱাৰ পথত তোমাৰ মনলৈ আন কথাৰ লগতে সংবিধানৰ কথাও আহিবজ্ব গছ গছনিবোৰ দেখি ‘সালোক-সংশ্লেষণ’ৰ কথাও মনত পৰিব৷ তুমি কোনো বিষয়ত যিমানেই মগজু খটুৱাবা, যিমানেই পঢ়া-শুনা কৰিবা, তোমাৰ মনটোৱে সিমানেই সেইবোৰ কথা পাগুলি থাকিব৷ সেয়ে গভীৰভাৱে পঢ়া-শুনা আৰু চিন্তা-চৰ্চা কৰাৰ যোগেদি মনটোক গঢ়ি-পিতি ল’ব পাৰি৷ মানৱ সভ্যতাৰ ইতিহাস চোৱা, সাহিত্য-বিজ্ঞান-দৰ্শন-কলা -সংগীত সকলো দিশতেই মানৱ মনটোৱে কেনে অকল্পনীয় উৎকৰ্ষতাৰ স্বাক্ষৰ বহন কৰিছে/ সাধাৰণতে আমি দৈনন্দিন স্থূল জীৱনটোত এনে কেতবোৰ বাহ্যিকতাত নিমগ্ন থাকোঁ যে মনৰ এই অসীম শক্তিৰ উমান ল’বলৈ , তাক উদ্ঘাটন কৰিবলৈ আহৰিয়েই নাপাওঁ৷ [ সম্প্ৰতি মানুহৰ জেপে জেপে মজুত থকা ‘স্মাৰ্টফোন’ বোলা যন্ত্ৰটোৱে বহুতকেই মনৰ এই স্বাভাৱিক অনুশীলনৰ পৰা বঞ্চিত কৰিছে৷]
শেষত পুনৰাই কওঁ- আমি অধ্যয়ন আৰু চিন্তনৰ অভ্যাস গঢ়ি তুলিব লাগিব ৷ ইয়েই আমাৰ সমুখৰ পথ প্ৰশস্ত কৰি তুলিব ৷
তোমাৰ অনাগত শৈক্ষিক দিনবোৰ শুভ হওক, আনন্দময় হওক/ তোমাৰ অনাগত দিনৰ উৎকৰ্ষতা আৰু সাফল্যৰ বাবে পৰিয়াল-সমাজ-অঞ্চলবাসীয়ে আগ্ৰহেৰে বাট চাই থাকিব৷ কুশলে থাকা ৷
ইতি
ইতি
ডালিম দাস
মিনাক্ষী কলিতা
শিকাৰহাটী, কামৰূপ [অসম]