ৰাষ্ট্ৰসংঘৰ সংস্কাৰৰ প্ৰয়োজনীয়তা

হীৰেণ কুমাৰ দাস বিষয় শিক্ষক, পুঠিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়
hiren_das

১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ গঠিত হৈছিল। ৰাষ্ট্ৰসংঘ জন্মৰ সময়ছোৱাৰ পৰা বৰ্তমান সময়লৈকে বিশ্ব ৰাজনীতিত অভাৱনীয় পৰিৱৰ্তন সাধন হৈছে। সেয়েহে পৰিৱৰ্তনকামী গোলকীয় ৰাজনীতিৰ সমান্তৰালভাৱে ৰাষ্ট্ৰসংঘৰ সংস্কাৰৰ দাবী উপস্থাপন হৈছে। এই দাবী সমূহৰ ভিতৰত উল্লেখযোগ্য দুটা দিশ হ'ল - (১) গাঁথনিগত সংস্কাৰ (২) কাৰ্য ক্ষেত্ৰৰ বিষয়সমূহৰ সংস্কাৰ ।
সমসাময়িক বিশ্ব ৰাজনীতিৰ সামগ্ৰিক ছবিখন সুসংহতভাবে প্ৰতিফলিত হ'ব পৰাকৈ নিৰাপত্তা পৰিষদৰ স্থায়ী আৰু অস্থায়ী সদস্যৰ সংখ্যা বৃদ্ধিৰ পোষকতা কৰা হৈছে। এছিয়া, আফ্ৰিকা আৰু দক্ষিণ আমেৰিকাৰ পৰা নিৰাপত্তা পৰিষদত উচিত প্ৰতিনিধিত্বৰ অন্তৰ্ভুক্তি কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়োৱা হৈছে।
কিছুমান  বিশেষজ্ঞৰ মতে ৰাষ্ট্ৰসংঘৰ কাৰ্যক্ষেত্ৰ সম্প্ৰসাৰণ তথা কাৰ্যক্ষম কৰিব লাগে। তেওঁলোকৰ মতে ৰাষ্ট্ৰসংঘই বিশ্বশান্তি আৰু নিৰাপত্তাৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰিব লাগে। আন কিছুমান ৰাষ্ট্ৰৰ মতে কাৰ্যক্ষেত্ৰৰ পৰিধি বিস্তৃত কৰিব লাগে, যেনে- স্বাস্থ্য, শিক্ষা, পাৰিপাৰ্শ্বিকতা, জনসংখ্যা নিয়ন্ত্ৰণ , মানৱ অধিকাৰ ৰক্ষা, লিংগ আৰু সামাজিক ন্যায় প্ৰতিষ্ঠা আদি।
              ৰাষ্ট্ৰসংঘৰ সংস্কাৰৰ বাবে বিশ্বৰ সৰহসংখ্যক ৰাষ্ট্ৰই সহমত পোষণ কৰিছে যদিও সংস্কাৰৰ প্ৰকৃতিৰ ক্ষেত্ৰত ৰাষ্ট্ৰসমূহৰ মাজত মত পাৰ্থক্য আছে। বিশেষকৈ কেতিয়া, কেনেকৈ কি পদ্ধতিৰে সংস্কাৰ কৰা হ'ব, এই বিষয়ত মত পাৰ্থক্য আছে। আজিৰ পৰা ছয়সত্তৰ বছৰ আগতে প্ৰতিষ্ঠা হোৱা সৰ্ববৃহৎ আন্তৰ্জাতিক সংস্থাটোৱে সমসাময়িক বিশ্ব ৰাজনীতিৰ লগত খাপ খোৱাকৈ ইয়াৰ গাঁথনি যুগুত কৰিছিল আৰু কাৰ্য প্ৰণালীও স্থিৰ কৰা হৈছিল। সময়ৰ পৰিৱৰ্তনৰ লগে লগে বিভিন্ন ঘটনা প্ৰৱাহে আন্তৰ্জাতিক ৰাজনীতিৰ প্ৰেক্ষাপট সলনি কৰিছে। গতিকে সময়ৰ আহ্বানত ৰাষ্ট্ৰসংঘৰ সংস্কাৰৰ প্ৰয়োজনীয়তা আহি পৰিছে।